افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#1751[ছহীহ]
HadeethEnc · 1.16.0

তোমালোকে তাইক তিনিবাৰ অথবা পাঁচবাৰ নাইবা প্ৰয়োজন অনুসাৰে তাতোকৈ অধিকবাৰ বগৰী পাত মিশ্ৰিত পানীৰে গোছল কৰাই দিয়া। শেষৰ বাৰত কৰ্পূৰ (অথবা তেখেতে কৈছিল) কৰ্পূৰ মিশ্ৰিত পানীৰে গোছল কৰাবা। গোছল শেষ কৰি মোক জনাবা।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

উম্মে আতিয়্যা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ এজনী কন্যা সন্তান মৃত্যুবৰণ কৰিলে, (তেওঁক গোছল দিয়াৰ সময়ত) নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আহি ক'লেঃ "তোমালোকে তাইক তিনিবাৰ অথবা পাঁচবাৰ নাইবা প্ৰয়োজন অনুসাৰে তাতোকৈ অধিকবাৰ বগৰী পাত মিশ্ৰিত পানীৰে গোছল কৰাই দিয়া। শেষৰ বাৰত কৰ্পূৰ (অথবা তেখেতে কৈছিল) কৰ্পূৰ মিশ্ৰিত পানীৰে গোছল কৰাবা। গোছল শেষ কৰি মোক জনাবা।" উম্মে আতিয়্যাই কৈছেঃ আমি গোছল শেষ কৰি তেখেতক জনালোঁ। তেতিয়া তেখেতে নিজৰ এখন চাদৰ আমাৰ ফালে আগুৱাই দি ক'লে যে, এইটো তাইৰ শৰীৰত মেৰিয়াই দিয়া। উম্মে আতিয়্যাই কৈছেঃ আমি তেওঁৰ চুলিবোৰৰ তিনিটা বেণী বনাই দিছিলোঁ।
02

Explanation

নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কন্যা জয়নব মৃত্যুবৰণ কৰাৰ পিছত, তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে সেইসকল নাৰীক সম্বোধন কৰি ক'লে যিসকলে গোছল কৰাবঃ তাইক বগৰী পাত মিশ্ৰিত পানীৰে বিযোৰ সংখ্যক গোছল কৰাই দিয়া, তিনিবাৰ, পাঁচবাৰ অথবা তাতোকৈ অধিক, যদি প্ৰয়োজন হয়। শেষৰ বাৰ গোছল দিওঁতে কৰ্পূৰ মিশ্ৰিত পানীৰে গোছল কৰাবা। গোছল কৰোৱা শেষ হোৱাৰ পিছত মোক জনাবা। গোছল কৰোৱা শেষ হোৱাৰ পিছত, আমি তেখেতক জনালোঁ। তেখেতে নিজৰ এখন পৰিধান কৰা কাপোৰ আগবঢ়াই দিলে আৰু ক'লেঃ এই কাপোৰখনৰ জৰিয়তে তাইৰ শৰীৰ মেৰিয়াই দিয়া, যাতে এই কাপোৰটো তাইৰ শৰীৰত লাগি থাকে। ইয়াৰ পিছত জয়নবৰ মূৰৰ চুলিবোৰক তিনিটা বেণী বনাই দিয়া হৈছিল।
03

Benefits

মৃত মুছলিম ব্যক্তিক গোছল দিয়াটো হৈছে বাধ্যতামূলক, আৰু এইটো হৈছে ফৰজে কিফায়া।
নাৰীসকলক কেৱল নাৰীসকলেহে গোছল কৰাব লাগে, আৰু পুৰুষক কেৱল পুৰুষেই গোছল কৰাব লাগে। কিন্তু স্বামী-স্ত্ৰী আৰু দাসী-মুনিবৰ বিষয়টো সুকীয়া। তেওঁলোকে ইজনে সিজনক গোছল দিব পাৰে।
মুৰ্দা ব্যক্তিৰ শৰীৰ নূন্যতম তিনিবাৰ ধুই (গোছল) দিব লাগে। যদি যথেষ্ট নহয় তেন্তে পাঁচবাৰ, তথাপিও যদি যথেষ্ট নহয় তেন্তে ইয়াতকৈ অধিকবাৰ গোছল দিব লাগে, প্ৰয়োজন অনুসাৰে। ইয়াৰ পিছতো যদি শৰীৰৰ পৰা কোনো ময়লা তথা নাপাক বস্তু ওলায়, তেন্তে সেই স্থানটো বন্ধ কৰি দিয়া উচিত।
গোছলকাৰীয়ে মুৰ্দা ব্যক্তিৰ গোছল বিযোৰ সংখ্যাত শেষ কৰিব লাগে, তিনি, পাঁচ অথবা সাত বাৰত।
ছিন্ধীয়ে কৈছেঃ হাদীছটোৱে প্ৰমাণ কৰে যে, মৃত ব্যক্তিক গোছল দিয়াৰ ক্ষেত্ৰত কোনো নিৰ্দিষ্ট সংখ্যা নাই, উদ্দেশ্য হৈছে পৱিত্ৰ হ'ব লাগে, কিন্তু গোছল বিযোৰ সংখ্যাত হোৱাটো জৰুৰী।
গোছল দিবলগীয়া পানীত বগৰী পাত মিশ্ৰিত হ’ব লাগে, কিয়নো ইয়াৰ দ্বাৰা মৃত ব্যক্তিৰ শৰীৰ পৰিষ্কাৰ হয় আৰু ডাঠ হয়।
শেষবাৰ গোছল দিওঁতে সুগন্ধী ব্যৱহাৰ কৰিব, যাতে পৰৱৰ্তী পানীয়ে ধুই লৈ যাব নোৱাৰে। এই ক্ষেত্ৰত কৰ্পূৰ ব্যৱহাৰ কৰা উচিত, কাৰণ ইয়াৰ ফলত শৰীৰ ডাঠ হৈ থাকে আৰু দ্ৰুত নষ্ট নহয়।
মৰ্যাদাপূৰ্ণ অংগসমূহৰ দ্বাৰা যেনে- সোঁফালৰ পৰা আৰু অজুৰ অংগসমূহৰ পৰা আৰম্ভ কৰা উচিত।
মৃত নাৰীৰ চুলিবোৰক তিনিটা বেণী বনাই পিছফালে এৰি দিয়াটো মুস্তাহাব।
মৃত ব্যক্তিক গোছল দিয়াৰ ক্ষেত্ৰত সহায় কৰিব পাৰি, যদিও তাত কেৱল সেইসকল লোকহে উপস্থিত থকা উচিত, যিসকলৰ তাত থকাটো প্ৰয়োজন।
কেৱল নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ নিদৰ্শনৰ দ্বাৰাহে তাবাৰ্ৰুক অৰ্জন কৰা বৈধ, যেনে- তেখেতৰ কাপোৰ আদিৰ দ্বাৰা। এইটো কেৱল তেখেতৰ ক্ষেত্ৰতহে নিৰ্দিষ্ট। তেখেতৰ বাহিৰে কোনো আলিম উলামা বা কোনো পুণ্যৱান ব্যক্তিৰ ক্ষেত্ৰতে এইটো বৈধ নহয়। কাৰণ এই বিষয়টো হৈছে তাওকীফিয়্যা। চাহাবাসকলে তেখেতৰ বাহিৰে আন কাৰো ক্ষেত্ৰতে এইটো কৰা নাছিল। কাৰণ আনৰ ক্ষেত্ৰত এইটো শ্বিৰ্কৰ মাধ্যম আৰু যাৰ পৰা তাবাৰ্ৰুক লোৱা হৈছে তাৰ বাবে এটা ফিতনা হ'ব পাৰে।
যদি কোনো ব্যক্তি দায়িত্ব পালনৰ ক্ষেত্ৰত যোগ্য আৰু বিশ্বস্ত হয়, তেন্তে তাক সেই কামৰ দায়িত্ব অৰ্পণ কৰিব লাগে।

Attribution

[(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...