তুমি এনেকুৱা এষাৰ কথা কৈছা, যিটোক সাগৰৰ পানীত মিহলালে সাগৰৰ পানীৰ সোৱাদ পৰিবৰ্তন হৈ যাব।
Choose an available translation of this Hadeeth
Hadeeth text
উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই এবাৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামক ক'লোঁ যে, আপোনাৰ বাবে চাফিয়্যাৰ এই এই বৈশিষ্ট্যই যথেষ্ট। বৰ্ণনাকাৰীসকলৰ মাজৰ এজনে কৈছেঃ ইয়াৰ দ্বাৰা তেওঁ বুজাইছে যে, চাফিয়্যা আছিল চাপৰ। এই কথা শুনি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "তুমি এনেকুৱা এষাৰ কথা কৈছা, যিটোক সাগৰৰ পানীত মিহলালে সাগৰৰ পানীৰ সোৱাদ পৰিবৰ্তন হৈ যাব।" আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই ক'লেঃ মই কেৱল এজন লোকে কৰা পৰিহাসমূলক ভংগীহে উপস্থাপন কৰিছোঁ। তেখেতে ক'লেঃ "মোক কোনোবাই ইমান ইমান ধন-সম্পদ দিলেও মই কাৰো বিষয়ে এনেকুৱা উপহাসমূলক ভংগী দাঙি নধৰোঁ।"
Explanation
Benefits
কাৰোবাক হেও প্ৰতিপন্ন কৰিবলৈ তথা উপলুঙা কৰিবলৈ মানুহৰ ভংগী তথা আচাৰ-আচৰণ অনুকৰণ কৰি দেখুৱাটো হৈছে গীবত, যিটোক হাৰাম কৰা হৈছে।
শাৰীৰিক ত্ৰুটি বৰ্ণনা কৰাটোও হৈছে এক প্ৰকাৰ গীবত।
ক্বাজীয়ে কৈছেঃ (المزج) শব্দৰ অৰ্থ হৈছে, মিহলোৱা, মিশ্ৰিত কৰা, কোনো বস্তুক বেলেগ এটা বস্তুৰ সৈতে মিশ্ৰিত কৰি পৰিবৰ্তন কৰা। হাদীছটোত ইয়াৰ অৰ্থ হৈছে এই যে, এই গীবতক যদি সাগৰৰ পানীত মিশ্ৰিত কৰা হয়, তেন্তে গভীৰ আৰু বিশাল হোৱাৰ পিছতো সাগৰৰ পানী পৰিবৰ্তন হৈ যাব। তেন্তে ভাবি চাওক, এইটো যদি আমলৰ সৈতে মিশ্ৰিত হয় তেন্তে ইয়াৰ পৰিণতি কি হ'ব?
স্ত্ৰীসকলৰ মাজত ঈৰ্ষা জনিত কাৰণত সৃষ্টি হোৱা বিষয়ৰ বৰ্ণনা দিয়া হৈছে।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে অসৎকৰ্মক কেতিয়াও প্ৰশ্ৰয় দিয়া নাই।
আল্লাহৰ সন্তুষ্টি আৰু অসন্তুষ্টিৰ তুলনাত দুনিয়া আৰু ইয়াৰ মাজৰ সকলো সা-সম্পদ তুচ্ছ।
ইছলাম হৈছে সৰ্বোত্তম চৰিত্ৰৰ ধৰ্ম। ইয়াত মান মৰ্যাদা ৰক্ষা কৰাৰ নিৰ্দেশ দিয়া হৈছে, কথা অথবা কৰ্মৰ দ্বাৰা যাতে কাৰো মৰ্যাদা হানি নহয়। কাৰণ ইয়াৰ ফলত মুছলিমসকলৰ নিজৰ মাজতে শত্ৰুতা আৰু বিদ্বেষ সৃষ্টি হয়।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

