القصص
Al-Qasas
The Stories
1 - Al-Qasas (The Stories) - 001
طسٓمٓ
ত্ব-ছীম-মীম।[1]
[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।
2 - Al-Qasas (The Stories) - 002
تِلۡكَ ءَايَٰتُ ٱلۡكِتَٰبِ ٱلۡمُبِينِ
এইবোৰ হৈছে সুস্পষ্ট কিতাবৰ আয়াত।
3 - Al-Qasas (The Stories) - 003
نَتۡلُواْ عَلَيۡكَ مِن نَّبَإِ مُوسَىٰ وَفِرۡعَوۡنَ بِٱلۡحَقِّ لِقَوۡمٖ يُؤۡمِنُونَ
আমি তোমাৰ ওচৰত মুছা আৰু ফিৰআউনৰ কিছু বৃত্তান্ত যথাযথভাৱে বিবৃত কৰিছোঁ, এনে সম্প্ৰদায়ৰ বাবে যিসকলে ঈমান পোষণ কৰে।
4 - Al-Qasas (The Stories) - 004
إِنَّ فِرۡعَوۡنَ عَلَا فِي ٱلۡأَرۡضِ وَجَعَلَ أَهۡلَهَا شِيَعٗا يَسۡتَضۡعِفُ طَآئِفَةٗ مِّنۡهُمۡ يُذَبِّحُ أَبۡنَآءَهُمۡ وَيَسۡتَحۡيِۦ نِسَآءَهُمۡۚ إِنَّهُۥ كَانَ مِنَ ٱلۡمُفۡسِدِينَ
নিশ্চয় ফিৰআউন পৃথিৱীৰ বুকুত অহংকাৰী হৈছিল, আৰু সেই ঠাইৰ অধিবাসীবিলাকক বিভিন্ন শ্ৰেণীত বিভক্ত কৰি সিহঁতৰ এটা শ্ৰেণীক সি দুৰ্বল কৰি ৰাখিছিল; সিহঁতৰ পুত্ৰসকলক হত্যা কৰিছিল আৰু নাৰীসকলক জীৱিত এৰি দিছিল। নিশ্চয় সি আছিল বিপৰ্যয় সৃষ্টিকাৰী।
5 - Al-Qasas (The Stories) - 005
وَنُرِيدُ أَن نَّمُنَّ عَلَى ٱلَّذِينَ ٱسۡتُضۡعِفُواْ فِي ٱلۡأَرۡضِ وَنَجۡعَلَهُمۡ أَئِمَّةٗ وَنَجۡعَلَهُمُ ٱلۡوَٰرِثِينَ
আৰু সেই দেশত যিসকলক দুৰ্বল কৰি ৰখা হৈছিল আমি সেই মানুহবিলাকৰ ওপৰত অনুগ্ৰহ কৰিব বিচাৰিলোঁ লগতে তেওঁলোকক নেতৃত্ব দান কৰিবলৈ আৰু উত্তৰাধিকাৰী বনাবলৈ ইচ্ছা কৰিলোঁ;
6 - Al-Qasas (The Stories) - 006
وَنُمَكِّنَ لَهُمۡ فِي ٱلۡأَرۡضِ وَنُرِيَ فِرۡعَوۡنَ وَهَٰمَٰنَ وَجُنُودَهُمَا مِنۡهُم مَّا كَانُواْ يَحۡذَرُونَ
আৰু পৃথিৱীত তেওঁলোকক ক্ষমতাত অধিষ্ঠিত কৰিবলৈ বিচাৰিলোঁ, লগতে ফিৰআউন, হামান আৰু সিহঁতৰ সৈন্যবাহিনীক সেইটো দেখুৱাবলৈ ইচ্ছা কৰিলোঁ, যিটো সিহঁতে সেই দুৰ্বল দলৰ পৰা আশংকা কৰিছিল।
7 - Al-Qasas (The Stories) - 007
وَأَوۡحَيۡنَآ إِلَىٰٓ أُمِّ مُوسَىٰٓ أَنۡ أَرۡضِعِيهِۖ فَإِذَا خِفۡتِ عَلَيۡهِ فَأَلۡقِيهِ فِي ٱلۡيَمِّ وَلَا تَخَافِي وَلَا تَحۡزَنِيٓۖ إِنَّا رَآدُّوهُ إِلَيۡكِ وَجَاعِلُوهُ مِنَ ٱلۡمُرۡسَلِينَ
আৰু আমি মুছাৰ মাতৃৰ প্ৰতি নিৰ্দেশ দিলোঁ যে, তাক পিয়াহ খুওৱা; যেতিয়া তুমি ইয়াৰ বিষয়ে কোনো আশংকা কৰিবা, তেতিয়া ইয়াক সাগৰত নিক্ষেপ কৰিবা আৰু ভয় নকৰিবা লগতে চিন্তিতও নহ’বা। নিশ্চয় আমি ইয়াক তোমাৰ ওচৰলৈ ঘূৰাই আনিম আৰু ইয়াক ৰাছুলসকলৰ অন্তৰ্ভুক্ত কৰিম।
8 - Al-Qasas (The Stories) - 008
فَٱلۡتَقَطَهُۥٓ ءَالُ فِرۡعَوۡنَ لِيَكُونَ لَهُمۡ عَدُوّٗا وَحَزَنًاۗ إِنَّ فِرۡعَوۡنَ وَهَٰمَٰنَ وَجُنُودَهُمَا كَانُواْ خَٰطِـِٔينَ
তাৰ পিছত ফিৰআউনৰ পৰিয়ালে তাক (সাগৰৰ পৰা) তুলি ল'লে। পৰিণামত তেৱেঁই সিহঁতৰ শত্ৰু আৰু দুখৰ কাৰণ হ’ল। নিশ্চয় ফিৰআউন, হামান আৰু সিহঁতৰ সৈন্য বাহিনী আছিল অপৰাধী।
9 - Al-Qasas (The Stories) - 009
وَقَالَتِ ٱمۡرَأَتُ فِرۡعَوۡنَ قُرَّتُ عَيۡنٖ لِّي وَلَكَۖ لَا تَقۡتُلُوهُ عَسَىٰٓ أَن يَنفَعَنَآ أَوۡ نَتَّخِذَهُۥ وَلَدٗا وَهُمۡ لَا يَشۡعُرُونَ
ফিৰআউনৰ স্ত্ৰীয়ে ক’লে, ‘এই শিশুটি মোৰ আৰু তোমাৰ নয়ন-প্ৰীতিকৰ। ইয়াক হত্যা নকৰিবা। ই আমাৰ উপকাৰত আহিব পাৰে অথবা আমি ইয়াক সন্তান হিচাপেও গ্ৰহণ কৰিব পাৰোঁ’। দৰাচলতে সিহঁতে ইয়াৰ পৰিণাম উপলব্ধি কৰিব পৰা নাছিল।
10 - Al-Qasas (The Stories) - 010
وَأَصۡبَحَ فُؤَادُ أُمِّ مُوسَىٰ فَٰرِغًاۖ إِن كَادَتۡ لَتُبۡدِي بِهِۦ لَوۡلَآ أَن رَّبَطۡنَا عَلَىٰ قَلۡبِهَا لِتَكُونَ مِنَ ٱلۡمُؤۡمِنِينَ
আৰু ইপিনে মুছাৰ মাতৃৰ হৃদয় অস্থিৰ হৈ পৰিছিল। তেওঁ ইয়াৰ পৰিচয় প্ৰকাশ কৰিয়েই দিলেহেঁতেন, যদি আমি তেওঁৰ অন্তৰক সুদৃঢ় কৰি নিদিলোঁহেঁতেন, যাতে তেওঁ আস্থাশীলসকলৰ অন্তৰ্ভুক্ত হয়।
11 - Al-Qasas (The Stories) - 011
وَقَالَتۡ لِأُخۡتِهِۦ قُصِّيهِۖ فَبَصُرَتۡ بِهِۦ عَن جُنُبٖ وَهُمۡ لَا يَشۡعُرُونَ
আৰু মুছাৰ বায়েকক ক'লে, ইয়াৰ পিছে পিছে যোৱা। তেওঁ দূৰৰ পৰাই ইয়াক দেখি আছিল কিন্তু সিহঁতে (শত্ৰুবিলাকে) সেয়া উপলব্ধি কৰিব পৰা নাছিল।
12 - Al-Qasas (The Stories) - 012
۞وَحَرَّمۡنَا عَلَيۡهِ ٱلۡمَرَاضِعَ مِن قَبۡلُ فَقَالَتۡ هَلۡ أَدُلُّكُمۡ عَلَىٰٓ أَهۡلِ بَيۡتٖ يَكۡفُلُونَهُۥ لَكُمۡ وَهُمۡ لَهُۥ نَٰصِحُونَ
আৰু আমি পূৰ্বৰে পৰা তেওঁৰ বাবে ধাত্ৰী-স্তন্য পান নিষিদ্ধ কৰি দিছিলোঁ। তাৰ পিছত মুছাৰ বায়েকে ক’লে, ‘মই তোমালোকক এনেকুৱা এটা পৰিয়ালৰ সন্ধান দিমনে, যিয়ে তোমালোকৰ হৈ ইয়াক লালন-পালন কৰিব আৰু ইয়াৰ মঙ্গলকামী হ’ব’?
13 - Al-Qasas (The Stories) - 013
فَرَدَدۡنَٰهُ إِلَىٰٓ أُمِّهِۦ كَيۡ تَقَرَّ عَيۡنُهَا وَلَا تَحۡزَنَ وَلِتَعۡلَمَ أَنَّ وَعۡدَ ٱللَّهِ حَقّٞ وَلَٰكِنَّ أَكۡثَرَهُمۡ لَا يَعۡلَمُونَ
তাৰ পিছত আমি তেওঁক ওভতাই দিলোঁ তেওঁৰ মাতৃৰ ওচৰলৈ, যাতে তেওঁৰ চকু জুৰ যায় আৰু চিন্তিত নহয়, আৰু যাতে এইটো জানি লয় যে, আল্লাহৰ প্ৰতিশ্ৰুতি সত্য। কিন্তু সিহঁতৰ সৰহভাগেই নাজানে।
14 - Al-Qasas (The Stories) - 014
وَلَمَّا بَلَغَ أَشُدَّهُۥ وَٱسۡتَوَىٰٓ ءَاتَيۡنَٰهُ حُكۡمٗا وَعِلۡمٗاۚ وَكَذَٰلِكَ نَجۡزِي ٱلۡمُحۡسِنِينَ
আৰু মুছা যেতিয়া যৌৱনত উপনীত হ’ল আৰু প্ৰাপ্তবয়স্কত পৰিণত হ’ল, তেতিয়া আমি তেওঁক হিকমত আৰু জ্ঞান দান কৰিলোঁ, আৰু এইদৰেই আমি মুহছিনসকলক পুৰস্কাৰ প্ৰদান কৰোঁ।
15 - Al-Qasas (The Stories) - 015
وَدَخَلَ ٱلۡمَدِينَةَ عَلَىٰ حِينِ غَفۡلَةٖ مِّنۡ أَهۡلِهَا فَوَجَدَ فِيهَا رَجُلَيۡنِ يَقۡتَتِلَانِ هَٰذَا مِن شِيعَتِهِۦ وَهَٰذَا مِنۡ عَدُوِّهِۦۖ فَٱسۡتَغَٰثَهُ ٱلَّذِي مِن شِيعَتِهِۦ عَلَى ٱلَّذِي مِنۡ عَدُوِّهِۦ فَوَكَزَهُۥ مُوسَىٰ فَقَضَىٰ عَلَيۡهِۖ قَالَ هَٰذَا مِنۡ عَمَلِ ٱلشَّيۡطَٰنِۖ إِنَّهُۥ عَدُوّٞ مُّضِلّٞ مُّبِينٞ
আৰু তেওঁ চহৰত প্ৰৱেশ কৰিলে এনেকুৱা এটা সময়ত, যেতিয়া তাৰ অধিবাসীবিলাক আছিল অসতৰ্ক। তাত তেওঁ দুজন ব্যক্তিক সংঘৰ্ষত লিপ্ত দেখিলে, এজন তেওঁৰ নিজৰ ফৈদৰ আৰু আনজন হৈছে শত্ৰু পক্ষৰ। এতেকে মুছাৰ দলৰ ব্যক্তিজনে নিজৰ শত্ৰুৰ বিৰুদ্ধে তেওঁৰ সহায় বিচাৰিলে, তেতিয়া মুছাই তাক এটা ঘোচা মাৰিলে, ফলত সি (লগে লগে) মৃত্যুবৰণ কৰিলে। মুছাই ক’লে, ‘এইটো চয়তানৰ কাম। নিশ্চয় সি (মানুহৰ) শত্ৰু তথা প্ৰকাশ্য বিভ্ৰান্তকাৰী’।
16 - Al-Qasas (The Stories) - 016
قَالَ رَبِّ إِنِّي ظَلَمۡتُ نَفۡسِي فَٱغۡفِرۡ لِي فَغَفَرَ لَهُۥٓۚ إِنَّهُۥ هُوَ ٱلۡغَفُورُ ٱلرَّحِيمُ
তেওঁ ক’লে, ‘হে মোৰ প্ৰতিপালক! নিশ্চয় মই মোৰ নিজৰ প্ৰতি অন্যায় কৰিছোঁ, সেয়ে তুমি মোক ক্ষমা কৰাঁ’। তাৰ পিছত আল্লাহে তেওঁক ক্ষমা কৰিলে। নিশ্চয় তেওঁ ক্ষমাশীল, পৰম দয়ালু।
17 - Al-Qasas (The Stories) - 017
قَالَ رَبِّ بِمَآ أَنۡعَمۡتَ عَلَيَّ فَلَنۡ أَكُونَ ظَهِيرٗا لِّلۡمُجۡرِمِينَ
মুছাই ক’লে, ‘হে মোৰ প্ৰতিপালক! তুমি যিহেতু মোক অনুগ্ৰহ কৰিছা, সেয়ে মই কেতিয়াও অপাৰীধিবিলাকৰ সহায়কাৰী নহওঁ’।
18 - Al-Qasas (The Stories) - 018
فَأَصۡبَحَ فِي ٱلۡمَدِينَةِ خَآئِفٗا يَتَرَقَّبُ فَإِذَا ٱلَّذِي ٱسۡتَنصَرَهُۥ بِٱلۡأَمۡسِ يَسۡتَصۡرِخُهُۥۚ قَالَ لَهُۥ مُوسَىٰٓ إِنَّكَ لَغَوِيّٞ مُّبِينٞ
এতেকে ভীত সতৰ্ক অৱস্থাত সেই চহৰতে তেওঁ ৰাতি অতিবাহিত কৰিলে। হঠাৎ তেওঁ শুনা পালে, যিজন ব্যক্তিয়ে যোৱা কালি তেওঁৰ ওচৰত সহায় বিচাৰিছিল, সি আকৌ সহায়ৰ বাবে চিঞৰি আছে। মুছাই তাক ক’লে, ‘নিশ্চয় তুমি এজন স্পষ্ট বিভ্ৰান্ত ব্যক্তি’।
19 - Al-Qasas (The Stories) - 019
فَلَمَّآ أَنۡ أَرَادَ أَن يَبۡطِشَ بِٱلَّذِي هُوَ عَدُوّٞ لَّهُمَا قَالَ يَٰمُوسَىٰٓ أَتُرِيدُ أَن تَقۡتُلَنِي كَمَا قَتَلۡتَ نَفۡسَۢا بِٱلۡأَمۡسِۖ إِن تُرِيدُ إِلَّآ أَن تَكُونَ جَبَّارٗا فِي ٱلۡأَرۡضِ وَمَا تُرِيدُ أَن تَكُونَ مِنَ ٱلۡمُصۡلِحِينَ
এতেকে মুছাই যেতিয়া উভয়ৰ শত্ৰুক ধৰিব খুজিলে, তেতিয়া সেই ব্যক্তিয়ে চিঞৰি ক’ব ধৰিলে, ‘হে মুছা! যোৱাকালি তুমি যেনেকৈ এজন ব্যক্তিক হত্যা কৰিছা, তেনেকৈ মোকো হত্যা কৰিব খুজিছা নেকি? নিশ্চয় তুমি পৃথিৱীৰ বুকুত স্বেচ্ছাচাৰী হ’ব বিচাৰিছা, আৰু তুমি শান্তি স্থাপনকাৰীসকলৰ অন্তৰ্ভুক্ত হ’ব নিবিচৰা’।
20 - Al-Qasas (The Stories) - 020
وَجَآءَ رَجُلٞ مِّنۡ أَقۡصَا ٱلۡمَدِينَةِ يَسۡعَىٰ قَالَ يَٰمُوسَىٰٓ إِنَّ ٱلۡمَلَأَ يَأۡتَمِرُونَ بِكَ لِيَقۡتُلُوكَ فَٱخۡرُجۡ إِنِّي لَكَ مِنَ ٱلنَّـٰصِحِينَ
আৰু চহৰৰ দূৰৱৰ্তী প্ৰান্তৰ পৰা এজন ব্যক্তি দৌৰি আহি ক’লে, ‘হে মুছা! পৰিষদবৰ্গই তোমাক হত্যা কৰাৰ পৰামৰ্শ কৰি আছে। সেয়ে তুমি ওলাই যোৱা, নিশ্চয় মই তোমাৰ কল্যাণকামী’।
21 - Al-Qasas (The Stories) - 021
فَخَرَجَ مِنۡهَا خَآئِفٗا يَتَرَقَّبُۖ قَالَ رَبِّ نَجِّنِي مِنَ ٱلۡقَوۡمِ ٱلظَّـٰلِمِينَ
তেতিয়া তেওঁ ভীত সতৰ্ক অৱস্থাত সেই ঠাইৰ পৰা ওলাই পৰিল, আৰু (আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰি) ক’লে, ‘হে মোৰ প্ৰতিপালক! তুমি মোক যালিম সম্প্ৰদায়ৰ পৰা ৰক্ষা কৰা’।
22 - Al-Qasas (The Stories) - 022
وَلَمَّا تَوَجَّهَ تِلۡقَآءَ مَدۡيَنَ قَالَ عَسَىٰ رَبِّيٓ أَن يَهۡدِيَنِي سَوَآءَ ٱلسَّبِيلِ
আৰু যেতিয়া মুছাই মাদিয়ান অভিমুখে যাত্ৰা কৰিলে তেতিয়া তেওঁ ক’লে, ‘আশা কৰোঁ মোৰ প্ৰতিপালকে মোক সৰল পথ দেখুৱাব’।
23 - Al-Qasas (The Stories) - 023
وَلَمَّا وَرَدَ مَآءَ مَدۡيَنَ وَجَدَ عَلَيۡهِ أُمَّةٗ مِّنَ ٱلنَّاسِ يَسۡقُونَ وَوَجَدَ مِن دُونِهِمُ ٱمۡرَأَتَيۡنِ تَذُودَانِۖ قَالَ مَا خَطۡبُكُمَاۖ قَالَتَا لَا نَسۡقِي حَتَّىٰ يُصۡدِرَ ٱلرِّعَآءُۖ وَأَبُونَا شَيۡخٞ كَبِيرٞ
যেতিয়া তেওঁ মাদিয়ানৰ পানীৰ ওচৰত গৈ পালে, তাত তেওঁ দেখিবলৈ পালে এদল মানুহে সিহঁতৰ জন্তুবোৰক পানী খুৱাই আছে আৰু সিহঁতৰ পৰা অলপ আঁতৰত দুজনী নাৰীয়ে সিহঁতৰ পশুবিলাকক আগচি ধৰি ৰাখিছে। মুছাই ক’লে, ‘কি হৈছে তোমালোকৰ’? সিহঁতে ক’লে, ‘পশুপালকসকলে সিহঁতৰ পশুবিলাক লৈ আঁতৰি নোযোৱালৈকে আমি আমাৰ পশুবিলাকক পানী পান কৰাব নোৱাৰোঁ, আৰু আমাৰ পিতৃ হৈছে এজন অতি বৃদ্ধ মানুহ’।
24 - Al-Qasas (The Stories) - 024
فَسَقَىٰ لَهُمَا ثُمَّ تَوَلَّىٰٓ إِلَى ٱلظِّلِّ فَقَالَ رَبِّ إِنِّي لِمَآ أَنزَلۡتَ إِلَيَّ مِنۡ خَيۡرٖ فَقِيرٞ
তেতিয়া মুছাই সিহঁতৰ ফালৰ পৰা (পশুবোৰক) পানী খুৱালে। তাৰ পিছত তেওঁ এডোখৰ ছাঁলৈ আহি ক’লে, ‘হে মোৰ প্ৰতিপালক! নিশ্চয় তুমি মোৰ প্ৰতি যি অনুগ্ৰহেই অৱতীৰ্ণ নকৰা কিয়, মই সেইটোৰে মুখাপেক্ষী’।
25 - Al-Qasas (The Stories) - 025
فَجَآءَتۡهُ إِحۡدَىٰهُمَا تَمۡشِي عَلَى ٱسۡتِحۡيَآءٖ قَالَتۡ إِنَّ أَبِي يَدۡعُوكَ لِيَجۡزِيَكَ أَجۡرَ مَا سَقَيۡتَ لَنَاۚ فَلَمَّا جَآءَهُۥ وَقَصَّ عَلَيۡهِ ٱلۡقَصَصَ قَالَ لَا تَخَفۡۖ نَجَوۡتَ مِنَ ٱلۡقَوۡمِ ٱلظَّـٰلِمِينَ
ফলত (কিছু সময় পিছতেই) নাৰী দুজনীৰ এজনীয়ে লাজকুৰীয়াভাৱে তেওঁৰ ওচৰলৈ আহি ক’লে, ‘আপুনি আমাৰ পশুবিলাকক পানী পান কৰোৱাৰ কাৰণে আপোনাক পাৰিশ্ৰমিক প্ৰদান কৰিবলৈ মোৰ পিতৃয়ে আপোনাক আমন্ত্ৰণ কৰিছে’। ইয়াৰ পিছত মুছাই তেওঁৰ ওচৰলৈ আহি সকলো ঘটনা বিস্তাৰিত বৰ্ণনা কৰিলে, তেওঁ ক’লে, ‘তুমি ভয় নকৰিবা। তুমি যালিম সম্প্ৰদায়ৰ পৰা ৰক্ষা পাইছা’।
26 - Al-Qasas (The Stories) - 026
قَالَتۡ إِحۡدَىٰهُمَا يَـٰٓأَبَتِ ٱسۡتَـٔۡجِرۡهُۖ إِنَّ خَيۡرَ مَنِ ٱسۡتَـٔۡجَرۡتَ ٱلۡقَوِيُّ ٱلۡأَمِينُ
নাৰী দুজনীৰ এজনীয়ে ক’লে, ‘হে মোৰ পিতৃ! আপুনি এওঁক শ্ৰমিক হিচাপে নিয়োগ কৰক। নিশ্চয় আপোনাৰ শ্ৰমিক হিচাপে এওঁ উত্তম হ’ব, এওঁ শক্তিশালী, বিশ্বস্ত’।
27 - Al-Qasas (The Stories) - 027
قَالَ إِنِّيٓ أُرِيدُ أَنۡ أُنكِحَكَ إِحۡدَى ٱبۡنَتَيَّ هَٰتَيۡنِ عَلَىٰٓ أَن تَأۡجُرَنِي ثَمَٰنِيَ حِجَجٖۖ فَإِنۡ أَتۡمَمۡتَ عَشۡرٗا فَمِنۡ عِندِكَۖ وَمَآ أُرِيدُ أَنۡ أَشُقَّ عَلَيۡكَۚ سَتَجِدُنِيٓ إِن شَآءَ ٱللَّهُ مِنَ ٱلصَّـٰلِحِينَ
তেওঁ ক’লে, ‘মই মোৰ এই দুজনী ছোৱালীৰ এজনীক তোমাৰ লগত বিয়া দিব খোজোঁ এই চৰ্তত যে, তুমি আঠ বছৰ মোৰ ইয়াত কাম কৰিবা, আৰু যদি তুমি দহ বছৰ পূৰ্ণ কৰা, সেইটো তোমাৰ ইচ্ছা। মই তোমাক কষ্ট দিব নিবিচাৰোঁ। ইন শ্বা আল্লাহ নিশ্চয় তুমি মোক সৎকৰ্মপৰায়ণসকলৰ অন্তৰ্ভুক্ত পাবা’।
28 - Al-Qasas (The Stories) - 028
قَالَ ذَٰلِكَ بَيۡنِي وَبَيۡنَكَۖ أَيَّمَا ٱلۡأَجَلَيۡنِ قَضَيۡتُ فَلَا عُدۡوَٰنَ عَلَيَّۖ وَٱللَّهُ عَلَىٰ مَا نَقُولُ وَكِيلٞ
মুছাই ক’লে, ‘(ঠিক আছে) তেন্তে এয়া মোৰ আৰু আপোনাৰ মাজত বন্দবস্ত হ’ল। এই দুটা ম্যাদৰ যিকোনো এটা পূৰণ কৰিলেই যেন মোৰ প্ৰতি কোনো অভিযোগ নাথাকে। আমি যি বিষয়ে কথা কৈ আছোঁ আল্লাহেই ইয়াৰ কৰ্মবিধায়ক’।
29 - Al-Qasas (The Stories) - 029
۞فَلَمَّا قَضَىٰ مُوسَى ٱلۡأَجَلَ وَسَارَ بِأَهۡلِهِۦٓ ءَانَسَ مِن جَانِبِ ٱلطُّورِ نَارٗاۖ قَالَ لِأَهۡلِهِ ٱمۡكُثُوٓاْ إِنِّيٓ ءَانَسۡتُ نَارٗا لَّعَلِّيٓ ءَاتِيكُم مِّنۡهَا بِخَبَرٍ أَوۡ جَذۡوَةٖ مِّنَ ٱلنَّارِ لَعَلَّكُمۡ تَصۡطَلُونَ
এতেকে মুছাই যেতিয়া তেওঁৰ ম্যাদ পূৰ্ণ কৰাৰ পিছত সপৰিয়ালে যাত্ৰা কৰিলে, তেতিয়া তেওঁ তূৰ পৰ্বতৰ ফালে জুই দেখা পালে। তেওঁ পৰিয়ালবৰ্গক ক’লে, ‘তোমালোকে অপেক্ষা কৰা, মই জুই দেখিছোঁ, সম্ভৱতঃ মই তাৰ পৰা তোমালোকৰ বাবে কোনো খবৰ আনিব পাৰিম, নাইবা এডোখৰ অন্ধৰাকে লৈ আহিম যাতে তোমালোকে জুই পুঁৱাব পাৰা’।
30 - Al-Qasas (The Stories) - 030
فَلَمَّآ أَتَىٰهَا نُودِيَ مِن شَٰطِيِٕ ٱلۡوَادِ ٱلۡأَيۡمَنِ فِي ٱلۡبُقۡعَةِ ٱلۡمُبَٰرَكَةِ مِنَ ٱلشَّجَرَةِ أَن يَٰمُوسَىٰٓ إِنِّيٓ أَنَا ٱللَّهُ رَبُّ ٱلۡعَٰلَمِينَ
এতেকে যেতিয়া মুছাই জুইৰ ওচৰ পালেগৈ, তেতিয়া উপত্যকাৰ সোঁ ফালৰ বৰকতময় ভূমিৰ ওপৰত অৱস্থিত সুনিৰ্দিষ্ট গছৰ পৰা তেওঁক মাতি কোৱা হ’ল, ‘হে মুছা! ময়েই আল্লাহ বিশ্বজগতৰ প্ৰতিপালক;’
31 - Al-Qasas (The Stories) - 031
وَأَنۡ أَلۡقِ عَصَاكَۚ فَلَمَّا رَءَاهَا تَهۡتَزُّ كَأَنَّهَا جَآنّٞ وَلَّىٰ مُدۡبِرٗا وَلَمۡ يُعَقِّبۡۚ يَٰمُوسَىٰٓ أَقۡبِلۡ وَلَا تَخَفۡۖ إِنَّكَ مِنَ ٱلۡأٓمِنِينَ
আৰু কোৱা হ’ল, ‘তুমি তোমাৰ লাখুটিডাল নিক্ষেপ কৰা’। তাৰ পিছত তেওঁ যেতিয়া সেইডালক সাপৰ নিচিনা কেৰমেৰ কৰা দেখিলে তেতিয়া তেওঁ পিছ হোঁহকা দি লৰ মাৰিলে আৰু উভতি নাচালে। (তেওঁক কোৱা হ’ল,) ‘হে মুছা! সন্মুখলৈ আহা, ভয় নকৰিবা, নিশ্চয় তুমি নিৰাপদ’।
32 - Al-Qasas (The Stories) - 032
ٱسۡلُكۡ يَدَكَ فِي جَيۡبِكَ تَخۡرُجۡ بَيۡضَآءَ مِنۡ غَيۡرِ سُوٓءٖ وَٱضۡمُمۡ إِلَيۡكَ جَنَاحَكَ مِنَ ٱلرَّهۡبِۖ فَذَٰنِكَ بُرۡهَٰنَانِ مِن رَّبِّكَ إِلَىٰ فِرۡعَوۡنَ وَمَلَإِيْهِۦٓۚ إِنَّهُمۡ كَانُواْ قَوۡمٗا فَٰسِقِينَ
তোমাৰ হাতখন তোমাৰ কাষলতিত থোৱা, (দেখিবা) এইখন ত্ৰুটিমুক্ত অৱস্থাত শুভ্ৰোজ্জ্বল হৈ ওলাই আহিব। লগতে ভয় দূৰ কৰিবলৈ তোমাৰ বাহুৰে বুকুখন চেপি ধৰা। এতেকে এই দুটা হৈছে তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা দিয়া প্ৰমাণ, ফিৰআউন আৰু তাৰ পৰিষদবৰ্গৰ বাবে। নিশ্চয় সিহঁত হৈছে ফাছিক্ব সম্প্ৰদায়।
33 - Al-Qasas (The Stories) - 033
قَالَ رَبِّ إِنِّي قَتَلۡتُ مِنۡهُمۡ نَفۡسٗا فَأَخَافُ أَن يَقۡتُلُونِ
মুছাই ক’লে, ‘হে মোৰ প্ৰতিপালক! নিশ্চয় মই সিহঁতৰ এজনক হত্যা কৰিছিলোঁ। ফলত মই আশংকা কৰিছোঁ সিহঁতে মোক হত্যা কৰিব চাগে’।
34 - Al-Qasas (The Stories) - 034
وَأَخِي هَٰرُونُ هُوَ أَفۡصَحُ مِنِّي لِسَانٗا فَأَرۡسِلۡهُ مَعِيَ رِدۡءٗا يُصَدِّقُنِيٓۖ إِنِّيٓ أَخَافُ أَن يُكَذِّبُونِ
‘আৰু মোৰ ভাতৃ হাৰূন মোতকৈ বাগ্মী, এতেকে তেওঁক মোৰ সহায়কাৰীৰূপে প্ৰেৰণ কৰা, তেওঁ মোক সমৰ্থন কৰিব। নিশ্চয় মই আশংকা কৰোঁ সিহঁতে মোক মিছলীয়া বুলি আৰোপ লগাব’।
35 - Al-Qasas (The Stories) - 035
قَالَ سَنَشُدُّ عَضُدَكَ بِأَخِيكَ وَنَجۡعَلُ لَكُمَا سُلۡطَٰنٗا فَلَا يَصِلُونَ إِلَيۡكُمَا بِـَٔايَٰتِنَآۚ أَنتُمَا وَمَنِ ٱتَّبَعَكُمَا ٱلۡغَٰلِبُونَ
আল্লাহে ক’লে, ‘(ঠিক আছে) অনতিপলমে আমি তোমাৰ ভাতৃৰ দ্বাৰা তোমাৰ বাহুক শক্তিশালী কৰিম আৰু তোমালোক উভয়কে আধিপত্য দান কৰিম। ফলত সিহঁতে তোমালোকৰ ওচৰ চাপিব নোৱাৰিব। আমাৰ নিদৰ্শনাৱলীৰ দ্বাৰাই তোমালোকে আৰু তোমালোকৰ অনুসাৰীসকলে সিহঁতৰ ওপৰত বিজয় লাভ কৰিবা’।
36 - Al-Qasas (The Stories) - 036
فَلَمَّا جَآءَهُم مُّوسَىٰ بِـَٔايَٰتِنَا بَيِّنَٰتٖ قَالُواْ مَا هَٰذَآ إِلَّا سِحۡرٞ مُّفۡتَرٗى وَمَا سَمِعۡنَا بِهَٰذَا فِيٓ ءَابَآئِنَا ٱلۡأَوَّلِينَ
এতেকে মুছাই যেতিয়া সিহঁতৰ ওচৰলৈ আমাৰ সুস্পষ্ট নিদৰ্শনসমূহ লৈ উপস্থিত হ’ল, সিহঁতে ক’লে, ‘এয়া অলীক যাদুৰ বাহিৰে আন একো নহয়! আৰু আমি আমাৰ পুৰ্বপুৰুষসকলৰ যুগত কেতিয়াও এনেকুৱা কথা শুনা নাছিলোঁ’।
37 - Al-Qasas (The Stories) - 037
وَقَالَ مُوسَىٰ رَبِّيٓ أَعۡلَمُ بِمَن جَآءَ بِٱلۡهُدَىٰ مِنۡ عِندِهِۦ وَمَن تَكُونُ لَهُۥ عَٰقِبَةُ ٱلدَّارِۚ إِنَّهُۥ لَا يُفۡلِحُ ٱلظَّـٰلِمُونَ
আৰু মুছাই ক’লে, ‘মোৰ প্ৰতিপালকে ভালকৈয়ে জানে, কোনে তেওঁৰ পৰা হিদায়ত লৈ আহিছে আৰু আখিৰাতত কাৰ পৰিণাম শুভ হ’ব। নিশ্চয় যালিমসকল সফল নহ’ব’।
38 - Al-Qasas (The Stories) - 038
وَقَالَ فِرۡعَوۡنُ يَـٰٓأَيُّهَا ٱلۡمَلَأُ مَا عَلِمۡتُ لَكُم مِّنۡ إِلَٰهٍ غَيۡرِي فَأَوۡقِدۡ لِي يَٰهَٰمَٰنُ عَلَى ٱلطِّينِ فَٱجۡعَل لِّي صَرۡحٗا لَّعَلِّيٓ أَطَّلِعُ إِلَىٰٓ إِلَٰهِ مُوسَىٰ وَإِنِّي لَأَظُنُّهُۥ مِنَ ٱلۡكَٰذِبِينَ
ফিৰআউনে ক’লে, ‘হে পৰিষদবৰ্গ! মোৰ বাহিৰে তোমালোকৰ আন কোনো ইলাহ আছে বুলি মই নাজানো। এতেকে হে হামান! তুমি মোৰ বাবে (বোকা মাটি পুৰি) ইট তৈয়াৰ কৰা। তাৰ পিছত মোৰ বাবে এটা সুউচ্চ প্ৰাসাদ নিৰ্মাণ কৰা, সম্ভৱতঃ তাত উঠি মই মুছাৰ ইলাহক ভূমুকি মাৰি চাব পাৰিম। কিন্তু মোৰ মতে সি হৈছে এজন মিছলীয়া’।
39 - Al-Qasas (The Stories) - 039
وَٱسۡتَكۡبَرَ هُوَ وَجُنُودُهُۥ فِي ٱلۡأَرۡضِ بِغَيۡرِ ٱلۡحَقِّ وَظَنُّوٓاْ أَنَّهُمۡ إِلَيۡنَا لَا يُرۡجَعُونَ
ফিৰআউন আৰু তাৰ সৈন্যবাহিনীয়ে অন্যায়ভাৱে পৃথিৱীত অহংকাৰ কৰিছিল আৰু সিহঁতে ভাবিছিল যে, সিহঁতক আমাৰ ওচৰলৈ ওভতাই অনা নহ’ব।
40 - Al-Qasas (The Stories) - 040
فَأَخَذۡنَٰهُ وَجُنُودَهُۥ فَنَبَذۡنَٰهُمۡ فِي ٱلۡيَمِّۖ فَٱنظُرۡ كَيۡفَ كَانَ عَٰقِبَةُ ٱلظَّـٰلِمِينَ
সেয়ে আমি তাক আৰু তাৰ সৈন্যবাহিনীক কৰায়ত্ত কৰি সাগৰত নিক্ষেপ কৰিলোঁ। এতেকে চোৱা, যালিমসকলৰ পৰিণাম কেনেকুৱা আছিল!
41 - Al-Qasas (The Stories) - 041
وَجَعَلۡنَٰهُمۡ أَئِمَّةٗ يَدۡعُونَ إِلَى ٱلنَّارِۖ وَيَوۡمَ ٱلۡقِيَٰمَةِ لَا يُنصَرُونَ
আৰু আমিয়ে সিহঁতক নেতৃত্ব দান কৰিছিলোঁ; সিহঁতে মানুহক জাহান্নামৰ পিনে আহ্বান কৰিছিল; আৰু কিয়ামতৰ দিনা সিহঁতক অকণো সহায় কৰা নহ’ব।
42 - Al-Qasas (The Stories) - 042
وَأَتۡبَعۡنَٰهُمۡ فِي هَٰذِهِ ٱلدُّنۡيَا لَعۡنَةٗۖ وَيَوۡمَ ٱلۡقِيَٰمَةِ هُم مِّنَ ٱلۡمَقۡبُوحِينَ
এই পৃথিৱীত আমি সিহঁতৰ পিছত লগাই দিছিলোঁ অভিসম্পাত, আৰু কিয়ামতৰ দিনা সিহঁত হ’ব ঘৃণিতসকলৰ অন্তৰ্ভুক্ত।
43 - Al-Qasas (The Stories) - 043
وَلَقَدۡ ءَاتَيۡنَا مُوسَى ٱلۡكِتَٰبَ مِنۢ بَعۡدِ مَآ أَهۡلَكۡنَا ٱلۡقُرُونَ ٱلۡأُولَىٰ بَصَآئِرَ لِلنَّاسِ وَهُدٗى وَرَحۡمَةٗ لَّعَلَّهُمۡ يَتَذَكَّرُونَ
আৰু নিশ্চয় পূৰ্বৱৰ্তী বহু প্ৰজন্মক বিনাশ কৰাৰ পিছত আমি মুছাক কিতাব প্ৰদান কৰিছিলোঁ, (যিখন আছিল) মানৱ জাতিৰ বাবে জ্ঞান-বৰ্তিকা, পথনিৰ্দেশ আৰু অনুগ্ৰহস্বৰূপ; যাতে সিহঁতে উপদেশ গ্ৰহণ কৰে।
44 - Al-Qasas (The Stories) - 044
وَمَا كُنتَ بِجَانِبِ ٱلۡغَرۡبِيِّ إِذۡ قَضَيۡنَآ إِلَىٰ مُوسَى ٱلۡأَمۡرَ وَمَا كُنتَ مِنَ ٱلشَّـٰهِدِينَ
(হে নবী!) আমি যেতিয়া মুছাক বিধান দিছিলোঁ তেতিয়া তুমি (তূৰ পৰ্বতৰ) পশ্চিম প্ৰান্তত উপস্থিত নাছিলা আৰু প্ৰত্যক্ষদৰ্শীসকলৰো অন্তৰ্ভুক্ত নাছিলা।
45 - Al-Qasas (The Stories) - 045
وَلَٰكِنَّآ أَنشَأۡنَا قُرُونٗا فَتَطَاوَلَ عَلَيۡهِمُ ٱلۡعُمُرُۚ وَمَا كُنتَ ثَاوِيٗا فِيٓ أَهۡلِ مَدۡيَنَ تَتۡلُواْ عَلَيۡهِمۡ ءَايَٰتِنَا وَلَٰكِنَّا كُنَّا مُرۡسِلِينَ
প্ৰকৃততে (মুছাৰ পিছত) আমি বহু প্ৰজন্মৰ আৱিৰ্ভাব ঘটাইছিলোঁ; সিহঁতৰ ওপৰতো বহু যুগ অতিবাহিত হৈ গৈছে। তুমি মাদিয়ানবাসীবিলাকৰ মাজত বিদ্যমান নাছিলা যে, সিহঁতৰ ওচৰত আমাৰ আয়াতসমূহ তিলাৱত কৰিবা। মুঠতে আমিহে ৰাছুল প্ৰেৰণকাৰী।
46 - Al-Qasas (The Stories) - 046
وَمَا كُنتَ بِجَانِبِ ٱلطُّورِ إِذۡ نَادَيۡنَا وَلَٰكِن رَّحۡمَةٗ مِّن رَّبِّكَ لِتُنذِرَ قَوۡمٗا مَّآ أَتَىٰهُم مِّن نَّذِيرٖ مِّن قَبۡلِكَ لَعَلَّهُمۡ يَتَذَكَّرُونَ
এইদৰে মুছাক যেতিয়া আমি মাতিছিলোঁ তেতিয়াও তুমি তূৰ পৰ্বতৰ ওচৰত উপস্থিত নাছিলা। প্ৰকৃততে এইটো তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা দয়াস্বৰূপ, যাতে তুমি এনেকুৱা এটা সম্প্ৰদায়ক সতৰ্ক কৰিব পাৰা, যিসকলৰ ওচৰত তোমাৰ পূৰ্বে আন কোনো সতৰ্ককাৰী অহা নাছিল, যাতে সিহঁতে উপদেশ গ্ৰহণ কৰে।
47 - Al-Qasas (The Stories) - 047
وَلَوۡلَآ أَن تُصِيبَهُم مُّصِيبَةُۢ بِمَا قَدَّمَتۡ أَيۡدِيهِمۡ فَيَقُولُواْ رَبَّنَا لَوۡلَآ أَرۡسَلۡتَ إِلَيۡنَا رَسُولٗا فَنَتَّبِعَ ءَايَٰتِكَ وَنَكُونَ مِنَ ٱلۡمُؤۡمِنِينَ
আৰু ৰাছুল প্ৰেৰণ নকৰাকৈ সিহঁতৰ কৃতকৰ্মৰ বাবে সিহঁতৰ ওপৰত কোনো বিপদ-আপদ আহিলে সিহঁতে ক’লেহেঁতেন, ‘হে আমাৰ প্ৰতিপালক! তুমি আমাৰ ওচৰলৈ কিয় ৰাছুল প্ৰেৰণ কৰা নাছিলা, ৰাছুল প্ৰেৰণ কৰিলেহে আমি তোমাৰ নিদৰ্শন মানি চলিব পাৰিলোঁহেঁতেন আৰু আমি মুমিনসকলৰ অন্তৰ্ভুক্ত হ’লোঁহেঁতেন’।
48 - Al-Qasas (The Stories) - 048
فَلَمَّا جَآءَهُمُ ٱلۡحَقُّ مِنۡ عِندِنَا قَالُواْ لَوۡلَآ أُوتِيَ مِثۡلَ مَآ أُوتِيَ مُوسَىٰٓۚ أَوَلَمۡ يَكۡفُرُواْ بِمَآ أُوتِيَ مُوسَىٰ مِن قَبۡلُۖ قَالُواْ سِحۡرَانِ تَظَٰهَرَا وَقَالُوٓاْ إِنَّا بِكُلّٖ كَٰفِرُونَ
এতেকে যেতিয়া আমাৰ তৰফৰ পৰা সিহঁতৰ ওচৰলৈ সত্য আহি পালে, তেতিয়া সিহঁতে ক’বলৈ ধৰিলে, ‘মুছাক যি দিয়া হৈছিল, তেওঁকো তেনেকুৱা (নিদৰ্শন) দিয়া নহ’ল কিয়’? (তেন্তে কোৱাচোন) ইতিপূৰ্বে মুছাক যি দিয়া হৈছিল তাক সিহঁতে অস্বীকাৰ কৰা নাছিলনে? সিহঁতে কৈছিল, ‘দুয়োটাই যাদু, এটাই আনটোক সমৰ্থন কৰে’। লগতে সিহঁতে কৈছিল, ‘নিশ্চয় আমি এটাকো নামানো’।
49 - Al-Qasas (The Stories) - 049
قُلۡ فَأۡتُواْ بِكِتَٰبٖ مِّنۡ عِندِ ٱللَّهِ هُوَ أَهۡدَىٰ مِنۡهُمَآ أَتَّبِعۡهُ إِن كُنتُمۡ صَٰدِقِينَ
কোৱা, ‘তোমালোকে যদি সত্যবাদী হোৱা তেন্তে আল্লাহৰ তৰফৰ পৰা এখন কিতাব লৈ আহা, যিখন পথনিৰ্দেশত এই দুখনতকৈ উৎকৃষ্ট হ’ব, মই নিজে সেই কিতাবৰ অনুসৰণ কৰিম’।
50 - Al-Qasas (The Stories) - 050
فَإِن لَّمۡ يَسۡتَجِيبُواْ لَكَ فَٱعۡلَمۡ أَنَّمَا يَتَّبِعُونَ أَهۡوَآءَهُمۡۚ وَمَنۡ أَضَلُّ مِمَّنِ ٱتَّبَعَ هَوَىٰهُ بِغَيۡرِ هُدٗى مِّنَ ٱللَّهِۚ إِنَّ ٱللَّهَ لَا يَهۡدِي ٱلۡقَوۡمَ ٱلظَّـٰلِمِينَ
এতেকে সিহঁতে যদি তোমাৰ আহ্বানত সঁহাৰি নিদিয়ে, তেন্তে জানি থোৱা, সিহঁতে কেৱল নিজৰ কামনা-বাসনাৰহে অনুসৰণ কৰে। যিয়ে আল্লাহৰ পথ-নিৰ্দেশ অগ্ৰাহ্য কৰি নিজৰ কামনা-বাসনাৰ অনুসৰণ কৰে সেইজনতকৈ অধিক বিভ্ৰান্ত আৰু কোন হ’ব পাৰে? নিশ্চয় আল্লাহে যালিম সম্প্ৰদায়ক হিদায়ত নকৰে।
51 - Al-Qasas (The Stories) - 051
۞وَلَقَدۡ وَصَّلۡنَا لَهُمُ ٱلۡقَوۡلَ لَعَلَّهُمۡ يَتَذَكَّرُونَ
আৰু নিশ্চয় আমি সিহঁতৰ ওচৰলৈ এটাৰ পিছত এটাকৈ বাণী পৌঁচাই দিছোঁ; যাতে সিহঁতে উপদেশ গ্ৰহণ কৰে।
52 - Al-Qasas (The Stories) - 052
ٱلَّذِينَ ءَاتَيۡنَٰهُمُ ٱلۡكِتَٰبَ مِن قَبۡلِهِۦ هُم بِهِۦ يُؤۡمِنُونَ
ইয়াৰ পূৰ্বে আমি যিসকলক কিতাব প্ৰদান কৰিছিলোঁ, তেওঁলোকেও ইয়াৰ প্ৰতি ঈমান পোষণ কৰে।
53 - Al-Qasas (The Stories) - 053
وَإِذَا يُتۡلَىٰ عَلَيۡهِمۡ قَالُوٓاْ ءَامَنَّا بِهِۦٓ إِنَّهُ ٱلۡحَقُّ مِن رَّبِّنَآ إِنَّا كُنَّا مِن قَبۡلِهِۦ مُسۡلِمِينَ
আৰু যেতিয়া তেওঁলোকৰ ওচৰত ইয়াক তিলাৱত কৰা হয় তেতিয়া তেওঁলোকে কয়, ‘আমি ইয়াৰ ওপৰত ঈমান আনিছোঁ, নিশ্চয় এইটো আমাৰ প্ৰতিপালকৰ তৰফৰ পৰা অহা সত্য। নিশ্চয় আমি আগতেও আত্মসমৰ্পণকাৰী আছিলোঁ।’
54 - Al-Qasas (The Stories) - 054
أُوْلَـٰٓئِكَ يُؤۡتَوۡنَ أَجۡرَهُم مَّرَّتَيۡنِ بِمَا صَبَرُواْ وَيَدۡرَءُونَ بِٱلۡحَسَنَةِ ٱلسَّيِّئَةَ وَمِمَّا رَزَقۡنَٰهُمۡ يُنفِقُونَ
তেওঁলোকক দুবাৰকৈ প্ৰতিদান দিয়া হ’ব। এই কাৰণে যে, তেওঁলোকে ধৈৰ্য্য ধাৰণ কৰিছিল, লগতে তেওঁলোকে ভাল কামৰ দ্বাৰা বেয়া কামক প্ৰতিহত কৰে। এইদৰে আমি তেওঁলোকক যি জীৱিকা দান কৰিছোঁ তাৰ পৰা তেওঁলোকে দান কৰে।
55 - Al-Qasas (The Stories) - 055
وَإِذَا سَمِعُواْ ٱللَّغۡوَ أَعۡرَضُواْ عَنۡهُ وَقَالُواْ لَنَآ أَعۡمَٰلُنَا وَلَكُمۡ أَعۡمَٰلُكُمۡ سَلَٰمٌ عَلَيۡكُمۡ لَا نَبۡتَغِي ٱلۡجَٰهِلِينَ
আৰু তেওঁলোকে যেতিয়া অনৰ্থক কথা-বতৰা শুনা পায় তেতিয়া তেওঁলোকে তাৰ পৰা মুখ ঘূৰাই লয় আৰু কয়, ‘আমাৰ আমল আমাৰ বাবে আৰু তোমালোকৰ আমল তোমালোকৰ বাবে, তোমালোকৰ প্ৰতি ‘ছালাম’। আমি মুৰ্খৰ লগত তৰ্ক কৰিব নিবিচাৰোঁ’।
56 - Al-Qasas (The Stories) - 056
إِنَّكَ لَا تَهۡدِي مَنۡ أَحۡبَبۡتَ وَلَٰكِنَّ ٱللَّهَ يَهۡدِي مَن يَشَآءُۚ وَهُوَ أَعۡلَمُ بِٱلۡمُهۡتَدِينَ
নিশ্চয় তুমি যাক ভালপোৱা ইচ্ছা কৰিলেই তাক সৎপথত আনিব নোৱাৰিবা। বৰং আল্লাহে যাক ইচ্ছা কৰে তাকহে সৎপথ দেখুৱায় আৰু সৎপথ অনুসাৰীসকলৰ বিষয়ে তেৱেঁই ভালকৈ জানে।
57 - Al-Qasas (The Stories) - 057
وَقَالُوٓاْ إِن نَّتَّبِعِ ٱلۡهُدَىٰ مَعَكَ نُتَخَطَّفۡ مِنۡ أَرۡضِنَآۚ أَوَلَمۡ نُمَكِّن لَّهُمۡ حَرَمًا ءَامِنٗا يُجۡبَىٰٓ إِلَيۡهِ ثَمَرَٰتُ كُلِّ شَيۡءٖ رِّزۡقٗا مِّن لَّدُنَّا وَلَٰكِنَّ أَكۡثَرَهُمۡ لَا يَعۡلَمُونَ
আৰু সিহঁতে কয়, ‘আমি যদি তোমাৰ লগত সৎপথ অনুসৰণ কৰোঁ তেন্তে আমাক দেশৰ পৰা উৎখাত কৰি দিয়া হ’ব’। আমি সিহঁতৰ বাবে এটা নিৰাপদ হাৰাম প্ৰতিষ্ঠা কৰা নাই নে, য’ত সকলো প্ৰকাৰৰ ফল-মূল আমদানী হয়, আমি প্ৰদান কৰা জীৱিকাস্বৰূপ? কিন্তু সিহঁতৰ সৰহভাগ মানুহেই এই বিষয়ে নাজানে।
58 - Al-Qasas (The Stories) - 058
وَكَمۡ أَهۡلَكۡنَا مِن قَرۡيَةِۭ بَطِرَتۡ مَعِيشَتَهَاۖ فَتِلۡكَ مَسَٰكِنُهُمۡ لَمۡ تُسۡكَن مِّنۢ بَعۡدِهِمۡ إِلَّا قَلِيلٗاۖ وَكُنَّا نَحۡنُ ٱلۡوَٰرِثِينَ
আৰু আমি বহুতো এনেকুৱা জনপদক ধ্বংস কৰিছোঁ যাৰ বাসিন্দাসকলে নিজৰ ভোগ-সম্পদকলৈ অহংকাৰ কৰিছিল! এইবোৰ হৈছে সিহঁতৰ ঘৰ-দুৱাৰ, সিহঁতৰ পিছত এইবোৰ ঘৰ-দুৱাৰত খুব কম মানুহেই বসবাস কৰিছে। আমিয়েই চূড়ান্ত উত্তৰাধিকাৰী (প্ৰকৃত মালিক)!
59 - Al-Qasas (The Stories) - 059
وَمَا كَانَ رَبُّكَ مُهۡلِكَ ٱلۡقُرَىٰ حَتَّىٰ يَبۡعَثَ فِيٓ أُمِّهَا رَسُولٗا يَتۡلُواْ عَلَيۡهِمۡ ءَايَٰتِنَاۚ وَمَا كُنَّا مُهۡلِكِي ٱلۡقُرَىٰٓ إِلَّا وَأَهۡلُهَا ظَٰلِمُونَ
আৰু তোমাৰ প্ৰতিপালকে কোনো জনপদক সেই ঠাইৰ মূল ভূখণ্ডত কোনো ৰাছুল প্ৰেৰণ নকৰালৈকে (সিহঁতক) ধ্বংস নকৰে, যিজনে সিহঁতৰ ওচৰত আমাৰ আয়াতসমূহ তিলাৱত কৰে। কোনো জনপদৰ অধিবাসীবিলাক যালিম নহ’লে আমি সিহঁতক ধ্বংস নকৰোঁ।
60 - Al-Qasas (The Stories) - 060
وَمَآ أُوتِيتُم مِّن شَيۡءٖ فَمَتَٰعُ ٱلۡحَيَوٰةِ ٱلدُّنۡيَا وَزِينَتُهَاۚ وَمَا عِندَ ٱللَّهِ خَيۡرٞ وَأَبۡقَىٰٓۚ أَفَلَا تَعۡقِلُونَ
আৰু তোমালোকক যি দিয়া হৈছে সেয়া হৈছে কেৱল পাৰ্থিৱ জীৱনৰ ভোগ-সামগ্ৰী আৰু সৌন্দৰ্য মাত্ৰ। আনহাতে আল্লাহৰ ওচৰত যি আছে সেয়া হৈছে উত্তম আৰু স্থায়ী। তথাপিও তোমালোকে অনুধাৱন নকৰিবানে?
61 - Al-Qasas (The Stories) - 061
أَفَمَن وَعَدۡنَٰهُ وَعۡدًا حَسَنٗا فَهُوَ لَٰقِيهِ كَمَن مَّتَّعۡنَٰهُ مَتَٰعَ ٱلۡحَيَوٰةِ ٱلدُّنۡيَا ثُمَّ هُوَ يَوۡمَ ٱلۡقِيَٰمَةِ مِنَ ٱلۡمُحۡضَرِينَ
যাক আমি উত্তম পুৰস্কাৰৰ প্ৰতিশ্ৰুতি দিছোঁ, তেওঁ সেইটো পাবই; তেওঁ সেই ব্যক্তিৰ দৰে নেকি যাক আমি পাৰ্থিৱ জীৱনৰ ভোগ-সম্ভাৰ দিছোঁ, তাৰ পিছত কিয়ামতৰ দিনা সি হ’ব (অপৰাধী হিচাপে) উপস্থিত হোৱা লোকৰ অন্তৰ্ভুক্ত?
62 - Al-Qasas (The Stories) - 062
وَيَوۡمَ يُنَادِيهِمۡ فَيَقُولُ أَيۡنَ شُرَكَآءِيَ ٱلَّذِينَ كُنتُمۡ تَزۡعُمُونَ
আৰু সেইদিনা তেওঁ সিহঁতক মাতি ক’ব, ‘তোমালোকে যিবোৰক মোৰ অংশী বুলি গণ্য কৰিছিলা, সিহঁত ক’ত’?
63 - Al-Qasas (The Stories) - 063
قَالَ ٱلَّذِينَ حَقَّ عَلَيۡهِمُ ٱلۡقَوۡلُ رَبَّنَا هَـٰٓؤُلَآءِ ٱلَّذِينَ أَغۡوَيۡنَآ أَغۡوَيۡنَٰهُمۡ كَمَا غَوَيۡنَاۖ تَبَرَّأۡنَآ إِلَيۡكَۖ مَا كَانُوٓاْ إِيَّانَا يَعۡبُدُونَ
যিসকলৰ ওপৰত শাস্তিৰ বাণী সাব্যস্ত হৈছে সিহঁতে ক’ব, ‘হে আমাৰ প্ৰতিপালক! ইহঁতেই সেইসকল লোক যিসকলক আমি বিভ্ৰান্ত কৰিছিলোঁ; আমি ইহঁতক বিভ্ৰান্ত কৰিছিলোঁ যেনেকৈ আমি বিভ্ৰান্ত হৈছিলোঁ। তোমাৰ সমীপত আমি সিহঁতৰ বিষয়ে দায়মুক্ততা ঘোষণা কৰিছোঁ। ইহঁতে আমাৰ ইবাদত কৰা নাছিল’।
64 - Al-Qasas (The Stories) - 064
وَقِيلَ ٱدۡعُواْ شُرَكَآءَكُمۡ فَدَعَوۡهُمۡ فَلَمۡ يَسۡتَجِيبُواْ لَهُمۡ وَرَأَوُاْ ٱلۡعَذَابَۚ لَوۡ أَنَّهُمۡ كَانُواْ يَهۡتَدُونَ
আৰু সিহঁতক কোৱা হ’ব, ‘তোমালোকে অংশীদাৰ স্থাপন কৰা উপাস্যবোৰক মাতা’। তেতিয়া সিহঁতে সেইবোৰক মাতিব। কিন্তু সেইবোৰে সিহঁতৰ আহ্বানত সঁহাৰি নিদিব, আৰু সিহঁতে শাস্তি দেখা পাব। হায়! সিহঁতে যদি সৎপথ অনুসৰণ কৰিলেহেঁতেন! (তেন্তে এই দুৰাৱস্থা নহ’লহেঁতেন)
65 - Al-Qasas (The Stories) - 065
وَيَوۡمَ يُنَادِيهِمۡ فَيَقُولُ مَاذَآ أَجَبۡتُمُ ٱلۡمُرۡسَلِينَ
আৰু সেইদিনা আল্লাহে সিহঁতক মাতি ক’ব, ‘তোমালোকে ৰাছুলসকলক কি উত্তৰ দিছিলা’?
66 - Al-Qasas (The Stories) - 066
فَعَمِيَتۡ عَلَيۡهِمُ ٱلۡأَنۢبَآءُ يَوۡمَئِذٖ فَهُمۡ لَا يَتَسَآءَلُونَ
সেইদিনা সিহঁতৰ পৰা সকলো তথ্য বিলুপ্ত হ’ব তেতিয়া সিহঁতে ইজনে সিজনক সোধ-পোছও কৰিব নোৱাৰিব।
67 - Al-Qasas (The Stories) - 067
فَأَمَّا مَن تَابَ وَءَامَنَ وَعَمِلَ صَٰلِحٗا فَعَسَىٰٓ أَن يَكُونَ مِنَ ٱلۡمُفۡلِحِينَ
এতেকে যি ব্যক্তিয়ে তাওবা কৰিছে আৰু ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, আশা কৰা যায় তেওঁ সাফল্য অৰ্জনকাৰীসকলৰ অন্তৰ্ভুক্ত হ’ব।
68 - Al-Qasas (The Stories) - 068
وَرَبُّكَ يَخۡلُقُ مَا يَشَآءُ وَيَخۡتَارُۗ مَا كَانَ لَهُمُ ٱلۡخِيَرَةُۚ سُبۡحَٰنَ ٱللَّهِ وَتَعَٰلَىٰ عَمَّا يُشۡرِكُونَ
আৰু তোমাৰ প্ৰতিপালকে যি ইচ্ছা কৰে সেইটোৱে সৃষ্টি কৰে আৰু যাক ইচ্ছা কৰে তাকেই মনোনীত কৰে, ইয়াত সিহঁতৰ কোনো অধিকাৰ নাই। আল্লাহ পৱিত্ৰ, মহান আৰু সিহঁতে যি অংশী কৰে তাৰ পৰা তেওঁ বহু উৰ্দ্ধত।
69 - Al-Qasas (The Stories) - 069
وَرَبُّكَ يَعۡلَمُ مَا تُكِنُّ صُدُورُهُمۡ وَمَا يُعۡلِنُونَ
আৰু তোমাৰ প্ৰতিপালকে জানে সিহঁতৰ অন্তৰে যি গোপন কৰে আৰু সিহঁতে যি ব্যক্ত কৰে।
70 - Al-Qasas (The Stories) - 070
وَهُوَ ٱللَّهُ لَآ إِلَٰهَ إِلَّا هُوَۖ لَهُ ٱلۡحَمۡدُ فِي ٱلۡأُولَىٰ وَٱلۡأٓخِرَةِۖ وَلَهُ ٱلۡحُكۡمُ وَإِلَيۡهِ تُرۡجَعُونَ
তেৱেঁই আল্লাহ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, পৃথিৱী আৰু আখিৰাতত সকলো প্ৰশংসা তেওঁৰেই; বিধান তেওঁৰেই; আৰু তোমালোকেও তেওঁৰ পিনেই প্ৰত্যাৱৰ্তিত হ’বা।
71 - Al-Qasas (The Stories) - 071
قُلۡ أَرَءَيۡتُمۡ إِن جَعَلَ ٱللَّهُ عَلَيۡكُمُ ٱلَّيۡلَ سَرۡمَدًا إِلَىٰ يَوۡمِ ٱلۡقِيَٰمَةِ مَنۡ إِلَٰهٌ غَيۡرُ ٱللَّهِ يَأۡتِيكُم بِضِيَآءٍۚ أَفَلَا تَسۡمَعُونَ
কোৱা, ‘তোমালোকে ভাবিছানে, ৰাতিৰ অন্ধকাৰক যদি আল্লাহে কিয়ামত দিৱসলৈকে স্থায়ী কৰি দিয়ে, তেন্তে আল্লাহৰ বাহিৰে এনেকুৱা কোন ইলাহ আছে, যিয়ে তোমালোকৰ বাবে (দিনৰ) পোহৰ আনি দিব পাৰিব? তথাপিও তোমালোকে কৰ্ণপাত নকৰিবানে’?
72 - Al-Qasas (The Stories) - 072
قُلۡ أَرَءَيۡتُمۡ إِن جَعَلَ ٱللَّهُ عَلَيۡكُمُ ٱلنَّهَارَ سَرۡمَدًا إِلَىٰ يَوۡمِ ٱلۡقِيَٰمَةِ مَنۡ إِلَٰهٌ غَيۡرُ ٱللَّهِ يَأۡتِيكُم بِلَيۡلٖ تَسۡكُنُونَ فِيهِۚ أَفَلَا تُبۡصِرُونَ
কোৱা, ‘তোমালোকে ভাবিছানে, আল্লাহে যদি দিনক কিয়ামত দিৱসলৈকে স্থায়ী কৰি দিয়ে, আল্লাহৰ বাহিৰে এনেকুৱা কোন ইলাহ আছে, যিয়ে তোমালোকৰ বাবে ৰাতিৰ আবিৰ্ভাৱ ঘটাব পাৰিব? য’ত তোমালোকে বিশ্ৰাম লোৱা, তথাপিও তোমালোকে ভাবি নাচাবানে’?
73 - Al-Qasas (The Stories) - 073