المنافقون
Al-Munafiqun
The Hypocrites
1 - Al-Munafiqun (The Hypocrites) - 001
إِذَا جَآءَكَ ٱلۡمُنَٰفِقُونَ قَالُواْ نَشۡهَدُ إِنَّكَ لَرَسُولُ ٱللَّهِۗ وَٱللَّهُ يَعۡلَمُ إِنَّكَ لَرَسُولُهُۥ وَٱللَّهُ يَشۡهَدُ إِنَّ ٱلۡمُنَٰفِقِينَ لَكَٰذِبُونَ
যেতিয়া মুনাফিকসকল তোমাৰ ওচৰলৈ আহে তেতিয়া সিহঁতে কয়, আমি সাক্ষ্য দিওঁ যে, ‘নিশ্চয় আপুনি আল্লাহৰ ৰাছুল’; আৰু আল্লাহে জানে যে, তুমি নিশ্চয় তেওঁৰ ৰাছুল, লগতে আল্লাহে সাক্ষ্য দিয়ে যে, নিশ্চয় মুনাফিকসকল হৈছে মিছলীয়া।
2 - Al-Munafiqun (The Hypocrites) - 002
ٱتَّخَذُوٓاْ أَيۡمَٰنَهُمۡ جُنَّةٗ فَصَدُّواْ عَن سَبِيلِ ٱللَّهِۚ إِنَّهُمۡ سَآءَ مَا كَانُواْ يَعۡمَلُونَ
সিহঁতে নিজৰ শপতবোৰক ঢালৰূপে ব্যৱহাৰ কৰে। ফলত সিহঁতে আল্লাহৰ পথৰ পৰা মানুহক নিবৃত্ত কৰে। সিহঁতে যি কৰে সেয়া কিমান যে নিকৃষ্ট!
3 - Al-Munafiqun (The Hypocrites) - 003
ذَٰلِكَ بِأَنَّهُمۡ ءَامَنُواْ ثُمَّ كَفَرُواْ فَطُبِعَ عَلَىٰ قُلُوبِهِمۡ فَهُمۡ لَا يَفۡقَهُونَ
এয়া এই কাৰণে যে, সিহঁতে ঈমান পোষণ কৰাৰ পিছত আকৌ কুফুৰী কৰিছে। ফলত সিহঁতৰ অন্তৰত মোহৰ মাৰি দিয়া হৈছে; সেয়ে সিহঁতে নুবুজা হৈছে।
4 - Al-Munafiqun (The Hypocrites) - 004
۞وَإِذَا رَأَيۡتَهُمۡ تُعۡجِبُكَ أَجۡسَامُهُمۡۖ وَإِن يَقُولُواْ تَسۡمَعۡ لِقَوۡلِهِمۡۖ كَأَنَّهُمۡ خُشُبٞ مُّسَنَّدَةٞۖ يَحۡسَبُونَ كُلَّ صَيۡحَةٍ عَلَيۡهِمۡۚ هُمُ ٱلۡعَدُوُّ فَٱحۡذَرۡهُمۡۚ قَٰتَلَهُمُ ٱللَّهُۖ أَنَّىٰ يُؤۡفَكُونَ
আৰু তুমি যেতিয়া সিহঁতৰ প্ৰতি লক্ষ্য কৰিবা তেতিয়া সিহঁতৰ দেহৰ আকৃতিয়ে তোমাক মুগ্ধ কৰিব আৰু সিহঁতে যেতিয়া কথা কয় তুমি সিহঁতৰ কথা আগ্ৰহেৰে শুনি থাকা। সিহঁত বেৰত লগাই থোৱা কাঠৰ খুঁটাৰ দৰে; সিহঁতে যিকোনো শব্দক নিজৰ বিৰুদ্ধে ধাৰণা কৰে। সিহঁতেই হৈছে প্ৰকৃত শত্ৰু, এতেকে সিহঁতৰ বিষয়ে সতৰ্ক থাকিবা; আল্লাহে সিহঁতক ধ্বংস কৰক! সিহঁতক ক’লৈ ওভতাই নিয়া হৈছে!
5 - Al-Munafiqun (The Hypocrites) - 005
وَإِذَا قِيلَ لَهُمۡ تَعَالَوۡاْ يَسۡتَغۡفِرۡ لَكُمۡ رَسُولُ ٱللَّهِ لَوَّوۡاْ رُءُوسَهُمۡ وَرَأَيۡتَهُمۡ يَصُدُّونَ وَهُم مُّسۡتَكۡبِرُونَ
আৰু যেতিয়া সিহঁতক কোৱা হয়, ‘আহা, আল্লাহৰ ৰাছুলে তোমালোকৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিব’, তেতিয়া সিহঁতে মূৰ জুকাৰি অস্বীকৃতি জনায়, লগতে তুমি সিহঁতক অহংকাৰ কৰি বিমুখ হৈ গুচি যোৱা দেখিবলৈ পাবা।
6 - Al-Munafiqun (The Hypocrites) - 006
سَوَآءٌ عَلَيۡهِمۡ أَسۡتَغۡفَرۡتَ لَهُمۡ أَمۡ لَمۡ تَسۡتَغۡفِرۡ لَهُمۡ لَن يَغۡفِرَ ٱللَّهُ لَهُمۡۚ إِنَّ ٱللَّهَ لَا يَهۡدِي ٱلۡقَوۡمَ ٱلۡفَٰسِقِينَ
তুমি সিহঁতৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা বা নকৰা, উভয়েই সিহঁতৰ বাবে সমান। আল্লাহে সিহঁতক কেতিয়াও ক্ষমা নকৰিব। নিশ্চয় আল্লাহ ফাছিক্ব সম্প্ৰদায়ক হিদায়ত নিদিয়ে।
7 - Al-Munafiqun (The Hypocrites) - 007
هُمُ ٱلَّذِينَ يَقُولُونَ لَا تُنفِقُواْ عَلَىٰ مَنۡ عِندَ رَسُولِ ٱللَّهِ حَتَّىٰ يَنفَضُّواْۗ وَلِلَّهِ خَزَآئِنُ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ وَلَٰكِنَّ ٱلۡمُنَٰفِقِينَ لَا يَفۡقَهُونَ
সিহঁতে কয়, ‘তোমালোকে আল্লাহৰ ৰাছুলৰ সহচৰসকলৰ বাবে ব্যয় নকৰিবা, যাতে সিহঁত আঁতৰি যায়’। অথচ আকাশমণ্ডল আৰু পৃথিৱীৰ ধন-ভাণ্ডাৰ আল্লাহৰেই, কিন্তু মুনাফিক্বসকলে নুবুজে।
8 - Al-Munafiqun (The Hypocrites) - 008
يَقُولُونَ لَئِن رَّجَعۡنَآ إِلَى ٱلۡمَدِينَةِ لَيُخۡرِجَنَّ ٱلۡأَعَزُّ مِنۡهَا ٱلۡأَذَلَّۚ وَلِلَّهِ ٱلۡعِزَّةُ وَلِرَسُولِهِۦ وَلِلۡمُؤۡمِنِينَ وَلَٰكِنَّ ٱلۡمُنَٰفِقِينَ لَا يَعۡلَمُونَ
সিহঁতে কয়, ‘আমি মদীনালৈ উভতি গ’লে নিশ্চয় শক্তিশালীসকলে তাৰ পৰা দুৰ্বলসকলক বহিষ্কাৰ কৰিব’। অথচ শক্তি-সন্মান কেৱল আল্লাহৰ আৰু তেওঁৰ ৰাছুলৰ আৰু মুমিনসকলৰ। কিন্তু মুনাফিক্বসকলে সেয়া নাজানে।
9 - Al-Munafiqun (The Hypocrites) - 009
يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ لَا تُلۡهِكُمۡ أَمۡوَٰلُكُمۡ وَلَآ أَوۡلَٰدُكُمۡ عَن ذِكۡرِ ٱللَّهِۚ وَمَن يَفۡعَلۡ ذَٰلِكَ فَأُوْلَـٰٓئِكَ هُمُ ٱلۡخَٰسِرُونَ
হে ঈমান্দাৰসকল! তোমালোকৰ ধন-সম্পদ আৰু সন্তান-সন্ততিয়ে যাতে তোমালোকক আল্লাহৰ স্মৰণৰ পৰা উদাসীন নকৰে; আৰু যিসকলে এনেকৈ উদাসীন হ’ব সিহঁতেই হৈছে ক্ষতিগ্ৰস্ত।
10 - Al-Munafiqun (The Hypocrites) - 010
وَأَنفِقُواْ مِن مَّا رَزَقۡنَٰكُم مِّن قَبۡلِ أَن يَأۡتِيَ أَحَدَكُمُ ٱلۡمَوۡتُ فَيَقُولَ رَبِّ لَوۡلَآ أَخَّرۡتَنِيٓ إِلَىٰٓ أَجَلٖ قَرِيبٖ فَأَصَّدَّقَ وَأَكُن مِّنَ ٱلصَّـٰلِحِينَ
আৰু মই তোমালোকক যি জীৱিকা দান কৰিছোঁ তোমালোকৰ ওচৰত মৃত্যু অহাৰ আগতে তাৰ পৰা ব্যয় কৰা, (কাৰণ মৃত্যু অহাৰ পিছত মানুহে ক’ব) হে মোৰ প্ৰতিপালক! ‘মোক আৰু কিছু সময়ৰ বাবে অৱকাশ দিলে মই ছাদক্বা কৰিলোঁহেঁতেন আৰু সৎকৰ্মপৰায়ণসকলৰ অন্তৰ্ভুক্ত হ’লোঁহেঁতেন’!
11 - Al-Munafiqun (The Hypocrites) - 011