النساء

 

An-Nisa

 

The Women

1 - An-Nisa (The Women) - 001

يَـٰٓأَيُّهَا ٱلنَّاسُ ٱتَّقُواْ رَبَّكُمُ ٱلَّذِي خَلَقَكُم مِّن نَّفۡسٖ وَٰحِدَةٖ وَخَلَقَ مِنۡهَا زَوۡجَهَا وَبَثَّ مِنۡهُمَا رِجَالٗا كَثِيرٗا وَنِسَآءٗۚ وَٱتَّقُواْ ٱللَّهَ ٱلَّذِي تَسَآءَلُونَ بِهِۦ وَٱلۡأَرۡحَامَۚ إِنَّ ٱللَّهَ كَانَ عَلَيۡكُمۡ رَقِيبٗا
হে মানৱজাতি! তোমালোকে নিজ প্ৰতিপালকৰ তাক্বৱা অৱলম্বন কৰা, যিজনে তোমালোকক এটা প্ৰাণৰ পৰা সৃষ্টি কৰিছে আৰু তাৰ পৰাই তেওঁৰ স্ত্ৰী সৃষ্টি কৰিছে, আৰু তেওঁলোক দুজনৰ পৰা বহুতো নৰ-নাৰী বিস্তাৰ কৰিছে; তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, যাৰ নামৰ দোহাই দি তোমালোকে পৰস্পৰে অধিকাৰ সাব্যস্ত কৰা, লগতে তেজ-সম্পৰ্কীয় আত্মীয়তা ছিন্ন কৰাৰ ক্ষেত্ৰতো ভয় কৰা। নিশ্চয় আল্লাহ তোমালোকৰ ওপৰত পৰ্যবেক্ষক।

2 - An-Nisa (The Women) - 002

وَءَاتُواْ ٱلۡيَتَٰمَىٰٓ أَمۡوَٰلَهُمۡۖ وَلَا تَتَبَدَّلُواْ ٱلۡخَبِيثَ بِٱلطَّيِّبِۖ وَلَا تَأۡكُلُوٓاْ أَمۡوَٰلَهُمۡ إِلَىٰٓ أَمۡوَٰلِكُمۡۚ إِنَّهُۥ كَانَ حُوبٗا كَبِيرٗا
আৰু এতীমসকলক তোমালোকে সিহঁতৰ ধন-সম্পদ সমৰ্পণ কৰা; আৰু (শুনা!) তোমালোকে অপৱিত্ৰ বস্তুক পৱিত্ৰ বস্তুৰ দ্বাৰা সলনি নকৰিবা লগতে তোমালোকে নিজৰ সম্পদৰ সৈতে সিহঁতৰ সম্পদ মিশ্ৰিত কৰি গ্ৰাস নকৰিবা। নিশ্চয় এইটো মহাপাপ।

3 - An-Nisa (The Women) - 003

وَإِنۡ خِفۡتُمۡ أَلَّا تُقۡسِطُواْ فِي ٱلۡيَتَٰمَىٰ فَٱنكِحُواْ مَا طَابَ لَكُم مِّنَ ٱلنِّسَآءِ مَثۡنَىٰ وَثُلَٰثَ وَرُبَٰعَۖ فَإِنۡ خِفۡتُمۡ أَلَّا تَعۡدِلُواْ فَوَٰحِدَةً أَوۡ مَا مَلَكَتۡ أَيۡمَٰنُكُمۡۚ ذَٰلِكَ أَدۡنَىٰٓ أَلَّا تَعُولُواْ
আৰু যদি তোমালোকে অশংকা কৰা যে, এতীম ছোৱালীসকলৰ প্ৰতি তোমালোকে সুবিচাৰ কৰিব নোৱাৰিবা, তেন্তে (স্বাধীন) নাৰীসকলৰ মাজৰ পৰা যাক তোমালোকৰ ভাল লাগে দুজনী, তিনিজনী অথবা চাৰিজনীক বিবাহ কৰিব পাৰা; আৰু যদি আশংকা কৰা যে, (সিহঁতৰ মাজত) সুবিচাৰ কৰিব নোৱাৰিবা তেনেহ’লে এজনীকেই (বিবাহ কৰোৱা) অথবা তোমালোকৰ অধিকাৰভুক্ত দাসীকেই গ্ৰহণ কৰা। অবিচাৰ কৰাৰ পৰা ৰক্ষা পোৱাৰ এইটোৱেই হৈছে সম্ভৱপৰ উপায়।

4 - An-Nisa (The Women) - 004

وَءَاتُواْ ٱلنِّسَآءَ صَدُقَٰتِهِنَّ نِحۡلَةٗۚ فَإِن طِبۡنَ لَكُمۡ عَن شَيۡءٖ مِّنۡهُ نَفۡسٗا فَكُلُوهُ هَنِيٓـٔٗا مَّرِيٓـٔٗا
আৰু তোমালোকে নাৰীসকলক সন্তুষ্টচিত্তে সিহঁতৰ মোহৰ প্ৰদান কৰা; ইয়াৰ পিছত সিহঁতে যদি সন্তুষ্টচিত্তে মোহৰৰ কিছু অংশ ৰেহাই দিয়ে তেন্তে তোমালোকে সেয়া আনন্দৰ সৈতে তৃপ্তিসহকাৰে ভোগ কৰা।

5 - An-Nisa (The Women) - 005

وَلَا تُؤۡتُواْ ٱلسُّفَهَآءَ أَمۡوَٰلَكُمُ ٱلَّتِي جَعَلَ ٱللَّهُ لَكُمۡ قِيَٰمٗا وَٱرۡزُقُوهُمۡ فِيهَا وَٱكۡسُوهُمۡ وَقُولُواْ لَهُمۡ قَوۡلٗا مَّعۡرُوفٗا
আৰু তোমালোকে নিৰ্বোধসকলৰ হাতত তোমালোকৰ ধন-সম্পদ অৰ্পণ নকৰিবা; যিবোৰক আল্লাহে তোমালোকৰ জীৱিকাৰ মাধ্যম বনাইছে। অৱশ্যে তাৰ পৰাই সিহঁতৰ খোৱা-বোৱা পিন্ধাৰ ব্যৱস্থা কৰা আৰু তোমালোকে সিহঁতৰ লগত সদালাপ কৰিবা।

6 - An-Nisa (The Women) - 006

وَٱبۡتَلُواْ ٱلۡيَتَٰمَىٰ حَتَّىٰٓ إِذَا بَلَغُواْ ٱلنِّكَاحَ فَإِنۡ ءَانَسۡتُم مِّنۡهُمۡ رُشۡدٗا فَٱدۡفَعُوٓاْ إِلَيۡهِمۡ أَمۡوَٰلَهُمۡۖ وَلَا تَأۡكُلُوهَآ إِسۡرَافٗا وَبِدَارًا أَن يَكۡبَرُواْۚ وَمَن كَانَ غَنِيّٗا فَلۡيَسۡتَعۡفِفۡۖ وَمَن كَانَ فَقِيرٗا فَلۡيَأۡكُلۡ بِٱلۡمَعۡرُوفِۚ فَإِذَا دَفَعۡتُمۡ إِلَيۡهِمۡ أَمۡوَٰلَهُمۡ فَأَشۡهِدُواْ عَلَيۡهِمۡۚ وَكَفَىٰ بِٱللَّهِ حَسِيبٗا
আৰু তোমালোকে এতীমসকলক সিহঁতৰ বিবাহৰ বয়সত উপনীত নোহোৱালৈকে পৰীক্ষা কৰিবা; তাৰ পিছত সিহঁতৰ মাজত ভাল বেয়া বিচাৰৰ জ্ঞান দেখিবলৈ পালে সিহঁতৰ সম্পদ সিহঁতক ওভতাই দিবা, আৰু সিহঁত ডাঙৰ হৈ যাব বুলি তোমালোকে (সিহঁতৰ সম্পদ) লৰা-লৰিকৈ অপচয় কৰি খাই শেষ নকৰিবা। যিজন অভাৱমুক্ত তেওঁ যেন নিবৃত্ত থাকে আৰু যিজন বিত্তহীন তেওঁ যেন সংযত পৰিমাণে ভোগ কৰে। তাৰ পিছত যেতিয়া তোমালোকে সিহঁতৰ সম্পদ ওভতাই দিবা তেতিয়া সাক্ষী ৰাখিবা; আৰু হিচাপ গ্ৰহণত আল্লাহেই যথেষ্ট।

7 - An-Nisa (The Women) - 007

لِّلرِّجَالِ نَصِيبٞ مِّمَّا تَرَكَ ٱلۡوَٰلِدَانِ وَٱلۡأَقۡرَبُونَ وَلِلنِّسَآءِ نَصِيبٞ مِّمَّا تَرَكَ ٱلۡوَٰلِدَانِ وَٱلۡأَقۡرَبُونَ مِمَّا قَلَّ مِنۡهُ أَوۡ كَثُرَۚ نَصِيبٗا مَّفۡرُوضٗا
পিতৃ-মাতৃ আৰু আত্মীয়-স্বজনৰ পৰিত্যক্ত সম্পত্তিত পুৰুষৰ অংশ আছে আৰু পিতৃ-মাতৃ লগতে আত্মীয়-স্বজনৰ পৰিত্যক্ত সম্পত্তিত নাৰীৰো অংশ আছে, সেয়া কম হওক বা বেছি, এইটো নিৰ্ধাৰিত অংশ।

8 - An-Nisa (The Women) - 008

وَإِذَا حَضَرَ ٱلۡقِسۡمَةَ أُوْلُواْ ٱلۡقُرۡبَىٰ وَٱلۡيَتَٰمَىٰ وَٱلۡمَسَٰكِينُ فَٱرۡزُقُوهُم مِّنۡهُ وَقُولُواْ لَهُمۡ قَوۡلٗا مَّعۡرُوفٗا
আৰু সম্পত্তি বণ্টন কৰাৰ সময়ত আত্মীয়-স্বজন, এতীম আৰু অভাৱগ্ৰস্ত লোক উপস্থিত থাকিলে সিহঁতক তাৰ পৰা অলপ হ'লেও প্ৰদান কৰিবা, আৰু সিহঁতৰ লগত সদালাপ কৰিবা।

9 - An-Nisa (The Women) - 009

وَلۡيَخۡشَ ٱلَّذِينَ لَوۡ تَرَكُواْ مِنۡ خَلۡفِهِمۡ ذُرِّيَّةٗ ضِعَٰفًا خَافُواْ عَلَيۡهِمۡ فَلۡيَتَّقُواْ ٱللَّهَ وَلۡيَقُولُواْ قَوۡلٗا سَدِيدًا
আৰু সিহঁতৰ ভয় কৰা উচিত যে, যদি সিহঁতে নিজৰ পিছত নিঃসহায় সন্তান এৰি থৈ যায় তেন্তে সিহঁতেও সিহঁতৰ বিষয়ে উদ্বিগ্ন হ’লহেঁতেন। এতেকে সিহঁতে যেন আল্লাহৰ তাক্বৱা অৱলম্বন কৰে আৰু সঙ্গত কথা কয়।

10 - An-Nisa (The Women) - 010

إِنَّ ٱلَّذِينَ يَأۡكُلُونَ أَمۡوَٰلَ ٱلۡيَتَٰمَىٰ ظُلۡمًا إِنَّمَا يَأۡكُلُونَ فِي بُطُونِهِمۡ نَارٗاۖ وَسَيَصۡلَوۡنَ سَعِيرٗا
নিশ্চয় যিসকলে এতীমসকলৰ সম্পদ অন্যায়ভাৱে গ্ৰাস কৰে, দৰাচলতে সিহঁতে নিজৰ পেটত অগ্নি ভৰাই লয় অনতিপলমে সিহঁত প্ৰজ্জ্বলিত জুইত প্ৰৱেশ কৰিব।

11 - An-Nisa (The Women) - 011

يُوصِيكُمُ ٱللَّهُ فِيٓ أَوۡلَٰدِكُمۡۖ لِلذَّكَرِ مِثۡلُ حَظِّ ٱلۡأُنثَيَيۡنِۚ فَإِن كُنَّ نِسَآءٗ فَوۡقَ ٱثۡنَتَيۡنِ فَلَهُنَّ ثُلُثَا مَا تَرَكَۖ وَإِن كَانَتۡ وَٰحِدَةٗ فَلَهَا ٱلنِّصۡفُۚ وَلِأَبَوَيۡهِ لِكُلِّ وَٰحِدٖ مِّنۡهُمَا ٱلسُّدُسُ مِمَّا تَرَكَ إِن كَانَ لَهُۥ وَلَدٞۚ فَإِن لَّمۡ يَكُن لَّهُۥ وَلَدٞ وَوَرِثَهُۥٓ أَبَوَاهُ فَلِأُمِّهِ ٱلثُّلُثُۚ فَإِن كَانَ لَهُۥٓ إِخۡوَةٞ فَلِأُمِّهِ ٱلسُّدُسُۚ مِنۢ بَعۡدِ وَصِيَّةٖ يُوصِي بِهَآ أَوۡ دَيۡنٍۗ ءَابَآؤُكُمۡ وَأَبۡنَآؤُكُمۡ لَا تَدۡرُونَ أَيُّهُمۡ أَقۡرَبُ لَكُمۡ نَفۡعٗاۚ فَرِيضَةٗ مِّنَ ٱللَّهِۗ إِنَّ ٱللَّهَ كَانَ عَلِيمًا حَكِيمٗا
আল্লাহে তোমালোকক তোমালোকৰ সন্তান সম্পৰ্কে এই নিৰ্দেশ দিছে যে, এজন পুত্ৰৰ অংশ দুজনী কন্যাৰ অংশৰ সমান; কিন্তু যদি কেৱল দুজনীতকৈ বেছি কন্যা থাকে তেন্তে তেওঁলোকৰ বাবে পৰিত্যক্ত সম্পত্তিৰ তিনি ভাগৰ দুভাগ, আৰু কেৱল এজনী কন্যা থাকিলে তেন্তে তাইৰ বাবে অৰ্ধাংশ। সন্তান থাকিলে (মৃত ব্যক্তিৰ) পিতৃ-মাতৃ উভয়ে পৰিত্যক্ত সম্পত্তিৰ ছয় ভাগৰ এভাগ পাব; আনহাতে (মৃত ব্যক্তি) নিঃসন্তান হ’লে, লগতে পিতৃ-মাতৃ উত্তৰাধিকাৰী হ’লে তাৰ মাকৰ বাবে তিনি ভাগৰ এভাগ; আৰু যদি তাৰ ভাই-ভনী থাকে তেনেহ’লে মাকৰ বাবে ছয় ভাগৰ এভাগ; এইবোৰ বণ্টন হ’ব তাৰ অছিয়ত আৰু ঋণ পৰিশোধ কৰাৰ পিছত। তোমালোকৰ পিতা আৰু সন্তানসকলৰ মাজত কোন বেছি উপকাৰী সেয়া তোমালোকে নাজানা। এই বিধান আল্লাহৰ; নিশ্চয় আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।

12 - An-Nisa (The Women) - 012

۞وَلَكُمۡ نِصۡفُ مَا تَرَكَ أَزۡوَٰجُكُمۡ إِن لَّمۡ يَكُن لَّهُنَّ وَلَدٞۚ فَإِن كَانَ لَهُنَّ وَلَدٞ فَلَكُمُ ٱلرُّبُعُ مِمَّا تَرَكۡنَۚ مِنۢ بَعۡدِ وَصِيَّةٖ يُوصِينَ بِهَآ أَوۡ دَيۡنٖۚ وَلَهُنَّ ٱلرُّبُعُ مِمَّا تَرَكۡتُمۡ إِن لَّمۡ يَكُن لَّكُمۡ وَلَدٞۚ فَإِن كَانَ لَكُمۡ وَلَدٞ فَلَهُنَّ ٱلثُّمُنُ مِمَّا تَرَكۡتُمۚ مِّنۢ بَعۡدِ وَصِيَّةٖ تُوصُونَ بِهَآ أَوۡ دَيۡنٖۗ وَإِن كَانَ رَجُلٞ يُورَثُ كَلَٰلَةً أَوِ ٱمۡرَأَةٞ وَلَهُۥٓ أَخٌ أَوۡ أُخۡتٞ فَلِكُلِّ وَٰحِدٖ مِّنۡهُمَا ٱلسُّدُسُۚ فَإِن كَانُوٓاْ أَكۡثَرَ مِن ذَٰلِكَ فَهُمۡ شُرَكَآءُ فِي ٱلثُّلُثِۚ مِنۢ بَعۡدِ وَصِيَّةٖ يُوصَىٰ بِهَآ أَوۡ دَيۡنٍ غَيۡرَ مُضَآرّٖۚ وَصِيَّةٗ مِّنَ ٱللَّهِۗ وَٱللَّهُ عَلِيمٌ حَلِيمٞ
তোমালোকৰ স্ত্ৰীসকলৰ পৰিত্যক্ত সম্পত্তিৰ অৰ্ধাংশ তোমালোকে পাবা, যদি সিহঁতৰ কোনো সন্তান নাথাকে, কিন্তু সিহঁতৰ সন্তান থাকিলে তোমালোকৰ বাবে সিহঁতৰ পৰিত্যক্ত সম্পত্তিৰ চাৰি ভাগৰ এভাগ; অছিয়ত পালন আৰু ঋণ পৰিশোধ কৰাৰ পিছত। তোমালোকৰ সন্তান নাথাকিলে সিহঁতৰ বাবে তোমালোকৰ পৰিত্যক্ত সম্পত্তিৰ চাৰি ভাগৰ এভাগ, আৰু তোমালোকৰ সন্তান থাকিলে সিহঁতৰ বাবে তোমালোকৰ পৰিত্যক্ত সম্পত্তিৰ আঠ ভাগৰ এভাগ; তোমালোকে যি অছিয়ত কৰিবা সেয়া প্ৰদান কৰাৰ পিছত আৰু ঋণ পৰিশোধ কৰাৰ পিছত। যদি কোনো পুৰুষ অথবা নাৰীৰ ‘কালালাহ’ উত্তৰাধিকাৰী হয় (অৰ্থাৎ পিতৃ-মাতৃ আৰু সন্তান-সন্ততি নথকা অৱস্থাত কাৰোবাৰ মৃত্যু হয়), আৰু কেৱল তাৰ এজন ককায়েক-ভায়েক অথবা এজনী বায়েক-ভনীয়েক থাকে তেন্তে প্ৰত্যেকৰে (অংশ হ’ব) ছয় ভাগৰ এভাগ। আনহাতে সিহঁত ইয়াৰ অধিক হ’লে সকলোৱে তিনি ভাগৰ এভাগত সমান অংশীদাৰ হ’ব; কাৰো ক্ষতি নকৰাকৈ এইবোৰ বণ্টন কৰা হ'ব অছিয়ত পূৰণ কৰাৰ পিছত আৰু ঋণ পৰিশোধ কৰাৰ পিছত। এইটো হৈছে আল্লাহৰ নিৰ্দেশ; আৰু আল্লাহ সৰ্বজ্ঞ, সহনশীল।

13 - An-Nisa (The Women) - 013

تِلۡكَ حُدُودُ ٱللَّهِۚ وَمَن يُطِعِ ٱللَّهَ وَرَسُولَهُۥ يُدۡخِلۡهُ جَنَّـٰتٖ تَجۡرِي مِن تَحۡتِهَا ٱلۡأَنۡهَٰرُ خَٰلِدِينَ فِيهَاۚ وَذَٰلِكَ ٱلۡفَوۡزُ ٱلۡعَظِيمُ
এইবোৰ হৈছে আল্লাহৰ নিৰ্ধাৰিত সীমাৰেখা। যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰিব আল্লাহে তেওঁক জান্নাতত প্ৰৱেশ কৰাব, যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত তেওঁলোক চিৰস্থায়ী হ’ব; আৰু এইটোৱেই হৈছে মহা সফলতা।

14 - An-Nisa (The Women) - 014

وَمَن يَعۡصِ ٱللَّهَ وَرَسُولَهُۥ وَيَتَعَدَّ حُدُودَهُۥ يُدۡخِلۡهُ نَارًا خَٰلِدٗا فِيهَا وَلَهُۥ عَذَابٞ مُّهِينٞ
আনহাতে যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ অবাধ্যতা কৰিব আৰু তেওঁৰ নিৰ্ধাৰিত সীমাৰেখা লংঘন কৰিব আল্লাহে তাক জুইত নিক্ষেপ কৰিব, তাত সি চিৰস্থায়ী হ’ব; লগতে তাৰ বাবে আছে লাঞ্ছনাদায়ক শাস্তি।

15 - An-Nisa (The Women) - 015

وَٱلَّـٰتِي يَأۡتِينَ ٱلۡفَٰحِشَةَ مِن نِّسَآئِكُمۡ فَٱسۡتَشۡهِدُواْ عَلَيۡهِنَّ أَرۡبَعَةٗ مِّنكُمۡۖ فَإِن شَهِدُواْ فَأَمۡسِكُوهُنَّ فِي ٱلۡبُيُوتِ حَتَّىٰ يَتَوَفَّىٰهُنَّ ٱلۡمَوۡتُ أَوۡ يَجۡعَلَ ٱللَّهُ لَهُنَّ سَبِيلٗا
আৰু তোমালোকৰ নাৰীসকলৰ মাজৰ পৰা যিয়ে ব্যভিচাৰ কৰে সিহঁতৰ বিৰুদ্ধে তোমালোকৰ মাজৰ পৰা চাৰিজন (পুৰুষ) সাক্ষী তলব কৰা। এতেকে যদি সিহঁতে সাক্ষী দিয়ে তেন্তে সিহঁতক (নাৰীসকলক) ঘৰত অৱৰুদ্ধ কৰি ৰাখা যেতিয়ালৈকে সিহঁতৰ মৃত্যু নহয় অথবা আল্লাহে সিহঁতৰ বাবে আন কোনো ব্যৱস্থা কৰি নিদিয়ে।

16 - An-Nisa (The Women) - 016

وَٱلَّذَانِ يَأۡتِيَٰنِهَا مِنكُمۡ فَـَٔاذُوهُمَاۖ فَإِن تَابَا وَأَصۡلَحَا فَأَعۡرِضُواْ عَنۡهُمَآۗ إِنَّ ٱللَّهَ كَانَ تَوَّابٗا رَّحِيمًا
আৰু তোমালোকৰ মাজৰ যি দুজন (নৰ-নাৰী) এনে অপকৰ্মত লিপ্ত হ’ব সিহঁতক শাস্তি দিয়া। যদি সিহঁতে তাওবা কৰে আৰু নিজকে সংশোধন কৰি লয় তেন্তে সিহঁতক এৰি দিয়া। নিশ্চয় আল্লাহ পৰম তাওবা কবুলকাৰী, পৰম দয়ালু।

17 - An-Nisa (The Women) - 017

إِنَّمَا ٱلتَّوۡبَةُ عَلَى ٱللَّهِ لِلَّذِينَ يَعۡمَلُونَ ٱلسُّوٓءَ بِجَهَٰلَةٖ ثُمَّ يَتُوبُونَ مِن قَرِيبٖ فَأُوْلَـٰٓئِكَ يَتُوبُ ٱللَّهُ عَلَيۡهِمۡۗ وَكَانَ ٱللَّهُ عَلِيمًا حَكِيمٗا
নিশ্চয় আল্লাহে সেইসকল লোকৰ তাওবা কবুল কৰে যিসকলে অজ্ঞতাবশতঃ বেয়া কাম কৰি পেলায় আৰু লগে লগে তাওবা কৰে, এওঁলোকেই হৈছে সেইসকল লোক যিসকলৰ তাওবা আল্লাহে কবুল কৰে। (জানি থোৱা) আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।

18 - An-Nisa (The Women) - 018

وَلَيۡسَتِ ٱلتَّوۡبَةُ لِلَّذِينَ يَعۡمَلُونَ ٱلسَّيِّـَٔاتِ حَتَّىٰٓ إِذَا حَضَرَ أَحَدَهُمُ ٱلۡمَوۡتُ قَالَ إِنِّي تُبۡتُ ٱلۡـَٰٔنَ وَلَا ٱلَّذِينَ يَمُوتُونَ وَهُمۡ كُفَّارٌۚ أُوْلَـٰٓئِكَ أَعۡتَدۡنَا لَهُمۡ عَذَابًا أَلِيمٗا
পক্ষান্তৰে তাওবা সিহঁতৰ বাবে নহয় যিসকলে আজীৱন বেয়া কাম কৰে, অৱশেষত সিহঁতৰ কাৰোবাৰ মৃত্যু উপস্থিত হ’লে সি কয়, ‘মই এতিয়া তাওবা কৰিছোঁ’, এইদৰে সিহঁতৰ বাবেও নহয়, যিসকলৰ মৃত্যু কাফিৰ অৱস্থাত হয়। ইহঁতেই সেইসকল লোক যিসকলৰ বাবে আমি কষ্টদায়ক শাস্তি প্ৰস্তুত কৰি ৰাখিছোঁ।

19 - An-Nisa (The Women) - 019

يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ لَا يَحِلُّ لَكُمۡ أَن تَرِثُواْ ٱلنِّسَآءَ كَرۡهٗاۖ وَلَا تَعۡضُلُوهُنَّ لِتَذۡهَبُواْ بِبَعۡضِ مَآ ءَاتَيۡتُمُوهُنَّ إِلَّآ أَن يَأۡتِينَ بِفَٰحِشَةٖ مُّبَيِّنَةٖۚ وَعَاشِرُوهُنَّ بِٱلۡمَعۡرُوفِۚ فَإِن كَرِهۡتُمُوهُنَّ فَعَسَىٰٓ أَن تَكۡرَهُواْ شَيۡـٔٗا وَيَجۡعَلَ ٱللَّهُ فِيهِ خَيۡرٗا كَثِيرٗا
হে ঈমান্দাৰসকল! বলপূৰ্বকভাৱে নিজকে নাৰীসকলৰ উত্তৰাধিকাৰী বুলি গণ্য কৰাটো তোমালোকৰ বাবে বৈধ নহয়। তোমালোকে সিহঁতক যি প্ৰদান কৰিছা তাৰ পৰা কিছু অংশ আত্মসাৎ কৰাৰ উদ্দশ্যে সিহঁতক অৱৰুদ্ধ কৰি নাৰাখিবা, কিন্তু যদি সিহঁতে স্পষ্ট বেয়া আচৰণ কৰে (যেনে- ব্যভিচাৰ বা গিৰিয়েকৰ অবাধ্যাচৰণ তেন্তে সেয়া সুকীয়া কথা)। আৰু তোমালোকে সিহঁতৰ লগত সৎভাৱে জীৱন-যাপন কৰিবা; তোমালোকে যদি সিহঁতক অপছন্দ কৰা তেন্তে এনেকুৱাও হ’ব পাৰে যে, যিটোত আল্লাহে বহু কল্যাণ নিহিত কৰি ৰাখিছে আৰু তোমালোকে সেইটোকে অপছন্দ কৰি আছা।

20 - An-Nisa (The Women) - 020

وَإِنۡ أَرَدتُّمُ ٱسۡتِبۡدَالَ زَوۡجٖ مَّكَانَ زَوۡجٖ وَءَاتَيۡتُمۡ إِحۡدَىٰهُنَّ قِنطَارٗا فَلَا تَأۡخُذُواْ مِنۡهُ شَيۡـًٔاۚ أَتَأۡخُذُونَهُۥ بُهۡتَٰنٗا وَإِثۡمٗا مُّبِينٗا
আৰু তোমালোকে যদি এজনী স্ত্ৰীৰ ঠাইত আন এজনী স্ত্ৰী গ্ৰহণ কৰিবলৈ থিৰ কৰা আৰু সিহঁতৰ এজনীক বহু পৰিমাণে অৰ্থও দিছা, তথাপিও তাইৰ পৰা একোৱেই ওভতাই নল’বা। তোমালোকে মিছা অপবাদ আৰু প্ৰকাশ্য পাপাচৰণৰ দ্বাৰা সেয়া গ্ৰহণ কৰিবানে?

21 - An-Nisa (The Women) - 021

وَكَيۡفَ تَأۡخُذُونَهُۥ وَقَدۡ أَفۡضَىٰ بَعۡضُكُمۡ إِلَىٰ بَعۡضٖ وَأَخَذۡنَ مِنكُم مِّيثَٰقًا غَلِيظٗا
আৰু কেনেকৈ তোমালোকে সেয়া গ্ৰহণ কৰিবা? অথচ তোমালোকে ইজনে সিজনৰ লগত সংগত হৈছিলা (সম্ভোগ কৰিছা) আৰু সিহঁতেও তোমালোকৰ পৰা দৃঢ় অঙ্গীকাৰ লৈছিল।

22 - An-Nisa (The Women) - 022

وَلَا تَنكِحُواْ مَا نَكَحَ ءَابَآؤُكُم مِّنَ ٱلنِّسَآءِ إِلَّا مَا قَدۡ سَلَفَۚ إِنَّهُۥ كَانَ فَٰحِشَةٗ وَمَقۡتٗا وَسَآءَ سَبِيلًا
নাৰীসকলৰ মাজৰ পৰা যিসকলক তোমালোকৰ পিতৃ পুৰুষে বিবাহ কৰিছে, তোমালোকে সিহঁতক বিবাহ নকৰিবা, কিন্তু পূৰ্বে যি সংঘটিত হৈছে (সেয়া ক্ষমা কৰা হ’ল)। নিশ্চয় সেয়া আছিল অশ্লীলতা, মাৰাত্মক ঘৃণিত বিষয় আৰু নিকৃষ্ট পথ।

23 - An-Nisa (The Women) - 023

حُرِّمَتۡ عَلَيۡكُمۡ أُمَّهَٰتُكُمۡ وَبَنَاتُكُمۡ وَأَخَوَٰتُكُمۡ وَعَمَّـٰتُكُمۡ وَخَٰلَٰتُكُمۡ وَبَنَاتُ ٱلۡأَخِ وَبَنَاتُ ٱلۡأُخۡتِ وَأُمَّهَٰتُكُمُ ٱلَّـٰتِيٓ أَرۡضَعۡنَكُمۡ وَأَخَوَٰتُكُم مِّنَ ٱلرَّضَٰعَةِ وَأُمَّهَٰتُ نِسَآئِكُمۡ وَرَبَـٰٓئِبُكُمُ ٱلَّـٰتِي فِي حُجُورِكُم مِّن نِّسَآئِكُمُ ٱلَّـٰتِي دَخَلۡتُم بِهِنَّ فَإِن لَّمۡ تَكُونُواْ دَخَلۡتُم بِهِنَّ فَلَا جُنَاحَ عَلَيۡكُمۡ وَحَلَـٰٓئِلُ أَبۡنَآئِكُمُ ٱلَّذِينَ مِنۡ أَصۡلَٰبِكُمۡ وَأَن تَجۡمَعُواْ بَيۡنَ ٱلۡأُخۡتَيۡنِ إِلَّا مَا قَدۡ سَلَفَۗ إِنَّ ٱللَّهَ كَانَ غَفُورٗا رَّحِيمٗا
তোমালোকৰ ওপৰত হাৰাম কৰা হৈছে, তোমালোকৰ মাতৃসকলক, জীয়েকসকলক, বাই-ভনীসকলক, জেঠাই-পেহীসকলক, জেঠাই-মাহীসকলক, ভতিজীসকলক, ভাগিনীসকলক, ধাই মাতৃসকলক, পিয়াহ সম্বন্ধীয় বাই-ভনীসকলক, শাহুয়েক আৰু তোমালোকৰ স্ত্ৰীসকলৰ মাজত যাৰ লগত সম্ভোগ কৰিছা তাইৰ আগৰ স্বামীৰ দ্বাৰা গৰ্ভজাত ছোৱালীক, যাক তোমালোকে লালন-পালন কৰিছা; কিন্তু যদি সেই স্ত্ৰীৰ সৈতে সম্ভোগ কৰা নাই তেন্তে তোমালোকৰ বাবে কোনো অপৰাধ নাই। তোমালোকৰ বাবে আৰু নিষিদ্ধ কৰা হৈছে তোমালোকৰ ঔৰষজাত পুত্ৰৰ স্ত্ৰীসকলক আৰু দুজনী ভনীয়েক-বায়েকক (বিবাহ বন্ধনত) একত্ৰিত কৰা, অতীতত যি হ’ল, সেয়া হ’ল। নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।

24 - An-Nisa (The Women) - 024

۞وَٱلۡمُحۡصَنَٰتُ مِنَ ٱلنِّسَآءِ إِلَّا مَا مَلَكَتۡ أَيۡمَٰنُكُمۡۖ كِتَٰبَ ٱللَّهِ عَلَيۡكُمۡۚ وَأُحِلَّ لَكُم مَّا وَرَآءَ ذَٰلِكُمۡ أَن تَبۡتَغُواْ بِأَمۡوَٰلِكُم مُّحۡصِنِينَ غَيۡرَ مُسَٰفِحِينَۚ فَمَا ٱسۡتَمۡتَعۡتُم بِهِۦ مِنۡهُنَّ فَـَٔاتُوهُنَّ أُجُورَهُنَّ فَرِيضَةٗۚ وَلَا جُنَاحَ عَلَيۡكُمۡ فِيمَا تَرَٰضَيۡتُم بِهِۦ مِنۢ بَعۡدِ ٱلۡفَرِيضَةِۚ إِنَّ ٱللَّهَ كَانَ عَلِيمًا حَكِيمٗا
আৰু নাৰীসকলৰ মাজৰ তোমালোকৰ অধিকাৰভুক্ত দাসীৰ বাহিৰে আনৰ বিবাহ বন্ধনত থকা তিৰোতাসকল তোমালোকৰ বাবে নিষিদ্ধ কৰা হৈছে, তোমালোকৰ বাবে এইবোৰ হৈছে আল্লাহৰ বিধান। উল্লেখিত নাৰীসকলৰ বাহিৰে অন্য সকলো নাৰীক বিবাহ কৰাটো তোমালোকৰ বাবে বৈধ কৰা হৈছে, এই চৰ্তত যে তোমালোকে সিহঁতক নিজৰ সম্পদৰ বিনিময়ত (মোহৰ প্ৰদান কৰি) বিবাহৰ মাধ্যমত গ্ৰহণ কৰিবা, অবৈধ যৌন সম্পৰ্কৰ বাবে নহয়। সিহঁতৰ মাজৰ যিসকলৰ সৈতে তোমালোকে সম্ভোগ কৰিছা সিহঁতক সিহঁতৰ নিৰ্ধাৰিত মোহৰ অৰ্পণ কৰিবা। মোহৰ নিৰ্ধাৰণৰ পিছত তোমালোকে কোনো (কম-বেছি কৰাৰ) বিষয়ত পৰস্পৰ সহমত হ’লে তাত তোমালোকৰ কোনো দোষ নাই। নিশ্চয় আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।

25 - An-Nisa (The Women) - 025

وَمَن لَّمۡ يَسۡتَطِعۡ مِنكُمۡ طَوۡلًا أَن يَنكِحَ ٱلۡمُحۡصَنَٰتِ ٱلۡمُؤۡمِنَٰتِ فَمِن مَّا مَلَكَتۡ أَيۡمَٰنُكُم مِّن فَتَيَٰتِكُمُ ٱلۡمُؤۡمِنَٰتِۚ وَٱللَّهُ أَعۡلَمُ بِإِيمَٰنِكُمۚ بَعۡضُكُم مِّنۢ بَعۡضٖۚ فَٱنكِحُوهُنَّ بِإِذۡنِ أَهۡلِهِنَّ وَءَاتُوهُنَّ أُجُورَهُنَّ بِٱلۡمَعۡرُوفِ مُحۡصَنَٰتٍ غَيۡرَ مُسَٰفِحَٰتٖ وَلَا مُتَّخِذَٰتِ أَخۡدَانٖۚ فَإِذَآ أُحۡصِنَّ فَإِنۡ أَتَيۡنَ بِفَٰحِشَةٖ فَعَلَيۡهِنَّ نِصۡفُ مَا عَلَى ٱلۡمُحۡصَنَٰتِ مِنَ ٱلۡعَذَابِۚ ذَٰلِكَ لِمَنۡ خَشِيَ ٱلۡعَنَتَ مِنكُمۡۚ وَأَن تَصۡبِرُواْ خَيۡرٞ لَّكُمۡۗ وَٱللَّهُ غَفُورٞ رَّحِيمٞ
আৰু তোমালোকৰ মাজৰ যাৰ স্বাধীন ঈমান্দাৰ নাৰী বিবাহ কৰাৰ সামৰ্থ নাই, সি যেন তোমালোকৰ অধিকাৰভুক্ত ঈমান্দাৰ দাসীক বিবাহ কৰে; আল্লাহে তোমালোকৰ ঈমান সম্পৰ্কে পৰিজ্ঞাত। তোমালোক ইজনে সিজনৰ সমান; এতেকে তোমালোকে সিহঁতক সিহঁতৰ মালিকৰ অনুমতিক্ৰমে বিবাহ কৰিবা আৰু সিহঁতক সিহঁতৰ মোহৰ ন্যায়সংগত হিচাপে প্ৰদান কৰিবা। সিহঁত হ’ব সজচৰিত্ৰা, ব্যভিচাৰিণী নহয় আৰু উপপতি (গোপন যৌনসঙ্গী) গ্ৰহণকাৰীণীও নহয়। এতেকে বিবাহিতা হোৱাৰ পিছত যদি সিহঁতে ব্যভিচাৰ কৰে তেন্তে সিহঁতৰ শাস্তি হ’ব স্বাধীন নাৰীৰ শাস্তিৰ অৰ্দ্ধেক; (দাসী বিবাহৰ) এই বিধান তোমালোকৰ মাজৰ সেইসকল লোকৰ বাবে, যিসকলে ব্যভিচাৰত লিপ্ত হোৱাৰ আশংকা কৰে; আনহাতে যদি তোমালোকে ধৈৰ্য্য ধাৰণ কৰা তেন্তে তোমালোকৰ বাবে মঙ্গল আছে। আল্লাহ ক্ষমাপৰায়ণ, পৰম দয়ালু।

26 - An-Nisa (The Women) - 026

يُرِيدُ ٱللَّهُ لِيُبَيِّنَ لَكُمۡ وَيَهۡدِيَكُمۡ سُنَنَ ٱلَّذِينَ مِن قَبۡلِكُمۡ وَيَتُوبَ عَلَيۡكُمۡۗ وَٱللَّهُ عَلِيمٌ حَكِيمٞ
আল্লাহে তোমালোকৰ ওচৰত (তেওঁৰ বিধান) বিশদভাৱে বৰ্ণনা কৰিব বিচাৰে, আৰু তোমালোকৰ পূৰ্বৱৰ্তীসকলৰ ৰীতিনীতি তোমালোকক অৱহিত কৰিব বিচাৰে লগতে তোমালোকক ক্ষমা কৰিব বিচাৰে। আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।

27 - An-Nisa (The Women) - 027

وَٱللَّهُ يُرِيدُ أَن يَتُوبَ عَلَيۡكُمۡ وَيُرِيدُ ٱلَّذِينَ يَتَّبِعُونَ ٱلشَّهَوَٰتِ أَن تَمِيلُواْ مَيۡلًا عَظِيمٗا
আৰু আল্লাহে তোমালোকৰ তাওবা কবুল কৰিব বিচাৰে; আনহাতে যিসকলে কুপ্ৰবৃত্তিৰ অনুসৰণ কৰে সিহঁতে বিচাৰে যে, তোমালোকে প্ৰবলভাৱে (সত্য পথৰ পৰা) বিচ্যুত হোৱা।

28 - An-Nisa (The Women) - 028

يُرِيدُ ٱللَّهُ أَن يُخَفِّفَ عَنكُمۡۚ وَخُلِقَ ٱلۡإِنسَٰنُ ضَعِيفٗا
আল্লাহে তোমালোকৰ পৰা (বোজা) লঘু কৰিব বিচাৰে, কাৰণ মানুহক সৃষ্টি কৰা হৈছে অতি দুৰ্বল হিচাপে।

29 - An-Nisa (The Women) - 029

يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ لَا تَأۡكُلُوٓاْ أَمۡوَٰلَكُم بَيۡنَكُم بِٱلۡبَٰطِلِ إِلَّآ أَن تَكُونَ تِجَٰرَةً عَن تَرَاضٖ مِّنكُمۡۚ وَلَا تَقۡتُلُوٓاْ أَنفُسَكُمۡۚ إِنَّ ٱللَّهَ كَانَ بِكُمۡ رَحِيمٗا
হে মুমিনসকল! তোমালোকে ইজনে সিজনৰ সম্পত্তি অন্যায়ভাৱে গ্ৰাস নকৰিবা; কিন্তু পাৰস্পৰিক সন্মতিক্ৰমে ব্যৱসায়-বাণিজ্যৰ মাধ্যমত হ’লে সেয়া ভিন্ন কথা; আৰু নিজেই নিজক হত্যা নকৰিবা; নিশ্চয় আল্লাহ তোমালোকৰ প্ৰতি পৰম দয়ালু।

30 - An-Nisa (The Women) - 030

وَمَن يَفۡعَلۡ ذَٰلِكَ عُدۡوَٰنٗا وَظُلۡمٗا فَسَوۡفَ نُصۡلِيهِ نَارٗاۚ وَكَانَ ذَٰلِكَ عَلَى ٱللَّهِ يَسِيرًا
আৰু যিয়ে সীমালংঘন কৰি অন্যায়ভাৱে এনেকুৱা কৰিব, অনতিপলমে আমি তাক জুইত নিক্ষেপ কৰিম, আৰু এই কাম আল্লাহৰ বাবে অতি সহজ।

31 - An-Nisa (The Women) - 031

إِن تَجۡتَنِبُواْ كَبَآئِرَ مَا تُنۡهَوۡنَ عَنۡهُ نُكَفِّرۡ عَنكُمۡ سَيِّـَٔاتِكُمۡ وَنُدۡخِلۡكُم مُّدۡخَلٗا كَرِيمٗا
তোমালোকক যি নিষেধ কৰা হৈছে, তাৰ মাজৰ পৰা যিবোৰ কবীৰা গুণাহ সেইবোৰৰ পৰা তোমালোকে যদি বিৰত থাকা, তেন্তে আমি তোমালোকৰ সৰু-সুৰা পাপসমূহ ক্ষমা কৰি দিম, আৰু তোমালোকক সন্মানজনক স্থানত প্ৰৱেশ কৰাম।

32 - An-Nisa (The Women) - 032

وَلَا تَتَمَنَّوۡاْ مَا فَضَّلَ ٱللَّهُ بِهِۦ بَعۡضَكُمۡ عَلَىٰ بَعۡضٖۚ لِّلرِّجَالِ نَصِيبٞ مِّمَّا ٱكۡتَسَبُواْۖ وَلِلنِّسَآءِ نَصِيبٞ مِّمَّا ٱكۡتَسَبۡنَۚ وَسۡـَٔلُواْ ٱللَّهَ مِن فَضۡلِهِۦٓۚ إِنَّ ٱللَّهَ كَانَ بِكُلِّ شَيۡءٍ عَلِيمٗا
আৰু তোমালোকে সেইবোৰ বস্তুৰ আকাংক্ষা নকৰিবা, যাৰ দ্বাৰা আল্লাহে তোমালোকৰ মাজৰ এজনক আনজনৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছে। পুৰুষসকলে যি অৰ্জন কৰে সেয়া সিহঁতৰ প্ৰাপ্য অংশ আৰু নাৰীসকলে যি অৰ্জন কৰে সেয়া তাইহঁতৰ প্ৰাপ্য অংশ; (গতিকে তোমালোকে) আল্লাহৰ ওচৰত তেওঁৰ অনুগ্ৰহ প্ৰাৰ্থনা কৰা, নিশ্চয় আল্লাহ সকলো বস্তু সম্পৰ্কে সৰ্বজ্ঞ।

33 - An-Nisa (The Women) - 033

وَلِكُلّٖ جَعَلۡنَا مَوَٰلِيَ مِمَّا تَرَكَ ٱلۡوَٰلِدَانِ وَٱلۡأَقۡرَبُونَۚ وَٱلَّذِينَ عَقَدَتۡ أَيۡمَٰنُكُمۡ فَـَٔاتُوهُمۡ نَصِيبَهُمۡۚ إِنَّ ٱللَّهَ كَانَ عَلَىٰ كُلِّ شَيۡءٖ شَهِيدًا
পিতৃ-মাতৃ আৰু আত্মীয়-স্বজনৰ পৰিত্যক্ত সম্পত্তিত (নাৰী-পুৰুষ) প্ৰত্যেককে আমি উত্তৰাধিকাৰী কৰিছোঁ আৰু যিসকলৰ লগত তোমালোকে অঙ্গীকাৰাৱদ্ধ সিহঁতৰ (প্ৰাপ্য) অংশ সিহঁতক দি দিয়া। নিশ্চয় আল্লাহ সকলো বিষয়ৰ প্ৰত্যক্ষদৰ্শী।

34 - An-Nisa (The Women) - 034

ٱلرِّجَالُ قَوَّـٰمُونَ عَلَى ٱلنِّسَآءِ بِمَا فَضَّلَ ٱللَّهُ بَعۡضَهُمۡ عَلَىٰ بَعۡضٖ وَبِمَآ أَنفَقُواْ مِنۡ أَمۡوَٰلِهِمۡۚ فَٱلصَّـٰلِحَٰتُ قَٰنِتَٰتٌ حَٰفِظَٰتٞ لِّلۡغَيۡبِ بِمَا حَفِظَ ٱللَّهُۚ وَٱلَّـٰتِي تَخَافُونَ نُشُوزَهُنَّ فَعِظُوهُنَّ وَٱهۡجُرُوهُنَّ فِي ٱلۡمَضَاجِعِ وَٱضۡرِبُوهُنَّۖ فَإِنۡ أَطَعۡنَكُمۡ فَلَا تَبۡغُواْ عَلَيۡهِنَّ سَبِيلًاۗ إِنَّ ٱللَّهَ كَانَ عَلِيّٗا كَبِيرٗا
পুৰুষসকল হৈছে নাৰীসকলৰ তত্ত্বাৱধায়ক, কাৰণ আল্লাহে সিহঁতৰ এজনক আনজনৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছে আৰু এইবাবেও যে, পুৰুষসকলে (নাৰীসকলৰ ওপৰত) নিজৰ ধন-সম্পদ ব্যয় কৰে। সেয়ে পূণ্যৱতী স্ত্ৰীসকল অনুগত হৈ থাকে, লগতে তেওঁলোকে মানুহৰ দৃষ্টিৰ অন্তৰালতো (স্বামীৰ সম্পদ আৰু নিজৰ মান-সন্মান) সংৰক্ষণ কৰে, যিবোৰ আল্লাহে সংৰক্ষণ কৰিছে; আৰু তোমালোকে স্ত্ৰীসকলৰ মাজৰ যিসকলকলৈ অবাধ্যতাৰ আশংকা কৰা সিহঁতক সদুপদেশ দিয়া, আৰু সিহঁতৰ শয্যা বৰ্জন কৰা, লগতে সিহঁতক (শাসনমূলক) প্ৰহাৰ কৰা। যদি সিহঁতে তোমালোকৰ অনুগত হয় তেন্তে সিহঁতৰ বিৰুদ্ধে কোনো পথ অন্বেষণ নকৰিবা। নিশ্চয় আল্লাহ শ্ৰেষ্ঠ, মহান।

35 - An-Nisa (The Women) - 035

وَإِنۡ خِفۡتُمۡ شِقَاقَ بَيۡنِهِمَا فَٱبۡعَثُواْ حَكَمٗا مِّنۡ أَهۡلِهِۦ وَحَكَمٗا مِّنۡ أَهۡلِهَآ إِن يُرِيدَآ إِصۡلَٰحٗا يُوَفِّقِ ٱللَّهُ بَيۡنَهُمَآۗ إِنَّ ٱللَّهَ كَانَ عَلِيمًا خَبِيرٗا
আৰু যদি তোমালোকে সিহঁত উভয়ৰ মাজত বিৰোধ আশংকা কৰা তেন্তে তোমালোকে স্বামীৰ পৰিয়ালৰ পৰা এজন আৰু স্ত্ৰীৰ পৰিয়ালৰ পৰা এজন বিচাৰক নিযুক্ত কৰা; সিহঁত উভয়ে যদি নিষ্পত্তি বিচাৰে তেন্তে আল্লাহে সিহঁতৰ মাজত মীমাংসাৰ অনুকূল অৱস্থা সৃষ্টি কৰি দিব। নিশ্চয় আল্লাহ সৰ্বজ্ঞ, সবিশেষ অৱহিত।

36 - An-Nisa (The Women) - 036

۞وَٱعۡبُدُواْ ٱللَّهَ وَلَا تُشۡرِكُواْ بِهِۦ شَيۡـٔٗاۖ وَبِٱلۡوَٰلِدَيۡنِ إِحۡسَٰنٗا وَبِذِي ٱلۡقُرۡبَىٰ وَٱلۡيَتَٰمَىٰ وَٱلۡمَسَٰكِينِ وَٱلۡجَارِ ذِي ٱلۡقُرۡبَىٰ وَٱلۡجَارِ ٱلۡجُنُبِ وَٱلصَّاحِبِ بِٱلۡجَنۢبِ وَٱبۡنِ ٱلسَّبِيلِ وَمَا مَلَكَتۡ أَيۡمَٰنُكُمۡۗ إِنَّ ٱللَّهَ لَا يُحِبُّ مَن كَانَ مُخۡتَالٗا فَخُورًا
তোমালোকে আল্লাহৰ ইবাদত কৰা, আৰু তেওঁৰ লগত আন কাকো অংশীদাৰ স্থাপন নকৰিবা; লগতে পিতৃ-মাতৃ আৰু আত্মীয়-স্বজন, এতীম, অভাৱগ্ৰস্ত, নিকট প্ৰতিৱেশী, দূৰ-প্ৰতিৱেশী, সঙ্গী-সাৰথি, মুছাফিৰ আৰু তোমালোকৰ অধিকাৰভুক্ত দাস-দাসীসকলৰ প্ৰতি সদ্ব্যৱহাৰ কৰা। নিশ্চয় আল্লাহে দাম্ভিক, অহংকাৰীক পছন্দ নকৰে।

37 - An-Nisa (The Women) - 037

ٱلَّذِينَ يَبۡخَلُونَ وَيَأۡمُرُونَ ٱلنَّاسَ بِٱلۡبُخۡلِ وَيَكۡتُمُونَ مَآ ءَاتَىٰهُمُ ٱللَّهُ مِن فَضۡلِهِۦۗ وَأَعۡتَدۡنَا لِلۡكَٰفِرِينَ عَذَابٗا مُّهِينٗا
(আল্লাহে সিহঁতকো ভাল নাপায়) যিসকলে নিজে কৃপণতা কৰে আৰু মানুহকো কৃপণতাৰ নিৰ্দেশ দিয়ে, আৰু আল্লাহে নিজ অনুগ্ৰহত সিহঁতক যি প্ৰদান কৰিছে সেয়া গোপন কৰে; আৰু আমি কাফিৰসকলৰ বাবে লাঞ্ছনাদায়ক শাস্তি প্ৰস্তুত কৰি ৰাখিছোঁ।

38 - An-Nisa (The Women) - 038

وَٱلَّذِينَ يُنفِقُونَ أَمۡوَٰلَهُمۡ رِئَآءَ ٱلنَّاسِ وَلَا يُؤۡمِنُونَ بِٱللَّهِ وَلَا بِٱلۡيَوۡمِ ٱلۡأٓخِرِۗ وَمَن يَكُنِ ٱلشَّيۡطَٰنُ لَهُۥ قَرِينٗا فَسَآءَ قَرِينٗا
আৰু যিসকলে মানুহক দেখুৱাবলৈ নিজৰ ধন-সম্পদ ব্যয় কৰে, লগতে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান পোষণ নকৰে (আল্লাহে সিহঁতকো ভাল নাপায়) আৰু চয়তান যাৰ সংগী হয়, তাৰ সংগী কিমান যে নিকৃষ্ট!

39 - An-Nisa (The Women) - 039

وَمَاذَا عَلَيۡهِمۡ لَوۡ ءَامَنُواْ بِٱللَّهِ وَٱلۡيَوۡمِ ٱلۡأٓخِرِ وَأَنفَقُواْ مِمَّا رَزَقَهُمُ ٱللَّهُۚ وَكَانَ ٱللَّهُ بِهِمۡ عَلِيمًا
সিহঁতে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান আনিলে, আৰু আল্লাহে সিহঁতক যি প্ৰদান কৰিছে তাৰ পৰা ব্যয় কৰিলে, সিহঁতৰ কি ক্ষতি হ’লহেঁতেন? আৰু আল্লাহে সিহঁতৰ বিষয়ে সম্যক অৱগত।

40 - An-Nisa (The Women) - 040

إِنَّ ٱللَّهَ لَا يَظۡلِمُ مِثۡقَالَ ذَرَّةٖۖ وَإِن تَكُ حَسَنَةٗ يُضَٰعِفۡهَا وَيُؤۡتِ مِن لَّدُنۡهُ أَجۡرًا عَظِيمٗا
নিশ্চয় আল্লাহে অণু পৰিমাণও অন্যায় নকৰে আৰু যদি সেয়া কোনো ধৰণৰ পূণ্য হয়, তেন্তে তেওঁ সেইটোক বহুগুণ বৃদ্ধি কৰি দিয়ে, আনকি নিজৰ ফালৰ পৰা মহাপ্ৰতিদান প্ৰদান কৰে।

41 - An-Nisa (The Women) - 041

فَكَيۡفَ إِذَا جِئۡنَا مِن كُلِّ أُمَّةِۭ بِشَهِيدٖ وَجِئۡنَا بِكَ عَلَىٰ هَـٰٓؤُلَآءِ شَهِيدٗا
এতেকে যেতিয়া আমি প্ৰত্যেক উম্মতৰ পৰা এজন সাক্ষী (নবী) উপস্থিত কৰিম আৰু তোমাকো সিহঁতৰ বিৰুদ্ধে সাক্ষীৰূপে উপস্থিত কৰিম তেতিয়া সিহঁতৰ কি অৱস্থা হ’ব?

42 - An-Nisa (The Women) - 042

يَوۡمَئِذٖ يَوَدُّ ٱلَّذِينَ كَفَرُواْ وَعَصَوُاْ ٱلرَّسُولَ لَوۡ تُسَوَّىٰ بِهِمُ ٱلۡأَرۡضُ وَلَا يَكۡتُمُونَ ٱللَّهَ حَدِيثٗا
যিসকলে কুফৰী কৰিছে আৰু ৰাছুলৰ অবাধ্য হৈছে সিহঁতে সেইদিনা কামনা কৰিব, সিহঁত যদি মাটিৰ লগত মিহলি সমান হৈ গ’লহেঁতেন! আৰু সিহঁতে (সেইদিনা) আল্লাহৰ পৰা কোনো কথাই গোপন কৰিব নোৱাৰিব।

43 - An-Nisa (The Women) - 043

يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ لَا تَقۡرَبُواْ ٱلصَّلَوٰةَ وَأَنتُمۡ سُكَٰرَىٰ حَتَّىٰ تَعۡلَمُواْ مَا تَقُولُونَ وَلَا جُنُبًا إِلَّا عَابِرِي سَبِيلٍ حَتَّىٰ تَغۡتَسِلُواْۚ وَإِن كُنتُم مَّرۡضَىٰٓ أَوۡ عَلَىٰ سَفَرٍ أَوۡ جَآءَ أَحَدٞ مِّنكُم مِّنَ ٱلۡغَآئِطِ أَوۡ لَٰمَسۡتُمُ ٱلنِّسَآءَ فَلَمۡ تَجِدُواْ مَآءٗ فَتَيَمَّمُواْ صَعِيدٗا طَيِّبٗا فَٱمۡسَحُواْ بِوُجُوهِكُمۡ وَأَيۡدِيكُمۡۗ إِنَّ ٱللَّهَ كَانَ عَفُوًّا غَفُورًا
হে মুমিনসকল! তোমালোকে নিচাগ্ৰস্ত অৱস্থাত মুখেৰে যি কোৱা সেয়া নুবুজালৈকে ছালাতৰ নিকটৱৰ্তী নহ’বা, আৰু জুনুবী (অপৱিত্ৰ) অৱস্থাতো নহয়, যেতিয়ালৈকে তোমালোকে গোছল নকৰা, কিন্তু মুছাফিৰ হ’লে সেয়া সুকীয়া কথা; আৰু যদি তোমালোকে অসুস্থ হোৱা অথবা ভ্ৰমণত থকা নাইবা তোমালোকৰ কোনোবাই শৌচস্থানৰ পৰা আহি অথবা তোমালোকে নাৰী সম্ভোগ কৰাৰ পিছত পানী নোপোৱা তেন্তে পৱিত্ৰ মাটিৰ দ্বাৰা তায়াম্মুম কৰা, এতেকে তোমালোকে নিজৰ মুখমণ্ডল আৰু হাত মছেহ কৰা; নিশ্চয় আল্লাহ পাপ মোচনকাৰী, ক্ষমাশীল।

44 - An-Nisa (The Women) - 044

أَلَمۡ تَرَ إِلَى ٱلَّذِينَ أُوتُواْ نَصِيبٗا مِّنَ ٱلۡكِتَٰبِ يَشۡتَرُونَ ٱلضَّلَٰلَةَ وَيُرِيدُونَ أَن تَضِلُّواْ ٱلسَّبِيلَ
তুমি সিহঁতক দেখা নাইনে যিসকলক কিতাবৰ এটা অংশ প্ৰদান কৰা হৈছিল? সিহঁতে পথভ্ৰষ্টতা ক্ৰয় কৰে আৰু সিহঁতে বিচাৰে যে, তোমালোকেও পথভ্ৰষ্ট হোৱা।

45 - An-Nisa (The Women) - 045

وَٱللَّهُ أَعۡلَمُ بِأَعۡدَآئِكُمۡۚ وَكَفَىٰ بِٱللَّهِ وَلِيّٗا وَكَفَىٰ بِٱللَّهِ نَصِيرٗا
আল্লাহে তোমালোকৰ শত্ৰুসকলক ভালদৰেই চিনি পায়; আৰু অভিভাৱক হিচাপে আল্লাহেই যথেষ্ট, লগতে সহায়কাৰী হিচাপেও আল্লাহেই যথেষ্ট।

46 - An-Nisa (The Women) - 046

مِّنَ ٱلَّذِينَ هَادُواْ يُحَرِّفُونَ ٱلۡكَلِمَ عَن مَّوَاضِعِهِۦ وَيَقُولُونَ سَمِعۡنَا وَعَصَيۡنَا وَٱسۡمَعۡ غَيۡرَ مُسۡمَعٖ وَرَٰعِنَا لَيَّۢا بِأَلۡسِنَتِهِمۡ وَطَعۡنٗا فِي ٱلدِّينِۚ وَلَوۡ أَنَّهُمۡ قَالُواْ سَمِعۡنَا وَأَطَعۡنَا وَٱسۡمَعۡ وَٱنظُرۡنَا لَكَانَ خَيۡرٗا لَّهُمۡ وَأَقۡوَمَ وَلَٰكِن لَّعَنَهُمُ ٱللَّهُ بِكُفۡرِهِمۡ فَلَا يُؤۡمِنُونَ إِلَّا قَلِيلٗا
ইয়াহুদীসকলৰ মাজত এনেকুৱা কিছুমান লোকো আছে যিসকলে (তাওৰাতৰ) কালামসমূহক তাৰ স্থানৰ পৰা পৰিবৰ্তন কৰি বিকৃত কৰে আৰু (মুহাম্মদক) কয়, ‘আমি শুনিলোঁ আৰু অমান্য কৰিলোঁ, আৰু (সিহঁতে কয়) শুনিবা নুশুনাৰ দৰে’; আৰু নিজৰ জিভা ঘূৰাই লগতে দ্বীনৰ প্ৰতি তাচ্ছিল্য কৰি কয়, ‘ৰা-ঈনা’। কিন্তু সিহঁতে যদি ক’লেহেঁতেন, ‘আমি শুনিলোঁ আৰু মানিলোঁ, আৰু শুনা আৰু আমাৰ প্ৰতি লক্ষ্য কৰা’, তেন্তে এয়া সিহঁতৰ বাবে ভাল আৰু সঙ্গত হ’লহেঁতেন। কিন্তু সিহঁতৰ কুফৰীৰ বাবে আল্লাহে সিহঁতক অভিসম্পাত কৰিছে। ফলত সিহঁতৰ মাজৰ অতি কম সংখ্যক লোকে ঈমান পোষণ কৰে।

47 - An-Nisa (The Women) - 047

يَـٰٓأَيُّهَا ٱلَّذِينَ أُوتُواْ ٱلۡكِتَٰبَ ءَامِنُواْ بِمَا نَزَّلۡنَا مُصَدِّقٗا لِّمَا مَعَكُم مِّن قَبۡلِ أَن نَّطۡمِسَ وُجُوهٗا فَنَرُدَّهَا عَلَىٰٓ أَدۡبَارِهَآ أَوۡ نَلۡعَنَهُمۡ كَمَا لَعَنَّآ أَصۡحَٰبَ ٱلسَّبۡتِۚ وَكَانَ أَمۡرُ ٱللَّهِ مَفۡعُولًا
হে কিতাবপ্ৰাপ্তসকল! আমি মুখমণ্ডলসমূহক বিকৃত কৰি পশ্চাদফালে ঘূৰাই দিয়াৰ আগতে অথবা আচহাবুচ ছাবতক(শনিবাৰ অমান্যকাৰীসকলক) যিদৰে অভিসম্পাত কৰিছিলোঁ সেইদৰে অভিসম্পাত কৰাৰ আগতে তোমালোকৰ ওচৰত যি আছে তাৰ সমৰ্থকৰূপে আমি যি অৱতীৰ্ণ কৰিছোঁ তাৰ প্ৰতি তোমালোকে ঈমান পোষণ কৰা; (জানি থোৱা) আল্লাহৰ আদেশ কাৰ্যকৰী হ’বই হ’ব।

48 - An-Nisa (The Women) - 048

إِنَّ ٱللَّهَ لَا يَغۡفِرُ أَن يُشۡرَكَ بِهِۦ وَيَغۡفِرُ مَا دُونَ ذَٰلِكَ لِمَن يَشَآءُۚ وَمَن يُشۡرِكۡ بِٱللَّهِ فَقَدِ ٱفۡتَرَىٰٓ إِثۡمًا عَظِيمًا
নিশ্চয় আল্লাহে তেওঁৰ লগত অংশী স্থাপন (শ্বিৰ্ক) কৰাক ক্ষমা নকৰে। ইয়াৰ বাহিৰে অন্যান্য অপৰাধসমূহ যাক ইচ্ছা ক্ষমা কৰে আৰু যিয়ে আল্লাহৰ লগত আনক অংশী কৰে সি নিশ্চয় মহাপাপ ৰচনা কৰে।

49 - An-Nisa (The Women) - 049

أَلَمۡ تَرَ إِلَى ٱلَّذِينَ يُزَكُّونَ أَنفُسَهُمۚ بَلِ ٱللَّهُ يُزَكِّي مَن يَشَآءُ وَلَا يُظۡلَمُونَ فَتِيلًا
তুমি সিহঁতক দেখা নাইনে, যিসকলে নিজকে পৱিত্ৰ বুলি ধাৰণা কৰে? অথচ আল্লাহে যাক ইচ্ছা কৰে পৱিত্ৰ কৰে, আৰু সিহঁতৰ ওপৰত সূতা পৰিমাণো অন্যায় কৰা নহ’ব।

50 - An-Nisa (The Women) - 050

ٱنظُرۡ كَيۡفَ يَفۡتَرُونَ عَلَى ٱللَّهِ ٱلۡكَذِبَۖ وَكَفَىٰ بِهِۦٓ إِثۡمٗا مُّبِينًا
চোৱা, সিহঁতে আল্লাহ সম্পৰ্কে কেনেকৈ মিছা উদ্ভাৱন কৰি আছে, আৰু প্ৰকাশ্য পাপ হিচাপে এইটোৱেই যথেষ্ট।

51 - An-Nisa (The Women) - 051

أَلَمۡ تَرَ إِلَى ٱلَّذِينَ أُوتُواْ نَصِيبٗا مِّنَ ٱلۡكِتَٰبِ يُؤۡمِنُونَ بِٱلۡجِبۡتِ وَٱلطَّـٰغُوتِ وَيَقُولُونَ لِلَّذِينَ كَفَرُواْ هَـٰٓؤُلَآءِ أَهۡدَىٰ مِنَ ٱلَّذِينَ ءَامَنُواْ سَبِيلًا
তুমি সিহঁতৰ প্ৰতি লক্ষ্য কৰা নাইনে, যিসকলক কিতাবৰ এটা অংশ প্ৰদান কৰা হৈছিল? সিহঁতে জিব’ত (চয়তান, শ্বিৰ্ক আৰু যাদু আদি) আৰু তাগুতক (বাতিল উপাস্যক) বিশ্বাস কৰে, লগতে সিহঁতে কাফিৰসকলৰ বিষয়ে কয়, ‘এওঁলোকেই মুমিনসকলতকৈ অধিক সঠিক পথপ্ৰাপ্ত’।

52 - An-Nisa (The Women) - 052

أُوْلَـٰٓئِكَ ٱلَّذِينَ لَعَنَهُمُ ٱللَّهُۖ وَمَن يَلۡعَنِ ٱللَّهُ فَلَن تَجِدَ لَهُۥ نَصِيرًا
ইহঁতেই হৈছে সেইসকল লোক, যিসকলৰ ওপৰত আল্লাহে অভিসম্পাত কৰিছে আৰু আল্লাহে যাক অভিসম্পাত কৰে তুমি কেতিয়াও তাৰ কোনো সহায়কাৰী নাপাবা।

53 - An-Nisa (The Women) - 053

أَمۡ لَهُمۡ نَصِيبٞ مِّنَ ٱلۡمُلۡكِ فَإِذٗا لَّا يُؤۡتُونَ ٱلنَّاسَ نَقِيرًا
(আল্লাহৰ) ৰাজত্বত সিহঁতৰ কোনো অংশ আছে নেকি? (সঁচাই যদি থাকিলহেঁতেন) তেতিয়াহ’লে সিহঁতে খেজুৰৰ গুটিৰ ওপৰত থকা মিহি আৱৰণ পৰিমাণো কোনো বস্তু মানুহক নিদিলেহেঁতেন।

54 - An-Nisa (The Women) - 054

أَمۡ يَحۡسُدُونَ ٱلنَّاسَ عَلَىٰ مَآ ءَاتَىٰهُمُ ٱللَّهُ مِن فَضۡلِهِۦۖ فَقَدۡ ءَاتَيۡنَآ ءَالَ إِبۡرَٰهِيمَ ٱلۡكِتَٰبَ وَٱلۡحِكۡمَةَ وَءَاتَيۡنَٰهُم مُّلۡكًا عَظِيمٗا
অথবা আল্লাহে নিজ অনুগ্ৰহত মানুহক যি প্ৰদান কৰিছে সেইকাৰণে সিহঁতে মানুহক ঈৰ্ষা কৰে নেকি? তেনেহ’লে আমিতো ইব্ৰাহীমৰ বংশধৰসকলকো কিতাব আৰু হিকমত

Scroll to Top