الشعراء

 

Ash-Shu'ara

 

The Poets

1 - Ash-Shu'ara (The Poets) - 001

طسٓمٓ
ত্ব-ছীম-মীম।[1]
[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।

2 - Ash-Shu'ara (The Poets) - 002

تِلۡكَ ءَايَٰتُ ٱلۡكِتَٰبِ ٱلۡمُبِينِ
এইবোৰ হৈছে সুস্পষ্ট কিতাবৰ আয়াত।

3 - Ash-Shu'ara (The Poets) - 003

لَعَلَّكَ بَٰخِعٞ نَّفۡسَكَ أَلَّا يَكُونُواْ مُؤۡمِنِينَ
সিহঁতে মুমিন হোৱা নাই বুলি হয়তো তুমি দুখতে আত্মঘাতী হৈ পৰিবা।

4 - Ash-Shu'ara (The Poets) - 004

إِن نَّشَأۡ نُنَزِّلۡ عَلَيۡهِم مِّنَ ٱلسَّمَآءِ ءَايَةٗ فَظَلَّتۡ أَعۡنَٰقُهُمۡ لَهَا خَٰضِعِينَ
আমি ইচ্ছা কৰিলে আকাশৰ পৰা সিহঁতৰ ওপৰত এনেকুৱা নিদৰ্শন অৱতীৰ্ণ কৰিলোঁহেঁতেন, যাৰ ফলত সেই নিদৰ্শনৰ প্ৰতি সিহঁতৰ ঘাৰ অৱনত হৈ পৰিলহেঁতেন।

5 - Ash-Shu'ara (The Poets) - 005

وَمَا يَأۡتِيهِم مِّن ذِكۡرٖ مِّنَ ٱلرَّحۡمَٰنِ مُحۡدَثٍ إِلَّا كَانُواْ عَنۡهُ مُعۡرِضِينَ
আৰু যেতিয়াই সিহঁতৰ ওচৰলৈ ৰহমানৰ তৰফৰ পৰা কোনো নতুন উপদেশ আহে, তেতিয়াই সিহঁতে তাৰ পৰা মুখ ঘূৰাই লয়।

6 - Ash-Shu'ara (The Poets) - 006

فَقَدۡ كَذَّبُواْ فَسَيَأۡتِيهِمۡ أَنۢبَـٰٓؤُاْ مَا كَانُواْ بِهِۦ يَسۡتَهۡزِءُونَ
এতেকে নিশ্চিতভাৱে সিহঁতে অস্বীকাৰ কৰিছে। সেয়ে সিহঁতে যিটোক লৈ ঠাট্টা-বিদ্ৰূপ কৰিছিল তাৰ প্ৰকৃত বাৰ্তা সিহঁতৰ ওচৰলৈ শীঘ্ৰেই আহি পৰিব।

7 - Ash-Shu'ara (The Poets) - 007

أَوَلَمۡ يَرَوۡاْ إِلَى ٱلۡأَرۡضِ كَمۡ أَنۢبَتۡنَا فِيهَا مِن كُلِّ زَوۡجٖ كَرِيمٍ
সিহঁতে পৃথিৱীৰ ফালে লক্ষ্য নকৰে নেকি? তাত আমি সকলো প্ৰকাৰৰ বহুতো উৎকৃষ্ট উদ্ভিদ উৎপন্ন কৰিছোঁ!

8 - Ash-Shu'ara (The Poets) - 008

إِنَّ فِي ذَٰلِكَ لَأٓيَةٗۖ وَمَا كَانَ أَكۡثَرُهُم مُّؤۡمِنِينَ
নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ সৰহভাগেই মুমিন নহয়।

9 - Ash-Shu'ara (The Poets) - 009

وَإِنَّ رَبَّكَ لَهُوَ ٱلۡعَزِيزُ ٱلرَّحِيمُ
আৰু নিশ্চয় তোমাৰ প্ৰতিপালক, তেৱেঁই মহা পৰাক্ৰমশালী, পৰম দয়ালু।

10 - Ash-Shu'ara (The Poets) - 010

وَإِذۡ نَادَىٰ رَبُّكَ مُوسَىٰٓ أَنِ ٱئۡتِ ٱلۡقَوۡمَ ٱلظَّـٰلِمِينَ
আৰু স্মৰণ কৰা, যেতিয়া তোমাৰ প্ৰতিপালকে মুছাক মাতি ক’লে, ‘তুমি যালিম সম্প্ৰদায়ৰ ওচৰলৈ যোৱা,

11 - Ash-Shu'ara (The Poets) - 011

قَوۡمَ فِرۡعَوۡنَۚ أَلَا يَتَّقُونَ
ফিৰআউনৰ সম্প্ৰদায়ৰ ওচৰলৈ; সিহঁতে তাক্বৱা অৱলম্বন নকৰিবনে’?

12 - Ash-Shu'ara (The Poets) - 012

قَالَ رَبِّ إِنِّيٓ أَخَافُ أَن يُكَذِّبُونِ
মুছাই ক’লে, ‘হে মোৰ প্ৰতিপালক! মোৰ আশংকা হৈছে যে, সিহঁতে মোক অস্বীকাৰ কৰিব।

13 - Ash-Shu'ara (The Poets) - 013

وَيَضِيقُ صَدۡرِي وَلَا يَنطَلِقُ لِسَانِي فَأَرۡسِلۡ إِلَىٰ هَٰرُونَ
‘আৰু মোৰ বুকু সংকুচিত হৈ পৰিছে, লগতে মোৰ জিভাও স্বাভাৱিক নহয়। এতেকে তুমি হাৰূনৰ প্ৰতিও অহী প্ৰেৰণ কৰা।

14 - Ash-Shu'ara (The Poets) - 014

وَلَهُمۡ عَلَيَّ ذَنۢبٞ فَأَخَافُ أَن يَقۡتُلُونِ
‘লগতে মোৰ বিৰুদ্ধে সিহঁতৰ ওচৰত এটা অভিযোগো আছে, সেয়ে মোৰ আশংকা হৈছে যে, সিহঁতে মোক হত্যা কৰিব’।

15 - Ash-Shu'ara (The Poets) - 015

قَالَ كَلَّاۖ فَٱذۡهَبَا بِـَٔايَٰتِنَآۖ إِنَّا مَعَكُم مُّسۡتَمِعُونَ
আল্লাহে ক’লে, ‘নহয়, কেতিয়াও নহয়, তোমালোক দুয়ো মোৰ নিদৰ্শন লৈ যোৱা, নিশ্চয় আমি তোমালোকৰ লগত আছোঁ শ্ৰৱণকাৰী হিচাপে।

16 - Ash-Shu'ara (The Poets) - 016

فَأۡتِيَا فِرۡعَوۡنَ فَقُولَآ إِنَّا رَسُولُ رَبِّ ٱلۡعَٰلَمِينَ
‘এতেকে তোমালোক দুয়ো ফিৰআউনৰ ওচৰলৈ গৈ কোৱা, ‘নিশ্চয় আমি বিশ্বজগতৰ প্ৰতিপালকৰ (তৰফৰ পৰা প্ৰেৰিত) ৰাছুল,

17 - Ash-Shu'ara (The Poets) - 017

أَنۡ أَرۡسِلۡ مَعَنَا بَنِيٓ إِسۡرَـٰٓءِيلَ
‘সেয়ে তুমি বনী ইছৰাঈলক আমাৰ লগত যাবলৈ দিয়া’।

18 - Ash-Shu'ara (The Poets) - 018

قَالَ أَلَمۡ نُرَبِّكَ فِينَا وَلِيدٗا وَلَبِثۡتَ فِينَا مِنۡ عُمُرِكَ سِنِينَ
ফিৰআউনে ক’লে, ‘আমি তোমাক শৈশৱ কালত আমাৰ মাজতে লালন-পালন কৰা নাছিলোঁনে? আৰু নিশ্চয় তুমি তোমাৰ জীৱনৰ বহু বছৰ আমাৰ মাজতেই অতিবাহিত কৰিছা,

19 - Ash-Shu'ara (The Poets) - 019

وَفَعَلۡتَ فَعۡلَتَكَ ٱلَّتِي فَعَلۡتَ وَأَنتَ مِنَ ٱلۡكَٰفِرِينَ
‘আৰু তুমি তোমাৰ কৰ্ম যিটো কৰিবলগীয়া আছিল সেইটো কৰিয়ে পেলাইছা, আৰু তুমি অকৃতজ্ঞসকলৰ অন্তৰ্ভুক্ত’।

20 - Ash-Shu'ara (The Poets) - 020

قَالَ فَعَلۡتُهَآ إِذٗا وَأَنَا۠ مِنَ ٱلضَّآلِّينَ
মুছাই ক’লে, ‘সেইটো মই তেতিয়াহে কৰিছিলোঁ, যেতিয়া মই পথ ভ্ৰান্ত আছিলোঁ’।

21 - Ash-Shu'ara (The Poets) - 021

فَفَرَرۡتُ مِنكُمۡ لَمَّا خِفۡتُكُمۡ فَوَهَبَ لِي رَبِّي حُكۡمٗا وَجَعَلَنِي مِنَ ٱلۡمُرۡسَلِينَ
‘এতেকে যেতিয়া মই তোমালোকক ভয় কৰিছিলোঁ, তেতিয়া মই তোমালোকৰ পৰা পলায়ন কৰিছিলোঁ। ইয়াৰ পিছত মোৰ প্ৰতিপালকে মোক প্ৰজ্ঞা (নবুওৱত) দান কৰিছে আৰু মোক ৰাছুলসকলৰ অন্তৰ্ভুক্ত কৰিছে।

22 - Ash-Shu'ara (The Poets) - 022

وَتِلۡكَ نِعۡمَةٞ تَمُنُّهَا عَلَيَّ أَنۡ عَبَّدتَّ بَنِيٓ إِسۡرَـٰٓءِيلَ
‘আৰু মোৰ প্ৰতি তোমাৰ যি অনুগ্ৰহৰ কথা উল্লেখ কৰি তুমি দয়া দেখুৱাই আছা, তাৰ প্ৰকৃত সত্য এইটো যে, তুমি বনী ইছৰাঈলক দাসত পৰিণত কৰিছা’।

23 - Ash-Shu'ara (The Poets) - 023

قَالَ فِرۡعَوۡنُ وَمَا رَبُّ ٱلۡعَٰلَمِينَ
ফিৰআউনে ক’লে, ‘সৃষ্টিজগতৰ প্ৰতিপালক আকৌ কি’?

24 - Ash-Shu'ara (The Poets) - 024

قَالَ رَبُّ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ وَمَا بَيۡنَهُمَآۖ إِن كُنتُم مُّوقِنِينَ
মুছাই ক’লে, ‘তেৱেঁই আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মধ্যৱৰ্তী সকলো বস্তুৰ প্ৰতিপালক, যদি তোমালোকে নিশ্চিত বিশ্বাসী হোৱা’।

25 - Ash-Shu'ara (The Poets) - 025

قَالَ لِمَنۡ حَوۡلَهُۥٓ أَلَا تَسۡتَمِعُونَ
ফিৰআউনে তাৰ ওচৰে-পাঁজৰে থকা লোকসকলক লক্ষ্য কৰি ক’লে, ‘তোমালোকে মনোযোগ সহকাৰে শুনিছানে’?

26 - Ash-Shu'ara (The Poets) - 026

قَالَ رَبُّكُمۡ وَرَبُّ ءَابَآئِكُمُ ٱلۡأَوَّلِينَ
মুছাই ক’লে, ‘তেৱেঁই তোমালোকৰ প্ৰতিপালক আৰু তোমালোকৰ পূৰ্বপুৰুষসকলোৰো প্ৰতিপালক’।

27 - Ash-Shu'ara (The Poets) - 027

قَالَ إِنَّ رَسُولَكُمُ ٱلَّذِيٓ أُرۡسِلَ إِلَيۡكُمۡ لَمَجۡنُونٞ
ফিৰআউনে ক’লে, ‘তোমালোকৰ প্ৰতি প্ৰেৰিত তোমালোকৰ এই ৰাছুলজন নিশ্চয় এজন বলিয়া’।

28 - Ash-Shu'ara (The Poets) - 028

قَالَ رَبُّ ٱلۡمَشۡرِقِ وَٱلۡمَغۡرِبِ وَمَا بَيۡنَهُمَآۖ إِن كُنتُمۡ تَعۡقِلُونَ
মুছাই ক’লে, ‘তেৱেঁই পূৱ আৰু পশ্চিমৰ, লগতে এই দুয়োৰে মাজত যি আছে সেই সকলো বস্তুৰ প্ৰতিপালক; যদি তোমালোকে বুজি পোৱা’।

29 - Ash-Shu'ara (The Poets) - 029

قَالَ لَئِنِ ٱتَّخَذۡتَ إِلَٰهًا غَيۡرِي لَأَجۡعَلَنَّكَ مِنَ ٱلۡمَسۡجُونِينَ
ফিৰআউনে ক’লে, ‘যদি তুমি মোৰ পৰিবৰ্তে আনক ইলাহৰূপে গ্ৰহণ কৰা তেন্তে মই তোমাক নিশ্চয় কাৰাৰুদ্ধ কৰিম’।

30 - Ash-Shu'ara (The Poets) - 030

قَالَ أَوَلَوۡ جِئۡتُكَ بِشَيۡءٖ مُّبِينٖ
মুছাই ক’লে, ‘যদি মই তোমাৰ ওচৰলৈ স্পষ্ট কোনো (নিদৰ্শন) লৈ আহোঁ, তথাপিও (তুমি মোক কাৰৰুদ্ধ কৰিবানে)’?

31 - Ash-Shu'ara (The Poets) - 031

قَالَ فَأۡتِ بِهِۦٓ إِن كُنتَ مِنَ ٱلصَّـٰدِقِينَ
ফিৰআউনে ক’লে, ‘যদি তুমি সত্যবাদী হোৱা তেন্তে সেয়া লৈ আহা’।

32 - Ash-Shu'ara (The Poets) - 032

فَأَلۡقَىٰ عَصَاهُ فَإِذَا هِيَ ثُعۡبَانٞ مُّبِينٞ
তেতিয়া মুছাই নিজৰ হাতৰ লাখুটিডাল নিক্ষেপ কৰিলে আৰু লগে লগে সেয়া এডাল অজগৰ সাপত পৰিণত হ’ল।

33 - Ash-Shu'ara (The Poets) - 033

وَنَزَعَ يَدَهُۥ فَإِذَا هِيَ بَيۡضَآءُ لِلنَّـٰظِرِينَ
আৰু তেওঁ নিজৰ হাত বাহিৰলৈ উলিয়াই আনিলে আৰু লগে লগে সেয়া দৰ্শকৰ ওচৰত শুভ্ৰ উজ্জ্বল প্ৰতিভাত হ’ল।

34 - Ash-Shu'ara (The Poets) - 034

قَالَ لِلۡمَلَإِ حَوۡلَهُۥٓ إِنَّ هَٰذَا لَسَٰحِرٌ عَلِيمٞ
ফিৰআউনে তাৰ ওচৰে-পাঁজৰে থকা পৰিষদবৰ্গক উদ্দেশ্য কৰি ক’লে, ‘নিশ্চয় এওঁ এজন সুদক্ষ যাদুকৰ’।

35 - Ash-Shu'ara (The Poets) - 035

يُرِيدُ أَن يُخۡرِجَكُم مِّنۡ أَرۡضِكُم بِسِحۡرِهِۦ فَمَاذَا تَأۡمُرُونَ
‘এওঁ নিজৰ যাদু শক্তিৰে তোমালোকক তোমালোকৰ দেশৰ পৰাই বহিষ্কাৰ কৰিব বিচাৰে। এতেকে তোমালোকে মোক কি পৰামৰ্শ দিয়া’?

36 - Ash-Shu'ara (The Poets) - 036

قَالُوٓاْ أَرۡجِهۡ وَأَخَاهُ وَٱبۡعَثۡ فِي ٱلۡمَدَآئِنِ حَٰشِرِينَ
সিহঁতে ক’লে, ‘তেওঁক আৰু তেওঁৰ ভাতৃক কিছু সময় অৱকাশ দিয়ক আৰু নগৰে নগৰে সংগ্ৰাহকসকলক পঠাই দিয়ক,

37 - Ash-Shu'ara (The Poets) - 037

يَأۡتُوكَ بِكُلِّ سَحَّارٍ عَلِيمٖ
‘যাতে সিহঁতে আপোনাৰ ওচৰলৈ প্ৰত্যেক অভিজ্ঞ যাদুকৰক লৈ উপস্থিত হয়’।

38 - Ash-Shu'ara (The Poets) - 038

فَجُمِعَ ٱلسَّحَرَةُ لِمِيقَٰتِ يَوۡمٖ مَّعۡلُومٖ
তাৰ পিছত এটা নিৰ্ধাৰিত দিনৰ নিৰ্দিষ্ট সময়ত যাদুকৰসকলক একত্ৰিত কৰা হ’ল,

39 - Ash-Shu'ara (The Poets) - 039

وَقِيلَ لِلنَّاسِ هَلۡ أَنتُم مُّجۡتَمِعُونَ
আৰু মানুহক কোৱা হ’ল, ‘তোমালোকেও সমবেত হ’বানে’?

40 - Ash-Shu'ara (The Poets) - 040

لَعَلَّنَا نَتَّبِعُ ٱلسَّحَرَةَ إِن كَانُواْ هُمُ ٱلۡغَٰلِبِينَ
‘যাতে আমি যাদুকৰসকলক অনুসৰণ কৰিব পাৰোঁ, যদি সিহঁতে বিজয়ী হয়’।

41 - Ash-Shu'ara (The Poets) - 041

فَلَمَّا جَآءَ ٱلسَّحَرَةُ قَالُواْ لِفِرۡعَوۡنَ أَئِنَّ لَنَا لَأَجۡرًا إِن كُنَّا نَحۡنُ ٱلۡغَٰلِبِينَ
এতেকে যেতিয়া যাদুকৰবিলাকে আহি ফিৰআউনক ক’লে, ‘যদি আমি বিজয়ী হওঁ তেন্তে আমাৰ বাবে পুৰস্কাৰ থাকিবনে’?

42 - Ash-Shu'ara (The Poets) - 042

قَالَ نَعَمۡ وَإِنَّكُمۡ إِذٗا لَّمِنَ ٱلۡمُقَرَّبِينَ
ফিৰআউনে ক’লে, ‘হয়, আৰু নিশ্চয় তোমালোক তেতিয়া মোৰ ঘনিষ্টসকলৰ অন্তৰ্ভুক্ত হ’বা’।

43 - Ash-Shu'ara (The Poets) - 043

قَالَ لَهُم مُّوسَىٰٓ أَلۡقُواْ مَآ أَنتُم مُّلۡقُونَ
মুছাই সিহঁতক ক’লে, ‘তোমালোকৰ যি নিক্ষেপ কৰিবলগীয়া আছে সেয়া নিক্ষেপ কৰা’।

44 - Ash-Shu'ara (The Poets) - 044

فَأَلۡقَوۡاْ حِبَالَهُمۡ وَعِصِيَّهُمۡ وَقَالُواْ بِعِزَّةِ فِرۡعَوۡنَ إِنَّا لَنَحۡنُ ٱلۡغَٰلِبُونَ
তাৰ পিছত সিহঁতে সিহঁতৰ ৰছী আৰু লাখুটিবোৰ নিক্ষেপ কৰিলে আৰু সিহঁতে ক’লে, ‘ফিৰআউনৰ মৰ্যাদাৰ শপত! নিশ্চয় আমিয়েই বিজয়ী হম’।

45 - Ash-Shu'ara (The Poets) - 045

فَأَلۡقَىٰ مُوسَىٰ عَصَاهُ فَإِذَا هِيَ تَلۡقَفُ مَا يَأۡفِكُونَ
তাৰ পিছত মুছাই তেওঁৰ লাখুটিডাল নিক্ষেপ কৰিলে, ফলত তৎক্ষণাত ই সিহঁতৰ মিছা কীৰ্তিসমূহ গ্ৰাস কৰিবলৈ ধৰিলে।

46 - Ash-Shu'ara (The Poets) - 046

فَأُلۡقِيَ ٱلسَّحَرَةُ سَٰجِدِينَ
তেতিয়া যাদুকৰসকল ছাজদাৱনত হৈ পৰিল।

47 - Ash-Shu'ara (The Poets) - 047

قَالُوٓاْ ءَامَنَّا بِرَبِّ ٱلۡعَٰلَمِينَ
তেওঁলোকে ক’লে, ‘আমি ঈমান আনিলোঁ বিশ্বজগতৰ প্ৰতিপালকৰ প্ৰতি,

48 - Ash-Shu'ara (The Poets) - 048

رَبِّ مُوسَىٰ وَهَٰرُونَ
‘মুছা আৰু হাৰুনৰ প্ৰতিপালকৰ প্ৰতি’।

49 - Ash-Shu'ara (The Poets) - 049

قَالَ ءَامَنتُمۡ لَهُۥ قَبۡلَ أَنۡ ءَاذَنَ لَكُمۡۖ إِنَّهُۥ لَكَبِيرُكُمُ ٱلَّذِي عَلَّمَكُمُ ٱلسِّحۡرَ فَلَسَوۡفَ تَعۡلَمُونَۚ لَأُقَطِّعَنَّ أَيۡدِيَكُمۡ وَأَرۡجُلَكُم مِّنۡ خِلَٰفٖ وَلَأُصَلِّبَنَّكُمۡ أَجۡمَعِينَ
ফিৰআউনে ক’লে, ‘মই তোমালোকক অনুমতি দিয়াৰ আগতেই তোমালোকে তাৰ প্ৰতি বিশ্বাস কৰিলা? নিশ্চয় সিয়েই হৈছে তোমালোকৰ প্ৰধান আৰু সিয়ে তোমালোকক যাদু শিক্ষা দিছে। এতেকে তোমালোকে শীঘ্ৰেই ইয়াৰ পৰিণাম পাবা। নিশ্চয় আমি তোমালোকৰ হাত আৰু ভৰি বিপৰীত দিশৰ পৰা কাটি দিম আৰু তোমালোক সকলোকে শূলবিদ্ধ কৰিম’।

50 - Ash-Shu'ara (The Poets) - 050

قَالُواْ لَا ضَيۡرَۖ إِنَّآ إِلَىٰ رَبِّنَا مُنقَلِبُونَ
তেওঁলোকে ক’লে, ‘কোনো অসুবিধা নাই, নিশ্চয় আমি আমাৰ প্ৰতিপালকৰ ফালেই উভতি যাম।

51 - Ash-Shu'ara (The Poets) - 051

إِنَّا نَطۡمَعُ أَن يَغۡفِرَ لَنَا رَبُّنَا خَطَٰيَٰنَآ أَن كُنَّآ أَوَّلَ ٱلۡمُؤۡمِنِينَ
নিশ্চয় আমি আশা পোষণ কৰোঁ যে, আমাৰ প্ৰতিপালকে আমাৰ অপৰাধসমূহ ক্ষমা কৰি দিব, কাৰণ আমিয়ে মুমিনসকলৰ মাজত প্ৰথম।

52 - Ash-Shu'ara (The Poets) - 052

۞وَأَوۡحَيۡنَآ إِلَىٰ مُوسَىٰٓ أَنۡ أَسۡرِ بِعِبَادِيٓ إِنَّكُم مُّتَّبَعُونَ
আৰু আমি মুছাৰ প্ৰতি এই মৰ্মে অহী কৰিলোঁ যে, ‘আমাৰ বান্দাসকলক লৈ ৰাতিৰ ভিতৰতে ওলাই যোৱা, নিশ্চয় তোমালোকক পিছে পিছে খেদি যোৱা হ’ব’।

53 - Ash-Shu'ara (The Poets) - 053

فَأَرۡسَلَ فِرۡعَوۡنُ فِي ٱلۡمَدَآئِنِ حَٰشِرِينَ
তাৰ পিছত ফিৰআউনে চহৰে চহৰে লোক সংগ্ৰহকাৰী প্ৰেৰণ কৰিলে,

54 - Ash-Shu'ara (The Poets) - 054

إِنَّ هَـٰٓؤُلَآءِ لَشِرۡذِمَةٞ قَلِيلُونَ
‘(এই বুলি যে,) নিশ্চয় ইহঁত হৈছে ক্ষুদ্ৰ এটা দল,

55 - Ash-Shu'ara (The Poets) - 055

وَإِنَّهُمۡ لَنَا لَغَآئِظُونَ
‘আৰু নিশ্চয় সিহঁতে আমাৰ ক্ৰোধ উদ্ৰেক কৰিছে,

56 - Ash-Shu'ara (The Poets) - 056

وَإِنَّا لَجَمِيعٌ حَٰذِرُونَ
‘আৰু নিশ্চিতভাৱে আমি সকলোৱে সদায় সতৰ্ক’।

57 - Ash-Shu'ara (The Poets) - 057

فَأَخۡرَجۡنَٰهُم مِّن جَنَّـٰتٖ وَعُيُونٖ
পৰিণামত আমি ফিৰআউন গোষ্ঠীক সিহঁতৰ উদ্যানসমূহ আৰু প্ৰস্ৰৱনৰ পৰা বহিষ্কাৰ কৰিলোঁ,

58 - Ash-Shu'ara (The Poets) - 058

وَكُنُوزٖ وَمَقَامٖ كَرِيمٖ
লগতে ধন-ভাণ্ডাৰ আৰু মনোৰম সৌধমালাৰ পৰাও।

59 - Ash-Shu'ara (The Poets) - 059

كَذَٰلِكَۖ وَأَوۡرَثۡنَٰهَا بَنِيٓ إِسۡرَـٰٓءِيلَ
এইদৰেই হৈছিল আৰু আমি বনী ইছৰাঈলক কৰিছিলোঁ এইবোৰৰ অধিকাৰী।

60 - Ash-Shu'ara (The Poets) - 060

فَأَتۡبَعُوهُم مُّشۡرِقِينَ
সিহঁতে সূৰ্যোদয়ৰ প্ৰাকমুহূৰ্ততে তেওঁলোকক চোঁচা ল’লে।

61 - Ash-Shu'ara (The Poets) - 061

فَلَمَّا تَرَـٰٓءَا ٱلۡجَمۡعَانِ قَالَ أَصۡحَٰبُ مُوسَىٰٓ إِنَّا لَمُدۡرَكُونَ
এতেকে যেতিয়া দুয়ো দলে পৰস্পৰক দেখিলে, তেতিয়া মুছাৰ সঙ্গীসকলে ক’লে, ‘নিশ্চয় আমি ধৰা পৰিলোঁ!’

62 - Ash-Shu'ara (The Poets) - 062

قَالَ كَلَّآۖ إِنَّ مَعِيَ رَبِّي سَيَهۡدِينِ
মুছাই ক’লে, ‘কেতিয়াও নহয়, মোৰ লগত মোৰ প্ৰতিপালক আছে; অনতিপলমে তেওঁ মোক পথনিৰ্দেশ কৰিব’।

63 - Ash-Shu'ara (The Poets) - 063

فَأَوۡحَيۡنَآ إِلَىٰ مُوسَىٰٓ أَنِ ٱضۡرِب بِّعَصَاكَ ٱلۡبَحۡرَۖ فَٱنفَلَقَ فَكَانَ كُلُّ فِرۡقٖ كَٱلطَّوۡدِ ٱلۡعَظِيمِ
তাৰ পিছত আমি মুছাৰ প্ৰতি অহী কৰিলোঁ যে, ‘তোমাৰ লাখুটিৰে সাগৰত আঘাত কৰা’। ফলত সাগৰ বিভক্ত হৈ প্ৰত্যেক ভাগ বিশাল পৰ্বতৰ দৰে হৈ গ’ল;

64 - Ash-Shu'ara (The Poets) - 064

وَأَزۡلَفۡنَا ثَمَّ ٱلۡأٓخَرِينَ
আৰু আমি আন দলটোকো সেই ঠাইৰ নিকটৱৰ্তী কৰিলোঁ,

65 - Ash-Shu'ara (The Poets) - 065

وَأَنجَيۡنَا مُوسَىٰ وَمَن مَّعَهُۥٓ أَجۡمَعِينَ
আৰু আমি উদ্ধাৰ কৰিলোঁ মুছা আৰু তেওঁৰ সঙ্গীসকলক,

66 - Ash-Shu'ara (The Poets) - 066

ثُمَّ أَغۡرَقۡنَا ٱلۡأٓخَرِينَ
তাৰ পিছত ডুবাই মাৰিলোঁ আনটো দলক।

67 - Ash-Shu'ara (The Poets) - 067

إِنَّ فِي ذَٰلِكَ لَأٓيَةٗۖ وَمَا كَانَ أَكۡثَرُهُم مُّؤۡمِنِينَ
নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ সৰহভাগেই মুমিন নহয়।

68 - Ash-Shu'ara (The Poets) - 068

وَإِنَّ رَبَّكَ لَهُوَ ٱلۡعَزِيزُ ٱلرَّحِيمُ
আৰু নিশ্চয় তোমাৰ প্ৰতিপালক, তেৱেঁই মহা পৰাক্ৰমশালী, পৰম দয়ালু।

69 - Ash-Shu'ara (The Poets) - 069

وَٱتۡلُ عَلَيۡهِمۡ نَبَأَ إِبۡرَٰهِيمَ
আৰু তুমি সিহঁতৰ ওচৰত ইব্ৰাহীমৰ বৃত্তান্ত বৰ্ণনা কৰা।

70 - Ash-Shu'ara (The Poets) - 070

إِذۡ قَالَ لِأَبِيهِ وَقَوۡمِهِۦ مَا تَعۡبُدُونَ
যেতিয়া তেওঁ তেওঁৰ পিতৃক আৰু নিজ সম্প্ৰদায়ক কৈছিল, ‘তোমালোকে কিহৰ ইবাদত কৰা’?

71 - Ash-Shu'ara (The Poets) - 071

قَالُواْ نَعۡبُدُ أَصۡنَامٗا فَنَظَلُّ لَهَا عَٰكِفِينَ
সিহঁতে ক’লে, ‘আমি মূৰ্তি পূজা কৰোঁ; এতেকে আমি নিষ্ঠাৰ সৈতে সেইটোকে ধৰি থাকিম’।

72 - Ash-Shu'ara (The Poets) - 072

قَالَ هَلۡ يَسۡمَعُونَكُمۡ إِذۡ تَدۡعُونَ
তেওঁ ক’লে, ‘তোমালোকে যেতিয়া আহ্বান কৰা তেতিয়া সেইবোৰে শুনা পায়নে?

73 - Ash-Shu'ara (The Poets) - 073

أَوۡ يَنفَعُونَكُمۡ أَوۡ يَضُرُّونَ
‘অথবা সিহঁতে তোমালোকৰ উপকাৰ নাইবা অপকাৰ কৰিব পাৰেনে’?

74 - Ash-Shu'ara (The Poets) - 074

قَالُواْ بَلۡ وَجَدۡنَآ ءَابَآءَنَا كَذَٰلِكَ يَفۡعَلُونَ
সিহঁতে ক’লে, ‘বৰং আমি আমাৰ পিতৃপুৰুষসকলক পাইছোঁ, তেওঁলোকে এনেকুৱাই কৰিছিল’।

75 - Ash-Shu'ara (The Poets) - 075

قَالَ أَفَرَءَيۡتُم مَّا كُنتُمۡ تَعۡبُدُونَ
ইব্ৰাহীমে ক’লে, ‘তোমালোকে ভাবি চাইছানে, যিসকলৰ ইবাদত তোমালোকে কৰি আছা,

76 - Ash-Shu'ara (The Poets) - 076

أَنتُمۡ وَءَابَآؤُكُمُ ٱلۡأَقۡدَمُونَ
‘তোমালোক আৰু তোমালোকৰ পিতৃপুৰুষসকল!

77 - Ash-Shu'ara (The Poets) - 077

فَإِنَّهُمۡ عَدُوّٞ لِّيٓ إِلَّا رَبَّ ٱلۡعَٰلَمِينَ
‘সিহঁত আটায়ে মোৰ শত্ৰু, কেৱল বিশ্বজগতৰ ৰব (আল্লাহ)ৰ বাহিৰে।

78 - Ash-Shu'ara (The Poets) - 078

ٱلَّذِي خَلَقَنِي فَهُوَ يَهۡدِينِ
‘যিজনে মোক সৃষ্টি কৰিছে, তাৰ পিছত তেৱেঁই মোক হিদায়ত দিছে।

79 - Ash-Shu'ara (The Poets) - 079

وَٱلَّذِي هُوَ يُطۡعِمُنِي وَيَسۡقِينِ
‘তেৱেঁই মোক আহাৰ কৰায় আৰু তেৱেঁই মোক পান কৰায়।

80 - Ash-Shu'ara (The Poets) - 080

وَإِذَا مَرِضۡتُ فَهُوَ يَشۡفِينِ
‘আৰু যেতিয়া মই অসুস্থ হওঁ, তেতিয়া তেৱেঁই মোক আৰোগ্য কৰে।

81 - Ash-Shu'ara (The Poets) - 081

وَٱلَّذِي يُمِيتُنِي ثُمَّ يُحۡيِينِ
‘তেৱেঁই মোৰ মৃত্যু ঘটাব আৰু তেৱেঁই মোক পুনৰ্জীৱিত কৰিব।

82 - Ash-Shu'ara (The Poets) - 082

وَٱلَّذِيٓ أَطۡمَعُ أَن يَغۡفِرَ لِي خَطِيٓـَٔتِي يَوۡمَ ٱلدِّينِ
‘আৰু তেওঁৰ ওচৰতেই মোৰ আশা যে, তেওঁ মোক কিয়ামতৰ দিনা মোৰ অপৰাধসমূহ ক্ষমা কৰি দিব।

83 - Ash-Shu'ara (The Poets) - 083

رَبِّ هَبۡ لِي حُكۡمٗا وَأَلۡحِقۡنِي بِٱلصَّـٰلِحِينَ
‘হে মোৰ প্ৰতিপালক! মোক হিকমত দান কৰা আৰু সৎকৰ্মশীলসকলৰ অন্তৰ্ভুক্ত কৰা।

84 - Ash-Shu'ara (The Poets) - 084

وَٱجۡعَل لِّي لِسَانَ صِدۡقٖ فِي ٱلۡأٓخِرِينَ
‘আৰু পৰৱৰ্তীসকলৰ মাজত মোৰ সুনাম-সুখ্যাতি অব্যাহত ৰাখা,

85 - Ash-Shu'ara (The Poets) - 085

وَٱجۡعَلۡنِي مِن وَرَثَةِ جَنَّةِ ٱلنَّعِيمِ
‘আৰু মোক সুখময় জান্নাতৰ উত্তৰাধিকাৰীসকলৰ অন্তৰ্ভুক্ত কৰা,

86 - Ash-Shu'ara (The Poets) - 086

وَٱغۡفِرۡ لِأَبِيٓ إِنَّهُۥ كَانَ مِنَ ٱلضَّآلِّينَ
‘আৰু মোৰ পিতৃক ক্ষমা কৰা, নিশ্চয় তেওঁ পথভ্ৰষ্টবিলাকৰ অন্তৰ্ভুক্ত আছিল।

87 - Ash-Shu'ara (The Poets) - 087

وَلَا تُخۡزِنِي يَوۡمَ يُبۡعَثُونَ
‘আৰু (হে মোৰ প্ৰতিপালক!) পুনৰুত্থানৰ দিনা মোক লাঞ্ছিত নকৰিবা।

88 - Ash-Shu'ara (The Poets) - 088

يَوۡمَ لَا يَنفَعُ مَالٞ وَلَا بَنُونَ
‘যিদিনা ধন-সম্পদ আৰু সন্তান-সন্ততি কোনো কামত নাহিব;

89 - Ash-Shu'ara (The Poets) - 089

إِلَّا مَنۡ أَتَى ٱللَّهَ بِقَلۡبٖ سَلِيمٖ
‘সেইদিনা উপকৃত হ’ব কেৱল সেই ব্যক্তি, যিজনে লৈ আহিব আল্লাহৰ ওচৰত বিশুদ্ধ অন্তঃকৰণ’।

90 - Ash-Shu'ara (The Poets) - 090

وَأُزۡلِفَتِ ٱلۡجَنَّةُ لِلۡمُتَّقِينَ
আৰু (সেইদিনা) মুত্তাক্বীসকলৰ বাবে নিকটৱৰ্তী কৰা হ’ব জান্নাত,

91 - Ash-Shu'ara (The Poets) - 091

وَبُرِّزَتِ ٱلۡجَحِيمُ لِلۡغَاوِينَ
আৰু পথভ্ৰষ্টসকলৰ বাবে উন্মোচিত কৰা হ’ব জাহান্নাম;

92 - Ash-Shu'ara (The Poets) - 092

وَقِيلَ لَهُمۡ أَيۡنَ مَا كُنتُمۡ تَعۡبُدُونَ
সিহঁতক কোৱা হ’ব, ‘তোমালোকৰ সেইবোৰ উপাস্য (আজি) ক’ত, যিবোৰৰ তোমালোকে উপাসনা কৰিছিলা--

93 - Ash-Shu'ara (The Poets) - 093

مِن دُونِ ٱللَّهِ هَلۡ يَنصُرُونَكُمۡ أَوۡ يَنتَصِرُونَ
আল্লাহৰ পৰিবৰ্তে? সিহঁতে তোমালোকক সহায় কৰিবনে অথবা সিহঁতে আত্মৰক্ষা কৰিবলৈ সক্ষমনে?

94 - Ash-Shu'ara (The Poets) - 094

فَكُبۡكِبُواْ فِيهَا هُمۡ وَٱلۡغَاوُۥنَ
তাৰ পিছত সেই উপাস্যবোৰক আৰু পথভ্ৰষ্টবিলাকক তলমূৰ কৰি জাহান্নামত নিক্ষেপ কৰা হ’ব,

95 - Ash-Shu'ara (The Poets) - 095

وَجُنُودُ إِبۡلِيسَ أَجۡمَعُونَ
লগতে ইবলীছৰ সৈন্যবাহিনীবিলাককো।

96 - Ash-Shu'ara (The Poets) - 096

قَالُواْ وَهُمۡ فِيهَا يَخۡتَصِمُونَ
সিহঁতে তাত বিতৰ্কত লিপ্ত হৈ ক’ব,

97 - Ash-Shu'ara (The Poets) - 097

تَٱللَّهِ إِن كُنَّا لَفِي ضَلَٰلٖ مُّبِينٍ
‘আল্লাহৰ শপত! নিশ্চয় আমি স্পষ্ট পথভ্ৰষ্টতাত আছিলোঁ,

98 - Ash-Shu'ara (The Poets) - 098

إِذۡ نُسَوِّيكُم بِرَبِّ ٱلۡعَٰلَمِينَ
‘যেতিয়া আমি তোমালোকক বিশ্বজগতৰ প্ৰতিপালকৰ সমকক্ষ বুলি গণ্য কৰিছিলোঁ;

99 - Ash-Shu'ara (The Poets) - 099

وَمَآ أَضَلَّنَآ إِلَّا ٱلۡمُجۡرِمُونَ
‘আৰু আমাক কেৱল অপৰাধীবিলাকেই পথভ্ৰষ্ট কৰিছিল,

100 - Ash-Shu'ara (The Poets) - 100

فَمَا لَنَا مِن شَٰفِعِينَ
‘এতেকে আমাৰ কোনো চুপাৰিছকাৰী নাই’।

101 - Ash-Shu'ara (The Poets) - 101

وَلَا صَدِيقٍ حَمِيمٖ
‘আৰু কোনো অন্তৰঙ্গ বন্ধুও নাই।

102 - Ash-Shu'ara (The Poets) - 102

فَلَوۡ أَنَّ لَنَا كَرَّةٗ فَنَكُونَ مِنَ ٱلۡمُؤۡمِنِينَ
‘হায়, যদি আমি আকৌ এবাৰ উভতি যোৱাৰ সুযোগ পালোঁহেঁতেন, তেন্তে আমি মুমিনসকলৰ অন্তৰ্ভুক্ত হৈ গ’লোঁহেঁতেন!’

103 - Ash-Shu'ara (The Poets) - 103

إِنَّ فِي ذَٰلِكَ لَأٓيَةٗۖ وَمَا كَانَ أَكۡثَرُهُم مُّؤۡمِنِينَ
নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ সৰহভাগেই মুমিন নহয়।

104 - Ash-Shu'ara (The Poets) - 104

وَإِنَّ رَبَّكَ لَهُوَ ٱلۡعَزِيزُ ٱلرَّحِيمُ
আৰু নিশ্চয় তোমাৰ প্ৰতিপালক, তেৱেঁই মহা পৰাক্ৰমশালী, পৰম দয়ালু।

105 - Ash-Shu'ara (The Poets) - 105

كَذَّبَتۡ قَوۡمُ نُوحٍ ٱلۡمُرۡسَلِينَ
নূহ সম্প্ৰদায়েও ৰাছুলসকলক অস্বীকাৰ কৰিছিল।

106 - Ash-Shu'ara (The Poets) - 106

إِذۡ قَالَ لَهُمۡ أَخُوهُمۡ نُوحٌ أَلَا تَتَّقُونَ
যেতিয়া সিহঁতৰ ভাতৃ নূহে সিহঁতক কৈছিল, ‘তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে’?

107 - Ash-Shu'ara (The Poets) - 107

إِنِّي لَكُمۡ رَسُولٌ أَمِينٞ
‘নিশ্চয় মই তোমালোকৰ বাবে এজন বিশ্বস্ত ৰাছুল।

108 - Ash-Shu'ara (The Poets) - 108

فَٱتَّقُواْ ٱللَّهَ وَأَطِيعُونِ
‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ অনুসৰণ কৰা।

109 - Ash-Shu'ara (The Poets) - 109

وَمَآ أَسۡـَٔلُكُمۡ عَلَيۡهِ مِنۡ أَجۡرٍۖ إِنۡ أَجۡرِيَ إِلَّا عَلَىٰ رَبِّ ٱلۡعَٰلَمِينَ
‘আৰু মই তোমালোকৰ ওচৰত ইয়াৰ বাবে কোনো প্ৰতিদান নিবিচাৰোঁ; মোৰ প্ৰতিদান কেৱল বিশ্বজগতৰ ৰব (আল্লাহ)ৰ ওচৰত।

110 - Ash-Shu'ara (The Poets) - 110

فَٱتَّقُواْ ٱللَّهَ وَأَطِيعُونِ
‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ অনুসৰণ কৰা।

111 - Ash-Shu'ara (The Poets) - 111

۞قَالُوٓاْ أَنُؤۡمِنُ لَكَ وَٱتَّبَعَكَ ٱلۡأَرۡذَلُونَ
সিহঁতে ক’লে, ‘আমি তোমাৰ প্ৰতি ঈমান আনিম নেকি, অথচ তোমাক কেৱল নিম্নশ্ৰেণীৰ লোকেহে অনুসৰণ কৰিছে’?

112 - Ash-Shu'ara (The Poets) - 112

قَالَ وَمَا عِلۡمِي بِمَا كَانُواْ يَعۡمَلُونَ
নূহে ক’লে, ‘সিহঁতে কি কৰে সেই বিষয়ে জনাটো মোৰ কি প্ৰয়োজন?

113 - Ash-Shu'ara (The Poets) - 113

إِنۡ حِسَابُهُمۡ إِلَّا عَلَىٰ رَبِّيۖ لَوۡ تَشۡعُرُونَ
‘সিহঁতৰ হিচাপ লোৱাটো হৈছে মোৰ প্ৰতিপালকৰ কাম; যদি তোমালোকে বুজি পালাহেঁতেন!

114 - Ash-Shu'ara (The Poets) - 114

وَمَآ أَنَا۠ بِطَارِدِ ٱلۡمُؤۡمِنِينَ
‘আৰু মুমিনসকলক খেদি পঠিওৱাটোও মোৰ কাম নহয়।

115 - Ash-Shu'ara (The Poets) - 115

إِنۡ أَنَا۠ إِلَّا نَذِيرٞ مُّبِينٞ
‘মইহে কেৱল এজন স্পষ্ট সতৰ্ককাৰী’।

116 - Ash-Shu'ara (The Poets) - 116

قَالُواْ لَئِن لَّمۡ تَنتَهِ يَٰنُوحُ لَتَكُونَنَّ مِنَ ٱلۡمَرۡجُومِينَ
সিহঁতে ক’লে, ‘হে নূহ! যদি তুমি বিৰত নোহোৱা তেন্তে নিশ্চয় তোমাক শিল দলিয়াই মৃত্যুদণ্ড প্ৰদান কৰা হ’ব’।

117 - Ash-Shu'ara (The Poets) - 117

قَالَ رَبِّ إِنَّ قَوۡمِي كَذَّبُونِ
নূহে (প্ৰাৰ্থনা কৰি) ক’লে, ‘হে মোৰ প্ৰতিপালক! নিশ্চয় মোৰ সম্প্ৰদায়ে মোক অস্বীকাৰ কৰিছে’।

118 - Ash-Shu'ara (The Poets) - 118

فَٱفۡتَحۡ بَيۡنِي وَبَيۡنَهُمۡ فَتۡحٗا وَنَجِّنِي وَمَن مَّعِيَ مِنَ ٱلۡمُؤۡمِنِينَ
‘সেয়ে তুমি মোৰ আৰু সিহঁতৰ মাজত স্পষ্টৰূপে মীমাংসা কৰি দিয়া, লগতে মোক আৰু মোৰ লগত থকা মুমিনসকলক ৰক্ষা কৰা’।

119 - Ash-Shu'ara (The Poets) - 119

فَأَنجَيۡنَٰهُ وَمَن مَّعَهُۥ فِي ٱلۡفُلۡكِ ٱلۡمَشۡحُونِ
ফলত আমি তেওঁক আৰু তেওঁৰ লগত যিসকল আছিল সকলোকে বোজাই নাৱত আৰোহণ কৰাই ৰক্ষা কৰিলোঁ।

120 - Ash-Shu'ara (The Poets) - 120

ثُمَّ أَغۡرَقۡنَا بَعۡدُ ٱلۡبَاقِينَ
তাৰ পিছত বাকী থকাসকলক ডুবাই মাৰিলোঁ।

121 - Ash-Shu'ara (The Poets) - 121

إِنَّ فِي ذَٰلِكَ لَأٓيَةٗۖ وَمَا كَانَ أَكۡثَرُهُم مُّؤۡمِنِينَ
নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ সৰহভাগেই মুমিন নহয়।

122 - Ash-Shu'ara (The Poets) - 122

وَإِنَّ رَبَّكَ لَهُوَ ٱلۡعَزِيزُ ٱلرَّحِيمُ
আৰু নিশ্চয় তোমাৰ প্ৰতিপালক, তেৱেঁই মহা পৰাক্ৰমশালী, পৰম দয়ালু।

123 - Ash-Shu'ara (The Poets) - 123

كَذَّبَتۡ عَادٌ ٱلۡمُرۡسَلِينَ
আদ সম্প্ৰদায়েও ৰাছুলসকলক অস্বীকাৰ কৰিছিল,

124 - Ash-Shu'ara (The Poets) - 124

إِذۡ قَالَ لَهُمۡ أَخُوهُمۡ هُودٌ أَلَا تَتَّقُونَ
যেতিয়া সিহঁতৰ ভাতৃ হূদে সিহঁতক কৈছিল, ‘তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে?

125 - Ash-Shu'ara (The Poets) - 125

إِنِّي لَكُمۡ رَسُولٌ أَمِينٞ
‘নিশ্চয় মই তোমালোকৰ বাবে এজন বিশ্বস্ত ৰাছুল।

126 - Ash-Shu'ara (The Poets) - 126

فَٱتَّقُواْ ٱللَّهَ وَأَطِيعُونِ
‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোক অনুসৰণ কৰা।

127 - Ash-Shu'ara (The Poets) - 127

وَمَآ أَسۡـَٔلُكُمۡ عَلَيۡهِ مِنۡ أَجۡرٍۖ إِنۡ أَجۡرِيَ إِلَّا عَلَىٰ رَبِّ ٱلۡعَٰلَمِينَ
‘আৰু মই তোমালোকৰ ওচৰত ইয়াৰ বাবে কোনো প্ৰতিদান নিবিচাৰোঁ; মোৰ প্ৰতিদান আছে কেৱল সৃষ্টিজগতৰ ৰব (আল্লাহ)ৰ ওচৰত।

128 - Ash-Shu'ara (The Poets) - 128

أَتَبۡنُونَ بِكُلِّ رِيعٍ ءَايَةٗ تَعۡبَثُونَ
‘তোমালোকে কিয় প্ৰতিটো উচ্চ স্থানত

Scroll to Top