বেমাৰ-আজাৰৰ সংক্ৰমণ, কুলক্ষণ, ফেঁচা আৰু ছফৰ মাহ আদিৰ মাজত কোনো অনিষ্টতা নাই। কুষ্ঠ ৰোগীৰ পৰা আঁতৰি থাকিবা, যিদৰে সিংহৰ পৰা আঁতৰি থাকা।
Choose an available translation of this Hadeeth
Hadeeth text
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "বেমাৰ-আজাৰৰ সংক্ৰমণ, কুলক্ষণ, ফেঁচা আৰু ছফৰ মাহ আদিৰ মাজত কোনো অনিষ্টতা নাই। কুষ্ঠ ৰোগীৰ পৰা আঁতৰি থাকিবা, যিদৰে সিংহৰ পৰা আঁতৰি থাকা।"
Explanation
প্ৰথমঃ অজ্ঞতা যুগৰ লোকসকলে ধাৰণা কৰিছিল যে, বেমাৰ-আজাৰ নিজে নিজেই সংক্ৰমিত হয়। এই ধাৰণাক নসাৎ কৰি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, বেমাৰ কেতিয়াও বেমাৰীৰ পৰা নিজে নিজেই সংক্ৰমিত নহয়। বৰং আল্লাহৰ আদেশানুক্ৰমেহে এনেকুৱা হয়। কাৰণ তেৱেঁই বেমাৰ অৱতীৰ্ণ কৰিছে আৰু তেৱেঁই আৰোগ্য প্ৰদান কৰে। গতিকে তেওঁৰ ইচ্ছা আৰু তাক্বদীৰ অবিহনে একোৱেই নহয়।
দ্বিতীয়ঃ অজ্ঞতা যুগৰ লোকসকলে যেতিয়া কোনো ভ্ৰমণৰ বাবে অথবা ব্যৱসায়-বাণিজ্যৰ বাবে ওলাইছিল তেতিয়া সিহঁতে চৰাই উৰুৱাইছিল, যদি সেই চৰাইটো সোঁফালে উৰিছিল তেন্তে সিহঁতে ইয়াক শুভ লক্ষণ বুলি ভাবিছিল। আনহাতে যদি বাওঁফালে উৰিছিল তেন্তে ইয়াক অশুভ লক্ষণ বুলি ভাবিছিল, আৰু সেই কামৰ পৰা বিৰত থাকিছিল। সেয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই অশুভ লক্ষণ আদি পোষণ কৰিবলৈ নিষেধ কৰিছে। লগতে এই কথা স্পষ্ট কৰিছে যে, এইটো হৈছে অন্ধ বিশ্বাস তথা বাতিল আক্বীদাহ।
তৃতীয়ঃ অজ্ঞতা যুগৰ লোকসকলে কৈছিলঃ যদি কোনো ফেঁচা কোনো ঘৰত আহে, তেন্তে সেই ঘৰত বিপদ আহিব। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই কুঃসংস্কাৰৰ পৰাও নিষেধ কৰিছে।
চতুৰ্থঃ এইদৰে তেখেতে নিষেধ কৰি কৈছে যে, চফৰ মাহৰো কোনো অশুভ লক্ষণ নাই। এইটো হৈছে চন্দ্ৰ মাহবোৰৰ দ্বিতীয় মাহ। এইটোও কোৱা হয় যে, চফৰ হৈছে পেটত থকা এক প্ৰকাৰ সৰীসৃপ, যিটো মানুহক আৰু জীৱ-জন্তুক প্ৰভাৱিত কৰে। সিহঁতে দাবী কৰে যে, এইটো হৈছে চৰ্মৰোগতকৈও অধিক সংক্ৰমণশীল। তেখেতে এই কুঃসংস্কাৰকো নসাৎ কৰিছে।
পঞ্চমঃ তেখেতে কুষ্ঠৰোগীৰ পৰা আঁতৰত থকাৰ নিৰ্দেশ দিছে, যিদৰে সিংহৰ পৰা আঁতৰত থকা হয়। এইটো হৈছে মনৰ আশংকাৰ পৰা এটা সাৱধানতা মাত্ৰহে আৰু নিৰাপত্তা লাভৰ উপায়, যিটো অৱলম্বন কৰিবলৈ আল্লাহে নিৰ্দেশ দিছে। কুষ্ঠৰোগ হৈছে এনেকুৱা এটা বেমাৰ, যিয়ে মানুহৰ অংগৰ ছালক সংক্ৰমিত কৰে।
Benefits
আল্লাহৰ ফয়চালা আৰু তেওঁ নিৰ্ধাৰণ কৰা তাক্বদীৰৰ প্ৰতি ঈমান পোষণ কৰা অনিবাৰ্য। মূল ক্ষমতা আল্লাহৰ হাতত, তেৱেঁই ইয়াক সক্ৰিয় কৰে আৰু তেৱেঁই ইয়াক নিষ্ক্ৰিয় কৰে।
ৰং আদি যেনে- ক'লা, ৰঙা অথবা কোনো নম্বৰ বা নাম নাইবা কোনো ব্যক্তি অথবা কোনো প্ৰতিবন্ধীক যিসকলে অশুভ লক্ষণ বুলি গণ্য কৰে, সিহঁতৰ এই কুসংস্কাৰকো নসাৎ কৰা হৈছে।
যিদৰে কুষ্ঠৰোগীৰ কাষ চাপিবলৈ নিষেধ কৰা হৈছে, এইদৰে পেটৰ বেমাৰত আক্ৰান্ত লোকৰ পৰাও আঁতৰি থকা উচিত। কাৰণ ইয়াৰ ফলতো আল্লাহৰ আদেশানুক্ৰমে বেমাৰ সংক্ৰমিত হোৱাৰ সম্ভাৱনা অধিক। নিজে নিজেই সংক্ৰমিত হ'বলৈ বেমাৰৰ কোনো ক্ষমতা নাই। বৰং আল্লাহে ইচ্ছা কৰিলে ইয়াক নিষ্ক্ৰিয় কৰি দিয়ে, ফলত ইয়াৰ কোনো প্ৰভাৱ নপৰে, আৰু তেওঁ ইচ্ছা কৰিলে ইয়াক সক্ৰিয় কৰি দিয়ে আৰু ই সংক্ৰমিত হৈ প্ৰভাৱিত কৰে।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

