افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#65044[ছহীহ]
HadeethEnc · 1.16.0

মোৰ নাম হৈছে জিমাম ইবনে ছা'লাবাহ, বনী ছাআদ ইবনে বকৰৰ ভাতৃ।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ এদিনাখন আমি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে মছজিদত বহি আছিলোঁ, তেনেতে এজন ব্যক্তি উটৰ পিঠিত আৰোহণ কৰি প্ৰৱেশ কৰিলে, আৰু মছজিদ প্ৰাঙ্গনত উট ৰখাই বান্ধিলে। ইয়াৰ পিছত চাহাবাসকলক উদ্দেশ্যি ক'লেঃ তোমালোকৰ মাজত মুহাম্মদ কোন? নবী চাল্লাল্লাহু আলাইহি অছাল্লাম সেই সময়ত তেওঁলোকৰ মাজতেই আউজি বহি আছিল। আমি ক'লোঃ এই যে, আউজি বহি থকা শুভ্ৰ ব্যক্তিজনেই হৈছে তেওঁ। সেই ব্যক্তিজনে তেখেতক ক'লেঃ হে আব্দুল মুত্তালিবৰ পুত্ৰ! নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লে, কোৱা কি ক'বলগীয়া আছে মই তোমাৰ উত্তৰ দি আছোঁ। সেই ব্যক্তিজনে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক ক'লেঃ মই প্ৰশ্ন কৰাৰ ক্ষেত্ৰত কিছু কঠোৰতা অৱলম্বন কৰিম, কিন্তু আপুনি বেয়া নাপাব বা মোৰ প্ৰতি অসন্তুষ্ট নহ'ব। তেখেতে ক'লেঃ তোমাৰ যি সুধিবলগীয়া আছে সোধা। তেওঁ ক'লেঃ মই প্ৰথমেই সেই সত্ত্বাৰ শপত খাইছোঁ যিজন আপোনাৰ প্ৰতিপালক আৰু আপোনাৰ পূৰ্বৱৰ্তীসকলৰো প্ৰতিপালক, আপোনাক আল্লাহে গোটেই মানৱজাতিৰ প্ৰতি ৰাছুল হিচাপে প্ৰেৰণ কৰিছে নেকি? তেখেতে ক'লেঃ আল্লাহক সাক্ষী থৈ কৈছোঁ, হয়। তেওঁ আকৌ প্ৰশ্ন কৰি ক'লেঃ আল্লাহৰ শপত খাই কৈছোঁ, দিনে ৰাতি পাঁচ ওৱাক্ত নামাজ পঢ়িবলৈ আল্লাহে আদেশ কৰিছেনে? তেখেতে ক'লেঃ হয় নিশ্চয়, আল্লাহ সাক্ষী আছে। তেওঁ ক'লেঃ মই আপোনাক আল্লাহৰ শপত দি কৈছোঁ, বছৰৰ এই (ৰমাজান) মাহত ৰোজা পালন কৰিবলৈ আল্লাহে আদেশ কৰিছেনে? তেখেতে ক'লেঃ আল্লাহক সাক্ষী থৈ কৈছোঁ, হয়। তেওঁ আকৌ ক'লেঃ মই আপোনাক আল্লাহৰ শপত দি কৈছোঁ, আমাৰ মাজৰ ধনী মানুহৰ পৰা জাকাত গ্ৰহণ কৰি অভাৱী দৰিদ্ৰ মানুহৰ মাজত ভগাই দিবলৈ আল্লাহে নিৰ্দেশ দিছে নেকি? নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ আল্লাহক সাক্ষী থৈ কৈছোঁ, হয়। উত্তৰ পাই ব্যক্তিজনে ক'লেঃ আপুনি যি বাৰ্তা লৈ প্ৰেৰিত হৈছে মই তাৰ ওপৰত ঈমান আনিলোঁ। মই মোৰ সম্প্ৰদায়ৰ প্ৰতিনিধি হিচাপে ইয়ালৈ আগমন কৰিছোঁ। মোৰ নাম হৈছে জিমাম ইবনে ছা'লাবাহ, বনী ছাআদ ইবনে বকৰৰ ভাতৃ।
02

Explanation

আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু আনহুৱে সংবাদ দিছে যে, চাহাবাসকলে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে মছজিদত বহি আছিল, হঠাৎ এজন ব্যক্তি উটৰ পিঠিত আৰোহণ কৰি মছজিদ প্ৰাঙ্গনত সোমাই আহিল আৰু উটটোক বহুৱাই বান্ধি থলে। ইয়াৰ পিছত সেই ব্যক্তিজনে চাহাবাসকলক সুধিলেঃ তোমালোকৰ মাজত মুহাম্মদ কোন? সেই সময়ত নবী চাল্লাল্লাহু আলাইহি অছাল্লাম তেওঁলোকৰ মাজতেই আউজি বহি আছিল। আমি সেই ব্যক্তিজনক ক'লোঁঃ সৌ আউজি বহি থকা শুভ্ৰ ব্যক্তিজনেই হৈছে তেওঁ। সেই ব্যক্তিজনে তেখেতক উদ্দেশ্যি ক'লেঃ হে আব্দুল মুত্তালিবৰ পুত্ৰ! নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ শুনি আছোঁ, কি সুধিবলগীয়া আছে কোৱা, মই উত্তৰ দিম। ব্যক্তিজনে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক ক'লেঃ মই আপোনাক কেইটামান প্ৰশ্ন কৰিম, হয়তো এনেকুৱা প্ৰশ্নই আপোনাক বিৰক্ত কৰিব পাৰে, কিন্তু মই আগতীয়াকৈ কৈছোঁ মোৰ প্ৰতি আপুনি বেয়া পাব নালাগে। অৰ্থাৎ মোৰ ওপৰত খং নকৰিব আৰু সংকোচবোধ নকৰিব। তেখেতে ক'লেঃ কোৱা, কি সুধিব বিচৰা সোধা। ব্যক্তিজনে ক'লেঃ মই সেই সত্ত্বাৰ শপত খাই আপোনাক প্ৰশ্ন কৰিছোঁ, যিজন আপোনাৰো প্ৰতিপালক আৰু আপোনাৰ পূৰ্বৱৰ্তীসকলৰো প্ৰতিপালক। কওকচোন, আল্লাহে আপোনাক গোটেই মানৱজাতিৰ প্ৰতি ৰাছুল হিচাপে প্ৰেৰণ কৰিছেনে? তেখেতে ক'লেঃ আল্লাহক সাক্ষী থৈ কৈছোঁ, হয়। সত্যতা প্ৰমাণ কৰিবলৈ তেখেতে আল্লাহক সাক্ষী থোৱাৰ কথা কৈছে। ব্যক্তিজনে ক'লেঃ মই আপোনাক আল্লাহৰ শপত দি কওঁ, অৰ্থাৎ আল্লাহৰ ওৱাস্তে প্ৰশ্ন কৰোঁ যে, দিনে ৰাতি পাঁচ ওৱাক্ত নামাজ পঢ়িবলৈ আল্লাহে নিৰ্দেশ দিছে নেকি? অৰ্থাৎ ফৰজ নামাজসমূহ। তেখেতে ক'লেঃ হয়, এই ক্ষেত্ৰত আল্লাহ সাক্ষী আছে। ব্যক্তিজনে ক'লেঃ মই আপোনাক আল্লাহৰ শপত দি কওঁ যে, বছৰৰ এই মাহত ৰোজা পালন কৰিবলৈ আল্লাহে নিৰ্দেশ দিছে নেকি? অৰ্থাৎ ৰমজান মাহত। তেখেতে ক'লেঃ হয়, আল্লাহে নিৰ্দেশ দিছে। তেওঁ ক'লেঃ মই আপোনাক আল্লাহৰ শপত দি কওঁ, আমাৰ মাজৰ ধনী মানুহৰ পৰা চাদাক্বাহ সংগ্ৰহ কৰি দুখীয়া দৰিদ্ৰ অভাৱী লোকৰ মাজত বণ্টন কৰাৰ বিষয়টো আল্লাহে নিৰ্দেশ দিছেনে? অৰ্থাৎ জাকাতৰ বিষয়টো। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ হয়, আল্লাহে নিৰ্দেশ দিছে। ইয়াৰ পিছত জিমামে ইছলাম গ্ৰহণ কৰিলে। লগতে তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামক জনালে যে, তেওঁ শীঘ্ৰেই তেওঁৰ সম্প্ৰদায়ক ইছলামৰ পিনে আহ্বান কৰিব। লগতে তেওঁ নিজৰ পৰিচয় দাঙি ধৰি ক'লে যে, মই হৈছোঁ জিমাম ইবনে ছা'লাবাহ, মই ছাআদ বিন বকৰ গোত্ৰৰ পৰা আহিছোঁ।
03

Benefits

নবী চাল্লাল্লাহু আলাইহি অছাল্লাম কিমান বিনয়ী আছিল হাদীছটোৰ দ্বাৰা স্পষ্ট বুজা যায়। সেয়ে কোনো ব্যক্তিয়ে তেখেতৰ আৰু চাহাবাসকলৰ মাজত সহজে পাৰ্থক্য কৰিব পৰা নাছিল।
হাদীছটোৰ দ্বাৰা নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ উত্তম চৰিত্ৰ স্পষ্ট হৈছে, অতি বিনম্ৰভাৱে তেখেতে প্ৰশ্নৰ উত্তৰ প্ৰদান কৰিছে। কিয়নো উত্তমভাৱে উত্তৰ প্ৰদান কৰাটো হৈছে দাৱাত গ্ৰহণ কৰাৰ অন্যতম কাৰণ।
যদি ব্যক্তিজনে বেয়া নাপায় তেন্তে শুভ্ৰ, ৰঙা, ওখ বা চাপৰ আদি বৈশিষ্ট্যৰ দ্বাৰা কোনো ব্যক্তিৰ পৰিচয় দাঙি ধৰা বৈধ। কিন্তু ইয়াৰ দ্বাৰা যেন উপলুঙা কৰা নহয়।
প্ৰয়োজনত কাফিৰ ব্যক্তিও মছজিদত প্ৰৱেশ কৰিব পাৰে।
হাদীছটোত হজ্জৰ কথাটো উল্লেখ কৰা হোৱা নাই, হয়তো তেওঁ যেতিয়া আহিছিল সেই সময়ত হজ্জ ফৰজ হোৱাই নাছিল।
মানুহক দাৱাত প্ৰদান কৰাৰ ক্ষেত্ৰত চাহাবাসকল অতি আগ্ৰহী আছিল। সেয়ে- ইছলাম গ্ৰহণ কৰাৰ লগে লগে তেওঁ নিজৰ সম্প্ৰদায়ক দাৱাত দিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল।

Attribution

[(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...