افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#3410[ছহীহ]
HadeethEnc · 1.16.0

হে মোৰ খুৰা! লা ইলা-হা ইল্লাল্লাহ কলিমাটো এবাৰ স্বীকাৰ কৰক, যাতে মই আল্লাহৰ ওচৰত আপোনাৰ হৈ মাত মাতিব পাৰোঁ।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

ছাঈদ ইবনুল মুছায়্যিবে তেওঁৰ পিতৃৰ পৰা বৰ্ণনা কৰিছে, তেওঁ কৈছেঃ আবু তালিবৰ মৃত্যুৰ সময়ত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম তেওঁৰ ওচৰলৈ আহিল, তেতিয়া তেওঁৰ ওচৰত উপস্থিত আছিল আবু জাহল, আব্দুল্লাহ বিন আবি উমায়্যাহ ইবনুল মুগীৰাহ। ৰাছুলুল্লাল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "হে মোৰ খুৰা! লা ইলা-হা ইল্লাল্লাহ কলিমাটো এবাৰ স্বীকাৰ কৰক, যাতে মই আল্লাহৰ ওচৰত আপোনাৰ হৈ মাত মাতিব পাৰোঁ।" তেতিয়া আবু জাহল আৰু আব্দুল্লাহ বিন আবি উমায়্যাই ক'লেঃ তুমি আব্দুল মুত্তালিবৰ ধৰ্মৰ পৰা আঁতৰি যাবা নেকি, ইপিনে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে বাৰে বাৰে তেওঁক এই স্বীকৃতিৰ পিনে আহ্বান কৰি আছিল। আনহাতে সিহঁত দুজনেও সিহঁতৰ কথা বাৰে বাৰে কৈ আছিল। কিন্তু অৱশেষত আবু তালিবে যিটো কথা কৈছিল সেইটো আছিল এই যে, মই আব্দুল মুত্তালিবৰ ধৰ্মতে আছোঁ। ফলত তেওঁ লা ইলা-হা ইল্লাল্লাহ স্বীকাৰ নকৰিলে। এই দেখি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "আল্লাহৰ শপত! মই আপোনাৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিয়ে থাকিম, যেতিয়ালৈকে মোক নিষেধ কৰা নহ'ব।" ইয়াৰ পিছত আল্লাহে এই আয়াত অৱতীৰ্ণ কৰিলেঃ
{مَا كَانَ لِلنَّبِیِّ وَالَّذِیْنَ اٰمَنُوْۤا اَنْ یَّسْتَغْفِرُوْا لِلْمُشْرِكِیْنَ وَلَوْ كَانُوْۤا اُولِیْ قُرْبٰی مِنْ بَعْدِ مَا تَبَیَّنَ لَهُمْ اَنَّهُمْ اَصْحٰبُ الْجَحِیْمِ ۟} [التوبة: 113]
নবী আৰু যিসকলে ঈমান আনিছে তেওঁলোকৰ বাবে উচিত নহয় মুশ্বৰিকসকলৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা, যদিও সিহঁত নিকটাত্মীয় নহওক কিয়, যেতিয়া এই কথা সুস্পষ্ট হৈ গৈছে যে, নিশ্চয় সিহঁত প্ৰজ্বলিত অগ্নিৰ অধিবাসী। (ছুৰা আত-তাওবাহঃ ১১৩)
লগতে আবু তালিব সম্পৰ্কে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সম্বোধন কৰি মহান আল্লাহে কৈছেঃ
اِنَّكَ لَا تَهْدِیْ مَنْ اَحْبَبْتَ وَلٰكِنَّ اللّٰهَ یَهْدِیْ مَنْ یَّشَآءُ ۚ— وَهُوَ اَعْلَمُ بِالْمُهْتَدِیْنَ ۟
নিশ্চয় তুমি যাক ভালপোৱা ইচ্ছা কৰিলেই তাক সৎপথত আনিব নোৱাৰিবা। বৰং আল্লাহে যাক ইচ্ছা কৰে তাকহে সৎপথ দেখুৱায় আৰু সৎপথ অনুসাৰীসকলৰ বিষয়ে তেৱেঁই ভালকৈ জানে। (ছুৰা আল-কাচাচঃ ৫৬)
02

Explanation

নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ খুৰা আবু তালিবৰ মৃত্যুৰ সময়ত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লাম উপস্থিত হৈ ক'লেঃ হে মোৰ খুৰা, আপুনি কেৱল এবাৰ "লা ইলা-হা ইল্লাল্লাহৰ" স্বীকাৰোক্তি দিয়ক। মই আল্লাহৰ ওচৰত আপোনাৰ হৈ সাক্ষ্য প্ৰদান কৰিম। এই কথা শুনি আবু জাহল আৰু আব্দুল্লাহ বিন আবি উমাইয়্যাই ক'লেঃ হে আবু তালিব! তুমি তোমাৰ পিতৃ আব্দুল মুত্তালিবৰ ধৰ্ম এৰিবা নেকি? অৰ্থাৎ পৌত্তলিক ধৰ্ম এৰিবা নেকি। এই কথা সিহঁতে তেওঁক বাৰে বাৰে কৈ আছিল। অৱশেষত তেওঁ ক'লেঃ মই আব্দুল মুত্তালিবৰ ধৰ্মতে আছোঁ, অৰ্থাৎ মূৰ্তিপূজা তথা শ্বিৰ্কৰ ওপৰত আছোঁ। ইয়াৰ পিছতো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক ক'লেঃ মই আপোনাৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিম, যেতিয়ালৈকে আল্লাহে মোক এই বিষয়ে নিষেধ নকৰিব। ইয়াৰ পিছত আল্লাহে এই আয়াত অৱতীৰ্ণ কৰিলেঃ অৰ্থঃ নবী আৰু যিসকলে ঈমান আনিছে তেওঁলোকৰ বাবে উচিত নহয় মুশ্বৰিকসকলৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা, যদিও সিহঁত নিকটাত্মীয় নহওক কিয়, যেতিয়া এই কথা সুস্পষ্ট হৈ গৈছে যে, নিশ্চয় সিহঁত প্ৰজ্বলিত অগ্নিৰ অধিবাসী। (ছুৰা আত-তাওবাঃ ১১৩) লগতে আবু তালিব সম্পৰ্কে মহান আল্লাহে এই আয়াত অৱতীৰ্ণ কৰিলেঃ "নিশ্চয় তুমি যাক ভালপোৱা ইচ্ছা কৰিলেই তাক সৎপথত আনিব নোৱাৰা। বৰং আল্লাহে যাক ইচ্ছা কৰে সৎপথ দেখুৱায় আৰু সৎপথ অনুসাৰীসকলৰ বিষয়ে তেৱেঁই ভালকৈ জানে।" (ছুৰা কাচাচঃ ৫৬) আপুনি যাকেই পছন্দ কৰে তাকেই হিদায়ত দিব নোৱাৰে, আপুনি কেৱল সঁচাটো পৌঁচাইহে দিব পাৰে। আনহাতে আল্লাহে যাক ইচ্ছা কৰে তাকহে হিদায়ত দিব পাৰে।
03

Benefits

মুশ্বৰিকসকলৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা হাৰাম। যদিও সিহঁত নিকটাত্মীয় হয়, লগতে ভাল কাম কৰে আৰু সদ্ব্যৱহাৰ কৰে।
পিতৃপুৰুষ আৰু জেষ্ঠসকলৰ অন্ধানুকৰণ কৰাটো হৈছে বাতিলপন্থা। দৰাচলতে এইটো হৈছে জাহেলীযুগৰ কৰ্ম।
মানুহক ইছলামৰ প্ৰতি আহ্বান কৰাৰ ক্ষেত্ৰত আৰু সিহঁতৰ হিদায়তৰ প্ৰতি নবী চাল্লাল্লাহু আলাইহি অছাল্লাম খুবেই আগ্ৰহী আছিল।
এই হাদীছটোৱে সেইসকল লোকৰ ধাৰণাক খণ্ডন কৰে, যিসকলে ধাৰণা কৰে যে, আবু তালিবে ইছলাম গ্ৰহণ কৰিছিল।
সৰ্বশেষ কৰ্মই হৈছে উত্তম পৰিণামৰ পৰিচায়ক।
সেইসকল লোকৰ ধাৰণাক খণ্ডন কৰা হৈছে, যিসকলে ভাবে যে, সকলো ক্ষেত্ৰতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ উপকাৰ আৰু ক্ষতি কৰাৰ ক্ষমতা আছে।
যিয়ে জানি বুজি য়াক্বীন তথা বিশ্বাসৰ সৈতে "লা ইলা-হা ইল্লাল্লাহ" স্বীকাৰ কৰিব, তাক মুছলিম হিচাপে গণ্য কৰা হ'ব।
অসৎ বন্ধু আৰু দুষ্ট সংগী মানুহৰ বাবে অতি ক্ষতিকাৰক।
"লা ইলা-হা ইল্লাল্লাহৰ" ভাৱাৰ্থ হৈছে: মূৰ্তিপূজা আৰু অলী-আউলিয়া তথা পূণ্যৱান লোকসকলৰ পূজা পাঠ বৰ্জন কৰা, লগতে একমাত্ৰ আল্লাহৰেই ইবাদত কৰা। এই কথাটো সেইসময়ৰ মুশ্বৰিকসকলে ভালকৈয়ে জানিছিল।
যদি ইছলাম গ্ৰহণ কৰাৰ আশা থাকে তেন্তে মৃত্যুমুখী মুশ্বৰিকক সাক্ষাৎ কৰিবলৈ যোৱা বৈধ।
হিদায়তৰ তাওফীক দিব পৰা ক্ষমতা হৈছে একমাত্ৰ আল্লাহৰ হাতত, তেওঁ একক তেওঁৰ কোনো অংশীদাৰ নাই। আনহাতে ৰাছুলৰ হাতত আছে কেৱল পথপ্ৰদৰ্শন, সত্য পৌঁচাই দিয়াৰ দায়িত্ব।

Attribution

[(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...