افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#2980[ছহীহ]
HadeethEnc · 1.16.0

কোনোবাই যদি কোনো ব্যক্তিৰ অৰ্থ সম্পদ আত্মসাৎ কৰাৰ উদ্দেশ্যে মিছা শপত খায়, তেনেহ'লে সি আল্লাহক এনেকুৱা অৱস্থাত সাক্ষাৎ কৰিব যে, আল্লাহ তাৰ ওপৰত ক্ৰোধান্বিত হৈ থাকিব।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

আব্দুল্লাহ বিন মাছউদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "কোনোবাই যদি কোনো ব্যক্তিৰ অৰ্থ সম্পদ আত্মসাৎ কৰাৰ উদ্দেশ্যে মিছা শপত খায়, তেনেহ'লে সি আল্লাহক এনেকুৱা অৱস্থাত সাক্ষাৎ কৰিব যে, আল্লাহ তাৰ ওপৰত ক্ৰোধান্বিত হৈ থাকিব।" বৰ্ণনাকাৰীয়ে কৈছে যে, আশ্বআছে কৈছেঃ আল্লাহৰ শপত এই ঘটনাটো মোৰ ক্ষেত্ৰতে হৈছিল। মোৰ আৰু এজন ইয়াহুদীৰ মাজত যৌথ মালিকানাধীন এডোখৰ মাটি আছিল। সি মোৰ মালিকানা স্বত্ব অস্বীকাৰ কৰিলে। মই তাক নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ লৈ আনিলোঁ। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মোক ক'লে: "তোমাৰ কোনো সাক্ষী আছেনে?" মই ক'লোঁঃ নাই। তেতিয়া তেখেতে ইয়াহূদীজনক ক'লেঃ "তেন্তে তুমি শপত খোৱা।" মই তেতিয়া ক'লোঁঃ হে আল্লাহৰ ৰাছুল! তেন্তে দেখোন সি শপত খাই মোৰ সম্পত্তি আত্মসাৎ কৰিব। তেতিয়া আল্লাহে এই আয়াত অৱতীৰ্ণ কৰিলেঃ {নিশ্চয় যিসকলে আল্লাহৰ লগত কৰা প্ৰতিশ্ৰুতি আৰু নিজৰ শপতক তুচ্ছ মুল্যৰ বিনিময়ত বিক্ৰী কৰে, আখিৰাতত সিহঁতৰ কোনো অংশ নাই; আৰু ক্বিয়ামতৰ দিনা আল্লাহে সিহঁতৰ লগত কথা নক’ব, সিহঁতৰ প্ৰতি দৃষ্টিও নিদিব আৰু সিহঁতক পৰিশুদ্ধও নকৰিব; আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।}
02

Explanation

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত আনৰ সম্পদ আত্মসাৎ কৰাৰ উদ্দেশ্যে জানি বুজি আল্লাহৰ নামত মিছা শপত খোৱাৰ পৰা সতৰ্ক কৰিছে। যিয়ে এনেকুৱা কৰিব, শীঘ্ৰেই সি আল্লাহক এনেকুৱা অৱস্থাত সাক্ষাৎ কৰিব যে, আল্লাহ তাৰ ওপৰত ক্ৰোধান্বিত হৈ থাকিব। আশ্বআছ বিন কাইছ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এইটো তেওঁৰ সৈতে হোৱা ঘটনা সম্পৰ্কেই কৈছে। তেওঁৰ আৰু এজন ইয়াহুদীৰ মাজত এডোখৰ মাটিকলৈ বিবাদ আছিল। বিষয়টো নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সন্মুখত উপস্থাপন কৰা হ'ল। তেতিয়া তেখেতে আশ্বআছক সুধিলেঃ তুমি তোমাৰ দাবীৰ সপক্ষে প্ৰমাণ উপস্থিত কৰা। যদি তুমি প্ৰমাণ কৰিব নোৱাৰা তেন্তে যাৰ ওচৰত দাবী কৰা হৈছে তেওঁ শপত খালেই মীমাংসা হৈ যাব। তেতিয়া আশ্বআছে ক'লেঃ হে আল্লাহৰ ৰাছুল! এনেকুৱা কৰিলে দেখোন ইয়াহূদীজনে শপত খাই মোৰ সম্পত্তি আত্মসাৎ কৰিব। তেতিয়া ইয়াৰ সমৰ্থনত মহান আল্লাহে কোৰআনৰ এই আয়াত অৱতীৰ্ণ কৰিলেঃ নিশ্চয় যিসকলে আল্লাহৰ লগত কৰা প্ৰতিশ্ৰুতি, অৰ্থাৎ মুমিনসকলক আদায় কৰিবলগীয়া আমানত আৰু নিজৰ শপতক পাৰ্থিৱ জীৱনৰ তুচ্ছ মূল্যৰ বিনিময়ত বিক্ৰী কৰে অৰ্থাৎ মিছা শপত খায়, আখিৰাতত সিহঁতৰ কোনো অংশ নাই; আৰু কিয়ামতৰ দিনা সিহঁতৰ উপকাৰ হ'ব পৰা আল্লাহে সিহঁতৰ লগত কোনো কথা নক’ব, সিহঁতৰ প্ৰতি ৰহমতৰ দৃষ্টিও নিদিব আৰু সিহঁতক মাগফিৰাতৰ বাবে গুনাহৰ পৰা পৰিশুদ্ধও নকৰিব আৰু সিহঁতৰ শলাগো নল'ব; আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক তথা কষ্টদায়ক শাস্তি।
03

Benefits

মানুহৰ সম্পদ অন্যায়ভাৱে আত্মসাৎ কৰা নিষেধ।
মানুহৰ অধিকাৰ খৰ্ব নকৰিবলৈ কঠোৰভাৱে সতৰ্ক কৰা হৈছে, পৰিমাণ কম হওক বা বেছি।
দাবী কৰা ব্যক্তিৰ কৰ্তব্য হৈছে প্ৰমাণ উপস্থাপন কৰা। যাৰ ওচৰত দাবী কৰা হৈছে, তেওঁ যদি বিষয়টো অস্বীকাৰ কৰে তেন্তে তেওঁ শপত খাব লাগিব।
দুজন সাক্ষীৰ জৰিয়তে দাবী প্ৰমাণ কৰিব লাগিব। যদি দাবী কৰা ব্যক্তিয়ে প্ৰমাণ দিব নোৱাৰে তেন্তে দ্বিতীয় পক্ষই শপত খাব লাগিব।
মিছা শপত খোৱা হাৰাম, যিটোৰ দ্বাৰা আনৰ অধিকাৰ আত্মসাৎ কৰা হয়। এইটো হৈছে কাবীৰাহ গুনাহ তথা মহাপাপ। ইয়াৰ ফলত বান্দা আল্লাহৰ অসন্তুষ্টি আৰু শাস্তিৰ সন্মুখীন হয়।
বিবাদ মীমাংসাৰ ক্ষেত্ৰত বিচাৰকে উপদেশ দিব লাগে। বিশেষকৈ শপত খোৱাৰ প্ৰয়োজন হ'লে।

Attribution

[(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...