যিয়ে আল্লাহক স্মৰণ কৰে আৰু যিয়ে নকৰে তাৰ উদাহৰণ হৈছে জীৱিত আৰু মৃতৰ দৰে।
Choose an available translation of this Hadeeth
Hadeeth text
আবূ মুছা ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "যিয়ে আল্লাহক স্মৰণ কৰে আৰু যিয়ে নকৰে তাৰ উদাহৰণ হৈছে জীৱিত আৰু মৃতৰ দৰে।" মুছলিমৰ এটা বৰ্ণনাত আছে যে, "যিটো ঘৰত আল্লাহক স্মৰণ কৰা হয় আৰু যিটো ঘৰত আল্লাহক স্মৰণ কৰা নহয়, তাৰ উদাহৰণ হৈছে জীৱিত আৰু মৃতৰ দৰে।"
Explanation
এইদৰে সেই ঘৰকো জীৱিত বুলি আখ্যা দিয়া হৈছে, যদি ঘৰখনৰ লোকসকলে আল্লাহক স্মৰণ কৰে। অন্যথা সেইখন ঘৰ হৈছে মৃত সদৃশ। কাৰণ তাত থকা অধিবাসীসকল হৈছে আল্লাহৰ স্মৰণৰ পৰা অমোনোযোগী। ঘৰক জীৱিত মৃতৰ সৈতে তুলনা কৰাৰ দ্বাৰা তাত থকা লোকৰ অৱস্থাকহে বুজোৱা হৈছে।
Benefits
জিকৰ হৈছে ৰূহৰ জীৱন, যিদৰে ৰূহ হৈছে শৰীৰৰ জীৱন।
উদাহৰণৰ জৰিয়তে কোনো এটা বিষয় ভালকৈ বুজাই দিয়াটো আছিল নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ নীতি।
ইমাম নাৱাৱীয়ে কৈছেঃ হাদীছটোত ঘৰত জিকৰ-আজকাৰ পাঠ কৰিবলৈ দৃষ্টি আকৰ্ষণ কৰা হৈছে। সেয়ে ঘৰত নিয়মিত জিকৰ-আজকাৰ পাঠ কৰা উচিত।
ইমাম নাৱাৱীয়ে কৈছেঃ ইয়াত এই কথা বুজা যায় যে, নেকী কৰাৰ ক্ষেত্ৰত দীৰ্ঘ আয়ু হৈছে এক প্ৰকাৰ ফজীলত স্বৰূপ। যদিও মৃত ব্যক্তিৰ বাবে আখিৰাতত কল্যাণ অপেক্ষা কৰে। কিয়নো জীৱিত ব্যক্তিয়ে এই নেক আমলৰ জৰিয়তে মৃত ব্যক্তিৰ সৈতে মিলিত হ'ব পাৰে। আনকি তাৰ নেকীও বৃদ্ধি কৰিব পাৰে।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

