الزخرف
Az-Zukhruf
The Ornaments of Gold
1 - Az-Zukhruf (The Ornaments of Gold) - 001
حمٓ
হা-মীম।[1]
[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।
2 - Az-Zukhruf (The Ornaments of Gold) - 002
وَٱلۡكِتَٰبِ ٱلۡمُبِينِ
শপত সুস্পষ্ট কিতাবৰ!
3 - Az-Zukhruf (The Ornaments of Gold) - 003
إِنَّا جَعَلۡنَٰهُ قُرۡءَٰنًا عَرَبِيّٗا لَّعَلَّكُمۡ تَعۡقِلُونَ
নিশ্চয় আমি ইয়াক কোৰআন হিচাপে আৰবী ভাষাত অৱতীৰ্ণ কৰিছোঁ, যাতে তোমালোকে বুজিব পাৰা।
4 - Az-Zukhruf (The Ornaments of Gold) - 004
وَإِنَّهُۥ فِيٓ أُمِّ ٱلۡكِتَٰبِ لَدَيۡنَا لَعَلِيٌّ حَكِيمٌ
নিশ্চয় এইখন আমাৰ ওচৰত উম্মুল কিতাবত উচ্চ মৰ্যাদাসম্পন্ন, হিকমতপূৰ্ণ।
5 - Az-Zukhruf (The Ornaments of Gold) - 005
أَفَنَضۡرِبُ عَنكُمُ ٱلذِّكۡرَ صَفۡحًا أَن كُنتُمۡ قَوۡمٗا مُّسۡرِفِينَ
তোমালোক সীমালংঘনকাৰী সম্প্ৰদায় বুলিয়েই আমি তোমালোকৰ পৰা এই উপদেশ বাণী সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰিম নেকি?
6 - Az-Zukhruf (The Ornaments of Gold) - 006
وَكَمۡ أَرۡسَلۡنَا مِن نَّبِيّٖ فِي ٱلۡأَوَّلِينَ
আৰু পূৰ্বৱৰ্তীবিলাকৰ ওচৰলৈ আমি বহুতো নবী প্ৰেৰণ কৰিছিলোঁ।
7 - Az-Zukhruf (The Ornaments of Gold) - 007
وَمَا يَأۡتِيهِم مِّن نَّبِيٍّ إِلَّا كَانُواْ بِهِۦ يَسۡتَهۡزِءُونَ
আৰু যেতিয়াই সিহঁতৰ ওচৰলৈ কোনো নবী আহিছে সিহঁতে তেওঁক লৈ ঠাট্টা-বিদ্ৰূপ কৰিছে।
8 - Az-Zukhruf (The Ornaments of Gold) - 008
فَأَهۡلَكۡنَآ أَشَدَّ مِنۡهُم بَطۡشٗا وَمَضَىٰ مَثَلُ ٱلۡأَوَّلِينَ
ফলত যিসকল ইহঁততকৈও শক্তিত প্ৰবল আছিল, সিহঁতকো আমি ধ্বংস কৰিছিলোঁ, আৰু পূৰ্বৱৰ্তীসকলৰ অনুৰূপ দৃষ্টান্ত অতীত হৈ গৈছে।
9 - Az-Zukhruf (The Ornaments of Gold) - 009
وَلَئِن سَأَلۡتَهُم مَّنۡ خَلَقَ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضَ لَيَقُولُنَّ خَلَقَهُنَّ ٱلۡعَزِيزُ ٱلۡعَلِيمُ
আৰু যদি তুমি সিহঁতক সোধা, আকাশসমূহ আৰু পৃথিৱীক কোনে সৃষ্টি কৰিছে? তেন্তে সিহঁতে নিশ্চয় ক’ব, ‘এইবোৰক সৃষ্টি কৰিছে মহা পৰাক্ৰমশালী, সৰ্বজ্ঞ(আল্লাহে)’,
10 - Az-Zukhruf (The Ornaments of Gold) - 010
ٱلَّذِي جَعَلَ لَكُمُ ٱلۡأَرۡضَ مَهۡدٗا وَجَعَلَ لَكُمۡ فِيهَا سُبُلٗا لَّعَلَّكُمۡ تَهۡتَدُونَ
তেৱেঁই পৃথিৱীক তোমালোকৰ বাবে শয্যা কৰি দিছে আৰু তাত তোমালোকৰ বাবে চলাৰ পথ বনাই দিছে, যাতে তোমালোকে সঠিক পথ পাব পাৰা;
11 - Az-Zukhruf (The Ornaments of Gold) - 011
وَٱلَّذِي نَزَّلَ مِنَ ٱلسَّمَآءِ مَآءَۢ بِقَدَرٖ فَأَنشَرۡنَا بِهِۦ بَلۡدَةٗ مَّيۡتٗاۚ كَذَٰلِكَ تُخۡرَجُونَ
আৰু তেৱেঁই আকাশৰ পৰা পৰিমিতভাৱে পানী বৰ্ষণ কৰে। তাৰ পিছত ইয়াৰ দ্বাৰা আমি সঞ্জীৱিত কৰোঁ নিৰ্জীৱ জনপদক। এইদৰেই তোমালোকক (পুনৰ্জীৱিত কৰি) উলিয়াই অনা হ’ব।
12 - Az-Zukhruf (The Ornaments of Gold) - 012
وَٱلَّذِي خَلَقَ ٱلۡأَزۡوَٰجَ كُلَّهَا وَجَعَلَ لَكُم مِّنَ ٱلۡفُلۡكِ وَٱلۡأَنۡعَٰمِ مَا تَرۡكَبُونَ
আৰু তেৱেঁই সকলোকে যোৰা যোৰাকৈ সৃষ্টি কৰিছে আৰু তেৱেঁই তোমালোকৰ বাবে এনেকুৱা নৌযান আৰু ঘৰচীয়া জন্তু সৃষ্টি কৰিছে, যিবোৰক তোমালোকে পৰিবহণ হিচাপে ব্যৱহাৰ কৰা;
13 - Az-Zukhruf (The Ornaments of Gold) - 013
لِتَسۡتَوُۥاْ عَلَىٰ ظُهُورِهِۦ ثُمَّ تَذۡكُرُواْ نِعۡمَةَ رَبِّكُمۡ إِذَا ٱسۡتَوَيۡتُمۡ عَلَيۡهِ وَتَقُولُواْ سُبۡحَٰنَ ٱلَّذِي سَخَّرَ لَنَا هَٰذَا وَمَا كُنَّا لَهُۥ مُقۡرِنِينَ
যাতে তোমালোকে ইয়াৰ পিঠিত স্থিৰ হৈ বহিব পাৰা, (আৰু শুনা!) তাৰ পিছত যেতিয়া তোমালোকে ইয়াৰ ওপৰত স্থিৰ হৈ বহিবা তেতিয়া তোমালোকে তোমালোকৰ প্ৰতিপালকৰ অনুগ্ৰহ স্মৰণ কৰিবা আৰু ক'বা, ‘পৱিত্ৰ আৰু মহান তেওঁ, যিজনে এইবোৰক আমাৰ বশীভূত কৰি দিছে। অথচ এইবোৰক বশীভূত কৰিবলৈ আমি সামৰ্থ নাছিলোঁ।
14 - Az-Zukhruf (The Ornaments of Gold) - 014
وَإِنَّآ إِلَىٰ رَبِّنَا لَمُنقَلِبُونَ
‘আৰু নিশ্চয় আমি আমাৰ প্ৰতিপালকৰ ওচৰতেই প্ৰত্যাৱৰ্তনকাৰী’।
15 - Az-Zukhruf (The Ornaments of Gold) - 015
وَجَعَلُواْ لَهُۥ مِنۡ عِبَادِهِۦ جُزۡءًاۚ إِنَّ ٱلۡإِنسَٰنَ لَكَفُورٞ مُّبِينٌ
আৰু সিহঁতে আল্লাহৰ বান্দাসকলৰ মাজৰ পৰাই তেওঁৰ অংশ সাব্যস্ত কৰিছে। নিশ্চয় মানুহ স্পষ্ট অকৃতজ্ঞ।
16 - Az-Zukhruf (The Ornaments of Gold) - 016
أَمِ ٱتَّخَذَ مِمَّا يَخۡلُقُ بَنَاتٖ وَأَصۡفَىٰكُم بِٱلۡبَنِينَ
তেওঁ যি সৃষ্টি কৰিছে তাৰ পৰা তেওঁ (নিজৰ বাবে) কন্যা সন্তান গ্ৰহণ কৰিছে আৰু তোমালোকক পুত্ৰ সন্তানৰ দ্বাৰা বিশিষ্ট কৰিছে নেকি?
17 - Az-Zukhruf (The Ornaments of Gold) - 017
وَإِذَا بُشِّرَ أَحَدُهُم بِمَا ضَرَبَ لِلرَّحۡمَٰنِ مَثَلٗا ظَلَّ وَجۡهُهُۥ مُسۡوَدّٗا وَهُوَ كَظِيمٌ
অথচ যেতিয়া সিহঁতৰ কাৰোবাক সুসংবাদ দিয়া হয় (কন্যা সন্তান জন্ম হোৱা বুলি), যিটোৰ দ্বাৰা সিহঁতে ৰহমানৰ প্ৰতি দৃষ্টান্ত দাঙি ধৰে, তেতিয়া তাৰ মুখমণ্ডল মলিন হৈ যায়, তেনে অৱস্থাত সি দুশ্চিন্তাত ভাগি পৰে।
18 - Az-Zukhruf (The Ornaments of Gold) - 018
أَوَمَن يُنَشَّؤُاْ فِي ٱلۡحِلۡيَةِ وَهُوَ فِي ٱلۡخِصَامِ غَيۡرُ مُبِينٖ
(সেইবিলাক আল্লাহৰ ভাগত পৰিল নেকি) যিবিলাক অলংকাৰেৰে লালিত-পালিত হয় আৰু বিতৰ্কৰ সময়ত সুস্পষ্ট বক্তব্য প্ৰদানত অক্ষম?
19 - Az-Zukhruf (The Ornaments of Gold) - 019
وَجَعَلُواْ ٱلۡمَلَـٰٓئِكَةَ ٱلَّذِينَ هُمۡ عِبَٰدُ ٱلرَّحۡمَٰنِ إِنَٰثًاۚ أَشَهِدُواْ خَلۡقَهُمۡۚ سَتُكۡتَبُ شَهَٰدَتُهُمۡ وَيُسۡـَٔلُونَ
লগতে সিহঁতে ৰহমানৰ বান্দা ফিৰিস্তাসকলক নাৰী বুলি গণ্য কৰিছে; তেওঁলোকক সৃষ্টি কৰাৰ সময়ত সিহঁতে প্ৰত্যক্ষ কৰিছিল নেকি? সিহঁতৰ সাক্ষ্য নিশ্চয় লিপিবদ্ধ কৰা হ’ব আৰু সিহঁতক সোধ-পোছ কৰা হ’ব।
20 - Az-Zukhruf (The Ornaments of Gold) - 020
وَقَالُواْ لَوۡ شَآءَ ٱلرَّحۡمَٰنُ مَا عَبَدۡنَٰهُمۗ مَّا لَهُم بِذَٰلِكَ مِنۡ عِلۡمٍۖ إِنۡ هُمۡ إِلَّا يَخۡرُصُونَ
সিহঁতে আৰু কয়, ‘ৰহমানে ইচ্ছা কৰিলে আমি এওঁলোকৰ ইবাদত নকৰিলোহেঁতেন’। এই বিষয়ে সিহঁতৰ কোনো জ্ঞান নাই। সিহঁতে কেৱল মনে সজা কথাহে কয়।
21 - Az-Zukhruf (The Ornaments of Gold) - 021
أَمۡ ءَاتَيۡنَٰهُمۡ كِتَٰبٗا مِّن قَبۡلِهِۦ فَهُم بِهِۦ مُسۡتَمۡسِكُونَ
আমি সিহঁতক কোৰআনৰ আগত কোনো কিতাব প্ৰদান কৰিছোঁ নেকি, যিখনক সিহঁতে দৃঢ়ভাৱে ধাৰণ কৰি আছে?
22 - Az-Zukhruf (The Ornaments of Gold) - 022
بَلۡ قَالُوٓاْ إِنَّا وَجَدۡنَآ ءَابَآءَنَا عَلَىٰٓ أُمَّةٖ وَإِنَّا عَلَىٰٓ ءَاثَٰرِهِم مُّهۡتَدُونَ
বৰং সিহঁতে কয়, ‘নিশ্চয় আমি আমাৰ পিতৃ-পুৰুষসকলক এটা মতাদৰ্শৰ ওপৰতহে পাইছোঁ আৰু আমি তেওঁলোকৰ পদাঙ্ক অনুসৰণ কৰিয়ে নিশ্চিতভাৱে হিদায়তপ্ৰাপ্ত হম’।
23 - Az-Zukhruf (The Ornaments of Gold) - 023
وَكَذَٰلِكَ مَآ أَرۡسَلۡنَا مِن قَبۡلِكَ فِي قَرۡيَةٖ مِّن نَّذِيرٍ إِلَّا قَالَ مُتۡرَفُوهَآ إِنَّا وَجَدۡنَآ ءَابَآءَنَا عَلَىٰٓ أُمَّةٖ وَإِنَّا عَلَىٰٓ ءَاثَٰرِهِم مُّقۡتَدُونَ
আৰু এইদৰেই তোমাৰ পূৰ্বে যেতিয়াই আমি কোনো জনপদলৈ কোনো এজন সতৰ্ককাৰী প্ৰেৰণ কৰিছোঁ তেতিয়াই সেই ঠাইৰ বিলাসপ্ৰিয় লোকসকলে কৈছে, ‘নিশ্চয় আমি আমাৰ পিতৃ-পুৰুষসকলক এটা মতাদৰ্শৰ ওপৰত পাইছোঁ আৰু আমি তেওঁলোকৰেই পদাঙ্ক অনুসৰণ কৰি চলিম’।
24 - Az-Zukhruf (The Ornaments of Gold) - 024
۞قَٰلَ أَوَلَوۡ جِئۡتُكُم بِأَهۡدَىٰ مِمَّا وَجَدتُّمۡ عَلَيۡهِ ءَابَآءَكُمۡۖ قَالُوٓاْ إِنَّا بِمَآ أُرۡسِلۡتُم بِهِۦ كَٰفِرُونَ
তেতিয়া সেই সতৰ্ককাৰীয়ে কৈছে, ‘তোমালোকে তোমালোকৰ পিতৃ-পুৰুষসকলক যিটো মতাদৰ্শৰ ওপৰত পাইছা, মই যদি তোমালোকৰ বাবে তাতকৈও উৎকৃষ্ট পথ লৈ আহোঁ তথাপিও (তোমালোকে সিহঁতৰ অনুসৰণ কৰিবানে)’? সিহঁতে কৈছে, ‘নিশ্চয় তোমালোকে যি লৈ প্ৰেৰিত হৈছা সেয়া আমি অস্বীকাৰ কৰোঁ’।
25 - Az-Zukhruf (The Ornaments of Gold) - 025
فَٱنتَقَمۡنَا مِنۡهُمۡۖ فَٱنظُرۡ كَيۡفَ كَانَ عَٰقِبَةُ ٱلۡمُكَذِّبِينَ
ফলত আমি সিহঁতৰ পৰা প্ৰতিশোধ ল’লোঁ। এতেকে চোৱা, অস্বীকাৰকাৰীবিলাকৰ পৰিণাম কেনেকুৱা আছিল!
26 - Az-Zukhruf (The Ornaments of Gold) - 026
وَإِذۡ قَالَ إِبۡرَٰهِيمُ لِأَبِيهِ وَقَوۡمِهِۦٓ إِنَّنِي بَرَآءٞ مِّمَّا تَعۡبُدُونَ
আৰু স্মৰণ কৰা, যেতিয়া ইব্ৰাহীমে তেওঁৰ পিতৃ আৰু তেওঁৰ সম্প্ৰদায়ক কৈছিল, ‘তোমালোকে যিবোৰৰ ইবাদত কৰা নিশ্চয় মই সেইবোৰৰ পৰা সম্পৰ্কমুক্ত।
27 - Az-Zukhruf (The Ornaments of Gold) - 027
إِلَّا ٱلَّذِي فَطَرَنِي فَإِنَّهُۥ سَيَهۡدِينِ
‘কেৱল তেওঁৰ বাহিৰে যিজনে মোক সৃষ্টি কৰিছে। এতেকে নিশ্চয় তেওঁ শীঘ্ৰেই মোক সৎপথত পৰিচালিত কৰিব’।
28 - Az-Zukhruf (The Ornaments of Gold) - 028
وَجَعَلَهَا كَلِمَةَۢ بَاقِيَةٗ فِي عَقِبِهِۦ لَعَلَّهُمۡ يَرۡجِعُونَ
আৰু এই ঘোষণাক তেওঁ চিৰন্তন বাণীৰূপে ৰাখি থৈ গৈছে তেওঁৰ উত্তৰসূৰীসকলৰ মাজত, যাতে সিহঁতে উভতি আহে।
29 - Az-Zukhruf (The Ornaments of Gold) - 029
بَلۡ مَتَّعۡتُ هَـٰٓؤُلَآءِ وَءَابَآءَهُمۡ حَتَّىٰ جَآءَهُمُ ٱلۡحَقُّ وَرَسُولٞ مُّبِينٞ
বৰং আমি সিহঁতক আৰু সিহঁতৰ পিতৃ-পুৰুষসকলক ভোগ কৰিবলৈ সুযোগ দিছিলোঁ, অৱশেষত সিহঁতৰ ওচৰত আহিল সত্য আৰু স্পষ্ট বৰ্ণনাকাৰী ৰাছুল।
30 - Az-Zukhruf (The Ornaments of Gold) - 030
وَلَمَّا جَآءَهُمُ ٱلۡحَقُّ قَالُواْ هَٰذَا سِحۡرٞ وَإِنَّا بِهِۦ كَٰفِرُونَ
আৰু সত্য যেতিয়া সিহঁতৰ ওচৰলৈ আহি পালে, তেতিয়া সিহঁতে ক’লে, ‘এয়া দেখোন যাদু আৰু নিশ্চিতভাৱে আমি ইয়াক প্ৰত্যাখ্যান কৰোঁ’।
31 - Az-Zukhruf (The Ornaments of Gold) - 031
وَقَالُواْ لَوۡلَا نُزِّلَ هَٰذَا ٱلۡقُرۡءَانُ عَلَىٰ رَجُلٖ مِّنَ ٱلۡقَرۡيَتَيۡنِ عَظِيمٍ
সিহঁতে আৰু ক’লে, ‘এই কোৰআনখন দুয়ো জনপদৰ কোনো এজন মহান ব্যক্তিৰ ওপৰত কিয় অৱতীৰ্ণ কৰা নহ’ল’?
32 - Az-Zukhruf (The Ornaments of Gold) - 032
أَهُمۡ يَقۡسِمُونَ رَحۡمَتَ رَبِّكَۚ نَحۡنُ قَسَمۡنَا بَيۡنَهُم مَّعِيشَتَهُمۡ فِي ٱلۡحَيَوٰةِ ٱلدُّنۡيَاۚ وَرَفَعۡنَا بَعۡضَهُمۡ فَوۡقَ بَعۡضٖ دَرَجَٰتٖ لِّيَتَّخِذَ بَعۡضُهُم بَعۡضٗا سُخۡرِيّٗاۗ وَرَحۡمَتُ رَبِّكَ خَيۡرٞ مِّمَّا يَجۡمَعُونَ
সিহঁতে তোমাৰ প্ৰতিপালকৰ ৰহমত ভাগ-বন্টন কৰে নেকি? আমিহে পাৰ্থিৱ জীৱনত সিহঁতৰ মাজত সিহঁতৰ জীৱিকা বণ্টন কৰি দিওঁ আৰু সিহঁতৰ ইজনক সিজনৰ ওপৰত মৰ্যাদাত উন্নীত কৰি দিওঁ, যাতে ইজনে সিজনক অধীনস্থ হিচাপে গ্ৰহণ কৰিব পাৰে; (জানি থোৱা) সিহঁতে যি সঞ্চয় কৰে, তোমাৰ প্ৰতিপালকৰ ৰহমত তাতকৈও উৎকৃষ্ট।
33 - Az-Zukhruf (The Ornaments of Gold) - 033
وَلَوۡلَآ أَن يَكُونَ ٱلنَّاسُ أُمَّةٗ وَٰحِدَةٗ لَّجَعَلۡنَا لِمَن يَكۡفُرُ بِٱلرَّحۡمَٰنِ لِبُيُوتِهِمۡ سُقُفٗا مِّن فِضَّةٖ وَمَعَارِجَ عَلَيۡهَا يَظۡهَرُونَ
যদি সকলো মানুহ একেটা মতালম্বী হোৱাৰ আশংকা নাথাকিলহেঁতেন, তেন্তে যিসকলে ৰহমানৰ লগত কুফৰী কৰে, সিহঁতক আমি সিহঁতৰ ঘৰৰ বাবে ৰৌপ্য-নিৰ্মিত চাদ আৰু খটখটী দিলোঁহেঁতেন যাতে সিহঁতে আৰোহণ কৰে,
34 - Az-Zukhruf (The Ornaments of Gold) - 034
وَلِبُيُوتِهِمۡ أَبۡوَٰبٗا وَسُرُرًا عَلَيۡهَا يَتَّكِـُٔونَ
আৰু সিহঁতৰ ঘৰসমূহৰ বাবে দুৱাৰ আৰু আসনসমূহ, য’ত সিহঁতে আউজি বহে,
35 - Az-Zukhruf (The Ornaments of Gold) - 035
وَزُخۡرُفٗاۚ وَإِن كُلُّ ذَٰلِكَ لَمَّا مَتَٰعُ ٱلۡحَيَوٰةِ ٱلدُّنۡيَاۚ وَٱلۡأٓخِرَةُ عِندَ رَبِّكَ لِلۡمُتَّقِينَ
আৰু (অনুৰূপ দিলোঁহেঁতেন) সোণৰ নিৰ্মিতও; আৰু এই সকলোবোৰ কেৱল পাৰ্থিৱ জীৱনৰ ভোগ-সামগ্ৰীহে। (জানি থোৱা) তোমাৰ প্ৰতিপালকৰ ওচৰত আখিৰাত হৈছে কেৱল মুত্তাক্বীসকলৰ বাবেহে।
36 - Az-Zukhruf (The Ornaments of Gold) - 036
وَمَن يَعۡشُ عَن ذِكۡرِ ٱلرَّحۡمَٰنِ نُقَيِّضۡ لَهُۥ شَيۡطَٰنٗا فَهُوَ لَهُۥ قَرِينٞ
আৰু যিয়ে ৰহমানৰ স্মৰণৰ পৰা বিমুখ হয়, আমি তাৰ বাবে নিয়োজিত কৰোঁ এজন চয়তান, ফলত সি তাৰ সহচৰ হৈ যায়।
37 - Az-Zukhruf (The Ornaments of Gold) - 037
وَإِنَّهُمۡ لَيَصُدُّونَهُمۡ عَنِ ٱلسَّبِيلِ وَيَحۡسَبُونَ أَنَّهُم مُّهۡتَدُونَ
নিশ্চয় সিহঁতেই (চয়তানবিলাকেই) মানুহক সৎপথৰ পৰা বাধা দিয়ে, অথচ মানুহে (ভ্ৰষ্ট পথত থকাৰ পিছতো) নিজকে হিদায়তপ্ৰাপ্ত বুলি ভাবে।
38 - Az-Zukhruf (The Ornaments of Gold) - 038
حَتَّىٰٓ إِذَا جَآءَنَا قَالَ يَٰلَيۡتَ بَيۡنِي وَبَيۡنَكَ بُعۡدَ ٱلۡمَشۡرِقَيۡنِ فَبِئۡسَ ٱلۡقَرِينُ
অৱশেষত যেতিয়া সি আমাৰ ওচৰত আহি উপস্থিত হ’ব, তেতিয়া সি চয়তানক ক’ব, ‘হায়! মোৰ আৰু তোমাৰ মাজত যদি পূৱ আৰু পশ্চিমৰ দৰে ব্যৱধান থাকিলহেঁতেন!’ এতেকে কিমান নিকৃষ্ট সহচৰ সি!
39 - Az-Zukhruf (The Ornaments of Gold) - 039
وَلَن يَنفَعَكُمُ ٱلۡيَوۡمَ إِذ ظَّلَمۡتُمۡ أَنَّكُمۡ فِي ٱلۡعَذَابِ مُشۡتَرِكُونَ
আৰু আজি তোমালোকৰ এই অনুতাপ তোমালোকৰ কোনো কামত নাহিব, যিহেতু তোমালোকে সীমালংঘন কৰিছিলা; নিশ্চয় তোমালোক আটায়ে হৈছা শাস্তিৰ অংশীদাৰ।
40 - Az-Zukhruf (The Ornaments of Gold) - 040
أَفَأَنتَ تُسۡمِعُ ٱلصُّمَّ أَوۡ تَهۡدِي ٱلۡعُمۡيَ وَمَن كَانَ فِي ضَلَٰلٖ مُّبِينٖ
তুমি বধিৰক শুনাব পাৰিবানে অথবা অন্ধক পথ দেখুৱাব পাৰিবানে, আৰু যিজন স্পষ্ট বিভ্ৰান্তিত আছে তাক তুমি সৎপথত পৰিচালিত কৰিব পাৰিবানে?
41 - Az-Zukhruf (The Ornaments of Gold) - 041
فَإِمَّا نَذۡهَبَنَّ بِكَ فَإِنَّا مِنۡهُم مُّنتَقِمُونَ
এতেকে যদি আমি তোমাক ইয়াৰ পৰা আঁতৰাই লৈ যাওঁ, তেন্তে নিশ্চয় আমি সিহঁতৰ পৰা প্ৰতিশোধ লমেই;
42 - Az-Zukhruf (The Ornaments of Gold) - 042
أَوۡ نُرِيَنَّكَ ٱلَّذِي وَعَدۡنَٰهُمۡ فَإِنَّا عَلَيۡهِم مُّقۡتَدِرُونَ
অথবা আমি সিহঁতক যি শাস্তিৰ প্ৰতিশ্ৰুতি দিছোঁ, সেয়া আমি তোমাক দেখুৱাম, নিশ্চয় সিহঁতৰ ওপৰত আমি পূৰ্ণ ক্ষমতাৱান।
43 - Az-Zukhruf (The Ornaments of Gold) - 043
فَٱسۡتَمۡسِكۡ بِٱلَّذِيٓ أُوحِيَ إِلَيۡكَۖ إِنَّكَ عَلَىٰ صِرَٰطٖ مُّسۡتَقِيمٖ
এতেকে তোমাৰ প্ৰতি যি অহী কৰা হৈছে, সেয়া তুমি দৃঢ়ভাৱে অৱলম্বন কৰা। নিশ্চয় তুমি সৰল পথৰ ওপৰত প্ৰতিষ্ঠিত।
44 - Az-Zukhruf (The Ornaments of Gold) - 044
وَإِنَّهُۥ لَذِكۡرٞ لَّكَ وَلِقَوۡمِكَۖ وَسَوۡفَ تُسۡـَٔلُونَ
নিশ্চয় এই কোৰআনখন হৈছে তোমাৰ আৰু তোমাৰ সম্প্ৰদায়ৰ বাবে স্মৰণিকাস্বৰূপ; অনতিপলমে তোমালোকক (ইয়াৰ বিষয়ে) সোধ-পোছ কৰা হ’ব।
45 - Az-Zukhruf (The Ornaments of Gold) - 045
وَسۡـَٔلۡ مَنۡ أَرۡسَلۡنَا مِن قَبۡلِكَ مِن رُّسُلِنَآ أَجَعَلۡنَا مِن دُونِ ٱلرَّحۡمَٰنِ ءَالِهَةٗ يُعۡبَدُونَ
তোমাৰ পূৰ্বে আমি আমাৰ ৰাছুলসকলৰ মাজৰ পৰা যিসকলক প্ৰেৰণ কৰিছিলোঁ তেওঁলোকক সুধি চোৱা, আমি পৰম কৰুণাময় (ৰহমান)ৰ বাহিৰে ইবাদত কৰিব পৰা আন কোনো ইলাহ নিৰ্ধাৰণ কৰিছিলোঁ নেকি?
46 - Az-Zukhruf (The Ornaments of Gold) - 046
وَلَقَدۡ أَرۡسَلۡنَا مُوسَىٰ بِـَٔايَٰتِنَآ إِلَىٰ فِرۡعَوۡنَ وَمَلَإِيْهِۦ فَقَالَ إِنِّي رَسُولُ رَبِّ ٱلۡعَٰلَمِينَ
নিশ্চয় আমি মুছাক আমাৰ নিদৰ্শনাৱলীসহ ফিৰআউন আৰু তাৰ নেতৃবৰ্গৰ ওচৰলৈ প্ৰেৰণ কৰিছিলোঁ। তেওঁ কৈছিল, ‘নিশ্চয় মই বিশ্বজগতৰ প্ৰতিপালকৰ (তৰফৰ পৰা প্ৰেৰিত) এজন ৰাছুল’।
47 - Az-Zukhruf (The Ornaments of Gold) - 047
فَلَمَّا جَآءَهُم بِـَٔايَٰتِنَآ إِذَا هُم مِّنۡهَا يَضۡحَكُونَ
এতেকে তেওঁ যেতিয়া সিহঁতৰ ওচৰলৈ আমাৰ নিদৰ্শনাৱলীসহ উপস্থিত হ’ল তেতিয়া সিহঁতে সেইবোৰক লৈ উপহাস কৰিবলৈ ধৰিলে।
48 - Az-Zukhruf (The Ornaments of Gold) - 048
وَمَا نُرِيهِم مِّنۡ ءَايَةٍ إِلَّا هِيَ أَكۡبَرُ مِنۡ أُخۡتِهَاۖ وَأَخَذۡنَٰهُم بِٱلۡعَذَابِ لَعَلَّهُمۡ يَرۡجِعُونَ
আমি সিহঁতক যি নিদৰ্শনেই দেখুৱাইছোঁ সেয়া আছিল তাৰ আগৰ নিদৰ্শনতকৈ ডাঙৰ। আমি সিহঁতক শাস্তিৰ মাধ্যমত সতৰ্ক কৰিছিলোঁ, যাতে সিহঁতে (সৎপথলৈ) উভতি আহে।
49 - Az-Zukhruf (The Ornaments of Gold) - 049
وَقَالُواْ يَـٰٓأَيُّهَ ٱلسَّاحِرُ ٱدۡعُ لَنَا رَبَّكَ بِمَا عَهِدَ عِندَكَ إِنَّنَا لَمُهۡتَدُونَ
সিহঁতে আৰু কৈছিল, ‘হে যাদুকৰ! তুমি তোমাৰ প্ৰতিপালকৰ ওচৰত আমাৰ বাবে দুআ কৰা, তোমাৰ প্ৰতিপালকে তোমাৰ লগত যিটো অংগীকাৰ কৰিছে, (সেইটো যদি পূৰণ হয় তেন্তে) নিশ্চয় আমি সৎপথ অৱলম্বন কৰিম’।
50 - Az-Zukhruf (The Ornaments of Gold) - 050
فَلَمَّا كَشَفۡنَا عَنۡهُمُ ٱلۡعَذَابَ إِذَا هُمۡ يَنكُثُونَ
তাৰ পিছত যেতিয়া আমি সিহঁতৰ পৰা সেই শাস্তি আঁতৰাই নিলোঁ, তেতিয়াই সিহঁতে অংগীকাৰ ভংগ কৰিলে।
51 - Az-Zukhruf (The Ornaments of Gold) - 051
وَنَادَىٰ فِرۡعَوۡنُ فِي قَوۡمِهِۦ قَالَ يَٰقَوۡمِ أَلَيۡسَ لِي مُلۡكُ مِصۡرَ وَهَٰذِهِ ٱلۡأَنۡهَٰرُ تَجۡرِي مِن تَحۡتِيٓۚ أَفَلَا تُبۡصِرُونَ
আৰু ফিৰআউনে তেওঁৰ সম্প্ৰদায়ৰ মাজত ঘোষণা কৰি ক’লে, ‘হে মোৰ সম্প্ৰদায়! মিছৰৰ ৰাজত্ব মোৰ নহয়নে বাৰু? আৰু এই নদ-নদীবোৰ মোৰ পাদদেশত প্ৰবাহিত হোৱা নাই জানো; তোমালোকে নেদেখা নেকি?
52 - Az-Zukhruf (The Ornaments of Gold) - 052
أَمۡ أَنَا۠ خَيۡرٞ مِّنۡ هَٰذَا ٱلَّذِي هُوَ مَهِينٞ وَلَا يَكَادُ يُبِينُ
‘মই এই ব্যক্তিতকৈ শ্ৰেষ্ঠ নহয়নে? যিজন হীন আৰু স্পষ্ট কথা ক’বলৈও প্ৰায় অক্ষম!
53 - Az-Zukhruf (The Ornaments of Gold) - 053
فَلَوۡلَآ أُلۡقِيَ عَلَيۡهِ أَسۡوِرَةٞ مِّن ذَهَبٍ أَوۡ جَآءَ مَعَهُ ٱلۡمَلَـٰٓئِكَةُ مُقۡتَرِنِينَ
‘(তেওঁ যদি সঁচাই নবী) তেন্তে তেওঁক (মুছাক) সোণৰ গামখাৰু প্ৰদান কৰা নহ'ল কিয়, অথবা তেওঁৰ সৈতে ফিৰিস্তাসকল দলবদ্ধভাৱে নাহিল কিয়’?
54 - Az-Zukhruf (The Ornaments of Gold) - 054
فَٱسۡتَخَفَّ قَوۡمَهُۥ فَأَطَاعُوهُۚ إِنَّهُمۡ كَانُواْ قَوۡمٗا فَٰسِقِينَ
এইদৰেই সি তাৰ সম্প্ৰদায়ক বুৰ্বক সজালে, ফলত সিহঁতে তাৰ কথাকে মানি ল’লে। নিশ্চয় সিহঁত আছিল এটা ফাছিক্ব সম্প্ৰদায়।
55 - Az-Zukhruf (The Ornaments of Gold) - 055
فَلَمَّآ ءَاسَفُونَا ٱنتَقَمۡنَا مِنۡهُمۡ فَأَغۡرَقۡنَٰهُمۡ أَجۡمَعِينَ
তাৰ পিছত যেতিয়া সিহঁতে আমাক ক্ৰোধান্বিত কৰিলে তেতিয়া আমি সিহঁতৰ পৰা প্ৰতিশোধ গ্ৰহণ কৰিলোঁ আৰু সিহঁত আটাইকে ডুবাই মাৰিলোঁ।
56 - Az-Zukhruf (The Ornaments of Gold) - 056
فَجَعَلۡنَٰهُمۡ سَلَفٗا وَمَثَلٗا لِّلۡأٓخِرِينَ
ফলত আমি সিহঁতক পৰৱৰ্তীবিলাকৰ বাবে অতীত ইতিহাস আৰু দৃষ্টান্ত বনাই ৰাখিলোঁ।
57 - Az-Zukhruf (The Ornaments of Gold) - 057
۞وَلَمَّا ضُرِبَ ٱبۡنُ مَرۡيَمَ مَثَلًا إِذَا قَوۡمُكَ مِنۡهُ يَصِدُّونَ
আৰু যেতিয়াই মাৰয়াম-পুত্ৰৰ উদাহৰণ দিয়া হয়, তেতিয়াই তোমাৰ সম্প্ৰদায়ৰ লোকসকলে চিঞৰ-বাখৰ কৰি হুলস্থুল লগাই দিয়ে।
58 - Az-Zukhruf (The Ornaments of Gold) - 058
وَقَالُوٓاْ ءَأَٰلِهَتُنَا خَيۡرٌ أَمۡ هُوَۚ مَا ضَرَبُوهُ لَكَ إِلَّا جَدَلَۢاۚ بَلۡ هُمۡ قَوۡمٌ خَصِمُونَ
আৰু সিহঁতে কয়, ‘আমাৰ উপাস্যবিলাক শ্ৰেষ্ঠ নে ঈছা’? সিহঁতে কেৱল বাক-বিতণ্ডাৰ উদ্দেশ্যেহে তোমাৰ সন্মুখত তেওঁৰ কথা দাঙি ধৰে। বৰং সিহঁত হৈছে এটা কলহপ্ৰিয় সম্প্ৰদায়।
59 - Az-Zukhruf (The Ornaments of Gold) - 059
إِنۡ هُوَ إِلَّا عَبۡدٌ أَنۡعَمۡنَا عَلَيۡهِ وَجَعَلۡنَٰهُ مَثَلٗا لِّبَنِيٓ إِسۡرَـٰٓءِيلَ
তেওঁ কেৱল মোৰ এজন বান্দাহে আছিল। যাৰ ওপৰত আমি অনুগ্ৰহ কৰিছিলোঁ আৰু তেওঁক আমি বনী ইছৰাঈলৰ বাবে নিদৰ্শন বনাইছিলোঁ।
60 - Az-Zukhruf (The Ornaments of Gold) - 060
وَلَوۡ نَشَآءُ لَجَعَلۡنَا مِنكُم مَّلَـٰٓئِكَةٗ فِي ٱلۡأَرۡضِ يَخۡلُفُونَ
আৰু আমি যদি ইচ্ছা কৰিলোঁহেঁতেন, তেন্তে তোমালোকৰ পৰিবৰ্তে ফিৰিস্তা সৃষ্টি কৰিলোঁহেঁতেন, যিসকলে পৃথিৱীৰ উত্তৰাধিকাৰী হ’লহেঁতেন।
61 - Az-Zukhruf (The Ornaments of Gold) - 061
وَإِنَّهُۥ لَعِلۡمٞ لِّلسَّاعَةِ فَلَا تَمۡتَرُنَّ بِهَا وَٱتَّبِعُونِۚ هَٰذَا صِرَٰطٞ مُّسۡتَقِيمٞ
আৰু নিশ্চয় ঈছা হৈছে কিয়ামতৰ এটা নিশ্চিত নিদৰ্শন; সেয়ে তোমালোকে কিয়ামত সম্পৰ্কে সন্দেহ পোষণ নকৰিবা। তোমালোকে কেৱল মোৰেই অনুসৰণ কৰা। এইটোৱেই হৈছে সৰল পথ।
62 - Az-Zukhruf (The Ornaments of Gold) - 062
وَلَا يَصُدَّنَّكُمُ ٱلشَّيۡطَٰنُۖ إِنَّهُۥ لَكُمۡ عَدُوّٞ مُّبِينٞ
চয়তানে যেন তোমালোকক কেতিয়াও বাধা প্ৰদান কৰিব নোৱাৰে। নিশ্চয় সি তোমালোকৰ প্ৰকাশ্য শত্ৰু।
63 - Az-Zukhruf (The Ornaments of Gold) - 063
وَلَمَّا جَآءَ عِيسَىٰ بِٱلۡبَيِّنَٰتِ قَالَ قَدۡ جِئۡتُكُم بِٱلۡحِكۡمَةِ وَلِأُبَيِّنَ لَكُم بَعۡضَ ٱلَّذِي تَخۡتَلِفُونَ فِيهِۖ فَٱتَّقُواْ ٱللَّهَ وَأَطِيعُونِ
আৰু ঈছাই যেতিয়া স্পষ্ট প্ৰমাণাদি লৈ আহিছিল, তেতিয়া তেওঁ কৈছিল, ‘নিশ্চয় মই তোমালোকৰ ওচৰলৈ হিকমত লৈ আহিছোঁ আৰু তোমালোকে যিবোৰ বিষয়ত মতভেদ কৰিছিলা সেইবোৰ বিষয়ক স্পষ্ট কৰিবলৈ আহিছোঁ। সেয়ে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ আনুগত্য কৰা।
64 - Az-Zukhruf (The Ornaments of Gold) - 064
إِنَّ ٱللَّهَ هُوَ رَبِّي وَرَبُّكُمۡ فَٱعۡبُدُوهُۚ هَٰذَا صِرَٰطٞ مُّسۡتَقِيمٞ
‘নিশ্চয় আল্লাহ, তেৱেঁই হৈছে মোৰ প্ৰতিপালক আৰু তোমালোকৰো প্ৰতিপালক। এতেকে তোমালোকে তেওঁৰেই ইবাদত কৰা; এইটোৱেই হৈছে সৰল পথ’।
65 - Az-Zukhruf (The Ornaments of Gold) - 065
فَٱخۡتَلَفَ ٱلۡأَحۡزَابُ مِنۢ بَيۡنِهِمۡۖ فَوَيۡلٞ لِّلَّذِينَ ظَلَمُواْ مِنۡ عَذَابِ يَوۡمٍ أَلِيمٍ
তথাপিও সিহঁতৰ মাজৰ বিভিন্ন দলে মতানৈক্য সৃষ্টি কৰিছিল, সেয়ে যালিমসকলৰ বাবে আছে যন্ত্ৰণাদায়ক দিৱসৰ শাস্তিৰ দুৰ্ভোগ!
66 - Az-Zukhruf (The Ornaments of Gold) - 066
هَلۡ يَنظُرُونَ إِلَّا ٱلسَّاعَةَ أَن تَأۡتِيَهُم بَغۡتَةٗ وَهُمۡ لَا يَشۡعُرُونَ
সিহঁতে কেৱল সিহঁতৰ অজানিতে আকস্মিকভাৱে কিয়ামত অহাৰ অপেক্ষাত আছে।
67 - Az-Zukhruf (The Ornaments of Gold) - 067
ٱلۡأَخِلَّآءُ يَوۡمَئِذِۭ بَعۡضُهُمۡ لِبَعۡضٍ عَدُوٌّ إِلَّا ٱلۡمُتَّقِينَ
সেইদিনা অন্তৰঙ্গ বন্ধুসকলেও ইজনে সিজনৰ শত্ৰু হৈ পৰিব, কেৱল মুত্তাক্বীসকলৰ বাহিৰে।
68 - Az-Zukhruf (The Ornaments of Gold) - 068
يَٰعِبَادِ لَا خَوۡفٌ عَلَيۡكُمُ ٱلۡيَوۡمَ وَلَآ أَنتُمۡ تَحۡزَنُونَ
হে মোৰ বান্দাসকল! আজি তোমালোকৰ কোনো ভয় নাই আৰু তোমালোকে চিন্তিতও নহ’বা।
69 - Az-Zukhruf (The Ornaments of Gold) - 069
ٱلَّذِينَ ءَامَنُواْ بِـَٔايَٰتِنَا وَكَانُواْ مُسۡلِمِينَ
যিসকলে আমাৰ আয়াতৰ প্ৰতি ঈমান আনিছিল আৰু তেওঁলোক আছিল মুছলিম,
70 - Az-Zukhruf (The Ornaments of Gold) - 070
ٱدۡخُلُواْ ٱلۡجَنَّةَ أَنتُمۡ وَأَزۡوَٰجُكُمۡ تُحۡبَرُونَ
(তেওঁলোকক কোৱা হ'ব) তোমালোক আৰু তোমালোকৰ স্ত্ৰীসকলে আনন্দচিত্তে জান্নাতত প্ৰৱেশ কৰা।
71 - Az-Zukhruf (The Ornaments of Gold) - 071
يُطَافُ عَلَيۡهِم بِصِحَافٖ مِّن ذَهَبٖ وَأَكۡوَابٖۖ وَفِيهَا مَا تَشۡتَهِيهِ ٱلۡأَنفُسُ وَتَلَذُّ ٱلۡأَعۡيُنُۖ وَأَنتُمۡ فِيهَا خَٰلِدُونَ
সোণৰ থাল আৰু পানপাত্ৰ লৈ তেওঁলোকক প্ৰদক্ষিণ কৰা হ’ব, তাত সেই সকলো বস্তু উপলব্ধ থাকিব যিবোৰ মনে বিচাৰে আৰু যিবোৰ দেখিলে চকু তৃপ্ত হয়, আৰু তাত তোমালোকে স্থায়ী হ’বা।
72 - Az-Zukhruf (The Ornaments of Gold) - 072
وَتِلۡكَ ٱلۡجَنَّةُ ٱلَّتِيٓ أُورِثۡتُمُوهَا بِمَا كُنتُمۡ تَعۡمَلُونَ
এইটোৱেই হৈছে জান্নাত, তোমালোকক যিটোৰ অধিকাৰী কৰা হৈছে, কাৰণ তোমালোকে আমল কৰিছিলা।
73 - Az-Zukhruf (The Ornaments of Gold) - 073
لَكُمۡ فِيهَا فَٰكِهَةٞ كَثِيرَةٞ مِّنۡهَا تَأۡكُلُونَ
তাত তোমালোকৰ বাবে আছে প্ৰচুৰ ফলমূল, তাৰ পৰা তোমালোকে আহাৰ কৰিবা।
74 - Az-Zukhruf (The Ornaments of Gold) - 074
إِنَّ ٱلۡمُجۡرِمِينَ فِي عَذَابِ جَهَنَّمَ خَٰلِدُونَ
নিশ্চয় অপৰাধীবিলাকে স্থায়ীভাৱে জাহান্নামৰ শাস্তি ভোগ কৰিব;
75 - Az-Zukhruf (The Ornaments of Gold) - 075
لَا يُفَتَّرُ عَنۡهُمۡ وَهُمۡ فِيهِ مُبۡلِسُونَ
সিহঁতৰ শাস্তি লাঘৱ কৰা নহ’ব আৰু সিহঁতে তাত হতাশ হৈ পৰিব।
76 - Az-Zukhruf (The Ornaments of Gold) - 076
وَمَا ظَلَمۡنَٰهُمۡ وَلَٰكِن كَانُواْ هُمُ ٱلظَّـٰلِمِينَ
আৰু আমি সিহঁতৰ প্ৰতি অন্যায় কৰা নাছিলোঁ, বৰং সিহঁত নিজেই আছিল যালিম।
77 - Az-Zukhruf (The Ornaments of Gold) - 077
وَنَادَوۡاْ يَٰمَٰلِكُ لِيَقۡضِ عَلَيۡنَا رَبُّكَۖ قَالَ إِنَّكُم مَّـٰكِثُونَ
সিহঁতে চিঞৰি চিঞৰি ক’ব, ‘হে মালিক (জাহান্নামৰ প্ৰহৰী ফিৰিস্তা)! (আপুনি আমাৰ ফালৰ পৰা আবেদন কৰকচোন) আপোনাৰ প্ৰতিপালকে যেন আমাক নিঃশেষ কৰি দিয়ে’। তেওঁ ক’ব, ‘নিশ্চয় তোমালোকে এনেকৈয়ে (চিৰকাল) থাকিব লাগিব’।
78 - Az-Zukhruf (The Ornaments of Gold) - 078
لَقَدۡ جِئۡنَٰكُم بِٱلۡحَقِّ وَلَٰكِنَّ أَكۡثَرَكُمۡ لِلۡحَقِّ كَٰرِهُونَ
(আল্লাহে ক’ব,) ‘নিশ্চয় আমি তোমালোকক সত্য অৱগত কৰোৱাইছিলোঁ, কিন্তু তোমালোকৰ সৰহভাগেই আছিল সত্য অপছন্দকাৰী’।
79 - Az-Zukhruf (The Ornaments of Gold) - 079
أَمۡ أَبۡرَمُوٓاْ أَمۡرٗا فَإِنَّا مُبۡرِمُونَ
সিহঁতে কোনো বিষয়ে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিছে নেকি? নিশ্চয় আমিহে চূড়ান্ত সিদ্ধান্তকাৰী।
80 - Az-Zukhruf (The Ornaments of Gold) - 080
أَمۡ يَحۡسَبُونَ أَنَّا لَا نَسۡمَعُ سِرَّهُمۡ وَنَجۡوَىٰهُمۚ بَلَىٰ وَرُسُلُنَا لَدَيۡهِمۡ يَكۡتُبُونَ
অথবা সিহঁতে ভাবে নেকি যে, আমি সিহঁতৰ গোপন বিষয় আৰু গোপন পৰামৰ্শ শুনিবলৈ নাপাওঁ? নিশ্চয় শুনিবলৈ পাওঁ। আমাৰ ফিৰিস্তাসকলে দেখোন সিহঁতৰ ওচৰতে থাকি লিখে।
81 - Az-Zukhruf (The Ornaments of Gold) - 081
قُلۡ إِن كَانَ لِلرَّحۡمَٰنِ وَلَدٞ فَأَنَا۠ أَوَّلُ ٱلۡعَٰبِدِينَ
কোৱা, ‘ৰহমানৰ যদি কোনো সন্তান থাকিলহেঁতেন তেন্তে ময়েই প্ৰথম তেওঁৰ ইবাদতকাৰী হ’লোঁহেঁতেন;
82 - Az-Zukhruf (The Ornaments of Gold) - 082
سُبۡحَٰنَ رَبِّ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ رَبِّ ٱلۡعَرۡشِ عَمَّا يَصِفُونَ
সিহঁতে যিবোৰ বিষয় আৰোপ কৰে সেইবোৰৰ পৰা আকাশসমূহ আৰু পৃথিৱীৰ প্ৰতিপালক তথা মহা আৰছৰ অধিপতি (মহান আল্লাহ) অতি পৱিত্ৰ-মহান।
83 - Az-Zukhruf (The Ornaments of Gold) - 083
فَذَرۡهُمۡ يَخُوضُواْ وَيَلۡعَبُواْ حَتَّىٰ يُلَٰقُواْ يَوۡمَهُمُ ٱلَّذِي يُوعَدُونَ
এতেকে সিহঁতক যিটো দিৱসৰ প্ৰতিশ্ৰুতি দিয়া হৈছে, সেই দিৱসৰ সন্মুখীন নোহোৱা পৰ্যন্ত সিহঁতক নিৰৰ্থক কথা-বতৰা আৰু খেল-ধেমালিত মত্ত হৈ থাকিবলৈ দিয়া।
84 - Az-Zukhruf (The Ornaments of Gold) - 084
وَهُوَ ٱلَّذِي فِي ٱلسَّمَآءِ إِلَٰهٞ وَفِي ٱلۡأَرۡضِ إِلَٰهٞۚ وَهُوَ ٱلۡحَكِيمُ ٱلۡعَلِيمُ
তেৱেঁই সত্য ইলাহ আকাশত, আৰু তেৱেঁই সত্য ইলাহ পৃথিৱীত। তেওঁ প্ৰজ্ঞাময়, সৰ্বজ্ঞ।
85 - Az-Zukhruf (The Ornaments of Gold) - 085
وَتَبَارَكَ ٱلَّذِي لَهُۥ مُلۡكُ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ وَمَا بَيۡنَهُمَا وَعِندَهُۥ عِلۡمُ ٱلسَّاعَةِ وَإِلَيۡهِ تُرۡجَعُونَ
আৰু তেওঁ বৰকতময়, যাৰ কৰ্তৃত্বত আছে আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মধ্যৱৰ্তী সকলো বস্তু। কিয়ামতৰ জ্ঞান কেৱল তেওঁৰ ওচৰতেই আছে, আৰু তেওঁৰ ওচৰতেই তোমালোকক প্ৰত্যাৱৰ্তিত কৰা হ’ব।
86 - Az-Zukhruf (The Ornaments of Gold) - 086
وَلَا يَمۡلِكُ ٱلَّذِينَ يَدۡعُونَ مِن دُونِهِ ٱلشَّفَٰعَةَ إِلَّا مَن شَهِدَ بِٱلۡحَقِّ وَهُمۡ يَعۡلَمُونَ
আৰু তেওঁৰ বাহিৰে সিহঁতে যিবোৰক আহ্বান কৰে, সিহঁতে কেতিয়াও চুপাৰিছৰ অধিকাৰী হ’ব নোৱাৰে, কিন্তু তেওঁলোকৰ বাহিৰে যিসকলে জানি-শুনি সত্য সাক্ষ্য দিয়ে।
87 - Az-Zukhruf (The Ornaments of Gold) - 087
وَلَئِن سَأَلۡتَهُم مَّنۡ خَلَقَهُمۡ لَيَقُولُنَّ ٱللَّهُۖ فَأَنَّىٰ يُؤۡفَكُونَ
আৰু যদি তুমি সিহঁতক সোধা, ‘কোনে সিহঁতক সৃষ্টি কৰিছে’?তেন্তে সিহঁতে নিশ্চয় ক’ব ‘আল্লাহে’। তথাপিও সিহঁতে কেনেকৈ বিমুখ হৈছে?
88 - Az-Zukhruf (The Ornaments of Gold) - 088
وَقِيلِهِۦ يَٰرَبِّ إِنَّ هَـٰٓؤُلَآءِ قَوۡمٞ لَّا يُؤۡمِنُونَ
আৰু তেওঁৰ (ৰাছুলৰ) এই বাণী যে, ‘হে মোৰ প্ৰতিপালক! নিশ্চয় ইহঁত এনেকুৱা এটা সম্প্ৰদায় যিসকলে ঈমান পোষণ নকৰিব’।
89 - Az-Zukhruf (The Ornaments of Gold) - 089