الزمر

 

Az-Zumar

 

The Troops

1 - Az-Zumar (The Troops) - 001

تَنزِيلُ ٱلۡكِتَٰبِ مِنَ ٱللَّهِ ٱلۡعَزِيزِ ٱلۡحَكِيمِ
এইখন কিতাব, মহা পৰাক্ৰমশালী প্ৰজ্ঞাময় আল্লাহৰ তৰফৰ পৰা অৱতীৰ্ণ।

2 - Az-Zumar (The Troops) - 002

إِنَّآ أَنزَلۡنَآ إِلَيۡكَ ٱلۡكِتَٰبَ بِٱلۡحَقِّ فَٱعۡبُدِ ٱللَّهَ مُخۡلِصٗا لَّهُ ٱلدِّينَ
নিশ্চয় আমি তোমাৰ ওচৰলৈ এই কিতাব যথাযথভাৱে অৱতীৰ্ণ কৰিছোঁ। এতেকে তুমি আল্লাহৰ আনুগত্যত একনিষ্ঠ হৈ তেওঁৰেই ইবাদত কৰা।

3 - Az-Zumar (The Troops) - 003

أَلَا لِلَّهِ ٱلدِّينُ ٱلۡخَالِصُۚ وَٱلَّذِينَ ٱتَّخَذُواْ مِن دُونِهِۦٓ أَوۡلِيَآءَ مَا نَعۡبُدُهُمۡ إِلَّا لِيُقَرِّبُونَآ إِلَى ٱللَّهِ زُلۡفَىٰٓ إِنَّ ٱللَّهَ يَحۡكُمُ بَيۡنَهُمۡ فِي مَا هُمۡ فِيهِ يَخۡتَلِفُونَۗ إِنَّ ٱللَّهَ لَا يَهۡدِي مَنۡ هُوَ كَٰذِبٞ كَفَّارٞ
জানি থোৱা! বিশুদ্ধ আনুগত্য কেৱল আল্লাহৰেই প্ৰাপ্য। যিসকলে আল্লাহৰ পৰিবৰ্তে আনক অভিভাৱকৰূপে গ্ৰহণ কৰে সিহঁতে কয়, ‘আমি কেৱল এইকাৰণেই ইহঁতৰ ইবাদত কৰোঁ যে, ইহঁতে আমাক আল্লাহৰ নৈকট্য লাভ কৰাই দিব’। সিহঁতে যি বিষয়কলৈ নিজৰ মাজতে মতভেদ কৰি আছে, নিশ্চয় আল্লাহে সিহঁতৰ মাজত সেই বিষয়ে মীমাংসা কৰি দিব। (লগতে জানি থোৱা) নিশ্চয় আল্লাহে মিছলীয়া কাফিৰক হিদায়ত দান নকৰে।

4 - Az-Zumar (The Troops) - 004

لَّوۡ أَرَادَ ٱللَّهُ أَن يَتَّخِذَ وَلَدٗا لَّٱصۡطَفَىٰ مِمَّا يَخۡلُقُ مَا يَشَآءُۚ سُبۡحَٰنَهُۥۖ هُوَ ٱللَّهُ ٱلۡوَٰحِدُ ٱلۡقَهَّارُ
যদি আল্লাহে সন্তান গ্ৰহণ কৰিব বিচাৰিলেহেঁতেন, তেন্তে তেওঁ যি সৃষ্টি কৰিছে তাৰ পৰাই যাক ইচ্ছা মনোনীত কৰি ল'লেহেঁতেন। কিন্তু তেওঁ পৱিত্ৰ আৰু মহান! তেৱেঁই আল্লাহ, একক (অদ্বিতীয়), প্ৰবল প্ৰতাপশালী।

5 - Az-Zumar (The Troops) - 005

خَلَقَ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضَ بِٱلۡحَقِّۖ يُكَوِّرُ ٱلَّيۡلَ عَلَى ٱلنَّهَارِ وَيُكَوِّرُ ٱلنَّهَارَ عَلَى ٱلَّيۡلِۖ وَسَخَّرَ ٱلشَّمۡسَ وَٱلۡقَمَرَۖ كُلّٞ يَجۡرِي لِأَجَلٖ مُّسَمًّىۗ أَلَا هُوَ ٱلۡعَزِيزُ ٱلۡغَفَّـٰرُ
তেৱেঁই যথাযথভাৱে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে। তেৱেঁই ৰাতিৰ দ্বাৰা দিনক আচ্ছাদিত কৰে আৰু ৰাতিক আচ্ছাদিত কৰে দিনৰ দ্বাৰা। সূৰ্য্য আৰু চন্দ্ৰক তেৱেঁই কৰিছে নিয়মাধীন। প্ৰত্যেকেই এটা নিৰ্ধাৰিত সময়লৈকে গতি কৰে। জানি থোৱা! তেওঁ মহা পৰাক্ৰমশালী, ক্ষমাশীল।

6 - Az-Zumar (The Troops) - 006

خَلَقَكُم مِّن نَّفۡسٖ وَٰحِدَةٖ ثُمَّ جَعَلَ مِنۡهَا زَوۡجَهَا وَأَنزَلَ لَكُم مِّنَ ٱلۡأَنۡعَٰمِ ثَمَٰنِيَةَ أَزۡوَٰجٖۚ يَخۡلُقُكُمۡ فِي بُطُونِ أُمَّهَٰتِكُمۡ خَلۡقٗا مِّنۢ بَعۡدِ خَلۡقٖ فِي ظُلُمَٰتٖ ثَلَٰثٖۚ ذَٰلِكُمُ ٱللَّهُ رَبُّكُمۡ لَهُ ٱلۡمُلۡكُۖ لَآ إِلَٰهَ إِلَّا هُوَۖ فَأَنَّىٰ تُصۡرَفُونَ
তেৱেঁই তোমালোকক সৃষ্টি কৰিছে এজন ব্যক্তিৰ পৰা। তাৰ পিছত তেওঁ তাৰ পৰাই তাৰ যোৰা সৃষ্টি কৰিছে। তেৱেঁই তোমালোকৰ বাবে আঠ যোৰা ঘৰচীয়া জন্তু অৱতীৰ্ণ কৰিছে। তেৱেঁই তোমালোকক তোমালোকৰ মাতৃগৰ্ভৰ ত্ৰিবিধ অন্ধকাৰত পৰ্যায়ক্ৰমে সৃষ্টি কৰিছে। তেৱেঁই আল্লাহ; তোমালোকৰ প্ৰতিপালক; সাৰ্বভৌম কৰ্তৃত্ব কেৱল তেওঁৰেই; তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। এতেকে তোমালোকক ক’লৈ ঘূৰাই নিয়া হৈছে?

7 - Az-Zumar (The Troops) - 007

إِن تَكۡفُرُواْ فَإِنَّ ٱللَّهَ غَنِيٌّ عَنكُمۡۖ وَلَا يَرۡضَىٰ لِعِبَادِهِ ٱلۡكُفۡرَۖ وَإِن تَشۡكُرُواْ يَرۡضَهُ لَكُمۡۗ وَلَا تَزِرُ وَازِرَةٞ وِزۡرَ أُخۡرَىٰۚ ثُمَّ إِلَىٰ رَبِّكُم مَّرۡجِعُكُمۡ فَيُنَبِّئُكُم بِمَا كُنتُمۡ تَعۡمَلُونَۚ إِنَّهُۥ عَلِيمُۢ بِذَاتِ ٱلصُّدُورِ
যদি তোমালোকে কুফৰী কৰা তেন্তে (জানি থোৱা) আল্লাহ তোমালোকৰ মুখাপেক্ষী নহয়। তেওঁ বান্দাসকলৰ বাবে কুফৰী পছন্দ নকৰে, আৰু যদি তোমালোকে কৃতজ্ঞ হোৱা তেন্তে তেওঁ তোমালোকৰ বাবে কৃতজ্ঞতাক পছন্দ কৰে। কোনো বোজা বহনকাৰীয়েই আনৰ বোজা বহন নকৰিব। তাৰ পিছত তোমালোকৰ প্ৰতিপালকৰ ওচৰতেই তোমালোকৰ প্ৰত্যাৱৰ্তন হ’ব। তেতিয়া তোমালোকে যি আমল কৰিছিলা সেয়া তেওঁ তোমালোকক অৱহিত কৰিব। নিশ্চয় অন্তৰত যি আছে সেই বিষয়ে তেওঁ সম্যক অৱগত।

8 - Az-Zumar (The Troops) - 008

۞وَإِذَا مَسَّ ٱلۡإِنسَٰنَ ضُرّٞ دَعَا رَبَّهُۥ مُنِيبًا إِلَيۡهِ ثُمَّ إِذَا خَوَّلَهُۥ نِعۡمَةٗ مِّنۡهُ نَسِيَ مَا كَانَ يَدۡعُوٓاْ إِلَيۡهِ مِن قَبۡلُ وَجَعَلَ لِلَّهِ أَندَادٗا لِّيُضِلَّ عَن سَبِيلِهِۦۚ قُلۡ تَمَتَّعۡ بِكُفۡرِكَ قَلِيلًا إِنَّكَ مِنۡ أَصۡحَٰبِ ٱلنَّارِ
আৰু মানুহক যেতিয়া দুখ-দৈন্যই স্পৰ্শ কৰে তেতিয়া সি একাগ্ৰচিত্তে নিজ প্ৰতিপালককহে আহ্বান কৰে। তাৰ পিছত তেওঁ যেতিয়া তেওঁৰ তৰফৰ পৰা তাৰ প্ৰতি অনুগ্ৰহ কৰে, তেতিয়া সি পাহৰি যায় যে, ইতিপূৰ্বে সি কি কাৰণত তেওঁৰ ওচৰত দুআ কৰিছিল, আৰু তেওঁৰ পথৰ পৰা আনক বিভ্ৰান্ত কৰিবলৈ সি আল্লাহৰ সমকক্ষ স্থিৰ কৰি লয়। কোৱা, ‘কুফৰীৰ অৱস্থাত তুমি কিছুকাল জীৱন উপভোগ কৰি লোৱা। নিশ্চয় তুমি অগ্নিবাসীবিলাকৰ অন্তৰ্ভুক্ত’।

9 - Az-Zumar (The Troops) - 009

أَمَّنۡ هُوَ قَٰنِتٌ ءَانَآءَ ٱلَّيۡلِ سَاجِدٗا وَقَآئِمٗا يَحۡذَرُ ٱلۡأٓخِرَةَ وَيَرۡجُواْ رَحۡمَةَ رَبِّهِۦۗ قُلۡ هَلۡ يَسۡتَوِي ٱلَّذِينَ يَعۡلَمُونَ وَٱلَّذِينَ لَا يَعۡلَمُونَۗ إِنَّمَا يَتَذَكَّرُ أُوْلُواْ ٱلۡأَلۡبَٰبِ
যি ব্যক্তিয়ে ৰাতিৰ বিভিন্ন প্ৰহৰত ছাজদাৱনত হৈ আৰু থিয় হৈ আনুগত্য প্ৰকাশ কৰে, লগতে আখিৰাতক ভয় কৰে আৰু নিজ প্ৰতিপালকৰ অনুগ্ৰহ প্ৰত্যাশা কৰে, (এই ব্যক্তিক সেই ব্যক্তিৰ দৰে গণ্য কৰা হ'ব নেকি যিয়ে এইবোৰ নকৰে?) কোৱা, ‘যিসকলে জানে আৰু যিসকলে নাজানে সিহঁত সমান হ’ব পাৰেনে’? নিশ্চয় কেৱল বোধশক্তিসম্পন্ন ব্যক্তিসকলেহে উপদেশ গ্ৰহণ কৰে।

10 - Az-Zumar (The Troops) - 010

قُلۡ يَٰعِبَادِ ٱلَّذِينَ ءَامَنُواْ ٱتَّقُواْ رَبَّكُمۡۚ لِلَّذِينَ أَحۡسَنُواْ فِي هَٰذِهِ ٱلدُّنۡيَا حَسَنَةٞۗ وَأَرۡضُ ٱللَّهِ وَٰسِعَةٌۗ إِنَّمَا يُوَفَّى ٱلصَّـٰبِرُونَ أَجۡرَهُم بِغَيۡرِ حِسَابٖ
জনাই দিয়া, ‘হে মোৰ মুমিন বান্দাসকল! তোমালোকে নিজ প্ৰতিপালকৰ তাক্বৱা অৱলম্বন কৰা। যিসকলে এই পাৰ্থিৱ জীৱনত কল্যাণকৰ কাম কৰে তেওঁলোকৰ বাবে আছে কল্যাণ। আল্লাহৰ পৃথিৱী বিশাল প্ৰশস্ত, নিশ্চয় ধৈৰ্য্যশীলসকলক তেওঁলোকৰ প্ৰতিদান অগণিতভাৱে পৰিপূৰ্ণৰূপে প্ৰদান কৰা হ’ব’।

11 - Az-Zumar (The Troops) - 011

قُلۡ إِنِّيٓ أُمِرۡتُ أَنۡ أَعۡبُدَ ٱللَّهَ مُخۡلِصٗا لَّهُ ٱلدِّينَ
কোৱা, ‘মোক আদেশ কৰা হৈছে, মই যেন আল্লাহৰ আনুগত্যত একনিষ্ঠ হৈ কেৱল তেওঁৰেই ইবাদত কৰোঁ,

12 - Az-Zumar (The Troops) - 012

وَأُمِرۡتُ لِأَنۡ أَكُونَ أَوَّلَ ٱلۡمُسۡلِمِينَ
‘মোক আৰু আদেশ কৰা হৈছে, ময়ে যেন আত্মসমৰ্পণকাৰী (মুছলিম)সকলৰ মাজত অগ্ৰণী হওঁ’।

13 - Az-Zumar (The Troops) - 013

قُلۡ إِنِّيٓ أَخَافُ إِنۡ عَصَيۡتُ رَبِّي عَذَابَ يَوۡمٍ عَظِيمٖ
কোৱা, ‘মই যদি মোৰ প্ৰতিপালকৰ অবাধ্যতা কৰোঁ, তেন্তে নিশ্চয় মই ভয় কৰোঁ যে, মহা দিৱসৰ শাস্তিয়ে মোক গ্ৰাস কৰিব’।

14 - Az-Zumar (The Troops) - 014

قُلِ ٱللَّهَ أَعۡبُدُ مُخۡلِصٗا لَّهُۥ دِينِي
কোৱা, ‘মই আল্লাহৰ প্ৰতি মোৰ আনুগত্যক একনিষ্ঠ কৰি কেৱল তেওঁৰেই ইবাদত কৰোঁ’।

15 - Az-Zumar (The Troops) - 015

فَٱعۡبُدُواْ مَا شِئۡتُم مِّن دُونِهِۦۗ قُلۡ إِنَّ ٱلۡخَٰسِرِينَ ٱلَّذِينَ خَسِرُوٓاْ أَنفُسَهُمۡ وَأَهۡلِيهِمۡ يَوۡمَ ٱلۡقِيَٰمَةِۗ أَلَا ذَٰلِكَ هُوَ ٱلۡخُسۡرَانُ ٱلۡمُبِينُ
‘এতেকে তোমালোকে আল্লাহৰ পৰিবৰ্তে যাক ইচ্ছা কৰা তাৰে ইবাদত কৰা’। কোৱা, ‘প্ৰকৃত ক্ষতিগ্ৰস্ত হৈছে সেইসকল লোক, যিসকলে কিয়ামতৰ দিনা নিজৰ আৰু নিজ পৰিয়ালবৰ্গৰ ক্ষতি সাধন কৰিব। জানি থোৱা! এইটোৱেই হৈছে সুস্পষ্ট ক্ষতি’।

16 - Az-Zumar (The Troops) - 016

لَهُم مِّن فَوۡقِهِمۡ ظُلَلٞ مِّنَ ٱلنَّارِ وَمِن تَحۡتِهِمۡ ظُلَلٞۚ ذَٰلِكَ يُخَوِّفُ ٱللَّهُ بِهِۦ عِبَادَهُۥۚ يَٰعِبَادِ فَٱتَّقُونِ
সিহঁতৰ বাবে সিহঁতৰ ওপৰতো থাকিব অগ্নিৰ স্তৰ আৰু তলফালেও থাকিব অগ্নিৰ স্তৰ। এইবোৰ শাস্তিৰ দ্বাৰাই আল্লাহে তেওঁৰ বান্দাসকলক সতৰ্ক কৰে। হে মোৰ বান্দাসকল! এতেকে তোমালোকে কেৱল মোকেই ভয় কৰা।

17 - Az-Zumar (The Troops) - 017

وَٱلَّذِينَ ٱجۡتَنَبُواْ ٱلطَّـٰغُوتَ أَن يَعۡبُدُوهَا وَأَنَابُوٓاْ إِلَى ٱللَّهِ لَهُمُ ٱلۡبُشۡرَىٰۚ فَبَشِّرۡ عِبَادِ
আনহাতে যিসকলে তাগূতৰ ইবাদত পৰিহাৰ কৰে আৰু কেৱল আল্লাহৰ অভিমুখী হয় তেওঁলোকৰ বাবে আছে সুসংবাদ। এতেকে মোৰ বান্দাসকলক সুসংবাদ দিয়া,

18 - Az-Zumar (The Troops) - 018

ٱلَّذِينَ يَسۡتَمِعُونَ ٱلۡقَوۡلَ فَيَتَّبِعُونَ أَحۡسَنَهُۥٓۚ أُوْلَـٰٓئِكَ ٱلَّذِينَ هَدَىٰهُمُ ٱللَّهُۖ وَأُوْلَـٰٓئِكَ هُمۡ أُوْلُواْ ٱلۡأَلۡبَٰبِ
যিসকলে মনোযোগ সহকাৰে কথা শুনে আৰু তাৰ মাজৰ উত্তম কথাৰ অনুসৰণ কৰে। সেইসকল লোককেই আল্লাহে হিদায়ত দান কৰিছে আৰু তেওঁলোকেই হৈছে বোধশক্তিসম্পন্ন।

19 - Az-Zumar (The Troops) - 019

أَفَمَنۡ حَقَّ عَلَيۡهِ كَلِمَةُ ٱلۡعَذَابِ أَفَأَنتَ تُنقِذُ مَن فِي ٱلنَّارِ
যাৰ ওপৰত শাস্তিৰ আদেশ সাব্যস্ত হৈছে, এতেকে জাহান্নামত থকা সেই ব্যক্তিক তুমি ৰক্ষা কৰিব পাৰিবানে?

20 - Az-Zumar (The Troops) - 020

لَٰكِنِ ٱلَّذِينَ ٱتَّقَوۡاْ رَبَّهُمۡ لَهُمۡ غُرَفٞ مِّن فَوۡقِهَا غُرَفٞ مَّبۡنِيَّةٞ تَجۡرِي مِن تَحۡتِهَا ٱلۡأَنۡهَٰرُۖ وَعۡدَ ٱللَّهِ لَا يُخۡلِفُ ٱللَّهُ ٱلۡمِيعَادَ
কিন্তু যিসকলে নিজ প্ৰতিপালকৰ তাক্বৱা অৱলম্বন কৰে, তেওঁলোকৰ বাবে আছে বহুতো অট্টালিকা, যাৰ ওপৰতো নিৰ্মিত আছে অট্টালিকা, যাৰ তলত নদীসমূহ প্ৰবাহিত আছে; এইটো আল্লাহৰ প্ৰতিশ্ৰুতি, আল্লাহে প্ৰতিশ্ৰুতি ভংগ নকৰে।

21 - Az-Zumar (The Troops) - 021

أَلَمۡ تَرَ أَنَّ ٱللَّهَ أَنزَلَ مِنَ ٱلسَّمَآءِ مَآءٗ فَسَلَكَهُۥ يَنَٰبِيعَ فِي ٱلۡأَرۡضِ ثُمَّ يُخۡرِجُ بِهِۦ زَرۡعٗا مُّخۡتَلِفًا أَلۡوَٰنُهُۥ ثُمَّ يَهِيجُ فَتَرَىٰهُ مُصۡفَرّٗا ثُمَّ يَجۡعَلُهُۥ حُطَٰمًاۚ إِنَّ فِي ذَٰلِكَ لَذِكۡرَىٰ لِأُوْلِي ٱلۡأَلۡبَٰبِ
তুমি লক্ষ্য কৰা নাইনে, আল্লাহে আকাশৰ পৰা পানী বৰ্ষণ কৰে, তাৰ পিছত সেয়া ভূমিত প্ৰস্ৰৱন হিচাপে প্ৰবাহিত কৰে, তাৰ পিছত সেইটোৰ জৰিয়তে নানা ধৰণৰ ফচল উৎপন্ন কৰে, অৱশেষত সেই ফচল পকি যায়। ফলত তুমি সেই ফচলক হালধীয়া বৰ্ণত দেখিবলৈ পোৱা, শেষত তেওঁ সেইটোক খেৰকুটাত পৰিণত কৰে? নিশ্চয় ইয়াত উপদেশ আছে বোধশক্তি সম্পন্ন ব্যক্তিসকলৰ বাবে।

22 - Az-Zumar (The Troops) - 022

أَفَمَن شَرَحَ ٱللَّهُ صَدۡرَهُۥ لِلۡإِسۡلَٰمِ فَهُوَ عَلَىٰ نُورٖ مِّن رَّبِّهِۦۚ فَوَيۡلٞ لِّلۡقَٰسِيَةِ قُلُوبُهُم مِّن ذِكۡرِ ٱللَّهِۚ أُوْلَـٰٓئِكَ فِي ضَلَٰلٖ مُّبِينٍ
আল্লাহে ইছলামৰ বাবে যাৰ বুকু উন্মুক্ত কৰি দিছে, ফলত তেওঁ নিজ প্ৰতিপালকৰ তৰফৰ পৰা (অহা) নূৰৰ ওপৰত আছে, (এওঁ সেই ব্যক্তিৰ দৰে নেকি যিজন হিদায়তৰ ওপৰত নাই?) এতেকে দুৰ্ভোগ সেইসকল লোকৰ বাবে, যিসকলে আল্লাহৰ স্মৰণৰ পৰা বিমুখ হোৱাত সিহঁতৰ অন্তৰ কঠোৰ হৈ পৰিছে! সিহঁত আছে স্পষ্ট বিভ্ৰান্তিত।

23 - Az-Zumar (The Troops) - 023

ٱللَّهُ نَزَّلَ أَحۡسَنَ ٱلۡحَدِيثِ كِتَٰبٗا مُّتَشَٰبِهٗا مَّثَانِيَ تَقۡشَعِرُّ مِنۡهُ جُلُودُ ٱلَّذِينَ يَخۡشَوۡنَ رَبَّهُمۡ ثُمَّ تَلِينُ جُلُودُهُمۡ وَقُلُوبُهُمۡ إِلَىٰ ذِكۡرِ ٱللَّهِۚ ذَٰلِكَ هُدَى ٱللَّهِ يَهۡدِي بِهِۦ مَن يَشَآءُۚ وَمَن يُضۡلِلِ ٱللَّهُ فَمَا لَهُۥ مِنۡ هَادٍ
আল্লাহে অৱতীৰ্ণ কৰিছে উত্তম হাদীছ (বাণী) সম্বলিত এনেকুৱা এখন কিতাব, য’ত পাৰস্পৰিক সাদৃশ্যপূৰ্ণ একেই কথাকে নানা ধৰণে বাৰে বাৰে কোৱা হৈছে। ফলত যিসকলে নিজ প্ৰতিপালকক ভয় কৰে, ইয়াৰ দ্বাৰা তেওঁলোকৰ শৰীৰ শিয়ঁৰি উঠে, তাৰ পিছত তেওঁলোকৰ দেহ-মন বিনম্ৰ হৈ আল্লাহৰ স্মৰণত ধাৱিত হয়। এইটোৱেই হৈছে আল্লাহৰ হিদায়ত, তেওঁ ইয়াৰ দ্বাৰা যাক ইচ্ছা কৰে হিদায়ত কৰে। কিন্তু আল্লাহে যাক বিভ্ৰান্ত কৰে তাৰ হিদায়তকাৰী কোনো নাই।

24 - Az-Zumar (The Troops) - 024

أَفَمَن يَتَّقِي بِوَجۡهِهِۦ سُوٓءَ ٱلۡعَذَابِ يَوۡمَ ٱلۡقِيَٰمَةِۚ وَقِيلَ لِلظَّـٰلِمِينَ ذُوقُواْ مَا كُنتُمۡ تَكۡسِبُونَ
যি ব্যক্তিয়ে কিয়ামতৰ দিনা নিজৰ মুখমণ্ডলৰ দ্বাৰা কঠিন শাস্তি ৰোধ কৰিবলৈ চেষ্টা কৰিব, (সি তেওঁৰ দৰে নেকি যিজন নিৰাপদ থাকিব?) আৰু যালিমসকলক কোৱা হ’ব, ‘তোমালোকে যি কৰ্ম কৰিছিলা তাৰেই শাস্তি উপভোগ কৰা’।

25 - Az-Zumar (The Troops) - 025

كَذَّبَ ٱلَّذِينَ مِن قَبۡلِهِمۡ فَأَتَىٰهُمُ ٱلۡعَذَابُ مِنۡ حَيۡثُ لَا يَشۡعُرُونَ
সিহঁতৰ পূৰ্বৱৰ্তীসকলেও অস্বীকাৰ কৰিছিল, ফলত সিহঁতৰ প্ৰতি শাস্তি এনেকৈ আহিছিল যে, সিহঁতে উপলব্ধিও কৰিব পৰা নাছিল।

26 - Az-Zumar (The Troops) - 026

فَأَذَاقَهُمُ ٱللَّهُ ٱلۡخِزۡيَ فِي ٱلۡحَيَوٰةِ ٱلدُّنۡيَاۖ وَلَعَذَابُ ٱلۡأٓخِرَةِ أَكۡبَرُۚ لَوۡ كَانُواْ يَعۡلَمُونَ
ফলত আল্লাহে সিহঁতক পাৰ্থিৱ জীৱনতে লাঞ্ছনা ভোগ কৰোৱাইছিল আৰু আখিৰাতৰ শাস্তি ইয়াতকৈও কঠিন। হায়! যদি সিহঁত জানিলেহেঁতেন!

27 - Az-Zumar (The Troops) - 027

وَلَقَدۡ ضَرَبۡنَا لِلنَّاسِ فِي هَٰذَا ٱلۡقُرۡءَانِ مِن كُلِّ مَثَلٖ لَّعَلَّهُمۡ يَتَذَكَّرُونَ
নিশ্চয় আমি এই কোৰআনত মানুহৰ বাবে সৰ্বপ্ৰকাৰ দৃষ্টান্ত উপস্থাপন কৰিছোঁ, যাতে সিহঁতে উপদেশ গ্ৰহণ কৰিব পাৰে।

28 - Az-Zumar (The Troops) - 028

قُرۡءَانًا عَرَبِيًّا غَيۡرَ ذِي عِوَجٖ لَّعَلَّهُمۡ يَتَّقُونَ
আৰবী ভাষাত এই কোৰআন (অৱতীৰ্ণ), ইয়াৰ মাজত কোনো ধৰণৰ জটিলতা নাই, যাতে সিহঁতে তাক্বৱা অৱলম্বন কৰিব পাৰে।

29 - Az-Zumar (The Troops) - 029

ضَرَبَ ٱللَّهُ مَثَلٗا رَّجُلٗا فِيهِ شُرَكَآءُ مُتَشَٰكِسُونَ وَرَجُلٗا سَلَمٗا لِّرَجُلٍ هَلۡ يَسۡتَوِيَانِ مَثَلًاۚ ٱلۡحَمۡدُ لِلَّهِۚ بَلۡ أَكۡثَرُهُمۡ لَا يَعۡلَمُونَ
আল্লাহে এটা দৃষ্টান্ত উপস্থাপন কৰিছে: এজন ব্যক্তি, যাৰ কেইবাজনো মনিব আছে, যিসকল পৰস্পৰ বিৰুদ্ধভাবাপন্ন, পক্ষান্তৰে আন এজন ব্যক্তিৰ কেৱল এজনেই মনিব আছে; এই দুয়োজন ব্যক্তিৰ অৱস্থা একে হ’ব পাৰেনে? সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰেই; কিন্তু সিহঁতৰ অধিকাংশই নাজানে।

30 - Az-Zumar (The Troops) - 030

إِنَّكَ مَيِّتٞ وَإِنَّهُم مَّيِّتُونَ
নিশ্চয় তুমি মৰণশীল আৰু সিহঁতেও মৰণশীল।

31 - Az-Zumar (The Troops) - 031

ثُمَّ إِنَّكُمۡ يَوۡمَ ٱلۡقِيَٰمَةِ عِندَ رَبِّكُمۡ تَخۡتَصِمُونَ
এতেকে কিয়ামতৰ দিনা নিশ্চয় তোমালোকে নিজ প্ৰতিপালকৰ সন্মুখত পৰস্পৰে বাক-বিতণ্ডা কৰিবা।

32 - Az-Zumar (The Troops) - 032

۞فَمَنۡ أَظۡلَمُ مِمَّن كَذَبَ عَلَى ٱللَّهِ وَكَذَّبَ بِٱلصِّدۡقِ إِذۡ جَآءَهُۥٓۚ أَلَيۡسَ فِي جَهَنَّمَ مَثۡوٗى لِّلۡكَٰفِرِينَ
এতেকে যি ব্যক্তিয়ে আল্লাহ সম্পৰ্কে মিছা আৰোপ কৰে আৰু সত্য অহাৰ পিছতো তাক অস্বীকাৰ কৰে, সেইজনতকৈ ডাঙৰ যালিম আৰুনো কোন হ’ব পাৰে? কাফিৰসকলৰ আবাসস্থল জাহান্নাম নহয়নে বাৰু?

33 - Az-Zumar (The Troops) - 033

وَٱلَّذِي جَآءَ بِٱلصِّدۡقِ وَصَدَّقَ بِهِۦٓ أُوْلَـٰٓئِكَ هُمُ ٱلۡمُتَّقُونَ
আনহাতে যিয়ে সত্য লৈ আহিছে আৰু সত্যক সত্য বুলি মানি লৈছে, তেওঁলোকেই হৈছে মুত্তাক্বী।

34 - Az-Zumar (The Troops) - 034

لَهُم مَّا يَشَآءُونَ عِندَ رَبِّهِمۡۚ ذَٰلِكَ جَزَآءُ ٱلۡمُحۡسِنِينَ
তেওঁলোকৰ বাবে তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত সেই সকলো বস্তু উপলব্ধ আছে যিটো তেওঁলোকে বিচাৰিব। এইটোৱেই হৈছে সৎকৰ্মশীল লোকৰ পুৰস্কাৰ।

35 - Az-Zumar (The Troops) - 035

لِيُكَفِّرَ ٱللَّهُ عَنۡهُمۡ أَسۡوَأَ ٱلَّذِي عَمِلُواْ وَيَجۡزِيَهُمۡ أَجۡرَهُم بِأَحۡسَنِ ٱلَّذِي كَانُواْ يَعۡمَلُونَ
কাৰণ তেওঁলোকে যিবোৰ অসৎকৰ্ম কৰিছিল আল্লাহে সেইবোৰ ক্ষমা কৰি দিব আৰু তেওঁলোকক তেওঁলোকৰ সৰ্বোত্তম কৰ্মৰ বাবে পুৰস্কৃত কৰিব।

36 - Az-Zumar (The Troops) - 036

أَلَيۡسَ ٱللَّهُ بِكَافٍ عَبۡدَهُۥۖ وَيُخَوِّفُونَكَ بِٱلَّذِينَ مِن دُونِهِۦۚ وَمَن يُضۡلِلِ ٱللَّهُ فَمَا لَهُۥ مِنۡ هَادٖ
আল্লাহ তেওঁৰ বান্দাৰ বাবে যথেষ্ট নহয়নে? অথচ সিহঁতে তোমাক আল্লাহৰ পৰিবৰ্তে আনৰ ভয় দেখুৱায়। আল্লাহে যাক পথভ্ৰষ্ট কৰে তাৰ বাবে কোনো হিদায়তকাৰী নাই।

37 - Az-Zumar (The Troops) - 037

وَمَن يَهۡدِ ٱللَّهُ فَمَا لَهُۥ مِن مُّضِلٍّۗ أَلَيۡسَ ٱللَّهُ بِعَزِيزٖ ذِي ٱنتِقَامٖ
এইদৰে যাক আল্লাহে হিদায়ত কৰে, তাক পথভ্ৰষ্ট কৰিবলৈও কোনো নাই; তেন্তে আল্লাহ মহা পৰাক্ৰমশালী, প্ৰতিশোধ গ্ৰহণকাৰী নহয়নে বাৰু?

38 - Az-Zumar (The Troops) - 038

وَلَئِن سَأَلۡتَهُم مَّنۡ خَلَقَ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضَ لَيَقُولُنَّ ٱللَّهُۚ قُلۡ أَفَرَءَيۡتُم مَّا تَدۡعُونَ مِن دُونِ ٱللَّهِ إِنۡ أَرَادَنِيَ ٱللَّهُ بِضُرٍّ هَلۡ هُنَّ كَٰشِفَٰتُ ضُرِّهِۦٓ أَوۡ أَرَادَنِي بِرَحۡمَةٍ هَلۡ هُنَّ مُمۡسِكَٰتُ رَحۡمَتِهِۦۚ قُلۡ حَسۡبِيَ ٱللَّهُۖ عَلَيۡهِ يَتَوَكَّلُ ٱلۡمُتَوَكِّلُونَ
আৰু তুমি যদি সিহঁতক সোধা, ‘আকাশসমূহ আৰু পৃথিৱী কোনে সৃষ্টি কৰিছে’? সিহঁতে নিশ্চয় ক’ব, ‘আল্লাহে’। কোৱা, ‘তোমালোকে ভাবিছানে, আল্লাহে যদি মোক অনিষ্ট কৰিব বিচাৰে তেন্তে তোমালোকে আল্লাহৰ পৰিবৰ্তে যিবোৰক আহ্বান কৰা সিহঁতে সেই অনিষ্ট দূৰ কৰিব পাৰিবনে? অথবা তেওঁ যদি মোৰ প্ৰতি অনুগ্ৰহ কৰিব বিচাৰে তেন্তে সিহঁতে সেই অনুগ্ৰহক ৰোধ কৰিব পাৰিবনে’? কোৱা, ‘মোৰ বাবে আল্লাহেই যথেষ্ট’। নিৰ্ভৰকাৰীসকলে তেওঁৰ ওপৰতেই নিৰ্ভৰ কৰে।

39 - Az-Zumar (The Troops) - 039

قُلۡ يَٰقَوۡمِ ٱعۡمَلُواْ عَلَىٰ مَكَانَتِكُمۡ إِنِّي عَٰمِلٞۖ فَسَوۡفَ تَعۡلَمُونَ
কোৱা, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে নিজ নিজ স্থানত কাম কৰি যোৱা, নিশ্চয় মই মোৰ কাম কৰি যাম। এতেকে শীঘ্ৰেই তোমালোকে (তোমালোকৰ পৰিণাম) জানিবলৈ পাবা,

40 - Az-Zumar (The Troops) - 040

مَن يَأۡتِيهِ عَذَابٞ يُخۡزِيهِ وَيَحِلُّ عَلَيۡهِ عَذَابٞ مُّقِيمٌ
‘কাৰ ওপৰত আহিব লাঞ্ছনাদায়ক শাস্তি আৰু আপতিত হ’ব স্থায়ী শাস্তি’।

41 - Az-Zumar (The Troops) - 041

إِنَّآ أَنزَلۡنَا عَلَيۡكَ ٱلۡكِتَٰبَ لِلنَّاسِ بِٱلۡحَقِّۖ فَمَنِ ٱهۡتَدَىٰ فَلِنَفۡسِهِۦۖ وَمَن ضَلَّ فَإِنَّمَا يَضِلُّ عَلَيۡهَاۖ وَمَآ أَنتَ عَلَيۡهِم بِوَكِيلٍ
নিশ্চয় আমি তোমাৰ প্ৰতি মানুহৰ বাবে যথাযথভাৱে কিতাব অৱতীৰ্ণ কৰিছোঁ, এতেকে যিয়ে সৎপথ অৱলম্বন কৰে সি নিজৰ কল্যাণৰ বাবেই কৰে আৰু যিয়ে বিপথগামী হয় সি নিজৰ ধ্বংসৰ বাবেই হয়, আৰু তুমি সিহঁতৰ ওপৰত তত্ত্বাৱধায়ক নহয়।

42 - Az-Zumar (The Troops) - 042

ٱللَّهُ يَتَوَفَّى ٱلۡأَنفُسَ حِينَ مَوۡتِهَا وَٱلَّتِي لَمۡ تَمُتۡ فِي مَنَامِهَاۖ فَيُمۡسِكُ ٱلَّتِي قَضَىٰ عَلَيۡهَا ٱلۡمَوۡتَ وَيُرۡسِلُ ٱلۡأُخۡرَىٰٓ إِلَىٰٓ أَجَلٖ مُّسَمًّىۚ إِنَّ فِي ذَٰلِكَ لَأٓيَٰتٖ لِّقَوۡمٖ يَتَفَكَّرُونَ
আল্লাহেই প্ৰাণীসকলৰ প্ৰাণ হৰণ কৰে সিহঁতৰ মৃত্যুৰ সময়ত, আৰু যিসকলে মৃত্যুবৰণ কৰা নাই সিহঁতৰো (প্ৰাণ হৰণ কৰে) নিদ্ৰা অৱস্থাত। তাৰ পিছত তেওঁ যাৰ বাবে মৃত্যুৰ সিদ্ধান্ত গ্ৰহণ কৰে, তাৰ প্ৰাণ তেওঁ ৰাখি দিয়ে আৰু আনবোৰক এৰি দিয়ে, এটা নিৰ্দিষ্ট সময়লৈকে। নিশ্চয় ইয়াত নিদৰ্শন আছে এনে সম্প্ৰদায়ৰ বাবে, যিসকলে গৱেষণা কৰে।

43 - Az-Zumar (The Troops) - 043

أَمِ ٱتَّخَذُواْ مِن دُونِ ٱللَّهِ شُفَعَآءَۚ قُلۡ أَوَلَوۡ كَانُواْ لَا يَمۡلِكُونَ شَيۡـٔٗا وَلَا يَعۡقِلُونَ
তেন্তে সিহঁতে আল্লাহৰ বাহিৰে আনক চুপাৰিছকাৰী বনাই লৈছে নেকি? কোৱা, ‘সিহঁতৰ কোনো ক্ষমতা নাথাকিলেও আৰু সিহঁতে একো বুজি নাপালেও (তোমালোকে সিহঁতক মধ্যস্থতাকাৰী বনাই লবানে)’?

44 - Az-Zumar (The Troops) - 044

قُل لِّلَّهِ ٱلشَّفَٰعَةُ جَمِيعٗاۖ لَّهُۥ مُلۡكُ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۖ ثُمَّ إِلَيۡهِ تُرۡجَعُونَ
কোৱা, ‘সকলো ধৰণৰ মধ্যস্থতা কেৱল আল্লাহৰেই অধীনস্থ, আকাশসমূহ আৰু পৃথিৱীৰ ৰাজত্ব তেওঁৰেই, তাৰ পিছত তেওঁৰ ওচৰতেই তোমালোকক প্ৰত্যাৱৰ্তিত কৰোৱা হ’ব’।

45 - Az-Zumar (The Troops) - 045

وَإِذَا ذُكِرَ ٱللَّهُ وَحۡدَهُ ٱشۡمَأَزَّتۡ قُلُوبُ ٱلَّذِينَ لَا يُؤۡمِنُونَ بِٱلۡأٓخِرَةِۖ وَإِذَا ذُكِرَ ٱلَّذِينَ مِن دُونِهِۦٓ إِذَا هُمۡ يَسۡتَبۡشِرُونَ
আৰু যেতিয়া কেৱল এক আল্লাহৰ কথা কোৱা হয় তেতিয়া যিসকলে আখিৰাতৰ প্ৰতি বিশ্বাস নকৰে সিহঁতৰ অন্তৰ বিতৃষ্ণাত সংকুচিত হয়। কিন্তু আল্লাহৰ পৰিবৰ্তে আন উপাস্যবোৰৰ কথা উল্লেখ কৰা হ’লে তেতিয়াই সিহঁতে আনন্দত উৎফুল্লিত হয়।

46 - Az-Zumar (The Troops) - 046

قُلِ ٱللَّهُمَّ فَاطِرَ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ عَٰلِمَ ٱلۡغَيۡبِ وَٱلشَّهَٰدَةِ أَنتَ تَحۡكُمُ بَيۡنَ عِبَادِكَ فِي مَا كَانُواْ فِيهِ يَخۡتَلِفُونَ
কোৱা, ‘হে আল্লাহ, আকাশসমূহ আৰু পৃথিৱীৰ স্ৰষ্টা, প্ৰকাশ্য আৰু অপ্ৰকাশ্য বিষয়াদিৰ জ্ঞানী, নিশ্চয় তুমিয়ে তোমাৰ বান্দাসকলৰ মাজত সেই বিষয়ে ফয়চালা কৰি দিবা যি বিষয়ত সিহঁতে মতবিৰোধ কৰি আছে’।

47 - Az-Zumar (The Troops) - 047

وَلَوۡ أَنَّ لِلَّذِينَ ظَلَمُواْ مَا فِي ٱلۡأَرۡضِ جَمِيعٗا وَمِثۡلَهُۥ مَعَهُۥ لَٱفۡتَدَوۡاْ بِهِۦ مِن سُوٓءِ ٱلۡعَذَابِ يَوۡمَ ٱلۡقِيَٰمَةِۚ وَبَدَا لَهُم مِّنَ ٱللَّهِ مَا لَمۡ يَكُونُواْ يَحۡتَسِبُونَ
আৰু যিসকলে সীমালংঘন কৰিছে, পৃথিৱীত থকা সকলো বস্তু যদি সিহঁতৰ হৈ যায়, লগতে ইয়াৰ সমপৰিমাণ বস্তুও যদি সিহঁতৰ থাকে, তেন্তে কিয়ামতৰ দিনা কঠিন শাস্তিৰ পৰা ৰক্ষা পাবলৈ মুক্তিপণস্বৰূপে সেই সকলো সিহঁতে দিবলৈ সাজু হ'ব, আৰু সিহঁতৰ বাবে আল্লাহৰ তৰফৰ পৰা এনেকুৱা কিবা প্ৰকাশিত হ’ব যিটো সিহঁতে কল্পনাও কৰিব পৰা নাই।

48 - Az-Zumar (The Troops) - 048

وَبَدَا لَهُمۡ سَيِّـَٔاتُ مَا كَسَبُواْ وَحَاقَ بِهِم مَّا كَانُواْ بِهِۦ يَسۡتَهۡزِءُونَ
আৰু সিহঁতে যি কৰ্ম কৰিছিল তাৰেই বেয়া পৰিণাম সিহঁতৰ ওচৰত প্ৰকাশ হৈ পৰিব, আৰু সিহঁতে যিটো বিষয়কলৈ ঠাট্টা-বিদ্ৰূপ কৰিছিল সেইটোৱে সিহঁতক পৰিবেষ্টন কৰিব।

49 - Az-Zumar (The Troops) - 049

فَإِذَا مَسَّ ٱلۡإِنسَٰنَ ضُرّٞ دَعَانَا ثُمَّ إِذَا خَوَّلۡنَٰهُ نِعۡمَةٗ مِّنَّا قَالَ إِنَّمَآ أُوتِيتُهُۥ عَلَىٰ عِلۡمِۭۚ بَلۡ هِيَ فِتۡنَةٞ وَلَٰكِنَّ أَكۡثَرَهُمۡ لَا يَعۡلَمُونَ
এতেকে যেতিয়া কোনো বিপদ-আপদে মানুহক স্পৰ্শ কৰে, তেতিয়া সি কেৱল মোকেই আহ্বান কৰে, তাৰ পিছত যেতিয়া আমি তাক আমাৰ কোনো নিয়ামতৰ অধিকাৰী কৰোঁ তেতিয়া সি কয়, ‘এইটো মোক কেৱল মোৰ জ্ঞানৰ কাৰণেহে দিয়া হৈছে’। বৰং এইটো এটা পৰীক্ষা, কিন্তু সিহঁতৰ সৰহভাগেই সেয়া নাজানে।

50 - Az-Zumar (The Troops) - 050

قَدۡ قَالَهَا ٱلَّذِينَ مِن قَبۡلِهِمۡ فَمَآ أَغۡنَىٰ عَنۡهُم مَّا كَانُواْ يَكۡسِبُونَ
নিশ্চয় সিহঁতৰ পূৰ্বৱৰ্তীসকলেও এইটোৱেই কৈছিল, কিন্তু সিহঁতে যি অৰ্জন কৰিছিল সেয়া সিহঁতৰ কোনো কামত অহা নাছিল।

51 - Az-Zumar (The Troops) - 051

فَأَصَابَهُمۡ سَيِّـَٔاتُ مَا كَسَبُواْۚ وَٱلَّذِينَ ظَلَمُواْ مِنۡ هَـٰٓؤُلَآءِ سَيُصِيبُهُمۡ سَيِّـَٔاتُ مَا كَسَبُواْ وَمَا هُم بِمُعۡجِزِينَ
এতেকে সিহঁতৰ কৃতকৰ্মৰ বেয়া পৰিণাম সিহঁতৰ ওপৰতেই আপতিত হৈছে; আৰু ইহঁতৰ মাজৰ যিসকলে যুলুম কৰে, ইহঁতৰ ওপৰতো শীঘ্ৰেই ইহঁতৰ কৃতকৰ্মৰ বেয়া পৰিণাম আপতিত হ’ব, আৰু ইহঁতে (সেই শাস্তিক কেতিয়াও) ৰোধ কৰিব নোৱাৰিব।

52 - Az-Zumar (The Troops) - 052

أَوَلَمۡ يَعۡلَمُوٓاْ أَنَّ ٱللَّهَ يَبۡسُطُ ٱلرِّزۡقَ لِمَن يَشَآءُ وَيَقۡدِرُۚ إِنَّ فِي ذَٰلِكَ لَأٓيَٰتٖ لِّقَوۡمٖ يُؤۡمِنُونَ
সিহঁতে নাজানে নেকি যে, আল্লাহে যাৰ বাবে ইচ্ছা কৰে তাৰ বাবে জীৱিকা প্ৰশস্ত কৰি দিয়ে আৰু সংকুচিতও কৰি দিয়ে? নিশ্চয় ইয়াত বহুতো নিদৰ্শন আছে এনে সম্প্ৰদায়ৰ বাবে, যিসকলে ঈমান পোষণ কৰে।

53 - Az-Zumar (The Troops) - 053

۞قُلۡ يَٰعِبَادِيَ ٱلَّذِينَ أَسۡرَفُواْ عَلَىٰٓ أَنفُسِهِمۡ لَا تَقۡنَطُواْ مِن رَّحۡمَةِ ٱللَّهِۚ إِنَّ ٱللَّهَ يَغۡفِرُ ٱلذُّنُوبَ جَمِيعًاۚ إِنَّهُۥ هُوَ ٱلۡغَفُورُ ٱلرَّحِيمُ
(সিহঁতক) জনাই দিয়া, ‘হে মোৰ বান্দাসকল! তোমালোকৰ মাজৰ যিসকলে নিজৰ ওপৰত অন্যায় কৰিছা, আল্লাহৰ অনুগ্ৰহৰ পৰা (কেতিয়াও) নিৰাশ নহ’বা, নিশ্চয় আল্লাহে সকলো পাপ ক্ষমা কৰি দিব। নিশ্চয় তেওঁ পৰম ক্ষমাশীল, পৰম দয়ালু’।

54 - Az-Zumar (The Troops) - 054

وَأَنِيبُوٓاْ إِلَىٰ رَبِّكُمۡ وَأَسۡلِمُواْ لَهُۥ مِن قَبۡلِ أَن يَأۡتِيَكُمُ ٱلۡعَذَابُ ثُمَّ لَا تُنصَرُونَ
আৰু তোমালোকে নিজ প্ৰতিপালকৰ অভিমুখী হোৱা আৰু তোমালোকৰ ওপৰত শাস্তি অহাৰ আগতেই তোমালোকে তেওঁৰ ওচৰত আত্মসমৰ্পন কৰা, ইয়াৰ পিছত কিন্তু তোমালোকক সহায় কৰা নহ’ব।

55 - Az-Zumar (The Troops) - 055

وَٱتَّبِعُوٓاْ أَحۡسَنَ مَآ أُنزِلَ إِلَيۡكُم مِّن رَّبِّكُم مِّن قَبۡلِ أَن يَأۡتِيَكُمُ ٱلۡعَذَابُ بَغۡتَةٗ وَأَنتُمۡ لَا تَشۡعُرُونَ
আৰু তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ প্ৰতি যি উত্তম (গ্ৰন্থ) অৱতীৰ্ণ কৰা হৈছে, তোমালোকৰ ওপৰত অতৰ্কিতভাৱে শাস্তি অহাৰ পূৰ্বেই তোমালোকে তাৰ অনুসৰণ কৰা, অন্যথা (যেতিয়া সেই শাস্তি আহিব) তোমালোকে উপলব্ধিও কৰিব নোৱাৰিবা।

56 - Az-Zumar (The Troops) - 056

أَن تَقُولَ نَفۡسٞ يَٰحَسۡرَتَىٰ عَلَىٰ مَا فَرَّطتُ فِي جَنۢبِ ٱللَّهِ وَإِن كُنتُ لَمِنَ ٱلسَّـٰخِرِينَ
পিছত যাতে কোনোৱেই ক'বলগীয়া নহয় যে, ‘হায় মোৰ দুৰ্ভাগ্য! আল্লাহৰ প্ৰতি থকা মোৰ কৰ্তব্যত মই অৱহেলা কৰিছিলোঁ! আৰু মই উপহাসকাৰী বিলাকৰ অন্তৰ্ভুক্ত আছিলোঁ’।

57 - Az-Zumar (The Troops) - 057

أَوۡ تَقُولَ لَوۡ أَنَّ ٱللَّهَ هَدَىٰنِي لَكُنتُ مِنَ ٱلۡمُتَّقِينَ
অথবা এনেকৈও যাতে ক'বলগীয়া নহয়, ‘হায়! আল্লাহে যদি মোক হিদায়ত কৰিলেহেঁতেন তেন্তে নিশ্চয় মই মুত্তাক্বীসকলৰ অন্তৰ্ভুক্ত হ’লোঁহেঁতেন!’

58 - Az-Zumar (The Troops) - 058

أَوۡ تَقُولَ حِينَ تَرَى ٱلۡعَذَابَ لَوۡ أَنَّ لِي كَرَّةٗ فَأَكُونَ مِنَ ٱلۡمُحۡسِنِينَ
অথবা শাস্তি প্ৰত্যক্ষ কৰাৰ পিছত যাতে কোনোৱেই ক'বলগীয়া নহয়, ‘হায়! যদি মই এবাৰ উভতি যাব পাৰিলোঁহেঁতেন, তেন্তে মই সৎকৰ্মশীলসকলৰ অন্তৰ্ভুক্ত হ’লোঁহেঁতেন!’

59 - Az-Zumar (The Troops) - 059

بَلَىٰ قَدۡ جَآءَتۡكَ ءَايَٰتِي فَكَذَّبۡتَ بِهَا وَٱسۡتَكۡبَرۡتَ وَكُنتَ مِنَ ٱلۡكَٰفِرِينَ
(আল্লাহে ক’ব) হয়, নিশ্চয় তোমাৰ ওচৰলৈ মোৰ নিদৰ্শন আহিছিল, কিন্তু তুমি সেইবোৰক অস্বীকাৰ কৰিছিলা আৰু অহংকাৰ কৰিছিলা; আৰু তুমি আছিলা কাফিৰবিলাকৰ অন্তৰ্ভুক্ত।

60 - Az-Zumar (The Troops) - 060

وَيَوۡمَ ٱلۡقِيَٰمَةِ تَرَى ٱلَّذِينَ كَذَبُواْ عَلَى ٱللَّهِ وُجُوهُهُم مُّسۡوَدَّةٌۚ أَلَيۡسَ فِي جَهَنَّمَ مَثۡوٗى لِّلۡمُتَكَبِّرِينَ
আৰু যিসকলে আল্লাহৰ প্ৰতি মিছা আৰোপ কৰে, তুমি কিয়ামতৰ দিনা দেখিবা সিহঁতৰ মুখ ক’লা পৰিছে। অহংকাৰীবিলাকৰ আবাসস্থল জাহান্নাম নহয়নে বাৰু?

61 - Az-Zumar (The Troops) - 061

وَيُنَجِّي ٱللَّهُ ٱلَّذِينَ ٱتَّقَوۡاْ بِمَفَازَتِهِمۡ لَا يَمَسُّهُمُ ٱلسُّوٓءُ وَلَا هُمۡ يَحۡزَنُونَ
আৰু যিসকলে তাক্বৱা অৱলম্বন কৰিছে, আল্লাহে তেওঁলোকক সফলতাৰে উদ্ধাৰ কৰিব, তেওঁলোকক কোনো অমঙ্গলে স্পৰ্শ কৰিব নোৱাৰিব আৰু তেওঁলোক চিন্তিতও নহ’ব।

62 - Az-Zumar (The Troops) - 062

ٱللَّهُ خَٰلِقُ كُلِّ شَيۡءٖۖ وَهُوَ عَلَىٰ كُلِّ شَيۡءٖ وَكِيلٞ
আল্লাহেই সকলো বস্তুৰ স্ৰষ্টা আৰু তেৱেঁই সকলো বস্তুৰ তত্ত্বাৱধায়ক।

63 - Az-Zumar (The Troops) - 063

لَّهُۥ مَقَالِيدُ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۗ وَٱلَّذِينَ كَفَرُواْ بِـَٔايَٰتِ ٱللَّهِ أُوْلَـٰٓئِكَ هُمُ ٱلۡخَٰسِرُونَ
আকাশসমূহ আৰু পৃথিৱীৰ চাবিসমূহ তেওঁৰ ওচৰতেই। যিসকলে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰে, সিহঁতেই হৈছে ক্ষতিগ্ৰস্ত।

64 - Az-Zumar (The Troops) - 064

قُلۡ أَفَغَيۡرَ ٱللَّهِ تَأۡمُرُوٓنِّيٓ أَعۡبُدُ أَيُّهَا ٱلۡجَٰهِلُونَ
কোৱা, ‘হে অজ্ঞসকল! তোমালোকে মোক আল্লাহৰ বাহিৰে আনৰ ইবাদত কৰিবলৈ নিৰ্দেশ দিয়া নেকি’?

65 - Az-Zumar (The Troops) - 065

وَلَقَدۡ أُوحِيَ إِلَيۡكَ وَإِلَى ٱلَّذِينَ مِن قَبۡلِكَ لَئِنۡ أَشۡرَكۡتَ لَيَحۡبَطَنَّ عَمَلُكَ وَلَتَكُونَنَّ مِنَ ٱلۡخَٰسِرِينَ
নিশ্চয় তোমাৰ প্ৰতি আৰু তোমাৰ পূৰ্বৱৰ্তীসকলৰ প্ৰতি অহী কৰা হৈছে যে, ‘যদি তুমি শ্বিৰ্ক কৰা তেন্তে তোমাৰ সকলো আমল নিষ্ফল হৈ যাব আৰু নিশ্চয় তুমি ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হ’বা।

66 - Az-Zumar (The Troops) - 066

بَلِ ٱللَّهَ فَٱعۡبُدۡ وَكُن مِّنَ ٱلشَّـٰكِرِينَ
‘বৰং তুমি কেৱল আল্লাহৰেই ইবাদত কৰা আৰু কৃতজ্ঞসকলৰ অন্তৰ্ভুক্ত হোৱা’।

67 - Az-Zumar (The Troops) - 067

وَمَا قَدَرُواْ ٱللَّهَ حَقَّ قَدۡرِهِۦ وَٱلۡأَرۡضُ جَمِيعٗا قَبۡضَتُهُۥ يَوۡمَ ٱلۡقِيَٰمَةِ وَٱلسَّمَٰوَٰتُ مَطۡوِيَّـٰتُۢ بِيَمِينِهِۦۚ سُبۡحَٰنَهُۥ وَتَعَٰلَىٰ عَمَّا يُشۡرِكُونَ
আৰু সিহঁতে আল্লাহক যথোচিত সন্মান কৰা নাই, অথচ কিয়ামতৰ দিনা গোটেই পৃথিৱী থাকিব তেওঁৰ হাতৰ মুঠিত আৰু আকাশসমূহ তেওঁৰ সোঁ হাতত মেৰিয়াই থোৱা অৱস্থাত থাকিব। পৱিত্ৰ আৰু মহান তেওঁ, (আনহাতে) সিহঁতে যিবোৰক অংশী স্থাপন কৰে তেওঁ সেইবোৰৰ পৰা বহু উৰ্দ্ধত।

68 - Az-Zumar (The Troops) - 068

وَنُفِخَ فِي ٱلصُّورِ فَصَعِقَ مَن فِي ٱلسَّمَٰوَٰتِ وَمَن فِي ٱلۡأَرۡضِ إِلَّا مَن شَآءَ ٱللَّهُۖ ثُمَّ نُفِخَ فِيهِ أُخۡرَىٰ فَإِذَا هُمۡ قِيَامٞ يَنظُرُونَ
আৰু (সেইদিনা) শিঙাত ফুঁ দিয়া হ’ব। ফলত আকাশসমূহত যিসকল আছে আৰু পৃথিৱীত যিসকল আছে সিহঁত আটায়ে অজ্ঞান হৈ পৰিব, কেৱল আল্লাহে ইচ্ছা কৰা ব্যক্তিসকলৰ বাহিৰে। তাৰ পিছত আকৌ শিঙাত ফুঁ দিয়া হ’ব, ফলত তৎক্ষণাত সিহঁতে থিয় হৈ থৰ লাগি চাই থাকিব।

69 - Az-Zumar (The Troops) - 069

وَأَشۡرَقَتِ ٱلۡأَرۡضُ بِنُورِ رَبِّهَا وَوُضِعَ ٱلۡكِتَٰبُ وَجِاْيٓءَ بِٱلنَّبِيِّـۧنَ وَٱلشُّهَدَآءِ وَقُضِيَ بَيۡنَهُم بِٱلۡحَقِّ وَهُمۡ لَا يُظۡلَمُونَ
আৰু (সেইদিনা) পৃথিৱী তেওঁৰ প্ৰতিপালকৰ নূৰত উদ্ভাসিত হ'ব আৰু আমলনামা উপস্থাপন কৰা হ'ব। নবীসকলক আৰু সাক্ষীসকলক উপস্থিত কৰা হ'ব আৰু তেওঁলোকৰ মাজত ন্যায় বিচাৰ কৰা হ'ব, এনেকৈ যে সিহঁতৰ প্ৰতি কোনো ধৰণৰ অন্যায় কৰা নহ’ব।

70 - Az-Zumar (The Troops) - 070

وَوُفِّيَتۡ كُلُّ نَفۡسٖ مَّا عَمِلَتۡ وَهُوَ أَعۡلَمُ بِمَا يَفۡعَلُونَ
আৰু প্ৰত্যেককে তাৰ আমলৰ পূৰ্ণ প্ৰতিফল দিয়া হ’ব আৰু সিহঁতে যি আমল কৰে সেই সম্পৰ্কে আল্লাহ সৰ্বাধিক অৱগত।

71 - Az-Zumar (The Troops) - 071

وَسِيقَ ٱلَّذِينَ كَفَرُوٓاْ إِلَىٰ جَهَنَّمَ زُمَرًاۖ حَتَّىٰٓ إِذَا جَآءُوهَا فُتِحَتۡ أَبۡوَٰبُهَا وَقَالَ لَهُمۡ خَزَنَتُهَآ أَلَمۡ يَأۡتِكُمۡ رُسُلٞ مِّنكُمۡ يَتۡلُونَ عَلَيۡكُمۡ ءَايَٰتِ رَبِّكُمۡ وَيُنذِرُونَكُمۡ لِقَآءَ يَوۡمِكُمۡ هَٰذَاۚ قَالُواْ بَلَىٰ وَلَٰكِنۡ حَقَّتۡ كَلِمَةُ ٱلۡعَذَابِ عَلَى ٱلۡكَٰفِرِينَ
আৰু কাফিৰসকলক জাহান্নামৰ ফালে দলে দলে খেদি লৈ যোৱা হ’ব। অৱশেষত যেতিয়া সিহঁতে জাহান্নামৰ ওচৰত গৈ পাব, তেতিয়া ইয়াৰ দুৱাৰসমূহ খুলি দিয়া হ’ব আৰু জাহান্নামৰ ৰক্ষকসকলে সিহঁতক সুধিব, ‘তোমালোকৰ ওচৰলৈ তোমালোকৰ মাজৰ পৰাই ৰাছুল অহা নাছিলনে, যিসকলে তোমালোকৰ ওচৰত তোমালোকৰ প্ৰতিপালকৰ আয়াতসমূহ তিলাৱত কৰিছিল আৰু এই দিৱসৰ সাক্ষাৎ সম্পৰ্কে তোমালোকক সতৰ্ক কৰিছিল’? সিহঁতে ক’ব, ‘নিশ্চয় আহিছিল’। কিন্তু শাস্তিৰ বাণী কাফিৰসকলৰ ওপৰত সাব্যস্ত হৈছে।

72 - Az-Zumar (The Troops) - 072

قِيلَ ٱدۡخُلُوٓاْ أَبۡوَٰبَ جَهَنَّمَ خَٰلِدِينَ فِيهَاۖ فَبِئۡسَ مَثۡوَى ٱلۡمُتَكَبِّرِينَ
কোৱা হ’ব, ‘তোমালোকে জাহান্নামৰ দুৱাৰেৰে তাত স্থায়ীভাৱে থকাৰ বাবে প্ৰৱেশ কৰা। এতেকে অহংকাৰীবিলাকৰ আবাসস্থল কিমান যে নিকৃষ্ট!

73 - Az-Zumar (The Troops) - 073

وَسِيقَ ٱلَّذِينَ ٱتَّقَوۡاْ رَبَّهُمۡ إِلَى ٱلۡجَنَّةِ زُمَرًاۖ حَتَّىٰٓ إِذَا جَآءُوهَا وَفُتِحَتۡ أَبۡوَٰبُهَا وَقَالَ لَهُمۡ خَزَنَتُهَا سَلَٰمٌ عَلَيۡكُمۡ طِبۡتُمۡ فَٱدۡخُلُوهَا خَٰلِدِينَ
আনহাতে যিসকলে নিজ প্ৰতিপালকৰ তাক্বৱা অৱলম্বন কৰিছিল তেওঁলোকক দলে দলে জান্নাতৰ ফালে লৈ যোৱা হ’ব। অৱশেষত যেতিয়া তেওঁলোকে জান্নাতৰ ওচৰত আহি পাব, আৰু ইয়াৰ দুৱাৰসমূহ খুলি দিয়া হ’ব আৰু জান্নাতৰ ৰক্ষকসকলে তেওঁলোকক ক’ব, ‘আপোনালোকৰ প্ৰতি ছালাম (শান্তি অৱতীৰ্ণ) হওক, আপোনালোক সুখী থাকক।

Scroll to Top