الكهف
Al-Kahf
The Cave
1 - Al-Kahf (The Cave) - 001
ٱلۡحَمۡدُ لِلَّهِ ٱلَّذِيٓ أَنزَلَ عَلَىٰ عَبۡدِهِ ٱلۡكِتَٰبَ وَلَمۡ يَجۡعَل لَّهُۥ عِوَجَاۜ
যাৱতীয় প্ৰশংসা কেৱল আল্লাহৰ বাবেই, যিজনে তেওঁৰ বান্দাৰ প্ৰতি কিতাব অৱতীৰ্ণ কৰিছে আৰু তাত তেওঁ কোনো ধৰণৰ বক্ৰতা ৰখা নাই,
2 - Al-Kahf (The Cave) - 002
قَيِّمٗا لِّيُنذِرَ بَأۡسٗا شَدِيدٗا مِّن لَّدُنۡهُ وَيُبَشِّرَ ٱلۡمُؤۡمِنِينَ ٱلَّذِينَ يَعۡمَلُونَ ٱلصَّـٰلِحَٰتِ أَنَّ لَهُمۡ أَجۡرًا حَسَنٗا
সৰলৰূপে (বৰ্ণনা কৰিছে), তেওঁৰ কঠিন শাস্তি সম্পৰ্কে সতৰ্ক কৰাৰ বাবে আৰু মুমিনসকলৰ যিসকলে সৎকৰ্ম কৰে, তেওঁলোকক এই সুসংবাদ দিয়াৰ বাবে যে, তেওঁলোকৰ বাবে আছে উত্তম পুৰস্কাৰ,
3 - Al-Kahf (The Cave) - 003
مَّـٰكِثِينَ فِيهِ أَبَدٗا
তাত তেওঁলোকে স্থায়ীভাৱে অৱস্থান কৰিব,
4 - Al-Kahf (The Cave) - 004
وَيُنذِرَ ٱلَّذِينَ قَالُواْ ٱتَّخَذَ ٱللَّهُ وَلَدٗا
আৰু সেইসকল লোককো সতৰ্ক কৰাৰ বাবে যিসকলে কয়, ‘আল্লাহে সন্তান গ্ৰহণ কৰিছে’,
5 - Al-Kahf (The Cave) - 005
مَّا لَهُم بِهِۦ مِنۡ عِلۡمٖ وَلَا لِأٓبَآئِهِمۡۚ كَبُرَتۡ كَلِمَةٗ تَخۡرُجُ مِنۡ أَفۡوَٰهِهِمۡۚ إِن يَقُولُونَ إِلَّا كَذِبٗا
এই বিষয়ে সিহঁতৰ কোনো জ্ঞান নাই, লগতে সিহঁতৰ পিতৃ-পুৰুষৰো কোনো জ্ঞান নাছিল। কি সাংঘাতিক বাক্য যিটো সিহঁতৰ মুখৰ পৰা ওলায়! সিহঁত মিছাৰ বাহিৰে আন একো নকয়।
6 - Al-Kahf (The Cave) - 006
فَلَعَلَّكَ بَٰخِعٞ نَّفۡسَكَ عَلَىٰٓ ءَاثَٰرِهِمۡ إِن لَّمۡ يُؤۡمِنُواْ بِهَٰذَا ٱلۡحَدِيثِ أَسَفًا
এতেকে সিহঁতে এই বাণীত ঈমান পোষণ নকৰিলে সিহঁতৰ পিছে পিছে ঘূৰি সম্ভৱতঃ তুমি দুখতে আত্ম-বিনাশী হৈ পৰিবা।
7 - Al-Kahf (The Cave) - 007
إِنَّا جَعَلۡنَا مَا عَلَى ٱلۡأَرۡضِ زِينَةٗ لَّهَا لِنَبۡلُوَهُمۡ أَيُّهُمۡ أَحۡسَنُ عَمَلٗا
নিশ্চয় ভূ-পৃষ্ঠত যি যি আছে আমি সেইবোৰক ইয়াৰ শোভা কৰি দিছোঁ, মানুহক এই পৰীক্ষা কৰাৰ বাবে যে, সিহঁতৰ মাজত কোনে শ্ৰেষ্ঠ আমল কৰে।
8 - Al-Kahf (The Cave) - 008
وَإِنَّا لَجَٰعِلُونَ مَا عَلَيۡهَا صَعِيدٗا جُرُزًا
আৰু ইয়াৰ ওপৰত যি যি আছে তাক নিশ্চয় আমি উদ্ভিদশূন্য পথাৰত পৰিণত কৰিম।
9 - Al-Kahf (The Cave) - 009
أَمۡ حَسِبۡتَ أَنَّ أَصۡحَٰبَ ٱلۡكَهۡفِ وَٱلرَّقِيمِ كَانُواْ مِنۡ ءَايَٰتِنَا عَجَبًا
তুমি কাহাফ (গুহা) আৰু ৰাক্বীমৰ অধিবাসীসকলক আমাৰ নিদৰ্শনাৱলীৰ মাজত বিস্ময়কৰ বুলি ভবা নেকি?
10 - Al-Kahf (The Cave) - 010
إِذۡ أَوَى ٱلۡفِتۡيَةُ إِلَى ٱلۡكَهۡفِ فَقَالُواْ رَبَّنَآ ءَاتِنَا مِن لَّدُنكَ رَحۡمَةٗ وَهَيِّئۡ لَنَا مِنۡ أَمۡرِنَا رَشَدٗا
যেতিয়া যুৱকসকলে গুহাত আশ্ৰয় ল’লে তেতিয়া তেওঁলোকে ক’লে, ‘হে আমাৰ প্ৰতিপালক! তুমি তোমাৰ নিজৰ ফালৰ পৰা আমাক অনুগ্ৰহ দান কৰা আৰু আমাৰ বাবে আমাৰ কৰ্মৰাজিক সঠিকভাৱে পৰিচালনাৰ ব্যৱস্থা কৰা’।
11 - Al-Kahf (The Cave) - 011
فَضَرَبۡنَا عَلَىٰٓ ءَاذَانِهِمۡ فِي ٱلۡكَهۡفِ سِنِينَ عَدَدٗا
ফলত আমি সিহঁতক গুহাৰ মাজত কেইবা বছৰো ঘুমন্ত অৱস্থাত ৰাখিলোঁ,
12 - Al-Kahf (The Cave) - 012
ثُمَّ بَعَثۡنَٰهُمۡ لِنَعۡلَمَ أَيُّ ٱلۡحِزۡبَيۡنِ أَحۡصَىٰ لِمَا لَبِثُوٓاْ أَمَدٗا
তাৰ পিছত আমি সিহঁতক সজাগ কৰিলোঁ এইটো জনোৱাৰ বাবে যে, দুই দলৰ মাজত কোনটোৱে সিহঁতৰ অৱস্থিতিকাল সঠিকভাৱে নিৰ্ণয় কৰিব পাৰে।
13 - Al-Kahf (The Cave) - 013
نَّحۡنُ نَقُصُّ عَلَيۡكَ نَبَأَهُم بِٱلۡحَقِّۚ إِنَّهُمۡ فِتۡيَةٌ ءَامَنُواْ بِرَبِّهِمۡ وَزِدۡنَٰهُمۡ هُدٗى
আমি তোমাৰ ওচৰত সিহঁতৰ বৃত্তান্ত সঠিকভাৱে বৰ্ণনা কৰিছোঁ, সিহঁত আছিল কেইজনমান যুৱক, সিহঁতে নিজ প্ৰতিপালকৰ ওপৰত ঈমান আনিছিল আৰু আমি সিহঁতৰ হিদায়ত বৃদ্ধি কৰি দিছিলোঁ,
14 - Al-Kahf (The Cave) - 014
وَرَبَطۡنَا عَلَىٰ قُلُوبِهِمۡ إِذۡ قَامُواْ فَقَالُواْ رَبُّنَا رَبُّ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ لَن نَّدۡعُوَاْ مِن دُونِهِۦٓ إِلَٰهٗاۖ لَّقَدۡ قُلۡنَآ إِذٗا شَطَطًا
আৰু আমি সিহঁতৰ অন্তৰ দৃঢ় কৰি দিছিলোঁ; সিহঁতে যেতিয়া (সাৰ পাই) উঠি ক’লে, ‘আমাৰ প্ৰতিপালকেই আকাশসমূহ আৰু পৃথিৱীৰ প্ৰতিপালক। আমি কেতিয়াও তেওঁৰ পৰিবৰ্তে আন কোনো ইলাহক আহ্বান নকৰোঁ; যদি আহ্বান কৰোঁ তেন্তে এয়া হ’ব বৰ গৰ্হিত কথা।
15 - Al-Kahf (The Cave) - 015
هَـٰٓؤُلَآءِ قَوۡمُنَا ٱتَّخَذُواْ مِن دُونِهِۦٓ ءَالِهَةٗۖ لَّوۡلَا يَأۡتُونَ عَلَيۡهِم بِسُلۡطَٰنِۭ بَيِّنٖۖ فَمَنۡ أَظۡلَمُ مِمَّنِ ٱفۡتَرَىٰ عَلَى ٱللَّهِ كَذِبٗا
আমাৰ এই স্বজাতিসকলে তেওঁৰ পৰিবৰ্তে বহুতো ইলাহ গ্ৰহণ কৰিছে। ইহঁতে এইবোৰ ইলাহ সম্পৰ্কে স্পষ্ট প্ৰমাণ উপস্থিত নকৰে কিয়? এতেকে যিয়ে আল্লাহ সম্পৰ্কে মিছা উদ্ভাৱন কৰে সেইজনতকৈ ডাঙৰ যালিম আৰুনো কোন হ’ব পাৰে?
16 - Al-Kahf (The Cave) - 016
وَإِذِ ٱعۡتَزَلۡتُمُوهُمۡ وَمَا يَعۡبُدُونَ إِلَّا ٱللَّهَ فَأۡوُۥٓاْ إِلَى ٱلۡكَهۡفِ يَنشُرۡ لَكُمۡ رَبُّكُم مِّن رَّحۡمَتِهِۦ وَيُهَيِّئۡ لَكُم مِّنۡ أَمۡرِكُم مِّرۡفَقٗا
এতিয়া যিহেতু তোমালোকে সিহঁতৰ পৰা আৰু সিহঁতে যিবোৰৰ ইবাদত কৰে সেইবোৰৰ পৰা বিচ্ছিন্ন হৈছা, সেয়ে এতিয়া তোমালোকে গুহাত আশ্ৰয় গ্ৰহণ কৰা। তোমালোকৰ প্ৰতিপালকে তোমালোকৰ বাবে তেওঁৰ ৰহমত বিস্তাৰ কৰিব আৰু তোমালোকৰ বাবে তোমালোকৰ জীৱনোপকৰণৰ বিষয়টো সহজ কৰি দিব।
17 - Al-Kahf (The Cave) - 017
۞وَتَرَى ٱلشَّمۡسَ إِذَا طَلَعَت تَّزَٰوَرُ عَن كَهۡفِهِمۡ ذَاتَ ٱلۡيَمِينِ وَإِذَا غَرَبَت تَّقۡرِضُهُمۡ ذَاتَ ٱلشِّمَالِ وَهُمۡ فِي فَجۡوَةٖ مِّنۡهُۚ ذَٰلِكَ مِنۡ ءَايَٰتِ ٱللَّهِۗ مَن يَهۡدِ ٱللَّهُ فَهُوَ ٱلۡمُهۡتَدِۖ وَمَن يُضۡلِلۡ فَلَن تَجِدَ لَهُۥ وَلِيّٗا مُّرۡشِدٗا
আৰু যদি তুমি সিহঁতক দেখাহেঁতেন, সূৰ্য্য উদয় হোৱাৰ সময়ত সিহঁতৰ গুহাৰ সোঁ ফালে ঢাল খায় আৰু অস্ত যোৱাৰ সময়ত সিহঁতক অতিক্ৰম কৰি বাওঁ ফালে ঢাল খায়, অথচ সিহঁত গুহাৰ প্ৰশস্ত চোতালত (শুই আছে), এইবোৰ আল্লাহৰ নিদৰ্শনসমূহৰ মাজত অন্যতম। আল্লাহে যাক সৎপথত পৰিচালিত কৰে, সি সৎপথপ্ৰাপ্ত আৰু তেওঁ যাক পথভ্ৰষ্ট কৰে, তুমি কেতিয়াও তাৰ বাবে কোনো পথনিৰ্দেশকাৰী অভিভাৱক বিচাৰি নাপাবা।
18 - Al-Kahf (The Cave) - 018
وَتَحۡسَبُهُمۡ أَيۡقَاظٗا وَهُمۡ رُقُودٞۚ وَنُقَلِّبُهُمۡ ذَاتَ ٱلۡيَمِينِ وَذَاتَ ٱلشِّمَالِۖ وَكَلۡبُهُم بَٰسِطٞ ذِرَاعَيۡهِ بِٱلۡوَصِيدِۚ لَوِ ٱطَّلَعۡتَ عَلَيۡهِمۡ لَوَلَّيۡتَ مِنۡهُمۡ فِرَارٗا وَلَمُلِئۡتَ مِنۡهُمۡ رُعۡبٗا
আৰু তুমি ভাবিলাহেঁতেন সিহঁত সাৰে আছে, অথচ সিহঁত আছিল টোপনিত। আমি সিহঁতক কাতি সলাই দিছিলোঁ সোঁফালে আৰু বাওঁফালে আৰু সিহঁতৰ কুকুৰে সন্মুখৰ ভৰি দুটা গুহাৰ দুৱাৰত প্ৰসাৰিত কৰি আছিল। যদি তুমি সিহঁতৰ ফালে ভুমুকি মাৰি দেখিলাহেঁতেন, তেন্তে অৱশ্যে তুমি ভিৰাই লৰ মাৰিলাহেঁতেন আৰু নিশ্চয় তুমি সিহঁতৰ ভয়ত আতংকগ্ৰস্ত হৈ পৰিলাহেঁতেন;
19 - Al-Kahf (The Cave) - 019
وَكَذَٰلِكَ بَعَثۡنَٰهُمۡ لِيَتَسَآءَلُواْ بَيۡنَهُمۡۚ قَالَ قَآئِلٞ مِّنۡهُمۡ كَمۡ لَبِثۡتُمۡۖ قَالُواْ لَبِثۡنَا يَوۡمًا أَوۡ بَعۡضَ يَوۡمٖۚ قَالُواْ رَبُّكُمۡ أَعۡلَمُ بِمَا لَبِثۡتُمۡ فَٱبۡعَثُوٓاْ أَحَدَكُم بِوَرِقِكُمۡ هَٰذِهِۦٓ إِلَى ٱلۡمَدِينَةِ فَلۡيَنظُرۡ أَيُّهَآ أَزۡكَىٰ طَعَامٗا فَلۡيَأۡتِكُم بِرِزۡقٖ مِّنۡهُ وَلۡيَتَلَطَّفۡ وَلَا يُشۡعِرَنَّ بِكُمۡ أَحَدًا
আৰু এইদৰেই আমি সিহঁতক জাগ্ৰত কৰি তুলিলোঁ, যাতে সিহঁতে পৰস্পৰৰ মাজত সোধ-পোচ কৰিব পাৰে। সিহঁতৰ এজনে ক’লে, ‘তোমালোকে কিমান সময় অৱস্থান কৰিছা’? সিহঁতে ক’লে, ‘আমি এদিন বা এদিনৰ কিছু অংশহে অৱস্থান কৰিছোঁ’। সিহঁতে ক’লে, ‘তোমালোকে কিমান সময় অৱস্থান কৰিছা সেয়া তোমালোকৰ প্ৰতিপালকেই ভালদৰে জানে। এতেকে তোমালোকে এতিয়া তোমালোকৰ মাজৰ পৰা এজনক এই মুদ্ৰাসহ বজাৰলৈ পঠাই দিয়া। সি যেন ভালকৈ চাই-চিতি কোনটো উত্তম খাদ্য তাৰ পৰা যেন তোমালোকৰ বাবে কিছু খাদ্য লৈ আহে। লগতে সি যেন বিচক্ষণতাৰ সৈতে কাম কৰে। কোনোমতেই যাতে তোমালোকৰ বিষয়ে কাকো একো জানিব নিদিয়ে।
20 - Al-Kahf (The Cave) - 020
إِنَّهُمۡ إِن يَظۡهَرُواْ عَلَيۡكُمۡ يَرۡجُمُوكُمۡ أَوۡ يُعِيدُوكُمۡ فِي مِلَّتِهِمۡ وَلَن تُفۡلِحُوٓاْ إِذًا أَبَدٗا
নিশ্চয় সিহঁতে যদি তোমালোকৰ বিষয়ে জানিব পাৰে তেন্তে সিহঁতে তোমালোকক শিল দলিয়াই হত্যা কৰিব অথবা তোমালোকক সিহঁতৰ ধৰ্মলৈ ওভতাই নিব। তেতিয়া তোমালোকে কেতিয়াও সফল হ’ব নোৱাৰিবা।
21 - Al-Kahf (The Cave) - 021
وَكَذَٰلِكَ أَعۡثَرۡنَا عَلَيۡهِمۡ لِيَعۡلَمُوٓاْ أَنَّ وَعۡدَ ٱللَّهِ حَقّٞ وَأَنَّ ٱلسَّاعَةَ لَا رَيۡبَ فِيهَآ إِذۡ يَتَنَٰزَعُونَ بَيۡنَهُمۡ أَمۡرَهُمۡۖ فَقَالُواْ ٱبۡنُواْ عَلَيۡهِم بُنۡيَٰنٗاۖ رَّبُّهُمۡ أَعۡلَمُ بِهِمۡۚ قَالَ ٱلَّذِينَ غَلَبُواْ عَلَىٰٓ أَمۡرِهِمۡ لَنَتَّخِذَنَّ عَلَيۡهِم مَّسۡجِدٗا
আৰু এইদৰে আমি মানুহক তেওঁলোকৰ বিষয়ে জনাই দিলোঁ, যাতে সিহঁতে জানে যে, আল্লাহৰ প্ৰতিশ্ৰুতি সত্য আৰু নিশ্চয় কিয়ামত সম্পৰ্কে কোনো সন্দেহ নাই। যেতিয়া সিহঁতে (নগৰবাসীয়ে) সিহঁতৰ কৰ্তব্যৰ বিষয়ে নিজৰ মাজতে বিতৰ্ক কৰিছিল তেতিয়া সিহঁতৰ কিছুমানে কৈছিল, ‘তেওঁলোকৰ ওপৰত সৌধ নিৰ্মাণ কৰা’। সিহঁতৰ প্ৰতিপালকেই সিহঁতৰ বিষয়ে ভালকৈ জানে। সিহঁতৰ কৰ্তব্যৰ বিষয়ে যিসকলৰ মত প্ৰবল হৈছিল সিহঁতে কৈছিল, ‘নিশ্চয় আমি তেওঁলোকৰ ওপৰত মছজিদ নিৰ্মাণ কৰিম’।
22 - Al-Kahf (The Cave) - 022
سَيَقُولُونَ ثَلَٰثَةٞ رَّابِعُهُمۡ كَلۡبُهُمۡ وَيَقُولُونَ خَمۡسَةٞ سَادِسُهُمۡ كَلۡبُهُمۡ رَجۡمَۢا بِٱلۡغَيۡبِۖ وَيَقُولُونَ سَبۡعَةٞ وَثَامِنُهُمۡ كَلۡبُهُمۡۚ قُل رَّبِّيٓ أَعۡلَمُ بِعِدَّتِهِم مَّا يَعۡلَمُهُمۡ إِلَّا قَلِيلٞۗ فَلَا تُمَارِ فِيهِمۡ إِلَّا مِرَآءٗ ظَٰهِرٗا وَلَا تَسۡتَفۡتِ فِيهِم مِّنۡهُمۡ أَحَدٗا
অচিৰেই কিছুমানে ক’ব, ‘তেওঁলোক আছিল তিনিজন, তেওঁলোকৰ চতুৰ্থটো আছিল তেওঁলোকৰ কুকুৰ’, আৰু আন কিছুমানে ক’ব, ‘তেওঁলোক আছিল পাঁচজন, তেওঁলোকৰ ষষ্ঠটো আছিল তেওঁলোকৰ কুকুৰ’, এই সকলোৱে গায়েবী বিষয়ত অনুমানৰ ওপৰত নিৰ্ভৰ কৰে। আকৌ কিছুমানে ক’ব, ‘তেওঁলোক আছিল সাতজন, তেওঁলোকৰ অষ্টমটো হৈছে তেওঁলোকৰ কুকুৰ’। কোৱা, ‘মোৰ প্ৰতিপালকেহে তেওঁলোকৰ সংখ্যাটো ভালকৈ জানে; তেওঁলোকৰ প্ৰকৃত সংখ্যা কেৱল কিছুসংখ্যক লোকেহে জানে। এতেকে সাধাৰণ আলোচনাৰ বাহিৰে তুমি তেওঁলোকৰ বিষয়ে বিতৰ্ক নকৰিবা আৰু ইহঁতৰ কাকো তেওঁলোকৰ বিষয়ে নুসুধিবা।
23 - Al-Kahf (The Cave) - 023
وَلَا تَقُولَنَّ لِشَاْيۡءٍ إِنِّي فَاعِلٞ ذَٰلِكَ غَدًا
আৰু কেতিয়াও তুমি কোনো বিষয়ত এই বুলি নক'বা যে, নিশ্চয় মই এইটো কাইলৈ কৰিম,
24 - Al-Kahf (The Cave) - 024
إِلَّآ أَن يَشَآءَ ٱللَّهُۚ وَٱذۡكُر رَّبَّكَ إِذَا نَسِيتَ وَقُلۡ عَسَىٰٓ أَن يَهۡدِيَنِ رَبِّي لِأَقۡرَبَ مِنۡ هَٰذَا رَشَدٗا
ইন শ্বা আল্লাহ নোকোৱাকৈ, (অৰ্থাৎ যদি আল্লাহে বিচাৰে), আৰু যদি পাহৰি যোৱা তেন্তে তোমাৰ প্ৰতিপালকক স্মৰণ কৰিবা আৰু কোৱা, ‘সম্ভৱতঃ মোৰ প্ৰতিপালকে মোক ইয়াতকৈও সত্যৰ নিকটৱৰ্তী পথ দেখুৱাব’।
25 - Al-Kahf (The Cave) - 025
وَلَبِثُواْ فِي كَهۡفِهِمۡ ثَلَٰثَ مِاْئَةٖ سِنِينَ وَٱزۡدَادُواْ تِسۡعٗا
আৰু সিহঁতে গুহাত আছিল তিনি শ বছৰ, লগতে অতিৰিক্ত ন বছৰ।
26 - Al-Kahf (The Cave) - 026
قُلِ ٱللَّهُ أَعۡلَمُ بِمَا لَبِثُواْۖ لَهُۥ غَيۡبُ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۖ أَبۡصِرۡ بِهِۦ وَأَسۡمِعۡۚ مَا لَهُم مِّن دُونِهِۦ مِن وَلِيّٖ وَلَا يُشۡرِكُ فِي حُكۡمِهِۦٓ أَحَدٗا
কোৱা, ‘সিহঁতে কিমান সময় অৱস্থান কৰিছিল সেয়া আল্লাহেই ভালকৈ জানে’, আকাশসমূহ আৰু পৃথিৱীৰ গায়েবৰ জ্ঞান কেৱল তেওঁৰেই। তেওঁ কিমান সুন্দৰ দ্ৰষ্টা আৰু শ্ৰোতা! তেওঁৰ বাহিৰে সিহঁতৰ আন কোনো অভিভাৱক নাই। তেওঁ কাকো নিজ কৰ্তৃত্বত অংশীদাৰ নকৰে।
27 - Al-Kahf (The Cave) - 027
وَٱتۡلُ مَآ أُوحِيَ إِلَيۡكَ مِن كِتَابِ رَبِّكَۖ لَا مُبَدِّلَ لِكَلِمَٰتِهِۦ وَلَن تَجِدَ مِن دُونِهِۦ مُلۡتَحَدٗا
আৰু তোমাৰ প্ৰতিপালকৰ কিতাবৰ পৰা তোমাৰ ওচৰলৈ যি অহী কৰা হয় সেয়া তুমি পাঠ কৰি শুনোৱা। তেওঁৰ বাক্যসমূহৰ কোনো পৰিবৰ্তনকাৰী নাই; আৰু তুমি কেতিয়াও তেওঁৰ বাহিৰে আন কোনো আশ্ৰয় বিচাৰি নাপাবা।
28 - Al-Kahf (The Cave) - 028
وَٱصۡبِرۡ نَفۡسَكَ مَعَ ٱلَّذِينَ يَدۡعُونَ رَبَّهُم بِٱلۡغَدَوٰةِ وَٱلۡعَشِيِّ يُرِيدُونَ وَجۡهَهُۥۖ وَلَا تَعۡدُ عَيۡنَاكَ عَنۡهُمۡ تُرِيدُ زِينَةَ ٱلۡحَيَوٰةِ ٱلدُّنۡيَاۖ وَلَا تُطِعۡ مَنۡ أَغۡفَلۡنَا قَلۡبَهُۥ عَن ذِكۡرِنَا وَٱتَّبَعَ هَوَىٰهُ وَكَانَ أَمۡرُهُۥ فُرُطٗا
আৰু তুমি নিজকে ধৈৰ্য্যশীল ৰাখিবা সেইসকল লোকৰ সৈতে, যিসকলে পুৱা-গধূলি তেওঁলোকৰ প্ৰতিপালকক আহ্বান কৰে, তেওঁৰ সন্তুষ্টিৰ উদ্দেশ্যে; আৰু তুমি পাৰ্থিৱ জীৱনৰ শোভা কামনা কৰি সিহঁতৰ পৰা তোমাৰ দৃষ্টি আঁতৰাই নিনিবা। লগতে তুমি সেই ব্যক্তিৰ অনুসৰণ নকৰিবা—যাৰ অন্তৰক আমি আমাৰ স্মৰণৰ পৰা অমনোযোগী কৰি দিছোঁ, যিয়ে নিজ প্ৰবৃত্তিৰ অনুসৰণ কৰিছে আৰু যাৰ কৰ্ম বিনষ্ট হৈছে।
29 - Al-Kahf (The Cave) - 029
وَقُلِ ٱلۡحَقُّ مِن رَّبِّكُمۡۖ فَمَن شَآءَ فَلۡيُؤۡمِن وَمَن شَآءَ فَلۡيَكۡفُرۡۚ إِنَّآ أَعۡتَدۡنَا لِلظَّـٰلِمِينَ نَارًا أَحَاطَ بِهِمۡ سُرَادِقُهَاۚ وَإِن يَسۡتَغِيثُواْ يُغَاثُواْ بِمَآءٖ كَٱلۡمُهۡلِ يَشۡوِي ٱلۡوُجُوهَۚ بِئۡسَ ٱلشَّرَابُ وَسَآءَتۡ مُرۡتَفَقًا
আৰু কোৱা, ‘সত্য তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা (আহিছে), এতেকে যাৰ ইচ্ছা সি ঈমান পোষণ কৰিব পাৰে আৰু যাৰ ইচ্ছা সি কুফৰী কৰিব পাৰে’। নিশ্চয় আমি যালিমসকলৰ বাবে প্ৰস্তুত কৰি ৰাখিছোঁ অগ্নি (জাহান্নাম), যাৰ প্ৰাচীৰবোৰে সিহঁতক পৰিবেষ্টন কৰি ৰাখিব। সিহঁতে পানীয় বিচাৰিলে সিহঁতক দিয়া হ’ব গলিত ধাতুৰ দৰে পানীয়, যিটো সিহঁতৰ মুখমণ্ডল দগ্ধ কৰিব, এইটো বৰ নিকৃষ্ট পানীয়! আৰু জাহান্নাম কিমান যে নিকৃষ্ট বিশ্ৰামস্থল!
30 - Al-Kahf (The Cave) - 030
إِنَّ ٱلَّذِينَ ءَامَنُواْ وَعَمِلُواْ ٱلصَّـٰلِحَٰتِ إِنَّا لَا نُضِيعُ أَجۡرَ مَنۡ أَحۡسَنَ عَمَلًا
নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে – নিশ্চয় আমি উত্তমৰূপে কৰ্ম সম্পাদন কৰা ব্যক্তিৰ শ্ৰমফল বিনষ্ট নকৰোঁ।
31 - Al-Kahf (The Cave) - 031
أُوْلَـٰٓئِكَ لَهُمۡ جَنَّـٰتُ عَدۡنٖ تَجۡرِي مِن تَحۡتِهِمُ ٱلۡأَنۡهَٰرُ يُحَلَّوۡنَ فِيهَا مِنۡ أَسَاوِرَ مِن ذَهَبٖ وَيَلۡبَسُونَ ثِيَابًا خُضۡرٗا مِّن سُندُسٖ وَإِسۡتَبۡرَقٖ مُّتَّكِـِٔينَ فِيهَا عَلَى ٱلۡأَرَآئِكِۚ نِعۡمَ ٱلثَّوَابُ وَحَسُنَتۡ مُرۡتَفَقٗا
তেওঁলোকৰ বাবেই আছে স্থায়ী জান্নাত, যাৰ তলত নদীসমূহ প্ৰবাহিত থাকিব, তাত তেওঁলোকক সোণৰ কংকনেৰে অলংকৃত কৰা হ’ব, তেওঁলোকে পৰিধান কৰিব মিহি আৰু স্থূল ৰেচমৰ সেউজীয়া বস্ত্ৰ, আৰু তেওঁলোকে তাত সুসজ্জিত আসনত আউজি বহিব, কিমান যে শ্ৰেষ্ঠ পুৰস্কাৰ আৰু উত্তম বিশ্ৰামস্থল!
32 - Al-Kahf (The Cave) - 032
۞وَٱضۡرِبۡ لَهُم مَّثَلٗا رَّجُلَيۡنِ جَعَلۡنَا لِأَحَدِهِمَا جَنَّتَيۡنِ مِنۡ أَعۡنَٰبٖ وَحَفَفۡنَٰهُمَا بِنَخۡلٖ وَجَعَلۡنَا بَيۡنَهُمَا زَرۡعٗا
আৰু তুমি সিহঁতৰ বাবে এটা দৃষ্টান্ত দাঙি ধৰা, দুজন ব্যক্তি আছিল, সিহঁতৰ এজনক আমি প্ৰদান কৰিছিলোঁ দুখন আঙুৰৰ বাগান আৰু দুয়োখনকে আমি খেজুৰ গছেৰে পৰিবেষ্টিত কৰিছিলোঁ আৰু দুয়োটাৰে মধ্যৱৰ্তী স্থানত ৰাখিছিলোঁ শস্যক্ষেত্ৰ।
33 - Al-Kahf (The Cave) - 033
كِلۡتَا ٱلۡجَنَّتَيۡنِ ءَاتَتۡ أُكُلَهَا وَلَمۡ تَظۡلِم مِّنۡهُ شَيۡـٔٗاۚ وَفَجَّرۡنَا خِلَٰلَهُمَا نَهَرٗا
উভয় উদ্যানেই ফল দান কৰিছিল আৰু তাত কোনো ত্ৰুটি কৰা নাছিল আৰু আমি উভয় উদ্যানৰ মাজেৰে প্ৰবাহিত কৰিছিলোঁ এটা নিজৰা।
34 - Al-Kahf (The Cave) - 034
وَكَانَ لَهُۥ ثَمَرٞ فَقَالَ لِصَٰحِبِهِۦ وَهُوَ يُحَاوِرُهُۥٓ أَنَا۠ أَكۡثَرُ مِنكَ مَالٗا وَأَعَزُّ نَفَرٗا
আৰু তাৰ প্ৰচুৰ ফল-সম্পদ আছিল। তাৰ পিছত কথা প্ৰসঙ্গত সি তাৰ বন্ধুক ক’লে, ‘তোমাতকৈ মোৰ ধন-সম্পদ বেছি আৰু জনবলতো মই তোমাতকৈ অধিক শক্তিশালী’।
35 - Al-Kahf (The Cave) - 035
وَدَخَلَ جَنَّتَهُۥ وَهُوَ ظَالِمٞ لِّنَفۡسِهِۦ قَالَ مَآ أَظُنُّ أَن تَبِيدَ هَٰذِهِۦٓ أَبَدٗا
আৰু সি অহংকাৰ কৰি তাৰ উদ্যানত প্ৰৱেশ কৰিলে। সি ক’লে, ‘এইখন কেতিয়াও ধ্বংস হ’ব বুলি মোৰ ধাৰণা নহয়;
36 - Al-Kahf (The Cave) - 036
وَمَآ أَظُنُّ ٱلسَّاعَةَ قَآئِمَةٗ وَلَئِن رُّدِدتُّ إِلَىٰ رَبِّي لَأَجِدَنَّ خَيۡرٗا مِّنۡهَا مُنقَلَبٗا
‘আৰু কিয়ামত সংঘটিত হ’ব বুলিও মোৰ ধাৰণা নহয়, আৰু মোক যদি মোৰ প্ৰতিপালকৰ ওচৰলৈকে ওভতাই নিয়াও হয়, তথাপিও মই নিশ্চয় ইয়াতকৈও উৎকৃষ্ট প্ৰত্যাৱৰ্তন স্থল পাম’।
37 - Al-Kahf (The Cave) - 037
قَالَ لَهُۥ صَاحِبُهُۥ وَهُوَ يُحَاوِرُهُۥٓ أَكَفَرۡتَ بِٱلَّذِي خَلَقَكَ مِن تُرَابٖ ثُمَّ مِن نُّطۡفَةٖ ثُمَّ سَوَّىٰكَ رَجُلٗا
ইয়াৰ উত্তৰত তাৰ বন্ধুজনে বিতৰ্কমূলকভাৱে তাক ক’লে, ‘তুমি সেই সত্ত্বাৰ লগত কুফৰী কৰিছা নেকি, যিজনে তোমাক সৃষ্টি কৰিছে মাটিৰ পৰা আৰু তাৰ পিছত বীৰ্যৰ পৰা আৰু তাৰ পিছত তোমাক পুৰ্ণাংঙ্গ পুৰুষ আকৃতি দান কৰিছে’?
38 - Al-Kahf (The Cave) - 038
لَّـٰكِنَّا۠ هُوَ ٱللَّهُ رَبِّي وَلَآ أُشۡرِكُ بِرَبِّيٓ أَحَدٗا
‘কিন্তু (মই কওঁ) তেৱেঁই আল্লাহ, তেৱেঁই মোৰ প্ৰতিপালক; আৰু মই মোৰ প্ৰতিপালকৰ লগত কাকো অংশী নকৰোঁ’।
39 - Al-Kahf (The Cave) - 039
وَلَوۡلَآ إِذۡ دَخَلۡتَ جَنَّتَكَ قُلۡتَ مَا شَآءَ ٱللَّهُ لَا قُوَّةَ إِلَّا بِٱللَّهِۚ إِن تَرَنِ أَنَا۠ أَقَلَّ مِنكَ مَالٗا وَوَلَدٗا
‘যদি তুমি তোমাৰ ধন-সম্পত্তি আৰু সন্তান-সন্ততিৰ ক্ষেত্ৰত মোক হীন বুলি ধাৰণা কৰা তেন্তে তুমি যেতিয়া তোমাৰ উদ্যানত প্ৰৱেশ কৰিলা তেতিয়া তুমি কিয় এইদৰে নক’লা যে, আল্লাহে যিটো বিচাৰে সেইটোৱেই হয়, আল্লাহৰ সহায় অবিহনে কোনো শক্তি নাই?
40 - Al-Kahf (The Cave) - 040
فَعَسَىٰ رَبِّيٓ أَن يُؤۡتِيَنِ خَيۡرٗا مِّن جَنَّتِكَ وَيُرۡسِلَ عَلَيۡهَا حُسۡبَانٗا مِّنَ ٱلسَّمَآءِ فَتُصۡبِحَ صَعِيدٗا زَلَقًا
‘তথাপিও এয়া অসম্ভৱ নহয় যে, হয়তো মোৰ প্ৰতিপালকে মোক তোমাৰ উদ্যানতকৈও উৎকৃষ্ট কিবা দান কৰিব আৰু তোমাৰ উদ্যানত আকাশৰ পৰা নিৰ্ধাৰিত বিপৰ্যয় প্ৰেৰণ কৰিব পাৰে, যাৰ ফলত ই উদ্ভিদশূন্য পথাৰত পৰিণত হ’ব পাৰে।
41 - Al-Kahf (The Cave) - 041
أَوۡ يُصۡبِحَ مَآؤُهَا غَوۡرٗا فَلَن تَسۡتَطِيعَ لَهُۥ طَلَبٗا
‘অথবা ইয়াৰ পানী ভূগৰ্ভলৈ গুচি যাব পাৰে আৰু তুমি কেতিয়াও সেইটোৰ সন্ধান লাভত সক্ষম হ’ব নোৱাৰিবা’।
42 - Al-Kahf (The Cave) - 042
وَأُحِيطَ بِثَمَرِهِۦ فَأَصۡبَحَ يُقَلِّبُ كَفَّيۡهِ عَلَىٰ مَآ أَنفَقَ فِيهَا وَهِيَ خَاوِيَةٌ عَلَىٰ عُرُوشِهَا وَيَقُولُ يَٰلَيۡتَنِي لَمۡ أُشۡرِكۡ بِرَبِّيٓ أَحَدٗا
এতেকে তাৰ ফল-সম্পদক বিপৰ্যয়ে বেৰি ধৰিলে, আৰু গছবোৰ হেন্দালিৰ সৈতে ভাঙি-চিঙি পৰি থকা দেখি, সি তাত যি ব্যয় কৰিছিল তাৰ বাবে হাত মোহাৰি মোহাৰি আক্ষেপ কৰি ক’লে, ‘হায়, মই যদি মোৰ প্ৰতিপালকৰ লগত কাকো অংশী নকৰিলোহেঁতেন’!
43 - Al-Kahf (The Cave) - 043
وَلَمۡ تَكُن لَّهُۥ فِئَةٞ يَنصُرُونَهُۥ مِن دُونِ ٱللَّهِ وَمَا كَانَ مُنتَصِرًا
আৰু আল্লাহৰ বাহিৰে তাক সহায় কৰিবলৈ কোনো নাছিল আৰু সি নিজেও প্ৰতিকাৰত সমৰ্থ নাছিল।
44 - Al-Kahf (The Cave) - 044
هُنَالِكَ ٱلۡوَلَٰيَةُ لِلَّهِ ٱلۡحَقِّۚ هُوَ خَيۡرٞ ثَوَابٗا وَخَيۡرٌ عُقۡبٗا
ইয়াত কৰ্তৃত্ব কেৱল আল্লাহৰেই, যিজন সত্য। পুৰস্কাৰ প্ৰদানত আৰু পৰিণাম নিৰ্ধাৰণত তেৱেঁই শ্ৰেষ্ঠ।
45 - Al-Kahf (The Cave) - 045
وَٱضۡرِبۡ لَهُم مَّثَلَ ٱلۡحَيَوٰةِ ٱلدُّنۡيَا كَمَآءٍ أَنزَلۡنَٰهُ مِنَ ٱلسَّمَآءِ فَٱخۡتَلَطَ بِهِۦ نَبَاتُ ٱلۡأَرۡضِ فَأَصۡبَحَ هَشِيمٗا تَذۡرُوهُ ٱلرِّيَٰحُۗ وَكَانَ ٱللَّهُ عَلَىٰ كُلِّ شَيۡءٖ مُّقۡتَدِرًا
আৰু তুমি সিহঁতৰ ওচৰত পাৰ্থিৱ জীৱনৰ উপমা দাঙি ধৰা, (পাৰ্থিৱ জীৱনৰ উপমা হৈছে) পানীৰ দৰে, যিটো আমি আকাশৰ পৰা বৰ্ষণ কৰোঁ, যাৰ দ্বাৰা ভূমিজ উদ্ভিদ ঘন সন্নিবিষ্ট হৈ উৎপন্ন হয়, তাৰ পিছত এইবোৰ শুকাই এনেকৈ চূৰ্ণ-বিচূৰ্ণ হয় যে, বতাহে সেইবোৰক উৰুৱাই লৈ যায়। আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।
46 - Al-Kahf (The Cave) - 046
ٱلۡمَالُ وَٱلۡبَنُونَ زِينَةُ ٱلۡحَيَوٰةِ ٱلدُّنۡيَاۖ وَٱلۡبَٰقِيَٰتُ ٱلصَّـٰلِحَٰتُ خَيۡرٌ عِندَ رَبِّكَ ثَوَابٗا وَخَيۡرٌ أَمَلٗا
ধন-সম্পদ আৰু সন্তান-সন্ততি হৈছে পাৰ্থিৱ জীৱনৰ শোভামাত্ৰ, আৰু সৎকৰ্মৰ প্ৰতিফল হৈছে স্থায়ী, এইটো তোমাৰ প্ৰতিপালকৰ ওচৰত পুৰস্কাৰ প্ৰাপ্তিৰ বাবে শ্ৰেষ্ঠ আৰু প্ৰত্যাশাৰ ক্ষেত্ৰতো উৎকৃষ্ট।
47 - Al-Kahf (The Cave) - 047
وَيَوۡمَ نُسَيِّرُ ٱلۡجِبَالَ وَتَرَى ٱلۡأَرۡضَ بَارِزَةٗ وَحَشَرۡنَٰهُمۡ فَلَمۡ نُغَادِرۡ مِنۡهُمۡ أَحَدٗا
আৰু (স্মৰণ কৰা,) যিদিনা আমি পৰ্বতসমূহক সঞ্চালন কৰিম আৰু তুমি পৃথিৱীক উন্মুক্ত প্ৰান্তৰ হিচাপে দেখিবলৈ পাবা, সেইদিনা আমি সিহঁত সকলোকে একত্ৰিত কৰিম; ফলত সিহঁতৰ এজনকো এৰি নিদিওঁ।
48 - Al-Kahf (The Cave) - 048
وَعُرِضُواْ عَلَىٰ رَبِّكَ صَفّٗا لَّقَدۡ جِئۡتُمُونَا كَمَا خَلَقۡنَٰكُمۡ أَوَّلَ مَرَّةِۭۚ بَلۡ زَعَمۡتُمۡ أَلَّن نَّجۡعَلَ لَكُم مَّوۡعِدٗا
আৰু সিহঁতক তোমাৰ প্ৰতিপালকৰ ওচৰত শাৰীবদ্ধভাৱে উপস্থিত কৰা হ’ব আৰু আল্লাহে ক’ব, ‘তোমালোকক আমি প্ৰথমবাৰ যেনেকৈ সৃষ্টি কৰিছিলোঁ ঠিক তেনেকৈয়ে তোমালোকে মোৰ ওচৰত উপস্থিত হৈছা, অথচ তোমালোকে ভাবিছিলা যে, তোমালোকৰ বাবে আমি কোনো প্ৰতিশ্ৰুতি সময় নিৰ্ধাৰণ নকৰিম’।
49 - Al-Kahf (The Cave) - 049
وَوُضِعَ ٱلۡكِتَٰبُ فَتَرَى ٱلۡمُجۡرِمِينَ مُشۡفِقِينَ مِمَّا فِيهِ وَيَقُولُونَ يَٰوَيۡلَتَنَا مَالِ هَٰذَا ٱلۡكِتَٰبِ لَا يُغَادِرُ صَغِيرَةٗ وَلَا كَبِيرَةً إِلَّآ أَحۡصَىٰهَاۚ وَوَجَدُواْ مَا عَمِلُواْ حَاضِرٗاۗ وَلَا يَظۡلِمُ رَبُّكَ أَحَدٗا
লগতে (সেইদিনা প্ৰত্যেকৰে হাতত) ৰখা হ’ব আমলনামা, তেতিয়া তাত যি লিপিবদ্ধ আছে তাৰ বাবে তুমি অপৰাধীবিলাকক আতংকগ্ৰস্ত দেখিবলৈ পাবা আৰু সিহঁতে ক’ব, ‘হায়, দুৰ্ভাগ্য আমাৰ! এইখন কেনেকুৱা গ্ৰন্থ! য’ত সৰু-বৰ কোনো বিষয়েই বাদ পৰা নাই’। সিহঁতে যি আমল কৰিছিল সেইবোৰ সিহঁতে সন্মুখত উপস্থিত পাব; আৰু তোমাৰ প্ৰতিপালকে কাৰো প্ৰতি অন্যায় নকৰে।
50 - Al-Kahf (The Cave) - 050
وَإِذۡ قُلۡنَا لِلۡمَلَـٰٓئِكَةِ ٱسۡجُدُواْ لِأٓدَمَ فَسَجَدُوٓاْ إِلَّآ إِبۡلِيسَ كَانَ مِنَ ٱلۡجِنِّ فَفَسَقَ عَنۡ أَمۡرِ رَبِّهِۦٓۗ أَفَتَتَّخِذُونَهُۥ وَذُرِّيَّتَهُۥٓ أَوۡلِيَآءَ مِن دُونِي وَهُمۡ لَكُمۡ عَدُوُّۢۚ بِئۡسَ لِلظَّـٰلِمِينَ بَدَلٗا
আৰু (স্মৰণ কৰা) আমি যেতিয়া ফিৰিস্তাসকলক কৈছিলোঁ, ‘আদমৰ প্ৰতি ছাজদাহ কৰা’, তেতিয়া ইবলীছৰ বাহিৰে সকলোৱে ছাজদাহ কৰিছিল, সি আছিল জিনসকলৰ বংশধৰ, সি তাৰ প্ৰতিপালকৰ আদেশ অমান্য কৰিছিল। তথাপিও তোমালোকে মোৰ পৰিবৰ্তে তাক আৰু তাৰ বংশধৰসকলক অভিভাৱকৰূপে গ্ৰহণ কৰিবা নেকি? অথচ সিহঁত হৈছে তোমালোকৰ শত্ৰু। যালিমসকলৰ এই বিনিময় কিমান যে নিকৃষ্ট!
51 - Al-Kahf (The Cave) - 051
۞مَّآ أَشۡهَدتُّهُمۡ خَلۡقَ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ وَلَا خَلۡقَ أَنفُسِهِمۡ وَمَا كُنتُ مُتَّخِذَ ٱلۡمُضِلِّينَ عَضُدٗا
আকাশসমূহ আৰু পৃথিৱী সৃষ্টিৰ সময়ত মই সিহঁতক সাক্ষী কৰা নাছিলোঁ আৰু স্বয়ং সিহঁতৰ সৃষ্টিৰ সময়তো সাক্ষী কৰা নাছিলোঁ, আৰু আমি পথভ্ৰষ্টকাৰীসকলক সহায়কৰূপেও গ্ৰহণ কৰা নাছিলোঁ।
52 - Al-Kahf (The Cave) - 052
وَيَوۡمَ يَقُولُ نَادُواْ شُرَكَآءِيَ ٱلَّذِينَ زَعَمۡتُمۡ فَدَعَوۡهُمۡ فَلَمۡ يَسۡتَجِيبُواْ لَهُمۡ وَجَعَلۡنَا بَيۡنَهُم مَّوۡبِقٗا
আৰু সেইদিৱসৰ কথা স্মৰণ কৰা, যিদিনা তেওঁ ক’ব, ‘তোমালোকে যিবোৰক মোৰ অংশী বুলি ধাৰণা কৰিছিলা সেইবোৰক মাতি আনা’। সিহঁতে তেতিয়া সেইবোৰক মাতিব কিন্তু সেইবোৰে সিহঁতৰ আহ্বানত সঁহাৰি নিদিব আৰু আমি সিহঁত উভয়ৰে মধ্যৱৰ্তী ঠাইত এটা ধ্বংস-গহ্বৰ ৰাখি দিম।
53 - Al-Kahf (The Cave) - 053
وَرَءَا ٱلۡمُجۡرِمُونَ ٱلنَّارَ فَظَنُّوٓاْ أَنَّهُم مُّوَاقِعُوهَا وَلَمۡ يَجِدُواْ عَنۡهَا مَصۡرِفٗا
আৰু অপৰাধীবিলাকে জুই দেখিয়েই গম পাব যে, সিহঁতে তাত নিক্ষিপ্ত হ’ব কিন্তু সিহঁত সেই ঠাইৰ পৰা (বাচিবলৈ) কোনো পৰিত্ৰাণস্থল বিচাৰি নাপাব।
54 - Al-Kahf (The Cave) - 054
وَلَقَدۡ صَرَّفۡنَا فِي هَٰذَا ٱلۡقُرۡءَانِ لِلنَّاسِ مِن كُلِّ مَثَلٖۚ وَكَانَ ٱلۡإِنسَٰنُ أَكۡثَرَ شَيۡءٖ جَدَلٗا
নিশ্চয় আমি মানুহৰ বাবে এই কোৰআনত সকলো ধৰণৰ উপমা বিশদভাৱে বৰ্ণনা কৰিছোঁ। কিন্তু মানুহ আটাইতকৈ বেছি বিতৰ্কপ্ৰিয়।
55 - Al-Kahf (The Cave) - 055
وَمَا مَنَعَ ٱلنَّاسَ أَن يُؤۡمِنُوٓاْ إِذۡ جَآءَهُمُ ٱلۡهُدَىٰ وَيَسۡتَغۡفِرُواْ رَبَّهُمۡ إِلَّآ أَن تَأۡتِيَهُمۡ سُنَّةُ ٱلۡأَوَّلِينَ أَوۡ يَأۡتِيَهُمُ ٱلۡعَذَابُ قُبُلٗا
আৰু যেতিয়া মানুহৰ ওচৰলৈ পথনিৰ্দেশ আহে, তেতিয়া সিহঁতক ঈমান পোষণৰ পৰা আৰু সিহঁতৰ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰাৰ পৰা কেৱল এইটোৱেই বিৰত ৰাখে যে, সিহঁতৰো সেই অৱস্থাই হওক যি অৱস্থা সিহঁতৰ পূৰ্বৱৰ্তীসকলৰ হৈছিল নাইবা সিহঁতৰ ওচৰলৈ প্ৰত্যক্ষভাৱে কোনো শাস্তি আহক।
56 - Al-Kahf (The Cave) - 056
وَمَا نُرۡسِلُ ٱلۡمُرۡسَلِينَ إِلَّا مُبَشِّرِينَ وَمُنذِرِينَۚ وَيُجَٰدِلُ ٱلَّذِينَ كَفَرُواْ بِٱلۡبَٰطِلِ لِيُدۡحِضُواْ بِهِ ٱلۡحَقَّۖ وَٱتَّخَذُوٓاْ ءَايَٰتِي وَمَآ أُنذِرُواْ هُزُوٗا
আৰু আমি কেৱল সুসংবাদদাতা আৰু সতৰ্ককাৰীৰূপেহে ৰাছুলসকলক প্ৰেৰণ কৰোঁ, কিন্তু কাফিৰসকলে বাতিলৰ দ্বাৰা তৰ্ক কৰে, যাতে তাৰ মাধ্যমত সত্যক ব্যৰ্থ কৰি দিব পাৰে। লগতে সিহঁতে মোৰ নিদৰ্শনাৱলীক আৰু যিবোৰৰ দ্বাৰা সিহঁতক সতৰ্ক কৰা হৈছে সেইবোৰক বিদ্ৰূপৰ বিষয়ৰূপে গ্ৰহণ কৰে।
57 - Al-Kahf (The Cave) - 057
وَمَنۡ أَظۡلَمُ مِمَّن ذُكِّرَ بِـَٔايَٰتِ رَبِّهِۦ فَأَعۡرَضَ عَنۡهَا وَنَسِيَ مَا قَدَّمَتۡ يَدَاهُۚ إِنَّا جَعَلۡنَا عَلَىٰ قُلُوبِهِمۡ أَكِنَّةً أَن يَفۡقَهُوهُ وَفِيٓ ءَاذَانِهِمۡ وَقۡرٗاۖ وَإِن تَدۡعُهُمۡ إِلَى ٱلۡهُدَىٰ فَلَن يَهۡتَدُوٓاْ إِذًا أَبَدٗا
আৰু সেইজনতকৈ অধিক যালিম আৰুনো কোন হ’ব পাৰে, যাক তাৰ প্ৰতিপালকৰ আয়াতসমূহ স্মৰণ কৰাই দিয়া হৈছে কিন্তু সি তাৰ পৰা বিমুখ হৈছে আৰু সি পাহৰি গৈছে তাৰ দুহাতে যি উপস্থিত কৰিছে? নিশ্চয় আমি সিহঁতৰ অন্তৰৰ ওপৰত আৱৰণ কৰি দিছোঁ যাতে সিহঁতে কোৰআন বুজিব নোৱাৰে আৰু সিহঁতৰ কাণত আছে বধিৰতা। তুমি সিহঁতক সৎপথত আহ্বান কৰিলেও সিহঁতে কেতিয়া সৎপথত নাহিব।
58 - Al-Kahf (The Cave) - 058
وَرَبُّكَ ٱلۡغَفُورُ ذُو ٱلرَّحۡمَةِۖ لَوۡ يُؤَاخِذُهُم بِمَا كَسَبُواْ لَعَجَّلَ لَهُمُ ٱلۡعَذَابَۚ بَل لَّهُم مَّوۡعِدٞ لَّن يَجِدُواْ مِن دُونِهِۦ مَوۡئِلٗا
আৰু তোমাৰ প্ৰতিপালক পৰম ক্ষমাশীল, দয়ালু। সিহঁতৰ কৃতকৰ্মৰ বাবে যদি তেওঁ সিহঁতক ধৰিলেহেঁতেন, তেন্তে তেওঁ নিশ্চয় সিহঁতক অতি সোনকালে শাস্তি বিহিলেহেঁতেন; কিন্তু সিহঁতৰ বাবে আছে এটা প্ৰতিশ্ৰুত মুহূৰ্ত, যাৰ পৰা বাচিবলৈ সিহঁতে কদাপিও কোনো আশ্ৰয়স্থল বিচাৰি নাপাব।
59 - Al-Kahf (The Cave) - 059
وَتِلۡكَ ٱلۡقُرَىٰٓ أَهۡلَكۡنَٰهُمۡ لَمَّا ظَلَمُواْ وَجَعَلۡنَا لِمَهۡلِكِهِم مَّوۡعِدٗا
আৰু এইবোৰ হৈছে সেইবোৰ জনপদ যিবোৰক আমি ধ্বংস কৰিছোঁ, যেতিয়া সিহঁতে অন্যায় কৰিছিল আৰু আমি সিহঁতৰ ধ্বংসৰ বাবে এটা নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰিছিলোঁ।
60 - Al-Kahf (The Cave) - 060
وَإِذۡ قَالَ مُوسَىٰ لِفَتَىٰهُ لَآ أَبۡرَحُ حَتَّىٰٓ أَبۡلُغَ مَجۡمَعَ ٱلۡبَحۡرَيۡنِ أَوۡ أَمۡضِيَ حُقُبٗا
আৰু স্মৰণ কৰা, যেতিয়া মুছাই তেওঁৰ সহচৰ যুৱকক কৈছিল, ‘মই দুখন নৈৰ সঙ্গমস্থলত উপনীত নোহোৱালৈকে নৰখোঁ, লাগিলে মই যুগ যুগ সময় (এইদৰে খোঁজকাঢ়ি) গৈ থাকিম’।
61 - Al-Kahf (The Cave) - 061
فَلَمَّا بَلَغَا مَجۡمَعَ بَيۡنِهِمَا نَسِيَا حُوتَهُمَا فَٱتَّخَذَ سَبِيلَهُۥ فِي ٱلۡبَحۡرِ سَرَبٗا
এতেকে যেতিয়া তেওঁলোক উভয়ে দুখন নৈৰ সঙ্গম স্থলত আহি উপনীত হ’ল, তেতিয়া তেওঁলোকে নিজে লৈ যোৱা মাছৰ কথাটো পাহৰিলে, ফলত মাছটোৱে সুৰঙ্গৰ দৰে নিজৰ পথ বনাই সাগৰলৈ নামি গ’ল।
62 - Al-Kahf (The Cave) - 062
فَلَمَّا جَاوَزَا قَالَ لِفَتَىٰهُ ءَاتِنَا غَدَآءَنَا لَقَدۡ لَقِينَا مِن سَفَرِنَا هَٰذَا نَصَبٗا
এতেকে যেতিয়া তেওঁলোকে ভালেখিনি ঠাই অতিক্ৰম কৰিলে তেতিয়া মুছাই তেওঁৰ সহচৰজনক ক’লে, ‘আমাৰ দুপুৰীয়াৰ ভোজন লৈ আহা, নিশ্চয় আমি এই ভ্ৰমণত ক্লান্ত হৈ পৰিছোঁ’।
63 - Al-Kahf (The Cave) - 063
قَالَ أَرَءَيۡتَ إِذۡ أَوَيۡنَآ إِلَى ٱلصَّخۡرَةِ فَإِنِّي نَسِيتُ ٱلۡحُوتَ وَمَآ أَنسَىٰنِيهُ إِلَّا ٱلشَّيۡطَٰنُ أَنۡ أَذۡكُرَهُۥۚ وَٱتَّخَذَ سَبِيلَهُۥ فِي ٱلۡبَحۡرِ عَجَبٗا
সি ক’লে, ‘আপুনি লক্ষ্য কৰিছিলনে, যেতিয়া আমি শিলাখণ্ডত বিশ্ৰাম লৈছিলোঁ তেতিয়া মাছৰ সৈতে যি ঘটিছিল সেই কথা মই আপোনাক জনাবলৈ পাহৰিয়ে গৈছিলোঁ, চয়তানেই সেই কথা মোক পাহৰাই দিছিল; আৰু মাছটোৱে আশ্চৰ্যজনকভাৱে নিজৰ পথ বনাই সাগৰত নামি গৈছিল।
64 - Al-Kahf (The Cave) - 064
قَالَ ذَٰلِكَ مَا كُنَّا نَبۡغِۚ فَٱرۡتَدَّا عَلَىٰٓ ءَاثَارِهِمَا قَصَصٗا
তেওঁ ক’লে, ‘আমি সেই স্থানটোৰেই অনুসন্ধান কৰি আছোঁ’। তাৰ পিছত তেওঁলোকে নিজৰ পদচিহ্ন অনুসৰণ কৰি উভতি গ’ল।
65 - Al-Kahf (The Cave) - 065
فَوَجَدَا عَبۡدٗا مِّنۡ عِبَادِنَآ ءَاتَيۡنَٰهُ رَحۡمَةٗ مِّنۡ عِندِنَا وَعَلَّمۡنَٰهُ مِن لَّدُنَّا عِلۡمٗا
ইয়াৰ পিছত তেওঁলোকে মোৰ এজন বান্দাৰ সাক্ষাৎ পালে, যাক আমি আমাৰ ফালৰ পৰা অনুগ্ৰহ দান কৰিছিলোঁ আৰু আমাৰ ফালৰ পৰা এটা বিশেষ জ্ঞানৰ শিক্ষা দিছিলোঁ।
66 - Al-Kahf (The Cave) - 066
قَالَ لَهُۥ مُوسَىٰ هَلۡ أَتَّبِعُكَ عَلَىٰٓ أَن تُعَلِّمَنِ مِمَّا عُلِّمۡتَ رُشۡدٗا
মুছাই তেওঁক ক’লে, ‘মই এই চৰ্তত আপোনাৰ অনুসৰণ কৰিব পাৰিমনে যে, যি জ্ঞান আপোনাক দান কৰা হৈছে তাৰ পৰা মোক শিক্ষা দিব, যাৰ দ্বাৰা মই সঠিক পথ পাম’?
67 - Al-Kahf (The Cave) - 067
قَالَ إِنَّكَ لَن تَسۡتَطِيعَ مَعِيَ صَبۡرٗا
তেওঁ ক’লে, ‘আপুনি কেতিয়াও মোৰ লগত ধৈৰ্য ধাৰণ কৰি থাকিব নোৱাৰিব,
68 - Al-Kahf (The Cave) - 068
وَكَيۡفَ تَصۡبِرُ عَلَىٰ مَا لَمۡ تُحِطۡ بِهِۦ خُبۡرٗا
‘কাৰণ যি বিষয়ে আপোনাৰ জ্ঞানায়ত্ত নাই সেই বিষয়ে আপুনি কেনেকৈ ধৈৰ্য্য ধাৰণ কৰিব পাৰিব’?
69 - Al-Kahf (The Cave) - 069
قَالَ سَتَجِدُنِيٓ إِن شَآءَ ٱللَّهُ صَابِرٗا وَلَآ أَعۡصِي لَكَ أَمۡرٗا
মুছাই ক’লে, ‘ইন শ্বা আল্লাহ আপুনি মোক ধৈৰ্য্যশীল পাব আৰু আপোনাৰ কোনো আদেশ মই অমান্য নকৰিম’।
70 - Al-Kahf (The Cave) - 070
قَالَ فَإِنِ ٱتَّبَعۡتَنِي فَلَا تَسۡـَٔلۡنِي عَن شَيۡءٍ حَتَّىٰٓ أُحۡدِثَ لَكَ مِنۡهُ ذِكۡرٗا
তেওঁ ক’লে, ‘ঠিক আছে, যদি আপুনি মোৰ অনুসৰণ কৰেই তেন্তে কোনো বিষয়ে মোক প্ৰশ্ন নকৰিব, যেতিয়ালৈকে মই আপোনাক সেই বিষয়ে খুলি নকওঁ’।
71 - Al-Kahf (The Cave) - 071
فَٱنطَلَقَا حَتَّىٰٓ إِذَا رَكِبَا فِي ٱلسَّفِينَةِ خَرَقَهَاۖ قَالَ أَخَرَقۡتَهَا لِتُغۡرِقَ أَهۡلَهَا لَقَدۡ جِئۡتَ شَيۡـًٔا إِمۡرٗا
তাৰ পিছত দুয়ো যাত্ৰা আৰম্ভ কৰিলে, অৱশেষত যেতিয়া তেওঁলোকে নাৱত আৰোহণ কৰিলে তেতিয়া তেওঁ নাওখন বিদীৰ্ণ কৰি দিলে। মুছাই ক’লে, ‘আপুনি আৰোহীসকলক ডুবাই মাৰিবলৈ ইয়াক বিদীৰ্ণ কৰিলে নেকি? নিশ্চয় আপুনি এটা বৰ গৰ্হিত অন্যায় কাম কৰিলে’।
72 - Al-Kahf (The Cave) - 072
قَالَ أَلَمۡ أَقُلۡ إِنَّكَ لَن تَسۡتَطِيعَ مَعِيَ صَبۡرٗا
তেওঁ ক’লে, ‘মই কোৱা নাছিলোঁনে যে, আপুনি মোৰ লগত কেতিয়াও ধৈৰ্য্য ধাৰণ কৰিব নোৱাৰিব’?
73 - Al-Kahf (The Cave) - 073
قَالَ لَا تُؤَاخِذۡنِي بِمَا نَسِيتُ وَلَا تُرۡهِقۡنِي مِنۡ أَمۡرِي عُسۡرٗا
মুছাই ক’লে, ‘মই পাহৰি যোৱাৰ কাৰণে মোৰ দোষ নধৰিব, লগতে মোৰ বিষয়ে অত্যাধিক কঠোৰতা অৱলম্বন নকৰিব’।
74 - Al-Kahf (The Cave) - 074