الليل
Al-Layl
The Night
1 - Al-Layl (The Night) - 001
وَٱلَّيۡلِ إِذَا يَغۡشَىٰ
শপত ৰাতিৰ, যেতিয়া ই আচ্ছন্ন কৰে,
2 - Al-Layl (The Night) - 002
وَٱلنَّهَارِ إِذَا تَجَلَّىٰ
শপত দিনৰ, যেতিয়া ই উজ্জ্বল হয়,
3 - Al-Layl (The Night) - 003
وَمَا خَلَقَ ٱلذَّكَرَ وَٱلۡأُنثَىٰٓ
আৰু শপত সেই সত্ত্বাৰ, যিজনে নৰ আৰু নাৰীক সৃষ্টি কৰিছে।
4 - Al-Layl (The Night) - 004
إِنَّ سَعۡيَكُمۡ لَشَتَّىٰ
নিশ্চয় তোমালোকৰ কৰ্মপ্ৰচেষ্টা বিভিন্ন প্ৰকৃতিৰ।
5 - Al-Layl (The Night) - 005
فَأَمَّا مَنۡ أَعۡطَىٰ وَٱتَّقَىٰ
এতেকে যিয়ে দান কৰে আৰু তাক্বৱা অৱলম্বন কৰে,
6 - Al-Layl (The Night) - 006
وَصَدَّقَ بِٱلۡحُسۡنَىٰ
লগতে যি উত্তম তাক সত্য বুলি গ্ৰহণ কৰে,
7 - Al-Layl (The Night) - 007
فَسَنُيَسِّرُهُۥ لِلۡيُسۡرَىٰ
শীঘ্ৰেই আমি তাৰ বাবে সুগম কৰি দিম (জান্নাতৰ) সহজ পথ।
8 - Al-Layl (The Night) - 008
وَأَمَّا مَنۢ بَخِلَ وَٱسۡتَغۡنَىٰ
আনহাতে যিয়ে কৃপণালি কৰে আৰু নিজকে স্বয়ংসম্পূৰ্ণ বুলি ভাবে,
9 - Al-Layl (The Night) - 009
وَكَذَّبَ بِٱلۡحُسۡنَىٰ
লগতে যি উত্তম তাক অস্বীকাৰ কৰে,
10 - Al-Layl (The Night) - 010
فَسَنُيَسِّرُهُۥ لِلۡعُسۡرَىٰ
শীঘ্ৰেই আমি তাৰ বাবে সুগম কৰি দিম (জাহান্নামৰ) কঠিন পৰিণামৰ পথ।
11 - Al-Layl (The Night) - 011
وَمَا يُغۡنِي عَنۡهُ مَالُهُۥٓ إِذَا تَرَدَّىٰٓ
যেতিয়া সি ধ্বংস হ’ব, তেতিয়া তাৰ সম্পদ কোনো কামত নাহিব।
12 - Al-Layl (The Night) - 012
إِنَّ عَلَيۡنَا لَلۡهُدَىٰ
নিশ্চয় পথপ্ৰদৰ্শন কৰাটোৱে হৈছে আমাৰ কৰ্তব্য।
13 - Al-Layl (The Night) - 013
وَإِنَّ لَنَا لَلۡأٓخِرَةَ وَٱلۡأُولَىٰ
নিশ্চয় আমিয়েই পৰকাল আৰু ইহকালৰ মালিক।
14 - Al-Layl (The Night) - 014
فَأَنذَرۡتُكُمۡ نَارٗا تَلَظَّىٰ
এতেকে আমি তোমালোকক লেলিহান জুই সম্পৰ্কে সতৰ্ক কৰি দিছোঁ।
15 - Al-Layl (The Night) - 015
لَا يَصۡلَىٰهَآ إِلَّا ٱلۡأَشۡقَى
তাত প্ৰৱেশ কৰিব কেৱল সেই ব্যক্তি, যিজন হ’ব চৰম দুৰ্ভগীয়া,
16 - Al-Layl (The Night) - 016
ٱلَّذِي كَذَّبَ وَتَوَلَّىٰ
যিয়ে অস্বীকাৰ কৰিছে আৰু মুখ ঘূৰাই লৈছে।
17 - Al-Layl (The Night) - 017
وَسَيُجَنَّبُهَا ٱلۡأَتۡقَى
আৰু ইয়াৰ পৰা দুৰৈত ৰখা হ’ব পৰম মুত্তাক্বী ব্যক্তিক,
18 - Al-Layl (The Night) - 018
ٱلَّذِي يُؤۡتِي مَالَهُۥ يَتَزَكَّىٰ
যিয়ে আত্মশুদ্ধিৰ বাবে নিজৰ সম্পদ দান কৰে,
19 - Al-Layl (The Night) - 019
وَمَا لِأَحَدٍ عِندَهُۥ مِن نِّعۡمَةٖ تُجۡزَىٰٓ
আৰু তাৰ প্ৰতি কাৰো এনে অনুগ্ৰহ নাই যাৰ প্ৰতিদান দিব লাগিব,
20 - Al-Layl (The Night) - 020
إِلَّا ٱبۡتِغَآءَ وَجۡهِ رَبِّهِ ٱلۡأَعۡلَىٰ
কেৱল তাৰ মহান প্ৰতিপালকৰ সন্তুষ্টিৰ প্ৰত্যাশাত;
21 - Al-Layl (The Night) - 021