যিয়ে আল্লাহৰ পথত যুদ্ধকাৰী ব্যক্তিক সহায়-সহযোগিতা কৰি যুদ্ধৰ বাবে সাজু কৰি তোলে, তেওঁ যেনিবা নিজেই যুদ্ধ কৰিলে। এইদৰে যিয়ে যুদ্ধকাৰী ব্যক্তিৰ পৰিয়ালৰ উত্তমৰূপে চোৱাচিতা কৰে, তেৱোঁ যোদ্ধাৰ সমান ছোৱাব লাভ কৰে।
Choose an available translation of this Hadeeth
Hadeeth text
ঝায়েদ বিন খালিদ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "যিয়ে আল্লাহৰ পথত যুদ্ধকাৰী ব্যক্তিক সহায়-সহযোগিতা কৰি যুদ্ধৰ বাবে সাজু কৰি তোলে, তেওঁ যেনিবা নিজেই যুদ্ধ কৰিলে। এইদৰে যিয়ে যুদ্ধকাৰী ব্যক্তিৰ পৰিয়ালৰ উত্তমৰূপে চোৱাচিতা কৰে, তেৱোঁ যোদ্ধাৰ সমান ছোৱাব লাভ কৰে।"
Explanation
এইদৰে যিয়ে যোদ্ধাৰ অনুপস্থিতিত তেওঁৰ পৰিয়ালৰ দায়িত্ব গ্ৰহণ কৰিব, তেওঁলোকৰ চোৱাচিতা কৰিব, তেৱোঁ যোদ্ধাৰ দৰেই গণ্য হ'ব।
Benefits
ইবনু হাজাৰে কৈছেঃ হাদীছটোত সেই ব্যক্তিৰ সৈতে সদাচৰণ কৰিবলৈ উৎসাহিত কৰা হৈছে, যিয়ে মুছলিমসকলৰ কল্যাণৰ কামত নিয়োজিত থাকে অথবা তেনেকুৱা কোনো গুৰুত্বপূৰ্ণ কামত নিয়োজিত থাকে।
চৰীয়তৰ এটা সাধাৰণ নিয়ম হৈছে এই যে, যিয়ে কাৰোবাক আল্লাহৰ আনুগত্যত সহায় কৰিব, তেওঁ আমলকাৰী ব্যক্তিৰ দৰেই ছোৱাব লাভ কৰিব, আমলকাৰী ব্যক্তিৰ ছোৱাব অকণো হ্ৰাস কৰা নহ'ব।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

