العلق
Al-'Alaq
The Clot
1 - Al-'Alaq (The Clot) - 001
ٱقۡرَأۡ بِٱسۡمِ رَبِّكَ ٱلَّذِي خَلَقَ
পঢ়া তোমাৰ প্ৰতিপালকৰ নামত, যিজনে সৃষ্টি কৰিছে,
2 - Al-'Alaq (The Clot) - 002
خَلَقَ ٱلۡإِنسَٰنَ مِنۡ عَلَقٍ
তেওঁ মানুহক আলাক্বৰ (ৰক্তপিণ্ডৰ) পৰা সৃষ্টি কৰিছে।
3 - Al-'Alaq (The Clot) - 003
ٱقۡرَأۡ وَرَبُّكَ ٱلۡأَكۡرَمُ
পঢ়া, কাৰণ তোমাৰ প্ৰতিপালক মহামহিম।
4 - Al-'Alaq (The Clot) - 004
ٱلَّذِي عَلَّمَ بِٱلۡقَلَمِ
যিজনে কলমৰ সহায়ত শিক্ষা দিছে।
5 - Al-'Alaq (The Clot) - 005
عَلَّمَ ٱلۡإِنسَٰنَ مَا لَمۡ يَعۡلَمۡ
তেওঁ মানুহক এনে শিক্ষা দিছে, যিটো মানুহে জনা নাছিল।
6 - Al-'Alaq (The Clot) - 006
كَلَّآ إِنَّ ٱلۡإِنسَٰنَ لَيَطۡغَىٰٓ
বাস্তৱ এই যে, মানুহে সীমালংঘন কৰি থাকে।
7 - Al-'Alaq (The Clot) - 007
أَن رَّءَاهُ ٱسۡتَغۡنَىٰٓ
কাৰণ সি নিজকে স্বনিৰ্ভৰশীল বুলি ভাবে।
8 - Al-'Alaq (The Clot) - 008
إِنَّ إِلَىٰ رَبِّكَ ٱلرُّجۡعَىٰٓ
নিশ্চয় তোমাৰ প্ৰতিপালকৰ ওচৰতেই প্ৰত্যাৱৰ্তন।
9 - Al-'Alaq (The Clot) - 009
أَرَءَيۡتَ ٱلَّذِي يَنۡهَىٰ
তুমি তাক দেখা নাইনে? যিয়ে বাধা দিয়ে।
10 - Al-'Alaq (The Clot) - 010
عَبۡدًا إِذَا صَلَّىٰٓ
এজন বান্দাক, যেতিয়া তেওঁ ছালাত আদায় কৰে।
11 - Al-'Alaq (The Clot) - 011
أَرَءَيۡتَ إِن كَانَ عَلَى ٱلۡهُدَىٰٓ
কি বুলি ভবা, যদি তেওঁ হিদায়তৰ ওপৰত প্ৰতিষ্ঠিত থাকে,
12 - Al-'Alaq (The Clot) - 012
أَوۡ أَمَرَ بِٱلتَّقۡوَىٰٓ
অথবা তাক্বৱাৰ নিৰ্দেশ দিয়ে; (তথাপিও তেওঁক কেনেকৈ বাধা দিয়ে?)
13 - Al-'Alaq (The Clot) - 013
أَرَءَيۡتَ إِن كَذَّبَ وَتَوَلَّىٰٓ
তুমি লক্ষ্য কৰিছানে যদি সি (নিষেধকাৰী) অস্বীকাৰ কৰে আৰু মুখ ঘূৰাই লয়,
14 - Al-'Alaq (The Clot) - 014
أَلَمۡ يَعۡلَم بِأَنَّ ٱللَّهَ يَرَىٰ
(তেন্তে) সি নাজানে নেকি, নিশ্চয় আল্লাহে দেখি আছে?
15 - Al-'Alaq (The Clot) - 015
كَلَّا لَئِن لَّمۡ يَنتَهِ لَنَسۡفَعَۢا بِٱلنَّاصِيَةِ
সাৱধান! যদি সি বিৰত নাথাকে, তেন্তে নিশ্চয় আমি তাক তাৰ আগচুলিত ধৰি টানি আনিম।
16 - Al-'Alaq (The Clot) - 016
نَاصِيَةٖ كَٰذِبَةٍ خَاطِئَةٖ
মিছলীয়া, পাপিষ্ঠ আগচুলি (কপাল)।
17 - Al-'Alaq (The Clot) - 017
فَلۡيَدۡعُ نَادِيَهُۥ
এতেকে সি (যদি) নিজৰ পৰিষদবৰ্গক (মাতিব বিচাৰে তেন্তে) মাতি আনক।
18 - Al-'Alaq (The Clot) - 018
سَنَدۡعُ ٱلزَّبَانِيَةَ
অনতিপলমে আমিও মাতি আনিম জাহান্নামৰ কঠোৰ প্ৰহৰীসকলক।
19 - Al-'Alaq (The Clot) - 019