غافر

 

Ghafir

 

The Forgiver

1 - Ghafir (The Forgiver) - 001

حمٓ
হা-মীম।[1]
[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।

2 - Ghafir (The Forgiver) - 002

تَنزِيلُ ٱلۡكِتَٰبِ مِنَ ٱللَّهِ ٱلۡعَزِيزِ ٱلۡعَلِيمِ
এইখন কিতাব অৱতীৰ্ণ হৈছে আল্লাহৰ তৰফৰ পৰা যিজন মহাপৰাক্ৰমশালী, সৰ্বজ্ঞ,

3 - Ghafir (The Forgiver) - 003

غَافِرِ ٱلذَّنۢبِ وَقَابِلِ ٱلتَّوۡبِ شَدِيدِ ٱلۡعِقَابِ ذِي ٱلطَّوۡلِۖ لَآ إِلَٰهَ إِلَّا هُوَۖ إِلَيۡهِ ٱلۡمَصِيرُ
তেওঁ পাপ ক্ষমাকাৰী, তাওবা গ্ৰহণকাৰী, কঠোৰ শাস্তি প্ৰদানকাৰী, অনুগ্ৰহ বৰ্ষণকাৰী। তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। তেওঁৰ ফালেই প্ৰত্যাৱৰ্তন।

4 - Ghafir (The Forgiver) - 004

مَا يُجَٰدِلُ فِيٓ ءَايَٰتِ ٱللَّهِ إِلَّا ٱلَّذِينَ كَفَرُواْ فَلَا يَغۡرُرۡكَ تَقَلُّبُهُمۡ فِي ٱلۡبِلَٰدِ
আল্লাহৰ আয়াতসমূহকলৈ বিতৰ্ক কেৱল সিহঁতেই কৰে যিসকলে কুফৰী কৰিছে; এতেকে দেশ বিদেশলৈ সিহঁতৰ অবাধ বিচৰণে যেন তোমাক বিচলিত নকৰে।

5 - Ghafir (The Forgiver) - 005

كَذَّبَتۡ قَبۡلَهُمۡ قَوۡمُ نُوحٖ وَٱلۡأَحۡزَابُ مِنۢ بَعۡدِهِمۡۖ وَهَمَّتۡ كُلُّ أُمَّةِۭ بِرَسُولِهِمۡ لِيَأۡخُذُوهُۖ وَجَٰدَلُواْ بِٱلۡبَٰطِلِ لِيُدۡحِضُواْ بِهِ ٱلۡحَقَّ فَأَخَذۡتُهُمۡۖ فَكَيۡفَ كَانَ عِقَابِ
সিহঁতৰ পূৰ্বে নূহ সম্প্ৰদায়েও অস্বীকাৰ কৰিছিল, লগতে সিহঁতৰ পিছত আৰু বহু দলে অস্বীকাৰ কৰিছিল। প্ৰত্যেক সম্প্ৰদায়েই নিজ নিজ ৰাছুলক কৰায়ত্ত কৰাৰ সংকল্প কৰিছিল আৰু সিহঁতে সত্যক ব্যৰ্থ কৰিবলৈ অসাৰ তৰ্ক-বিতৰ্কত লিপ্ত হৈছিল। ফলত ময়ে সিহঁতক কৰায়ত্ত কৰিছিলোঁ। এতেকে কিমান কঠোৰ আছিল মোৰ শাস্তি!

6 - Ghafir (The Forgiver) - 006

وَكَذَٰلِكَ حَقَّتۡ كَلِمَتُ رَبِّكَ عَلَى ٱلَّذِينَ كَفَرُوٓاْ أَنَّهُمۡ أَصۡحَٰبُ ٱلنَّارِ
আৰু যিসকলে কুফৰী কৰিছিল, এইদৰেই সিহঁতৰ ওপৰত বাস্তৱায়িত হৈছিল তোমাৰ প্ৰতিপালকৰ বাণী যে, নিশ্চয় সিহঁত হৈছে জাহান্নামী।

7 - Ghafir (The Forgiver) - 007

ٱلَّذِينَ يَحۡمِلُونَ ٱلۡعَرۡشَ وَمَنۡ حَوۡلَهُۥ يُسَبِّحُونَ بِحَمۡدِ رَبِّهِمۡ وَيُؤۡمِنُونَ بِهِۦ وَيَسۡتَغۡفِرُونَ لِلَّذِينَ ءَامَنُواْۖ رَبَّنَا وَسِعۡتَ كُلَّ شَيۡءٖ رَّحۡمَةٗ وَعِلۡمٗا فَٱغۡفِرۡ لِلَّذِينَ تَابُواْ وَٱتَّبَعُواْ سَبِيلَكَ وَقِهِمۡ عَذَابَ ٱلۡجَحِيمِ
যিসকলে আৰছ বহন কৰি আছে আৰু যিসকলে ইয়াৰ চাৰিওফালে আছে, তেওঁলোকে নিজ প্ৰতিপালকৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে প্ৰশংসাৰ সৈতে, লগতে তেওঁলোকে তেওঁৰ ওপৰত ঈমান পোষণ কৰে, আৰু মুমিনসকলৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰি কয়, ‘হে আমাৰ প্ৰতিপালক! তোমাৰ দয়া আৰু জ্ঞান সৰ্বব্যাপী। এতেকে যিসকলে তাওবা কৰে আৰু তোমাৰ পথ অৱলম্বন কৰে, তুমি তেওঁলোকক ক্ষমা কৰি দিয়া। লগতে জাহান্নামৰ শাস্তিৰ পৰা তুমি তেওঁলোকক ৰক্ষা কৰা।

8 - Ghafir (The Forgiver) - 008

رَبَّنَا وَأَدۡخِلۡهُمۡ جَنَّـٰتِ عَدۡنٍ ٱلَّتِي وَعَدتَّهُمۡ وَمَن صَلَحَ مِنۡ ءَابَآئِهِمۡ وَأَزۡوَٰجِهِمۡ وَذُرِّيَّـٰتِهِمۡۚ إِنَّكَ أَنتَ ٱلۡعَزِيزُ ٱلۡحَكِيمُ
‘হে আমাৰ প্ৰতিপালক! তুমি তেওঁলোকক প্ৰৱেশ কৰোৱা স্থায়ী জান্নাতত, যাৰ প্ৰতিশ্ৰুতি তুমি তেওঁলোকক প্ৰদান কৰিছা লগতে তেওঁলোকৰ পিতৃ-মাতৃ, পতি-পত্নী আৰু সন্তান-সন্ততিৰ মাজৰ যিসকলে সৎকৰ্ম কৰিছে তেওঁলোককো (প্ৰৱেশ কৰোৱা)। নিশ্চয় তুমি পৰাক্ৰমশালী, প্ৰজ্ঞাময়।

9 - Ghafir (The Forgiver) - 009

وَقِهِمُ ٱلسَّيِّـَٔاتِۚ وَمَن تَقِ ٱلسَّيِّـَٔاتِ يَوۡمَئِذٖ فَقَدۡ رَحِمۡتَهُۥۚ وَذَٰلِكَ هُوَ ٱلۡفَوۡزُ ٱلۡعَظِيمُ
‘আৰু তুমি তেওঁলোকক অপৰাধৰ শাস্তিৰ পৰা ৰক্ষা কৰা। সেইদিনা তুমি যাক (অপৰাধৰ) বেয়া পৰিণতিৰ পৰা ৰক্ষা কৰিবা, নিশ্চয় তুমি তাক অনুগ্ৰহহে কৰিবা; আৰু এইটোৱেই হৈছে মহাসফলতা!’

10 - Ghafir (The Forgiver) - 010

إِنَّ ٱلَّذِينَ كَفَرُواْ يُنَادَوۡنَ لَمَقۡتُ ٱللَّهِ أَكۡبَرُ مِن مَّقۡتِكُمۡ أَنفُسَكُمۡ إِذۡ تُدۡعَوۡنَ إِلَى ٱلۡإِيمَٰنِ فَتَكۡفُرُونَ
নিশ্চয় যিসকলে কুফৰী কৰিছে সিহঁতক উচ্চ কণ্ঠত কোৱা হ’ব, ‘তোমালোকৰ নিজৰ প্ৰতি (আজি) তোমালোকৰ যিমান ক্ষোভ হৈছে, আল্লাহৰ ক্ষোভ ইয়াতকৈও অধিক আছিল, যেতিয়া তোমালোকক ঈমানৰ প্ৰতি আহ্বান কৰা হৈছিল, কিন্তু তোমালোকে সেয়া অস্বীকাৰ কৰিছিলা’।

11 - Ghafir (The Forgiver) - 011

قَالُواْ رَبَّنَآ أَمَتَّنَا ٱثۡنَتَيۡنِ وَأَحۡيَيۡتَنَا ٱثۡنَتَيۡنِ فَٱعۡتَرَفۡنَا بِذُنُوبِنَا فَهَلۡ إِلَىٰ خُرُوجٖ مِّن سَبِيلٖ
সিহঁতে ক’ব, ‘হে আমাৰ প্ৰতিপালক! তুমি আমাক দুবাৰকৈ মৃত্যু প্ৰদান কৰিছা আৰু দুবাৰকৈ আমাক জীৱন দান কৰিছা। সেয়ে আমি আমাৰ অপৰাধ স্বীকাৰ কৰিছোঁ। এতেকে (জাহান্নামৰ পৰা) ওলোৱাৰ কোনো উপায় আছে নেকি’?

12 - Ghafir (The Forgiver) - 012

ذَٰلِكُم بِأَنَّهُۥٓ إِذَا دُعِيَ ٱللَّهُ وَحۡدَهُۥ كَفَرۡتُمۡ وَإِن يُشۡرَكۡ بِهِۦ تُؤۡمِنُواْۚ فَٱلۡحُكۡمُ لِلَّهِ ٱلۡعَلِيِّ ٱلۡكَبِيرِ
(সিহঁতক কোৱা হ’ব) ‘তোমালোকক শাস্তি দিয়াৰ কাৰণ হৈছে, যেতিয়া আল্লাহক এককভাৱে আহ্বান কৰা হৈছিল তেতিয়া তোমালোকে কুফৰী কৰিছিলা, আৰু যেতিয়া তেওঁৰ লগত শ্বিৰ্ক কৰা হৈছিল তেতিয়া তোমালোকে সেয়া বিশ্বাস কৰিছিলা। এতেকে যাৱতীয় কৰ্তৃত্ব কেৱল সুউচ্চ, মহান আল্লাহৰেই’।

13 - Ghafir (The Forgiver) - 013

هُوَ ٱلَّذِي يُرِيكُمۡ ءَايَٰتِهِۦ وَيُنَزِّلُ لَكُم مِّنَ ٱلسَّمَآءِ رِزۡقٗاۚ وَمَا يَتَذَكَّرُ إِلَّا مَن يُنِيبُ
তেৱেঁই তোমালোকক তেওঁৰ নিদৰ্শনাৱলী দেখুৱায় আৰু আকাশৰ পৰা তোমালোকৰ বাবে জীৱিকা অৱতীৰ্ণ কৰে। উপদেশ কেৱল সেই ব্যক্তিহে গ্ৰহণ কৰে যিয়ে আল্লাহ অভিমুখী হয়।

14 - Ghafir (The Forgiver) - 014

فَٱدۡعُواْ ٱللَّهَ مُخۡلِصِينَ لَهُ ٱلدِّينَ وَلَوۡ كَرِهَ ٱلۡكَٰفِرُونَ
এতেকে তোমালোকে আল্লাহৰ আনুগত্যত একনিষ্ঠ হৈ কেৱল তেওঁকেই আহ্বান কৰা। যদিও কাফিৰসকলে ইয়াক অপছন্দ কৰে।

15 - Ghafir (The Forgiver) - 015

رَفِيعُ ٱلدَّرَجَٰتِ ذُو ٱلۡعَرۡشِ يُلۡقِي ٱلرُّوحَ مِنۡ أَمۡرِهِۦ عَلَىٰ مَن يَشَآءُ مِنۡ عِبَادِهِۦ لِيُنذِرَ يَوۡمَ ٱلتَّلَاقِ
তেওঁ সুউচ্চ মৰ্যাদাৰ অধিকাৰী, আৰছৰ অধিপতি, তেৱেঁই নিজৰ আদেশত বান্দাসকলৰ মাজৰ পৰা যাৰ প্ৰতি ইচ্ছা কৰে তাৰ প্ৰতি অহী প্ৰেৰণ কৰে, যাতে তেওঁ মহা সন্মিলন দিৱস সম্পৰ্কে সতৰ্ক কৰিব পাৰে।

16 - Ghafir (The Forgiver) - 016

يَوۡمَ هُم بَٰرِزُونَۖ لَا يَخۡفَىٰ عَلَى ٱللَّهِ مِنۡهُمۡ شَيۡءٞۚ لِّمَنِ ٱلۡمُلۡكُ ٱلۡيَوۡمَۖ لِلَّهِ ٱلۡوَٰحِدِ ٱلۡقَهَّارِ
যিদিনা সিহঁত (মানুহ বিলাক) প্ৰকাশিত হ’ব, সেইদিনা আল্লাহৰ ওচৰত সিহঁতৰ একোৱেই গোপন নাথাকিব। (তেওঁ ক’ব) ‘আজি কৰ্তৃত্ব কাৰ’? কেৱল আল্লাহৰেই, তেওঁ একক, প্ৰবল প্ৰতাপশালী।

17 - Ghafir (The Forgiver) - 017

ٱلۡيَوۡمَ تُجۡزَىٰ كُلُّ نَفۡسِۭ بِمَا كَسَبَتۡۚ لَا ظُلۡمَ ٱلۡيَوۡمَۚ إِنَّ ٱللَّهَ سَرِيعُ ٱلۡحِسَابِ
আজি প্ৰত্যেককে তাৰ কৃতকৰ্ম অনুসাৰে প্ৰতিফল দিয়া হ’ব, আজি কোনো ধৰণৰ অন্যায় কৰা নহ’ব। নিশ্চয় আল্লাহ হিচাপ গ্ৰহণত অতি তৎপৰ।

18 - Ghafir (The Forgiver) - 018

وَأَنذِرۡهُمۡ يَوۡمَ ٱلۡأٓزِفَةِ إِذِ ٱلۡقُلُوبُ لَدَى ٱلۡحَنَاجِرِ كَٰظِمِينَۚ مَا لِلظَّـٰلِمِينَ مِنۡ حَمِيمٖ وَلَا شَفِيعٖ يُطَاعُ
আৰু তুমি সিহঁতক আসন্ন দিৱস সম্পৰ্কে সতৰ্ক কৰি দিয়া; যেতিয়া দুখ-কষ্ট সম্বৰণ অৱস্থাত সিহঁতৰ প্ৰাণ কণ্ঠাগত হ’ব। যালিমসকলৰ বাবে কোনো অন্তৰঙ্গ বন্ধু নাই আৰু এনেকুৱা কোনো মধ্যস্থতাকাৰীও নাই যাৰ মধ্যস্থতা গ্ৰহণ কৰা হ’ব।

19 - Ghafir (The Forgiver) - 019

يَعۡلَمُ خَآئِنَةَ ٱلۡأَعۡيُنِ وَمَا تُخۡفِي ٱلصُّدُورُ
চকুসমূহৰ বিশ্বাসঘাতকতা আৰু অন্তৰসমূহে যি গোপন কৰে সেয়াও তেওঁ জানে।

20 - Ghafir (The Forgiver) - 020

وَٱللَّهُ يَقۡضِي بِٱلۡحَقِّۖ وَٱلَّذِينَ يَدۡعُونَ مِن دُونِهِۦ لَا يَقۡضُونَ بِشَيۡءٍۗ إِنَّ ٱللَّهَ هُوَ ٱلسَّمِيعُ ٱلۡبَصِيرُ
আল্লাহে যথাযথভাৱে ফয়চালা কৰে, আৰু আল্লাহৰ পৰিবৰ্তে সিহঁতে যিবোৰক আহ্বান কৰে সিহঁতে একোৱেই ফয়চালা কৰিব নোৱাৰে। নিশ্চয় আল্লাহ, তেৱেঁই সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা।

21 - Ghafir (The Forgiver) - 021

۞أَوَلَمۡ يَسِيرُواْ فِي ٱلۡأَرۡضِ فَيَنظُرُواْ كَيۡفَ كَانَ عَٰقِبَةُ ٱلَّذِينَ كَانُواْ مِن قَبۡلِهِمۡۚ كَانُواْ هُمۡ أَشَدَّ مِنۡهُمۡ قُوَّةٗ وَءَاثَارٗا فِي ٱلۡأَرۡضِ فَأَخَذَهُمُ ٱللَّهُ بِذُنُوبِهِمۡ وَمَا كَانَ لَهُم مِّنَ ٱللَّهِ مِن وَاقٖ
ইহঁতে পৃথিৱীত বিচৰণ নকৰে নেকি? তেতিয়াহে সিহঁতে দেখা পালেহেঁতেন, পূৰ্বে যিসকল আছিল সিহঁতৰ পৰিণাম কি হৈছিল। সিহঁতে ইহঁতৰ তুলনাত পৃথিৱীত অধিক শক্তিশালী আছিল আৰু কীৰ্তিত আছিল অতি প্ৰবল। তথাপিও আল্লাহে সিহঁতক সিহঁতৰ অপৰাধৰ বাবে কৰায়ত্ত কৰিছিল আৰু আল্লাহৰ শাস্তিৰ পৰা সিহঁতক ৰক্ষা কৰিবলৈ কোনো নাছিল।

22 - Ghafir (The Forgiver) - 022

ذَٰلِكَ بِأَنَّهُمۡ كَانَت تَّأۡتِيهِمۡ رُسُلُهُم بِٱلۡبَيِّنَٰتِ فَكَفَرُواْ فَأَخَذَهُمُ ٱللَّهُۚ إِنَّهُۥ قَوِيّٞ شَدِيدُ ٱلۡعِقَابِ
এইটো এইকাৰণে যে, সিহঁতৰ ওচৰলৈ সিহঁতৰ ৰাছুলসকলে সুস্পষ্ট প্ৰমাণাদিসহ আহিছিল তথাপিও সিহঁতে (তেওঁলোকক) প্ৰত্যাখ্যান কৰিছিল। সেয়ে আল্লাহে সিহঁতক কৰায়ত্ত কৰিছিল। নিশ্চয় তেওঁ শক্তিশালী, শাস্তি প্ৰদানত অতি কঠোৰ।

23 - Ghafir (The Forgiver) - 023

وَلَقَدۡ أَرۡسَلۡنَا مُوسَىٰ بِـَٔايَٰتِنَا وَسُلۡطَٰنٖ مُّبِينٍ
আৰু নিশ্চয় আমিয়েই মুছাক আমাৰ নিদৰ্শনাৱলী আৰু স্পষ্ট প্ৰমাণসহ প্ৰেৰণ কৰিছিলোঁ।

24 - Ghafir (The Forgiver) - 024

إِلَىٰ فِرۡعَوۡنَ وَهَٰمَٰنَ وَقَٰرُونَ فَقَالُواْ سَٰحِرٞ كَذَّابٞ
ফিৰআউন, হামান আৰু কাৰূনৰ ওচৰলৈ। কিন্তু সিহঁতে তেওঁক, ‘যাদুকৰ, চৰম মিছলীয়া বুলি কৈছিল’।

25 - Ghafir (The Forgiver) - 025

فَلَمَّا جَآءَهُم بِٱلۡحَقِّ مِنۡ عِندِنَا قَالُواْ ٱقۡتُلُوٓاْ أَبۡنَآءَ ٱلَّذِينَ ءَامَنُواْ مَعَهُۥ وَٱسۡتَحۡيُواْ نِسَآءَهُمۡۚ وَمَا كَيۡدُ ٱلۡكَٰفِرِينَ إِلَّا فِي ضَلَٰلٖ
তাৰ পিছত মুছাই যেতিয়া আমাৰ তৰফৰ পৰা সত্য লৈ সিহঁতৰ ওচৰত গৈ উপস্থিত হ’ল, তেতিয়া সিহঁতে ক’লে, ‘মুছাৰ লগত যিসকলে ঈমান আনিছে, সিহঁতৰ পুত্ৰ সন্তানবিলাকক হত্যা কৰা আৰু সিহঁতৰ নাৰীসকলক জীৱিত এৰি দিয়া’। নিশ্চয় কাফিৰসকলৰ ষড়যন্ত্ৰ হৈছে ভ্ৰষ্টতাপূৰ্ণ।

26 - Ghafir (The Forgiver) - 026

وَقَالَ فِرۡعَوۡنُ ذَرُونِيٓ أَقۡتُلۡ مُوسَىٰ وَلۡيَدۡعُ رَبَّهُۥٓۖ إِنِّيٓ أَخَافُ أَن يُبَدِّلَ دِينَكُمۡ أَوۡ أَن يُظۡهِرَ فِي ٱلۡأَرۡضِ ٱلۡفَسَادَ
আৰু ফিৰআউনে ক’লে, ‘মোক এৰি দিয়া মই মুছাক হত্যা কৰিম, চাওঁ সি তাৰ প্ৰতিপালকক আহ্বান কৰকচোন। নিশ্চয় মই আশংকা কৰোঁ যে, সি তোমালোকৰ দ্বীনক পৰিবৰ্তন কৰি দিব নাইবা দেশত অশান্তি বিয়পাব’।

27 - Ghafir (The Forgiver) - 027

وَقَالَ مُوسَىٰٓ إِنِّي عُذۡتُ بِرَبِّي وَرَبِّكُم مِّن كُلِّ مُتَكَبِّرٖ لَّا يُؤۡمِنُ بِيَوۡمِ ٱلۡحِسَابِ
মুছাই ক’লে, ‘মই মোৰ প্ৰতিপালক আৰু (যিজন) তোমালোকৰো প্ৰতিপালক তেওঁৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰিছোঁ, এনেকুৱা প্ৰত্যেক অহংকাৰী ব্যক্তিৰ পৰা যিয়ে বিচাৰ দিৱসৰ ওপৰত ঈমান পোষণ নকৰে’।

28 - Ghafir (The Forgiver) - 028

وَقَالَ رَجُلٞ مُّؤۡمِنٞ مِّنۡ ءَالِ فِرۡعَوۡنَ يَكۡتُمُ إِيمَٰنَهُۥٓ أَتَقۡتُلُونَ رَجُلًا أَن يَقُولَ رَبِّيَ ٱللَّهُ وَقَدۡ جَآءَكُم بِٱلۡبَيِّنَٰتِ مِن رَّبِّكُمۡۖ وَإِن يَكُ كَٰذِبٗا فَعَلَيۡهِ كَذِبُهُۥۖ وَإِن يَكُ صَادِقٗا يُصِبۡكُم بَعۡضُ ٱلَّذِي يَعِدُكُمۡۖ إِنَّ ٱللَّهَ لَا يَهۡدِي مَنۡ هُوَ مُسۡرِفٞ كَذَّابٞ
আৰু ফিৰআউন বংশৰ এজন মুমিন ব্যক্তিয়ে যিজনে নিজৰ ঈমান গোপন ৰাখিছিল তেওঁ ক’লে, ‘তোমালোকে এজন ব্যক্তিক এই কাৰণে হত্যা কৰিবা নেকি যে, তেওঁ কয়, ‘মোৰ প্ৰতিপালক হৈছে কেৱল আল্লাহ’, অথচ তেওঁ তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা সুস্পষ্ট প্ৰমাণসহ তোমালোকৰ ওচৰলৈ আহিছে? তেওঁ যদি মিছলীয়া হয় তাৰ বাবে দায়ী তেওঁ নিজেই হ’ব, আৰু যদি তেওঁ সত্যবাদী হয় তেন্তে তেওঁ তোমালোকক যি প্ৰতিশ্ৰুতি দিছে, তাৰ পৰা কিছু পৰিমাণ হ’লেও তোমালোকৰ ওপৰত আপতিত হ’ব’। নিশ্চয় আল্লাহে সেই ব্যক্তিক হিদায়ত নকৰে, যিজন সীমালংঘনকাৰী, মিছলীয়া।

29 - Ghafir (The Forgiver) - 029

يَٰقَوۡمِ لَكُمُ ٱلۡمُلۡكُ ٱلۡيَوۡمَ ظَٰهِرِينَ فِي ٱلۡأَرۡضِ فَمَن يَنصُرُنَا مِنۢ بَأۡسِ ٱللَّهِ إِن جَآءَنَاۚ قَالَ فِرۡعَوۡنُ مَآ أُرِيكُمۡ إِلَّا مَآ أَرَىٰ وَمَآ أَهۡدِيكُمۡ إِلَّا سَبِيلَ ٱلرَّشَادِ
‘হে মোৰ সম্প্ৰদায়! আজি তোমালোকৰেই ৰাজত্ব, পৃথিৱীত তোমালোকেই প্ৰভাৱশালী; কিন্তু আল্লাহৰ শাস্তি আহিলে কোনে আমাক সহায় কৰিব’? ফিৰআউনে ক’লে, ‘মই যিটো সঠিক বুলি ভাবোঁ, সেইটোৱেই তোমালোকক দেখুৱাওঁ আৰু মই তোমালোকক কেৱল সঠিক পথহে দেখুৱাওঁ’।

30 - Ghafir (The Forgiver) - 030

وَقَالَ ٱلَّذِيٓ ءَامَنَ يَٰقَوۡمِ إِنِّيٓ أَخَافُ عَلَيۡكُم مِّثۡلَ يَوۡمِ ٱلۡأَحۡزَابِ
মুমিন ব্যক্তিজনে আৰু ক’লে, ‘হে মোৰ সম্প্ৰদায়! নিশ্চয় মই তোমালোকৰ প্ৰতিও সেই দিনটোৰ আশংকা কৰোঁ যিটো পূৰ্বৱৰ্তী দলসমূহৰ ওপৰত আহিছিল;

31 - Ghafir (The Forgiver) - 031

مِثۡلَ دَأۡبِ قَوۡمِ نُوحٖ وَعَادٖ وَثَمُودَ وَٱلَّذِينَ مِنۢ بَعۡدِهِمۡۚ وَمَا ٱللَّهُ يُرِيدُ ظُلۡمٗا لِّلۡعِبَادِ
‘যিদৰে সংঘটিত হৈছিল, নূহ, আদ, ছামূদ আৰু সিহঁতৰ পৰৱৰ্তী লোকসকলৰ ক্ষেত্ৰত। আল্লাহে বান্দাসকলৰ ওপৰত কোনো অন্যায় কৰিব নিবিচাৰে।

32 - Ghafir (The Forgiver) - 032

وَيَٰقَوۡمِ إِنِّيٓ أَخَافُ عَلَيۡكُمۡ يَوۡمَ ٱلتَّنَادِ
‘আৰু হে মোৰ সম্প্ৰদায়! নিশ্চয় মই তোমালোকৰ বাবে ভয়াৰ্ত আহ্বান দিৱসৰ আশংকা কৰিছোঁ,

33 - Ghafir (The Forgiver) - 033

يَوۡمَ تُوَلُّونَ مُدۡبِرِينَ مَا لَكُم مِّنَ ٱللَّهِ مِنۡ عَاصِمٖۗ وَمَن يُضۡلِلِ ٱللَّهُ فَمَا لَهُۥ مِنۡ هَادٖ
‘যিদিনা তোমালোকে পিছ হোঁহকা দি পলাব বিচাৰিবা, (সেইদিনা) আল্লাহৰ শাস্তিৰ পৰা তোমালোকক ৰক্ষা কৰিবলৈ কোনো নাথাকিব। আল্লাহে যাক বিভ্ৰান্ত কৰে, তাৰ বাবে কোনো হিদায়তকাৰী নাই’।

34 - Ghafir (The Forgiver) - 034

وَلَقَدۡ جَآءَكُمۡ يُوسُفُ مِن قَبۡلُ بِٱلۡبَيِّنَٰتِ فَمَا زِلۡتُمۡ فِي شَكّٖ مِّمَّا جَآءَكُم بِهِۦۖ حَتَّىٰٓ إِذَا هَلَكَ قُلۡتُمۡ لَن يَبۡعَثَ ٱللَّهُ مِنۢ بَعۡدِهِۦ رَسُولٗاۚ كَذَٰلِكَ يُضِلُّ ٱللَّهُ مَنۡ هُوَ مُسۡرِفٞ مُّرۡتَابٌ
নিশ্চয় ইতিপূৰ্বে তোমালোকৰ ওচৰলৈ সুস্পষ্ট প্ৰমাণাদিসহ ইউছুফ আহিছিল, ফলত তেওঁ তোমালোকৰ ওচৰলৈ যি আনিছিল তাক তোমালোকে সদায় সন্দেহ কৰিছিলা। অৱশেষত যেতিয়া তেওঁৰ মৃত্যু হ’ল, তেতিয়া তোমালোকে কৈছিলা, ‘আল্লাহে এওঁৰ পিছত কেতিয়াও আন কোনো ৰাছুল প্ৰেৰণ নকৰিব।’ এইদৰেই আল্লাহে প্ৰত্যেক সীমালংঘনকাৰী, সংশয়বাদীক বিভ্ৰান্ত কৰে।

35 - Ghafir (The Forgiver) - 035

ٱلَّذِينَ يُجَٰدِلُونَ فِيٓ ءَايَٰتِ ٱللَّهِ بِغَيۡرِ سُلۡطَٰنٍ أَتَىٰهُمۡۖ كَبُرَ مَقۡتًا عِندَ ٱللَّهِ وَعِندَ ٱلَّذِينَ ءَامَنُواْۚ كَذَٰلِكَ يَطۡبَعُ ٱللَّهُ عَلَىٰ كُلِّ قَلۡبِ مُتَكَبِّرٖ جَبَّارٖ
যিসকলে সিহঁতৰ ওচৰলৈ (সিহঁতৰ দাবীৰ সমৰ্থনত) কোনো দলীল-প্ৰমাণ নহা সত্ত্বেও আল্লাহৰ নিদৰ্শনাৱলী সম্পৰ্কে বিতৰ্কত লিপ্ত হয়। আল্লাহ আৰু মুমিনসকলৰ দৃষ্টিত সিহঁতৰ এই কৰ্ম অতি ঘৃণাৰ যোগ্য। এইদৰেই আল্লাহে প্ৰত্যেক অহংকাৰী, স্বৈৰাচাৰী ব্যক্তিৰ হৃদয়ত মোহৰ মাৰি দিয়ে।

36 - Ghafir (The Forgiver) - 036

وَقَالَ فِرۡعَوۡنُ يَٰهَٰمَٰنُ ٱبۡنِ لِي صَرۡحٗا لَّعَلِّيٓ أَبۡلُغُ ٱلۡأَسۡبَٰبَ
আৰু ফিৰআউনে ক’লে, ‘হে হামান! মোৰ বাবে তুমি এখন সুউচ্চ প্ৰাসাদ নিৰ্মাণ কৰা, যাতে মই উপায় অৱলম্বন কৰিব পাৰোঁ,

37 - Ghafir (The Forgiver) - 037

أَسۡبَٰبَ ٱلسَّمَٰوَٰتِ فَأَطَّلِعَ إِلَىٰٓ إِلَٰهِ مُوسَىٰ وَإِنِّي لَأَظُنُّهُۥ كَٰذِبٗاۚ وَكَذَٰلِكَ زُيِّنَ لِفِرۡعَوۡنَ سُوٓءُ عَمَلِهِۦ وَصُدَّ عَنِ ٱلسَّبِيلِۚ وَمَا كَيۡدُ فِرۡعَوۡنَ إِلَّا فِي تَبَابٖ
‘আকাশসমূহত আৰোহণৰ উপায় বিচাৰি পাওঁ, যাতে মই মুছাৰ ইলাহক জুমি চাব পাৰোঁ, নিশ্চয় মই তাক মিছলীয়া বুলিহে ভাবোঁ’। এইদৰেই ফিৰআউনৰ কৰ্মক তাৰ ওচৰত শোভনীয় কৰি দিয়া হৈছিল আৰু তাক সৰল পথৰ পৰা নিবৃত্ত কৰা হৈছিল, লগতে ফিৰআউনৰ ষড়যন্ত্ৰ ব্যৰ্থহে হৈছিল।

38 - Ghafir (The Forgiver) - 038

وَقَالَ ٱلَّذِيٓ ءَامَنَ يَٰقَوۡمِ ٱتَّبِعُونِ أَهۡدِكُمۡ سَبِيلَ ٱلرَّشَادِ
ঈমান পোষণ কৰা ব্যক্তিজনে আৰু ক’লে, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে মোৰ অনুসৰণ কৰা, মই তোমালোকক সঠিক পথত পৰিচালিত কৰিম।

39 - Ghafir (The Forgiver) - 039

يَٰقَوۡمِ إِنَّمَا هَٰذِهِ ٱلۡحَيَوٰةُ ٱلدُّنۡيَا مَتَٰعٞ وَإِنَّ ٱلۡأٓخِرَةَ هِيَ دَارُ ٱلۡقَرَارِ
‘হে মোৰ সম্প্ৰদায়! এই পাৰ্থিৱ জীৱন হৈছে কেৱল অস্থায়ী ভোগ-সামগ্ৰী। নিশ্চয় আখিৰাত, সেইটোহে হৈছে স্থায়ী আবাস।

40 - Ghafir (The Forgiver) - 040

مَنۡ عَمِلَ سَيِّئَةٗ فَلَا يُجۡزَىٰٓ إِلَّا مِثۡلَهَاۖ وَمَنۡ عَمِلَ صَٰلِحٗا مِّن ذَكَرٍ أَوۡ أُنثَىٰ وَهُوَ مُؤۡمِنٞ فَأُوْلَـٰٓئِكَ يَدۡخُلُونَ ٱلۡجَنَّةَ يُرۡزَقُونَ فِيهَا بِغَيۡرِ حِسَابٖ
‘কোনোবাই অসৎকৰ্ম কৰিলে সি কেৱল তাৰ কৰ্ম অনুপাতেই শাস্তি পাব। আনহাতে পুৰুষ হওক বা নাৰী মুমিন হৈ যিয়ে সৎকৰ্ম কৰিব, তেওঁলোকেই জান্নাতত প্ৰৱেশ কৰিব, তাত তেওঁলোকক দিয়া হ’ব অগণন জীৱিকা।

41 - Ghafir (The Forgiver) - 041

۞وَيَٰقَوۡمِ مَا لِيٓ أَدۡعُوكُمۡ إِلَى ٱلنَّجَوٰةِ وَتَدۡعُونَنِيٓ إِلَى ٱلنَّارِ
‘হে মোৰ সম্প্ৰদায়! কি হ’ল! মই তোমালোকক মুক্তিৰ পিনে আহ্বান কৰি আছোঁ, আৰু তোমালোকে মোক অগ্নিৰ পিনে মাতি আছা!

42 - Ghafir (The Forgiver) - 042

تَدۡعُونَنِي لِأَكۡفُرَ بِٱللَّهِ وَأُشۡرِكَ بِهِۦ مَا لَيۡسَ لِي بِهِۦ عِلۡمٞ وَأَنَا۠ أَدۡعُوكُمۡ إِلَى ٱلۡعَزِيزِ ٱلۡغَفَّـٰرِ
‘তোমালোকে মোক মাতি আছা যাতে মই আল্লাহৰ লগত কুফৰী কৰোঁ আৰু তেওঁৰ লগত শ্বিৰ্ক কৰোঁ, যি বিষয়ে মোৰ কোনো জ্ঞান নাই; অথচ মই তোমালোকক আহ্বান কৰি আছোঁ মহা পৰাক্ৰমশালী, পৰম ক্ষমাশীলৰ ফালে।

43 - Ghafir (The Forgiver) - 043

لَا جَرَمَ أَنَّمَا تَدۡعُونَنِيٓ إِلَيۡهِ لَيۡسَ لَهُۥ دَعۡوَةٞ فِي ٱلدُّنۡيَا وَلَا فِي ٱلۡأٓخِرَةِ وَأَنَّ مَرَدَّنَآ إِلَى ٱللَّهِ وَأَنَّ ٱلۡمُسۡرِفِينَ هُمۡ أَصۡحَٰبُ ٱلنَّارِ
‘এই বিষয়ত কোনো সন্দেহ নাই যে, তোমালোকে মোক যাৰ ফালে আহ্বান কৰি আছা, সি পৃথিৱী আৰু আখিৰাতৰ ক'তো আহ্বানৰ যোগ্য নহয়। প্ৰকৃততে আমাৰ প্ৰত্যাৱৰ্তন হ’ব কেৱল আল্লাহৰ পিনে আৰু নিশ্চয় সীমালংঘনকাৰী- বিলাক হৈছে অগ্নিৰ অধিবাসী।

44 - Ghafir (The Forgiver) - 044

فَسَتَذۡكُرُونَ مَآ أَقُولُ لَكُمۡۚ وَأُفَوِّضُ أَمۡرِيٓ إِلَى ٱللَّهِۚ إِنَّ ٱللَّهَ بَصِيرُۢ بِٱلۡعِبَادِ
‘এতেকে মই তোমালোকক যিবোৰ কথা কৈ আছোঁ, অনতিপলমে তোমালোকে সেইবোৰ কথা স্মৰণ কৰিবা; আৰু মই মোৰ (যাৱতীয়) বিষয় আল্লাহৰ ওচৰতেই সমৰ্পণ কৰিছোঁ। নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ প্ৰতি সৰ্বদ্ৰষ্টা’।

45 - Ghafir (The Forgiver) - 045

فَوَقَىٰهُ ٱللَّهُ سَيِّـَٔاتِ مَا مَكَرُواْۖ وَحَاقَ بِـَٔالِ فِرۡعَوۡنَ سُوٓءُ ٱلۡعَذَابِ
ফলত আল্লাহে তেওঁক সিহঁতৰ যড়যন্ত্ৰৰ অনিষ্টৰ পৰা ৰক্ষা কৰিলে আৰু ফিৰআউন গোষ্ঠীক কঠিন শাস্তিয়ে ঘেৰি পেলালে,

46 - Ghafir (The Forgiver) - 046

ٱلنَّارُ يُعۡرَضُونَ عَلَيۡهَا غُدُوّٗا وَعَشِيّٗاۚ وَيَوۡمَ تَقُومُ ٱلسَّاعَةُ أَدۡخِلُوٓاْ ءَالَ فِرۡعَوۡنَ أَشَدَّ ٱلۡعَذَابِ
পুৱা-গধূলি সিহঁতক অগ্নিত উপস্থিত কৰা হয় আৰু যিদিনা কিয়ামত সংঘটিত হ’ব সেইদিনা (ফিৰিস্তাসকলক) কোৱা হ’ব, ‘ফিৰআউন গোষ্ঠীক কঠোৰ শাস্তিত নিক্ষেপ কৰা’।

47 - Ghafir (The Forgiver) - 047

وَإِذۡ يَتَحَآجُّونَ فِي ٱلنَّارِ فَيَقُولُ ٱلضُّعَفَـٰٓؤُاْ لِلَّذِينَ ٱسۡتَكۡبَرُوٓاْ إِنَّا كُنَّا لَكُمۡ تَبَعٗا فَهَلۡ أَنتُم مُّغۡنُونَ عَنَّا نَصِيبٗا مِّنَ ٱلنَّارِ
আৰু যেতিয়া সিহঁতে জাহান্নামতগৈ পৰস্পৰে বিতৰ্কত লিপ্ত হ’ব, তেতিয়া দুৰ্বলসকলে অহংকাৰীবিলাকক ক’ব, ‘নিশ্চয় আমি তোমালোকৰ অনুসাৰী আছিলোঁ, এতেকে তোমালোকে আমাৰ পৰা জাহান্নামৰ জুইৰ কিছু অংশ গ্ৰহণ কৰিবানে’?

48 - Ghafir (The Forgiver) - 048

قَالَ ٱلَّذِينَ ٱسۡتَكۡبَرُوٓاْ إِنَّا كُلّٞ فِيهَآ إِنَّ ٱللَّهَ قَدۡ حَكَمَ بَيۡنَ ٱلۡعِبَادِ
অহংকাৰীবিলাকে ক’ব, ‘আমি সকলোৱে দেখোন ইয়াতেই আছোঁ, নিশ্চয় আল্লাহে বান্দাসকলৰ মাজত বিচাৰ সম্পন্ন কৰিছে’।

49 - Ghafir (The Forgiver) - 049

وَقَالَ ٱلَّذِينَ فِي ٱلنَّارِ لِخَزَنَةِ جَهَنَّمَ ٱدۡعُواْ رَبَّكُمۡ يُخَفِّفۡ عَنَّا يَوۡمٗا مِّنَ ٱلۡعَذَابِ
আৰু জাহান্নামীবিলাকে জাহান্নামৰ প্ৰহৰীসকলক ক’ব, ‘আপোনালোকে (আমাৰ হৈ) আপোনালোকৰ প্ৰতিপালকৰ ওচৰত প্ৰাৰ্থনা কৰকচোন, তেওঁ যেন আমাৰ পৰা এদিনৰ বাবে হ'লেও শাস্তি লাঘৱ কৰি দিয়ে’।

50 - Ghafir (The Forgiver) - 050

قَالُوٓاْ أَوَلَمۡ تَكُ تَأۡتِيكُمۡ رُسُلُكُم بِٱلۡبَيِّنَٰتِۖ قَالُواْ بَلَىٰۚ قَالُواْ فَٱدۡعُواْۗ وَمَا دُعَـٰٓؤُاْ ٱلۡكَٰفِرِينَ إِلَّا فِي ضَلَٰلٍ
তেওঁলোকে ক'ব’, ‘তোমালোকৰ ওচৰলৈ স্পষ্ট প্ৰমাণাদি সহকাৰে তোমালোকৰ ৰাছুলসকল অহা নাছিলনে’? জাহান্নামীবিলাকে ক’ব, ‘হয় নিশ্চয় আহিছিল’। প্ৰহৰীসকলে ক’ব, ‘এতেকে তোমালোকেই প্ৰাৰ্থনা কৰা; আৰু কাফিৰসকলৰ প্ৰাৰ্থনা কেৱল নিষ্ফলহে হয়’।

51 - Ghafir (The Forgiver) - 051

إِنَّا لَنَنصُرُ رُسُلَنَا وَٱلَّذِينَ ءَامَنُواْ فِي ٱلۡحَيَوٰةِ ٱلدُّنۡيَا وَيَوۡمَ يَقُومُ ٱلۡأَشۡهَٰدُ
নিশ্চয় আমি আমাৰ ৰাছুলসকলক আৰু যিসকলে ঈমান আনিছে তেওঁলোকক পাৰ্থিৱ জীৱনত সহায় কৰিম, আৰু সেইদিনাও সহায় কৰিম যিদিনা সাক্ষীসকল থিয় হ’ব।

52 - Ghafir (The Forgiver) - 052

يَوۡمَ لَا يَنفَعُ ٱلظَّـٰلِمِينَ مَعۡذِرَتُهُمۡۖ وَلَهُمُ ٱللَّعۡنَةُ وَلَهُمۡ سُوٓءُ ٱلدَّارِ
যিদিনা যালিমসকলৰ ওজৰ-আপত্তি সিহঁতৰ কোনো কামত নাহিব। সিহঁতৰ বাবে আছে অভিসম্পাত আৰু সিহঁতৰ বাবে আছে নিকৃষ্ট আবাস।

53 - Ghafir (The Forgiver) - 053

وَلَقَدۡ ءَاتَيۡنَا مُوسَى ٱلۡهُدَىٰ وَأَوۡرَثۡنَا بَنِيٓ إِسۡرَـٰٓءِيلَ ٱلۡكِتَٰبَ
আৰু নিশ্চয় আমি মুছাক হিদায়ত দান কৰিছিলোঁ আৰু বনী ইছৰাঈলক কিতাবৰ উত্তৰাধিকাৰী কৰিছিলোঁ,

54 - Ghafir (The Forgiver) - 054

هُدٗى وَذِكۡرَىٰ لِأُوْلِي ٱلۡأَلۡبَٰبِ
বোধশক্তিসম্পন্ন লোকসকলৰ বাবে পথনিৰ্দেশ আৰু উপদেশ হিচাপে।

55 - Ghafir (The Forgiver) - 055

فَٱصۡبِرۡ إِنَّ وَعۡدَ ٱللَّهِ حَقّٞ وَٱسۡتَغۡفِرۡ لِذَنۢبِكَ وَسَبِّحۡ بِحَمۡدِ رَبِّكَ بِٱلۡعَشِيِّ وَٱلۡإِبۡكَٰرِ
এতেকে তুমি ধৈৰ্য্য ধাৰণ কৰা, নিশ্চয় আল্লাহৰ প্ৰতিশ্ৰুতি সত্য। লগতে তুমি তোমাৰ ত্ৰুটিৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা আৰু পুৱা-গধূলি তোমাৰ প্ৰতিপালকৰ প্ৰশংসাৰ সৈতে পৱিত্ৰতা তথা মহিমা ঘোষণা কৰা।

56 - Ghafir (The Forgiver) - 056

إِنَّ ٱلَّذِينَ يُجَٰدِلُونَ فِيٓ ءَايَٰتِ ٱللَّهِ بِغَيۡرِ سُلۡطَٰنٍ أَتَىٰهُمۡ إِن فِي صُدُورِهِمۡ إِلَّا كِبۡرٞ مَّا هُم بِبَٰلِغِيهِۚ فَٱسۡتَعِذۡ بِٱللَّهِۖ إِنَّهُۥ هُوَ ٱلسَّمِيعُ ٱلۡبَصِيرُ
নিশ্চয় যিসকলে নিজৰ ওচৰত কোনো দলীল-প্ৰমাণ নথকা সত্বেও আল্লাহৰ নিদৰ্শনাৱলী সম্পৰ্কে বিতৰ্কত লিপ্ত হয়, সিহঁতৰ অন্তৰত আছে কেৱল অহংকাৰ, সিহঁতে এই বিষয়ত কেতিয়াও সফলতা লাভ কৰিব নোৱাৰিব। এতেকে তুমি কেৱল আল্লাহৰ ওচৰত আশ্ৰয় বিচৰা; নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা।

57 - Ghafir (The Forgiver) - 057

لَخَلۡقُ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ أَكۡبَرُ مِنۡ خَلۡقِ ٱلنَّاسِ وَلَٰكِنَّ أَكۡثَرَ ٱلنَّاسِ لَا يَعۡلَمُونَ
নিশ্চয় আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টি, মানৱ সৃষ্টিতকৈও ডাঙৰ বিষয়, কিন্তু অধিকাংশ মানুহেই সেয়া নাজানে।

58 - Ghafir (The Forgiver) - 058

وَمَا يَسۡتَوِي ٱلۡأَعۡمَىٰ وَٱلۡبَصِيرُ وَٱلَّذِينَ ءَامَنُواْ وَعَمِلُواْ ٱلصَّـٰلِحَٰتِ وَلَا ٱلۡمُسِيٓءُۚ قَلِيلٗا مَّا تَتَذَكَّرُونَ
অন্ধ আৰু দৃষ্টিসম্পন্ন ব্যক্তি কেতিয়াও সমান নহয়, এইদৰে যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, পক্ষান্তৰে যিসকলে অসৎকৰ্ম কৰিছে সিহঁতেও সমান নহয়। তোমালোকে অতি সামান্যহে উপদেশ গ্ৰহণ কৰা।

59 - Ghafir (The Forgiver) - 059

إِنَّ ٱلسَّاعَةَ لَأٓتِيَةٞ لَّا رَيۡبَ فِيهَا وَلَٰكِنَّ أَكۡثَرَ ٱلنَّاسِ لَا يُؤۡمِنُونَ
নিশ্চয় কিয়ামত অৱশ্যম্ভাৱী, ইয়াত কোনো সন্দেহ নাই; কিন্তু অধিকাংশ লোকেই বিশ্বাস নকৰে।

60 - Ghafir (The Forgiver) - 060

وَقَالَ رَبُّكُمُ ٱدۡعُونِيٓ أَسۡتَجِبۡ لَكُمۡۚ إِنَّ ٱلَّذِينَ يَسۡتَكۡبِرُونَ عَنۡ عِبَادَتِي سَيَدۡخُلُونَ جَهَنَّمَ دَاخِرِينَ
আৰু তোমালোকৰ প্ৰতিপালকে কৈছে, ‘তোমালোকে কেৱল মোৰ ওচৰতেই দুআ কৰা, মই তোমালোকৰ দুআ কবুল কৰিম। নিশ্চয় যিসকলে অহংকাৰ কৰি মোৰ ইবাদতৰ পৰা বিমুখ হয়, সিহঁত অচিৰেই লাঞ্ছিত হৈ জাহান্নামত প্ৰৱেশ কৰিব’।

61 - Ghafir (The Forgiver) - 061

ٱللَّهُ ٱلَّذِي جَعَلَ لَكُمُ ٱلَّيۡلَ لِتَسۡكُنُواْ فِيهِ وَٱلنَّهَارَ مُبۡصِرًاۚ إِنَّ ٱللَّهَ لَذُو فَضۡلٍ عَلَى ٱلنَّاسِ وَلَٰكِنَّ أَكۡثَرَ ٱلنَّاسِ لَا يَشۡكُرُونَ
আল্লাহ, যিজনে তোমালোকৰ বাবে ৰাতিক সৃষ্টি কৰিছে যাতে তোমালোকে তাত বিশ্ৰাম কৰিব পাৰা, আৰু দিনক কৰিছে আলোকোজ্জ্বল। নিশ্চয় আল্লাহ মানুহৰ প্ৰতি অনুগ্ৰহশীল, কিন্তু অধিকাংশ মানুহেই কৃতজ্ঞতা প্ৰকাশ নকৰে।

62 - Ghafir (The Forgiver) - 062

ذَٰلِكُمُ ٱللَّهُ رَبُّكُمۡ خَٰلِقُ كُلِّ شَيۡءٖ لَّآ إِلَٰهَ إِلَّا هُوَۖ فَأَنَّىٰ تُؤۡفَكُونَ
তেৱেঁই আল্লাহ, তোমালোকৰ প্ৰতিপালক, সকলো বস্তুৰ স্ৰষ্টা; তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। এতেকে তোমালোকক ক’লৈ ওভোতাই নিয়া হৈছে?

63 - Ghafir (The Forgiver) - 063

كَذَٰلِكَ يُؤۡفَكُ ٱلَّذِينَ كَانُواْ بِـَٔايَٰتِ ٱللَّهِ يَجۡحَدُونَ
এইদৰেই ওভতাই নিয়া হয় সেইসকল লোকক, যিসকলে আল্লাহৰ নিদৰ্শনাৱলীক অস্বীকাৰ কৰে।

64 - Ghafir (The Forgiver) - 064

ٱللَّهُ ٱلَّذِي جَعَلَ لَكُمُ ٱلۡأَرۡضَ قَرَارٗا وَٱلسَّمَآءَ بِنَآءٗ وَصَوَّرَكُمۡ فَأَحۡسَنَ صُوَرَكُمۡ وَرَزَقَكُم مِّنَ ٱلطَّيِّبَٰتِۚ ذَٰلِكُمُ ٱللَّهُ رَبُّكُمۡۖ فَتَبَارَكَ ٱللَّهُ رَبُّ ٱلۡعَٰلَمِينَ
আল্লাহেই তোমালোকৰ বাবে পৃথিৱীক স্থিতিশীল কৰিছে আৰু আকাশখনক কৰি দিছে চাদ আৰু তেৱেঁই তোমালোকৰ আকৃতি গঠন কৰিছে, তাৰ পিছত তোমালোকৰ আকৃতিক সুন্দৰ ৰূপ দিছে, লগতে তোমালোকক পৱিত্ৰ বস্তুৰ পৰা জীৱিকা দান কৰিছে। তেৱেঁই আল্লাহ, তোমালোকৰ প্ৰতিপালক। এতেকে বিশ্বজগতৰ প্ৰতিপালক আল্লাহ কিমান যে বৰকতময়!

65 - Ghafir (The Forgiver) - 065

هُوَ ٱلۡحَيُّ لَآ إِلَٰهَ إِلَّا هُوَ فَٱدۡعُوهُ مُخۡلِصِينَ لَهُ ٱلدِّينَۗ ٱلۡحَمۡدُ لِلَّهِ رَبِّ ٱلۡعَٰلَمِينَ
তেওঁ চিৰঞ্জীৱ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। এতেকে তোমালোকে তেওঁৰ আনুগত্যত একনিষ্ঠ হৈ কেৱল তেওঁকেই প্ৰাৰ্থনা কৰা। সকলো ধৰণৰ প্ৰশংসা কেৱল বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰেই প্ৰাপ্য।

66 - Ghafir (The Forgiver) - 066

۞قُلۡ إِنِّي نُهِيتُ أَنۡ أَعۡبُدَ ٱلَّذِينَ تَدۡعُونَ مِن دُونِ ٱللَّهِ لَمَّا جَآءَنِيَ ٱلۡبَيِّنَٰتُ مِن رَّبِّي وَأُمِرۡتُ أَنۡ أُسۡلِمَ لِرَبِّ ٱلۡعَٰلَمِينَ
কোৱা, ‘তোমালোকে আল্লাহৰ বাহিৰে যিবোৰক প্ৰাৰ্থনা কৰা, সেইবোৰৰ ইবাদত কৰিবলৈ মোক নিষেধ কৰা হৈছে, কাৰণ মোৰ প্ৰতিপালকৰ তৰফৰ পৰা মোৰ ওচৰলৈ সুস্পষ্ট প্ৰমাণাদি আহিছে। মই বিশ্বজগতৰ প্ৰতিপালকৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ আদেশপ্ৰাপ্ত হৈছোঁ।

67 - Ghafir (The Forgiver) - 067

هُوَ ٱلَّذِي خَلَقَكُم مِّن تُرَابٖ ثُمَّ مِن نُّطۡفَةٖ ثُمَّ مِنۡ عَلَقَةٖ ثُمَّ يُخۡرِجُكُمۡ طِفۡلٗا ثُمَّ لِتَبۡلُغُوٓاْ أَشُدَّكُمۡ ثُمَّ لِتَكُونُواْ شُيُوخٗاۚ وَمِنكُم مَّن يُتَوَفَّىٰ مِن قَبۡلُۖ وَلِتَبۡلُغُوٓاْ أَجَلٗا مُّسَمّٗى وَلَعَلَّكُمۡ تَعۡقِلُونَ
তেৱেঁই তোমালোকক মাটিৰ পৰা সৃষ্টি কৰিছে, তাৰ পিছত শুক্ৰবিন্দুৰ পৰা, তাৰ পিছত আলাকা (ৰক্তপিণ্ড)ৰ পৰা, তাৰ পিছতহে তোমালোকক উলিয়াই আনে নৱজাত শিশুৰূপে, যাতে তোমালোকে যৌৱনত উপনীত হোৱা, তাৰ পিছত যাতে তোমালোকে বৃদ্ধ হোৱা। তোমালোকৰ কিছুমানক ইয়াৰ পূৰ্বেই মৃত্যু ঘটোৱা হয়, যাতে তোমালোকে নিৰ্ধাৰিত সময়ত উপনীত হোৱা আৰু তোমালোকে যাতে বুজিব পাৰা।

68 - Ghafir (The Forgiver) - 068

هُوَ ٱلَّذِي يُحۡيِۦ وَيُمِيتُۖ فَإِذَا قَضَىٰٓ أَمۡرٗا فَإِنَّمَا يَقُولُ لَهُۥ كُن فَيَكُونُ
তেৱেঁই জীৱন দান কৰে আৰু তেৱেঁই মৃত্যু ঘটায়, আৰু যেতিয়া তেওঁ কিবা কৰিবলৈ স্থিৰ কৰে তেতিয়া ইয়াৰ বাবে তেওঁ কেৱল কয় ‘হ’, সেইটো তৎক্ষণাত হৈ যায়।

69 - Ghafir (The Forgiver) - 069

أَلَمۡ تَرَ إِلَى ٱلَّذِينَ يُجَٰدِلُونَ فِيٓ ءَايَٰتِ ٱللَّهِ أَنَّىٰ يُصۡرَفُونَ
তুমি সিহঁতক লক্ষ্য কৰা নাইনে, যিসকলে আল্লাহৰ নিদৰ্শনাৱলী সম্পৰ্কে বিতৰ্ক কৰে? সিহঁতক ক’লৈ ওভতাই নিয়া হৈছে?

70 - Ghafir (The Forgiver) - 070

ٱلَّذِينَ كَذَّبُواْ بِٱلۡكِتَٰبِ وَبِمَآ أَرۡسَلۡنَا بِهِۦ رُسُلَنَاۖ فَسَوۡفَ يَعۡلَمُونَ
সিহঁতে কিতাবক আৰু আমাৰ ৰাছুলসকলে যি লৈ প্ৰেৰিত হৈছে তাক অস্বীকাৰ কৰে, এতেকে সিহঁতে শীঘ্ৰেই জানিবলৈ পাব,

71 - Ghafir (The Forgiver) - 071

إِذِ ٱلۡأَغۡلَٰلُ فِيٓ أَعۡنَٰقِهِمۡ وَٱلسَّلَٰسِلُ يُسۡحَبُونَ
যেতিয়া সিহঁতৰ ডিঙিত গলাবদ্ধ আৰু শিকলি থাকিব, আৰু সিহঁতক টানি লৈ যোৱা হ’ব,

72 - Ghafir (The Forgiver) - 072

فِي ٱلۡحَمِيمِ ثُمَّ فِي ٱلنَّارِ يُسۡجَرُونَ
উতলা পানীৰ মাজত, তাৰ পিছত সিহঁতক জ্বলোৱা হ'ব অগ্নিৰ মাজত।

73 - Ghafir (The Forgiver) - 073

ثُمَّ قِيلَ لَهُمۡ أَيۡنَ مَا كُنتُمۡ تُشۡرِكُونَ
তাৰ পিছত সিহঁতক কোৱা হ’ব, ‘ক'ত সিহঁত, যিসকলক তোমালোকে অংশীদাৰ স্থাপন কৰিছিলা,

74 - Ghafir (The Forgiver) - 074

مِن دُونِ ٱللَّهِۖ قَالُواْ ضَلُّواْ عَنَّا بَل لَّمۡ نَكُن نَّدۡعُواْ مِن قَبۡلُ شَيۡـٔٗاۚ كَذَٰلِكَ يُضِلُّ ٱللَّهُ ٱلۡكَٰفِرِينَ
আল্লাহৰ বাহিৰে’? সিহঁতে ক’ব, ‘সিহঁত দেখোন আমাৰ পৰা (আজি) আঁতৰি গৈছে; বৰং ইতিপূৰ্বে আমি কাকো আহ্বানে কৰা নাছিলোঁ’। এইদৰেই আল্লাহে কাফিৰসকলক বিভ্ৰান্ত কৰে।

75 - Ghafir (The Forgiver) - 075

ذَٰلِكُم بِمَا كُنتُمۡ تَفۡرَحُونَ فِي ٱلۡأَرۡضِ بِغَيۡرِ ٱلۡحَقِّ وَبِمَا كُنتُمۡ تَمۡرَحُونَ
এয়া এইকাৰণে যে, তোমালোকে পৃথিৱীত অযথা উল্লাস কৰিছিলা আৰু এই কাৰণেও যে, তোমালোকে অহংকাৰ কৰিছিলা।

76 - Ghafir (The Forgiver) - 076

ٱدۡخُلُوٓاْ أَبۡوَٰبَ جَهَنَّمَ خَٰلِدِينَ فِيهَاۖ فَبِئۡسَ مَثۡوَى ٱلۡمُتَكَبِّرِينَ
তোমালোকে জাহান্নামত স্থায়ীভাৱে অৱস্থান কৰিবলৈ ইয়াৰ বিভিন্ন দুৱাৰেৰে প্ৰৱেশ কৰা, এতেকে (চোৱাচোন!) কিমান যে নিকৃষ্ট অহংকাৰী বিলাকৰ আবাসস্থল!

77 - Ghafir (The Forgiver) - 077

فَٱصۡبِرۡ إِنَّ وَعۡدَ ٱللَّهِ حَقّٞۚ فَإِمَّا نُرِيَنَّكَ بَعۡضَ ٱلَّذِي نَعِدُهُمۡ أَوۡ نَتَوَفَّيَنَّكَ فَإِلَيۡنَا يُرۡجَعُونَ
গতিকে তুমি ধৈৰ্য্য ধাৰণ কৰা। নিশ্চয় আল্লাহৰ প্ৰতিশ্ৰুতি সত্য। আমি সিহঁতক যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ তাৰে অলপ যদি মই তোমাক দেখুৱাই দিওঁ অথবা (তাৰ পূৰ্বেই যদি) তোমাৰ মৃত্যু ঘটাওঁ, তথাপিও দেখোন সিহঁতে মোৰ ওচৰলৈকেই প্ৰত্যাৱৰ্তিত হ’ব।

78 - Ghafir (The Forgiver) - 078

وَلَقَدۡ أَرۡسَلۡنَا رُسُلٗا مِّن قَبۡلِكَ مِنۡهُم مَّن قَصَصۡنَا عَلَيۡكَ وَمِنۡهُم مَّن لَّمۡ نَقۡصُصۡ عَلَيۡكَۗ وَمَا كَانَ لِرَسُولٍ أَن يَأۡتِيَ بِـَٔايَةٍ إِلَّا بِإِذۡنِ ٱللَّهِۚ فَإِذَا جَآءَ أَمۡرُ ٱللَّهِ قُضِيَ بِٱلۡحَقِّ وَخَسِرَ هُنَالِكَ ٱلۡمُبۡطِلُونَ
নিশ্চয় আমি তোমাৰ পূৰ্বেও বহুতো ৰাছুল প্ৰে

Scroll to Top