يوسف
Yusuf
Joseph
1 - Yusuf (Joseph) - 001
الٓرۚ تِلۡكَ ءَايَٰتُ ٱلۡكِتَٰبِ ٱلۡمُبِينِ
আলিফ-লাম-ৰা।[1] এইবোৰ হৈছে সুস্পষ্ট কিতাবৰ আয়াত।
[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।
2 - Yusuf (Joseph) - 002
إِنَّآ أَنزَلۡنَٰهُ قُرۡءَٰنًا عَرَبِيّٗا لَّعَلَّكُمۡ تَعۡقِلُونَ
নিশ্চয় আমি ইয়াক কোৰআন হিচাপে অৰবী ভাষাত অৱতীৰ্ণ কৰিছোঁ, যাতে তোমালোকে বুজিব পাৰা।
3 - Yusuf (Joseph) - 003
نَحۡنُ نَقُصُّ عَلَيۡكَ أَحۡسَنَ ٱلۡقَصَصِ بِمَآ أَوۡحَيۡنَآ إِلَيۡكَ هَٰذَا ٱلۡقُرۡءَانَ وَإِن كُنتَ مِن قَبۡلِهِۦ لَمِنَ ٱلۡغَٰفِلِينَ
আমি তোমাৰ ওচৰত উত্তম কাহিনী বৰ্ণনা কৰিছোঁ, অহীৰ মাধ্যমত তোমাৰ ওচৰলৈ এই কোৰআন প্ৰেৰণ কৰি; যদিও ইয়াৰ আগত তুমি আছিলা অনৱহিতসকলৰ অন্তৰ্ভুক্ত।
4 - Yusuf (Joseph) - 004
إِذۡ قَالَ يُوسُفُ لِأَبِيهِ يَـٰٓأَبَتِ إِنِّي رَأَيۡتُ أَحَدَ عَشَرَ كَوۡكَبٗا وَٱلشَّمۡسَ وَٱلۡقَمَرَ رَأَيۡتُهُمۡ لِي سَٰجِدِينَ
স্মৰণ কৰা, যেতিয়া ইউছুফে তেওঁৰ পিতাক কৈছিল, ‘হে মোৰ পিতা! মই (সপোনত) এঘাৰটা নক্ষত্ৰ, সূৰ্য আৰু চন্দ্ৰক দেখিছোঁ, সেইবোৰক মোৰ প্ৰতি ছাজদাৱনত অৱস্থাত দেখিছোঁ’।
5 - Yusuf (Joseph) - 005
قَالَ يَٰبُنَيَّ لَا تَقۡصُصۡ رُءۡيَاكَ عَلَىٰٓ إِخۡوَتِكَ فَيَكِيدُواْ لَكَ كَيۡدًاۖ إِنَّ ٱلشَّيۡطَٰنَ لِلۡإِنسَٰنِ عَدُوّٞ مُّبِينٞ
তেওঁ ক’লে, ‘হে মোৰ পুত্ৰ! তোমাৰ সপোনৰ কথা কেতিয়াও তোমাৰ ভাতৃসকলক নক’বা; অন্যথা সিহঁতে তোমাৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্ৰ কৰিব। নিশ্চয় চয়তান হৈছে মানুহৰ প্ৰকাশ্য শত্ৰু’।
6 - Yusuf (Joseph) - 006
وَكَذَٰلِكَ يَجۡتَبِيكَ رَبُّكَ وَيُعَلِّمُكَ مِن تَأۡوِيلِ ٱلۡأَحَادِيثِ وَيُتِمُّ نِعۡمَتَهُۥ عَلَيۡكَ وَعَلَىٰٓ ءَالِ يَعۡقُوبَ كَمَآ أَتَمَّهَا عَلَىٰٓ أَبَوَيۡكَ مِن قَبۡلُ إِبۡرَٰهِيمَ وَإِسۡحَٰقَۚ إِنَّ رَبَّكَ عَلِيمٌ حَكِيمٞ
আৰু এইদৰে তোমাৰ প্ৰতিপালকে তোমাক মনোনীত কৰিব আৰু তোমাক সপোনৰ ব্যাখ্যা শিক্ষা দিব আৰু তোমাৰ ওপৰত লগতে ইয়াকূবৰ পৰিয়ালৰ ওপৰত তেওঁৰ অনুগ্ৰহ পূৰ্ণ কৰিব, যেনেকৈ তেওঁ এইটো পূৰ্ণ কৰিছিল ইয়াৰ আগত তোমাৰ পিতৃ-পুৰুষ ইব্ৰাহীম আৰু ইছহাক্বৰ ওপৰত। নিশ্চয় তোমাৰ প্ৰতিপালক সৰ্বজ্ঞ, প্ৰজ্ঞাময়।
7 - Yusuf (Joseph) - 007
۞لَّقَدۡ كَانَ فِي يُوسُفَ وَإِخۡوَتِهِۦٓ ءَايَٰتٞ لِّلسَّآئِلِينَ
নিশ্চয় ইউছুফ আৰু তেওঁৰ ভাতৃসকলৰ কাহিনীত প্ৰশ্নকাৰীসকলৰ বাবে বহুতো নিদৰ্শন আছে।
8 - Yusuf (Joseph) - 008
إِذۡ قَالُواْ لَيُوسُفُ وَأَخُوهُ أَحَبُّ إِلَىٰٓ أَبِينَا مِنَّا وَنَحۡنُ عُصۡبَةٌ إِنَّ أَبَانَا لَفِي ضَلَٰلٖ مُّبِينٍ
স্মৰণ কৰা, যেতিয়া সিহঁতে (তেওঁৰ ভাতৃসকলে) কৈছিল, ‘আমাৰ পিতৃৰ ওচৰত ইউছুফ আৰু তেওঁৰ (সহোদৰ) ভাইহে আমাতকৈ বেছি প্ৰিয়, অথচ আমি এটা সংহত দল; নিশ্চয় আমাৰ পিতৃ স্পষ্ট বিভ্ৰান্তিত আছে’।
9 - Yusuf (Joseph) - 009
ٱقۡتُلُواْ يُوسُفَ أَوِ ٱطۡرَحُوهُ أَرۡضٗا يَخۡلُ لَكُمۡ وَجۡهُ أَبِيكُمۡ وَتَكُونُواْ مِنۢ بَعۡدِهِۦ قَوۡمٗا صَٰلِحِينَ
‘তোমালোকে ইউছুফক হত্যা কৰা অথবা কোনো এটা (দূৰৱৰ্তী) ঠাইত তাক পেলাই থৈ আহা, তেতিয়াহে তোমালোকৰ পিতৃৰ দৃষ্টি কেৱল তোমালোকৰ পিনেই নিবিষ্ট হ’ব আৰু তাৰ পিছত তোমালোকে (তাওবা কৰি) সৎ হৈ যাবা’।
10 - Yusuf (Joseph) - 010
قَالَ قَآئِلٞ مِّنۡهُمۡ لَا تَقۡتُلُواْ يُوسُفَ وَأَلۡقُوهُ فِي غَيَٰبَتِ ٱلۡجُبِّ يَلۡتَقِطۡهُ بَعۡضُ ٱلسَّيَّارَةِ إِن كُنتُمۡ فَٰعِلِينَ
সিহঁতৰ মাজৰ এজনে ক’লে, ‘তোমালোকে ইউছুফক হত্যা নকৰিবা আৰু যদি কিবা কৰিবই বিচৰা তেনেহ’লে তাক কোনোবা এটা কুঁৱাত পেলাই দিয়াগৈ, যাত্ৰীদলৰ কোনোবাই তাক তুলি লৈ যাব’।
11 - Yusuf (Joseph) - 011
قَالُواْ يَـٰٓأَبَانَا مَا لَكَ لَا تَأۡمَ۬نَّا عَلَىٰ يُوسُفَ وَإِنَّا لَهُۥ لَنَٰصِحُونَ
সিহঁতে ক’লে, ‘হে আমাৰ পিতা! আপোনাৰ কি হ’ল, ইউছুফৰ বিষয়ে আমাক আপুনি কিয় নিৰাপদ বুলি নাভাবে? অথচ আমি তাৰ শুভাকাংক্ষী’।
12 - Yusuf (Joseph) - 012
أَرۡسِلۡهُ مَعَنَا غَدٗا يَرۡتَعۡ وَيَلۡعَبۡ وَإِنَّا لَهُۥ لَحَٰفِظُونَ
‘আপুনি কাইলৈ তাক আমাৰ লগত পঠাই দিয়ক, সি আনন্দত খেল-ধেমালি কৰি ঘূৰি ফুৰিব আৰু নিশ্চয় আমি তাৰ চোৱাচিতা কৰিম’।
13 - Yusuf (Joseph) - 013
قَالَ إِنِّي لَيَحۡزُنُنِيٓ أَن تَذۡهَبُواْ بِهِۦ وَأَخَافُ أَن يَأۡكُلَهُ ٱلذِّئۡبُ وَأَنتُمۡ عَنۡهُ غَٰفِلُونَ
তেওঁ (পিতাই) ক’লে, ‘তোমালোকে তাক লৈ গ’লে সঁচাকৈয়ে এইটো মোৰ বাবে দুশ্চিন্তাৰ কাৰণ হৈ পৰিব আৰু মই আশংকা কৰোঁ যে, তোমালোকে তাৰ প্ৰতি অসাৱধান হ’লে কুকুৰনেচীয়া বাঘে তাক খাই পেলাব পাৰে’।
14 - Yusuf (Joseph) - 014
قَالُواْ لَئِنۡ أَكَلَهُ ٱلذِّئۡبُ وَنَحۡنُ عُصۡبَةٌ إِنَّآ إِذٗا لَّخَٰسِرُونَ
সিহঁতে ক’লে, ‘আমি এটা সংহত দল হোৱা সত্বেও যদি কুকুৰনেচীয়া বাঘে তাক খাই পেলায়, তেন্তে নিশ্চয় আমি ক্ষতিগ্ৰস্ত’।
15 - Yusuf (Joseph) - 015
فَلَمَّا ذَهَبُواْ بِهِۦ وَأَجۡمَعُوٓاْ أَن يَجۡعَلُوهُ فِي غَيَٰبَتِ ٱلۡجُبِّۚ وَأَوۡحَيۡنَآ إِلَيۡهِ لَتُنَبِّئَنَّهُم بِأَمۡرِهِمۡ هَٰذَا وَهُمۡ لَا يَشۡعُرُونَ
তাৰ পিছত যেতিয়া সিহঁতে তাক লৈ গ’ল, আৰু তাক কুঁৱাৰ মাজত নিক্ষেপ কৰিবলৈ একমত হ’ল, (তেতিয়া) আমি তাৰ (ইউছুফৰ) প্ৰতি অহী প্ৰেৰণ কৰি জনাই দিলোঁ যে, ‘নিশ্চয় তুমি সিহঁতক সিহঁতৰ এই কৰ্ম সম্পৰ্কে (পৰৱৰ্তী সময়ত) অৱগত কৰিবা; তেতিয়া সিহঁতে কল্পনাই কৰিব নোৱাৰিব’।
16 - Yusuf (Joseph) - 016
وَجَآءُوٓ أَبَاهُمۡ عِشَآءٗ يَبۡكُونَ
আৰু সিহঁতে ৰাতিৰ প্ৰথম প্ৰহৰত কান্দি কান্দি সিহঁতৰ পিতৃৰ ওচৰলৈ আহিল।
17 - Yusuf (Joseph) - 017
قَالُواْ يَـٰٓأَبَانَآ إِنَّا ذَهَبۡنَا نَسۡتَبِقُ وَتَرَكۡنَا يُوسُفَ عِندَ مَتَٰعِنَا فَأَكَلَهُ ٱلذِّئۡبُۖ وَمَآ أَنتَ بِمُؤۡمِنٖ لَّنَا وَلَوۡ كُنَّا صَٰدِقِينَ
সিহঁতে ক’লে, ‘হে আমাৰ পিতৃ! আমি দৌৰ প্ৰতিযোগিতা কৰিবলৈ গৈছিলোঁ আৰু ইউছুফক আমাৰ বস্তু-বাহানীৰ ওচৰত ৰাখি থৈ গৈছিলোঁ; ফলত কুকুৰনেচীয়াই তাক খাই পেলাইছে, কিন্তু আপুনিতো বিশ্বাসেই নকৰিব, যদিওঁ আমি সত্যবাদী হওঁ।’
18 - Yusuf (Joseph) - 018
وَجَآءُو عَلَىٰ قَمِيصِهِۦ بِدَمٖ كَذِبٖۚ قَالَ بَلۡ سَوَّلَتۡ لَكُمۡ أَنفُسُكُمۡ أَمۡرٗاۖ فَصَبۡرٞ جَمِيلٞۖ وَٱللَّهُ ٱلۡمُسۡتَعَانُ عَلَىٰ مَا تَصِفُونَ
আৰু সিহঁতে তাৰ চোলাত মিছা তেজ লগাই আনিছিল। তেওঁ ক’লে, ‘(এইটো হ’ব নোৱাৰে), বৰং তোমালোকৰ কু-প্ৰবৃত্তিয়ে তোমালোকৰ বাবে এটা কাহিনী সজাই দিছে। গতিকে উত্তম ধৈৰ্য্য ধাৰণ কৰাটোৱে হৈছে মোৰ বাবে শ্ৰেয়। তোমালোকে যি বৰ্ণনা কৰিছা সেই বিষয়ে আল্লাহেই হৈছে মোৰ একমাত্ৰ সাহায্যস্থল’।
19 - Yusuf (Joseph) - 019
وَجَآءَتۡ سَيَّارَةٞ فَأَرۡسَلُواْ وَارِدَهُمۡ فَأَدۡلَىٰ دَلۡوَهُۥۖ قَالَ يَٰبُشۡرَىٰ هَٰذَا غُلَٰمٞۚ وَأَسَرُّوهُ بِضَٰعَةٗۚ وَٱللَّهُ عَلِيمُۢ بِمَا يَعۡمَلُونَ
আৰু ইপিনে এটা যাত্ৰীদল আহিল, সিহঁতে সিহঁতৰ পানী সংগ্ৰাহকক পানী আনিবলৈ পঠাই দিলে, সি পানী তুলিবলৈ নিজৰ বাল্টিটো নমাই দিলে। সি আনন্দত কৈ উঠিল, ‘কি সুখবৰ! এয়া দেখোন এটা শিশু’! আৰু সিহঁতে তাক পণ্যদ্ৰব্য হিচাপে (বিক্ৰী কৰিবলৈ) লুকাই ৰাখিলে। কিন্তু সিহঁতে যি কৰিছিল সেই বিষয়ে আল্লাহ সবিশেষ অৱগত।
20 - Yusuf (Joseph) - 020
وَشَرَوۡهُ بِثَمَنِۭ بَخۡسٖ دَرَٰهِمَ مَعۡدُودَةٖ وَكَانُواْ فِيهِ مِنَ ٱلزَّـٰهِدِينَ
আৰু সিহঁতে তাক অতি নগণ্য মূল্যত, মাত্ৰ কেইটামান দিৰহামৰ বিনিময়ত বিক্ৰী কৰি দিলে আৰু সিহঁত আছিল তাৰ বিষয়ে অনাগ্ৰহী।
21 - Yusuf (Joseph) - 021
وَقَالَ ٱلَّذِي ٱشۡتَرَىٰهُ مِن مِّصۡرَ لِٱمۡرَأَتِهِۦٓ أَكۡرِمِي مَثۡوَىٰهُ عَسَىٰٓ أَن يَنفَعَنَآ أَوۡ نَتَّخِذَهُۥ وَلَدٗاۚ وَكَذَٰلِكَ مَكَّنَّا لِيُوسُفَ فِي ٱلۡأَرۡضِ وَلِنُعَلِّمَهُۥ مِن تَأۡوِيلِ ٱلۡأَحَادِيثِۚ وَٱللَّهُ غَالِبٌ عَلَىٰٓ أَمۡرِهِۦ وَلَٰكِنَّ أَكۡثَرَ ٱلنَّاسِ لَا يَعۡلَمُونَ
আৰু মিচৰৰ যিজন ব্যক্তিয়ে তাক কিনি লৈছিল, তেওঁ নিজৰ স্ত্ৰীক ক’লে, ‘ইয়াৰ থকাৰ বাবে সন্মানজনক ব্যৱস্থা কৰা, সম্ভৱতঃ ই আমাৰ উপকাৰত আহিব অথবা আমি ইয়াক পুত্ৰৰূপেও গ্ৰহণ কৰিব পাৰি’। এইদৰে আমি ইউছুফক সেই দেশত প্ৰতিষ্ঠিত কৰিলোঁ; যাতে আমি তাক সপোনৰ ব্যাখ্যা শিকাব পাৰোঁ। কাৰণ আল্লাহ হৈছে নিজৰ কৰ্ম সম্পাদনত অপ্ৰতিহত, কিন্তু অধিকাংশ মানুহেই এই কথা নাজানে।
22 - Yusuf (Joseph) - 022
وَلَمَّا بَلَغَ أَشُدَّهُۥٓ ءَاتَيۡنَٰهُ حُكۡمٗا وَعِلۡمٗاۚ وَكَذَٰلِكَ نَجۡزِي ٱلۡمُحۡسِنِينَ
আৰু তেওঁ যেতিয়া পূৰ্ণ যৌৱনত উপনীত হ’ল তেতিয়া আমি তেওঁক হিকমত আৰু জ্ঞান দান কৰিলোঁ। এইদৰেই আমি সৎকৰ্মশীল লোকসকলক পুৰস্কৃত কৰোঁ।
23 - Yusuf (Joseph) - 023
وَرَٰوَدَتۡهُ ٱلَّتِي هُوَ فِي بَيۡتِهَا عَن نَّفۡسِهِۦ وَغَلَّقَتِ ٱلۡأَبۡوَٰبَ وَقَالَتۡ هَيۡتَ لَكَۚ قَالَ مَعَاذَ ٱللَّهِۖ إِنَّهُۥ رَبِّيٓ أَحۡسَنَ مَثۡوَايَۖ إِنَّهُۥ لَا يُفۡلِحُ ٱلظَّـٰلِمُونَ
আৰু তেওঁ যিজনী মহিলাৰ ঘৰত বাস কৰিছিল, সেইজনীয়ে তেওঁক (উপযাচিকা হৈ যৌন-মিলনৰ) কুপ্ৰৰোচনা দিলে আৰু দুৱাৰসমূহ বন্ধ কৰি দিলে, আৰু ক’লে, ‘আহা’। তেওঁ ক’লে, ‘মই আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰোঁ, নিশ্চয় তেওঁ মোৰ মনিব; তেৱেঁই মোৰ থকাৰ সুন্দৰ ব্যৱস্থা কৰিছে। নিশ্চয় যালিমসকল কেতিয়াও সফল নহয়’।
24 - Yusuf (Joseph) - 024
وَلَقَدۡ هَمَّتۡ بِهِۦۖ وَهَمَّ بِهَا لَوۡلَآ أَن رَّءَا بُرۡهَٰنَ رَبِّهِۦۚ كَذَٰلِكَ لِنَصۡرِفَ عَنۡهُ ٱلسُّوٓءَ وَٱلۡفَحۡشَآءَۚ إِنَّهُۥ مِنۡ عِبَادِنَا ٱلۡمُخۡلَصِينَ
আৰু সেই মহিলাজনী তেওঁৰ প্ৰতি আসক্ত হৈছিল আৰু তেৱোঁ তাইৰ প্ৰতি আসক্ত হৈ পৰিলহেঁতেন যদি তেওঁ তেওঁৰ প্ৰতিপালকৰ নিদৰ্শন নেদেখিলেহেঁতেন। তেওঁক কুকৰ্ম আৰু অশ্লীলতাৰ পৰা বিৰত ৰখাৰ বাবেই আমি এইদৰে তেওঁক নিদৰ্শন দেখুৱাইছিলোঁ। নিশ্চয় তেওঁ আছিল আমাৰ মুখলিচ বা বিশুদ্ধচিত্ত বান্দাসকলৰ অন্তৰ্ভুক্ত।
25 - Yusuf (Joseph) - 025
وَٱسۡتَبَقَا ٱلۡبَابَ وَقَدَّتۡ قَمِيصَهُۥ مِن دُبُرٖ وَأَلۡفَيَا سَيِّدَهَا لَدَا ٱلۡبَابِۚ قَالَتۡ مَا جَزَآءُ مَنۡ أَرَادَ بِأَهۡلِكَ سُوٓءًا إِلَّآ أَن يُسۡجَنَ أَوۡ عَذَابٌ أَلِيمٞ
আৰু সিহঁত উভয়ে দৌৰি দুৱাৰৰ পিনে গ’ল, আৰু মহিলাজনীয়ে পিছফালৰ পৰা (তেওঁক টানি ধৰি ৰখাবলৈ লওঁতে) তেওঁৰ চোলা ফালি পেলালে, তেওঁলোক উভয়ে মহিলাগৰাকীৰ স্বামীক দুৱাৰৰ সন্মুখত পালে। মহিলাজনীয়ে ক’লে, ‘যিয়ে তোমাৰ স্ত্ৰীৰ লগত অসৎকৰ্ম কৰাৰ ইচ্ছা কৰে তাৰ বাবে কাৰাগাৰ অথবা আন কোনো যন্ত্ৰণাদায়ক শাস্তিৰ বাহিৰে আৰুনো কি দণ্ড হ’ব পাৰে’?
26 - Yusuf (Joseph) - 026
قَالَ هِيَ رَٰوَدَتۡنِي عَن نَّفۡسِيۚ وَشَهِدَ شَاهِدٞ مِّنۡ أَهۡلِهَآ إِن كَانَ قَمِيصُهُۥ قُدَّ مِن قُبُلٖ فَصَدَقَتۡ وَهُوَ مِنَ ٱلۡكَٰذِبِينَ
ইউছুফে ক’লে, ‘এওঁহে মোক (যৌন-মিলনৰ বাবে) কুপ্ৰৰোচনা দিছিল’। মহিলাগৰাকীৰ পৰিয়ালৰ এজন সাক্ষীয়ে সাক্ষ্য দিলে যে, ‘যদি তেওঁৰ চোলাটো সন্মুখৰ পৰা ফলা হৈছে তেন্তে মহিলাগৰাকীয়ে সত্য কথা কৈছে আৰু তেওঁ (ইউছুফ) হৈছে মিছলীয়া’।
27 - Yusuf (Joseph) - 027
وَإِن كَانَ قَمِيصُهُۥ قُدَّ مِن دُبُرٖ فَكَذَبَتۡ وَهُوَ مِنَ ٱلصَّـٰدِقِينَ
আৰু যদি তেওঁৰ চোলা পিছফালৰ পৰা ফলা থাকে তেন্তে মহিলাগৰাকী হৈছে মিছলীয়া আৰু তেওঁ (ইউছুফ) হৈছে সত্যবাদী।
28 - Yusuf (Joseph) - 028
فَلَمَّا رَءَا قَمِيصَهُۥ قُدَّ مِن دُبُرٖ قَالَ إِنَّهُۥ مِن كَيۡدِكُنَّۖ إِنَّ كَيۡدَكُنَّ عَظِيمٞ
এতেকে মহিলাগৰাকীৰ স্বামীয়ে যেতিয়া দেখিলে যে, ইউছুফৰ চোলা পিছফালৰ পৰা ফলা হৈছে তেতিয়া তেওঁ ক’লে, ‘নিশ্চয় এইটো হৈছে তোমালোকৰ (নাৰীসকলৰ) ছলনা, নিশ্চয় তোমালোকৰ ছলনা অতি সাংঘাতিক’।
29 - Yusuf (Joseph) - 029
يُوسُفُ أَعۡرِضۡ عَنۡ هَٰذَاۚ وَٱسۡتَغۡفِرِي لِذَنۢبِكِۖ إِنَّكِ كُنتِ مِنَ ٱلۡخَاطِـِٔينَ
‘হে ইউছুফ! তুমি এই বিষয়টোক উপেক্ষা কৰা, আৰু হে নাৰী! তুমি তোমাৰ অপৰাধৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা; নিশ্চয় তুমি অপৰাধীসকলৰ অন্তৰ্ভুক্ত’।
30 - Yusuf (Joseph) - 030
۞وَقَالَ نِسۡوَةٞ فِي ٱلۡمَدِينَةِ ٱمۡرَأَتُ ٱلۡعَزِيزِ تُرَٰوِدُ فَتَىٰهَا عَن نَّفۡسِهِۦۖ قَدۡ شَغَفَهَا حُبًّاۖ إِنَّا لَنَرَىٰهَا فِي ضَلَٰلٖ مُّبِينٖ
আৰু নগৰৰ কিছুমান মহিলাই গাই ফুৰিছিল যে, ‘আজীজৰ স্ত্ৰীয়ে তাইৰ কৃতদাস যুৱকৰ পৰা অসৎকৰ্ম কামনা কৰিছিল, গভীৰ প্ৰেমে তাইক উন্মত্ত কৰিছে, নিশ্চয় আমি তাইক স্পষ্ট বিভ্ৰান্তিত দেখি আছোঁ’।
31 - Yusuf (Joseph) - 031
فَلَمَّا سَمِعَتۡ بِمَكۡرِهِنَّ أَرۡسَلَتۡ إِلَيۡهِنَّ وَأَعۡتَدَتۡ لَهُنَّ مُتَّكَـٔٗا وَءَاتَتۡ كُلَّ وَٰحِدَةٖ مِّنۡهُنَّ سِكِّينٗا وَقَالَتِ ٱخۡرُجۡ عَلَيۡهِنَّۖ فَلَمَّا رَأَيۡنَهُۥٓ أَكۡبَرۡنَهُۥ وَقَطَّعۡنَ أَيۡدِيَهُنَّ وَقُلۡنَ حَٰشَ لِلَّهِ مَا هَٰذَا بَشَرًا إِنۡ هَٰذَآ إِلَّا مَلَكٞ كَرِيمٞ
ইপিনে যেতিয়া মহিলাজনীয়ে সিহঁতৰ এই চক্ৰান্তৰ কথা শুনিলে, তেতিয়া সিহঁতক মাতি পঠিয়ালে আৰু সিহঁতৰ বাবে আসন প্ৰস্তুত কৰিলে। সিহঁতৰ প্ৰত্যেককে একোটাকৈ ছুৰি-কটাৰী প্ৰদান কৰিলে আৰু ইউছফক ক’লে, ‘সিহঁতৰ সন্মুখলৈ ওলাই আহা’। ফলত সিহঁতে যেতিয়া তেওঁক দেখিলে তেতিয়া সিহঁতে তেওঁৰ সৌন্দৰ্যত অভিভূত হ’ল আৰু নিজৰে হাত কাটি পেলালে আৰু সিহঁতে ক’লে, ‘অদ্ভুত আল্লাহৰ মাহাত্ম্য! এওঁ মানুহ নহয়। নিশ্চয় এওঁ হৈছে এজন মহিমান্বিত ফিৰিস্তা’।
32 - Yusuf (Joseph) - 032
قَالَتۡ فَذَٰلِكُنَّ ٱلَّذِي لُمۡتُنَّنِي فِيهِۖ وَلَقَدۡ رَٰوَدتُّهُۥ عَن نَّفۡسِهِۦ فَٱسۡتَعۡصَمَۖ وَلَئِن لَّمۡ يَفۡعَلۡ مَآ ءَامُرُهُۥ لَيُسۡجَنَنَّ وَلَيَكُونٗا مِّنَ ٱلصَّـٰغِرِينَ
মহিলাগৰাকীয়ে ক’লে, ‘এওঁৱেই হৈছে সেই ব্যক্তি যাৰ বিষয়ে তোমালোকে মোক নিন্দা কৰিছিলা। ময়েই তেওঁৰ পৰা অসৎকৰ্ম কামনা কৰিছিলোঁ কিন্তু তেওঁ নিজকে পৱিত্ৰ ৰাখিছে; আৰু মই তেওঁক যি আদেশ কৰিছোঁ সেইটো যদি তেওঁ পালন নকৰে, তেন্তে তেওঁ অৱশ্যে কাৰাৰুদ্ধ হ’ব আৰু নিশ্চয় তেওঁ অপদস্তসকলৰ অন্তৰ্ভুক্ত হ’ব’।
33 - Yusuf (Joseph) - 033
قَالَ رَبِّ ٱلسِّجۡنُ أَحَبُّ إِلَيَّ مِمَّا يَدۡعُونَنِيٓ إِلَيۡهِۖ وَإِلَّا تَصۡرِفۡ عَنِّي كَيۡدَهُنَّ أَصۡبُ إِلَيۡهِنَّ وَأَكُن مِّنَ ٱلۡجَٰهِلِينَ
ইউছুফে ক’লে, ‘হে মোৰ প্ৰতিপালক! এই নাৰীসকলে মোক যি কামৰ প্ৰতি আহ্বান কৰি আছে তাতকৈ বন্দীশালেই হৈছে মোৰ ওচৰত অধিক প্ৰিয়। তুমি যদি মোক সিহঁতৰ ছলনাৰ পৰা ৰক্ষা নকৰা তেন্তে মই সিহঁতৰ প্ৰতি আকৃষ্ট হৈ পৰিম আৰু অজ্ঞসকলৰ অন্তৰ্ভুক্ত হৈ যাম’।
34 - Yusuf (Joseph) - 034
فَٱسۡتَجَابَ لَهُۥ رَبُّهُۥ فَصَرَفَ عَنۡهُ كَيۡدَهُنَّۚ إِنَّهُۥ هُوَ ٱلسَّمِيعُ ٱلۡعَلِيمُ
সেয়ে তেওঁৰ প্ৰতিপালকে তেওঁৰ প্ৰাৰ্থনাত সঁহাৰি জনালে আৰু তেওঁক সিহঁতৰ ছলনাৰ পৰা ৰক্ষা কৰিলে। নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।
35 - Yusuf (Joseph) - 035
ثُمَّ بَدَا لَهُم مِّنۢ بَعۡدِ مَا رَأَوُاْ ٱلۡأٓيَٰتِ لَيَسۡجُنُنَّهُۥ حَتَّىٰ حِينٖ
ফলত বিভিন্ন নিদৰ্শনাৱলী দেখাৰ পিছতো সিহঁতে ভাবিলে যে, তেওঁক কিছু সময়ৰ বাবে কাৰাৰুদ্ধ কৰিবই লাগিব।
36 - Yusuf (Joseph) - 036
وَدَخَلَ مَعَهُ ٱلسِّجۡنَ فَتَيَانِۖ قَالَ أَحَدُهُمَآ إِنِّيٓ أَرَىٰنِيٓ أَعۡصِرُ خَمۡرٗاۖ وَقَالَ ٱلۡأٓخَرُ إِنِّيٓ أَرَىٰنِيٓ أَحۡمِلُ فَوۡقَ رَأۡسِي خُبۡزٗا تَأۡكُلُ ٱلطَّيۡرُ مِنۡهُۖ نَبِّئۡنَا بِتَأۡوِيلِهِۦٓۖ إِنَّا نَرَىٰكَ مِنَ ٱلۡمُحۡسِنِينَ
তেওঁৰ সৈতে আৰু দুজন যুৱক কাৰাগাৰত প্ৰৱেশ কৰিলে। সিহঁতৰ এজনে ক’লে, ‘মই সপোনত দেখিলোঁ যে, মই আঙুৰ নিঃসাৰণ কৰি মদ প্ৰস্তুত কৰি আছোঁ’, আৰু আনজনে ক’লে, ‘মই সপোনত দেখিলোঁ যে, মই মোৰ মূৰত ৰুটি কঢ়িয়াই নিছোঁ আৰু চৰাইয়ে তাৰ পৰা খাই আছে। আপুনি আমাক ইয়াৰ তাৎপৰ্য জনাই দিয়ক, আমি দেখিছোঁ আপুনি সৎকৰ্মশীলসকলৰ অন্তৰ্ভুক্ত’।
37 - Yusuf (Joseph) - 037
قَالَ لَا يَأۡتِيكُمَا طَعَامٞ تُرۡزَقَانِهِۦٓ إِلَّا نَبَّأۡتُكُمَا بِتَأۡوِيلِهِۦ قَبۡلَ أَن يَأۡتِيَكُمَاۚ ذَٰلِكُمَا مِمَّا عَلَّمَنِي رَبِّيٓۚ إِنِّي تَرَكۡتُ مِلَّةَ قَوۡمٖ لَّا يُؤۡمِنُونَ بِٱللَّهِ وَهُم بِٱلۡأٓخِرَةِ هُمۡ كَٰفِرُونَ
ইউছুফে ক’লে, ‘তোমালোকক যি খাদ্য দিয়া হয় সেই খাদ্য অহাৰ আগতেই মই তোমালোকক সপোনৰ ব্যাখ্যা জনাই দিম। মই তোমালোকক যিটো জনাম সেইটো মোৰ প্ৰতিপালকে মোক শিক্ষা দিছে। (জানি থোৱা) নিশ্চয় মই সেই সম্প্ৰদায়ৰ ধৰ্ম মতক বৰ্জন কৰিছোঁ যিসকলে আল্লাহৰ ওপৰত ঈমান পোষণ নকৰে, আৰু যিসকলে আখিৰাতক অস্বীকাৰ কৰে’।
38 - Yusuf (Joseph) - 038
وَٱتَّبَعۡتُ مِلَّةَ ءَابَآءِيٓ إِبۡرَٰهِيمَ وَإِسۡحَٰقَ وَيَعۡقُوبَۚ مَا كَانَ لَنَآ أَن نُّشۡرِكَ بِٱللَّهِ مِن شَيۡءٖۚ ذَٰلِكَ مِن فَضۡلِ ٱللَّهِ عَلَيۡنَا وَعَلَى ٱلنَّاسِ وَلَٰكِنَّ أَكۡثَرَ ٱلنَّاسِ لَا يَشۡكُرُونَ
‘মই মোৰ পিতৃ-পুৰুষ ইব্ৰাহীম, ইছহাক্ব আৰু ইয়াকূবৰ মিল্লাতৰ অনুসৰণ কৰোঁ। আল্লাহৰ লগত আনক অংশীদাৰ কৰাটো আমাৰ বাবে সংগত নহয়। এইটো আমাৰ লগতে সমগ্ৰ মানৱৰ প্ৰতি আল্লাহৰ অনুগ্ৰহ; কিন্তু অধিকাংশ মানুহেই কৃতজ্ঞতা প্ৰকাশ নকৰে’।
39 - Yusuf (Joseph) - 039
يَٰصَٰحِبَيِ ٱلسِّجۡنِ ءَأَرۡبَابٞ مُّتَفَرِّقُونَ خَيۡرٌ أَمِ ٱللَّهُ ٱلۡوَٰحِدُ ٱلۡقَهَّارُ
‘হে মোৰ বন্দীশালৰ সঙ্গীদ্বয়! ভিন ভিন অসংখ্য প্ৰতিপালক উত্তম নে এক আল্লাহ উত্তম, যিজন মহাপ্ৰতাপশালী’?
40 - Yusuf (Joseph) - 040
مَا تَعۡبُدُونَ مِن دُونِهِۦٓ إِلَّآ أَسۡمَآءٗ سَمَّيۡتُمُوهَآ أَنتُمۡ وَءَابَآؤُكُم مَّآ أَنزَلَ ٱللَّهُ بِهَا مِن سُلۡطَٰنٍۚ إِنِ ٱلۡحُكۡمُ إِلَّا لِلَّهِ أَمَرَ أَلَّا تَعۡبُدُوٓاْ إِلَّآ إِيَّاهُۚ ذَٰلِكَ ٱلدِّينُ ٱلۡقَيِّمُ وَلَٰكِنَّ أَكۡثَرَ ٱلنَّاسِ لَا يَعۡلَمُونَ
‘তেওঁৰ বাহিৰে তোমালোকে কিছুমান নামৰহে ইবাদত কৰি আছা, যিবোৰ নাম তোমালোকৰ পিতৃপুৰুষ নাইবা তোমালোকে নিজেই ৰাখিছা; এইবোৰৰ কোনো প্ৰমাণ আল্লাহে অৱতীৰ্ণ কৰা নাই। বিধান দিয়াৰ অধিকাৰ কেৱল আল্লাহৰেই। তেৱেঁই নিৰ্দেশ দিছে যে, ‘তেওঁৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা’। এইটোৱেই হৈছে শাশ্বত দ্বীন কিন্তু অধিকাংশ মানুহেই সেয়া নাজানে’।
41 - Yusuf (Joseph) - 041
يَٰصَٰحِبَيِ ٱلسِّجۡنِ أَمَّآ أَحَدُكُمَا فَيَسۡقِي رَبَّهُۥ خَمۡرٗاۖ وَأَمَّا ٱلۡأٓخَرُ فَيُصۡلَبُ فَتَأۡكُلُ ٱلطَّيۡرُ مِن رَّأۡسِهِۦۚ قُضِيَ ٱلۡأَمۡرُ ٱلَّذِي فِيهِ تَسۡتَفۡتِيَانِ
‘হে মোৰ বন্দীশালৰ সঙ্গীদ্বয়! তোমালোক দুজনৰ এজনে তাৰ মনিবক সুৰা পান কৰাব আৰু আনজনক শূলবিদ্ধ কৰা হ’ব; আৰু চৰাইয়ে তাৰ মগজু খুটি খুটি খাব। যি বিষয়ে তোমালোকে জানিব বিচাৰিছিলা তাৰ সিদ্ধান্ত হৈ গৈছে’।
42 - Yusuf (Joseph) - 042
وَقَالَ لِلَّذِي ظَنَّ أَنَّهُۥ نَاجٖ مِّنۡهُمَا ٱذۡكُرۡنِي عِندَ رَبِّكَ فَأَنسَىٰهُ ٱلشَّيۡطَٰنُ ذِكۡرَ رَبِّهِۦ فَلَبِثَ فِي ٱلسِّجۡنِ بِضۡعَ سِنِينَ
আৰু সিহঁতৰ মাজৰ যিজনে মুক্তি পাব বুলি ইউছুফে ধাৰণা কৰিলে, তাক তেওঁ ক’লে, ‘তোমাৰ মনিবৰ ওচৰত মোৰ কথা উল্লেখ কৰিবা’। কিন্তু চয়তানে তাক তেওঁৰ বিষয়ে তাৰ মনিবৰ ওচৰত ব্যক্ত কৰিবলৈ পাহৰাই দিলে। ফলত ইউছুফক আৰু কেইবা বছৰ কাৰাগাৰত থাকিবলগীয়া হ’ল।
43 - Yusuf (Joseph) - 043
وَقَالَ ٱلۡمَلِكُ إِنِّيٓ أَرَىٰ سَبۡعَ بَقَرَٰتٖ سِمَانٖ يَأۡكُلُهُنَّ سَبۡعٌ عِجَافٞ وَسَبۡعَ سُنۢبُلَٰتٍ خُضۡرٖ وَأُخَرَ يَابِسَٰتٖۖ يَـٰٓأَيُّهَا ٱلۡمَلَأُ أَفۡتُونِي فِي رُءۡيَٰيَ إِن كُنتُمۡ لِلرُّءۡيَا تَعۡبُرُونَ
আৰু ৰজাই (এদিনাখন) ক’লে, ‘মই সপোনত দেখিলোঁ, সাতজনী হৃষ্ট-পুষ্ট গাই, সিহঁতক আন সাতজনী ক্ষীণ গায়ে ভক্ষণ কৰি আছে আৰু দেখিলোঁ সাতটা সজীৱ শীহ লগতে আন সাতটা শুকান শীহ। হে পৰিষদবৰ্গ! যদি তোমালোকে সপোনৰ ব্যাখ্যা কৰিব পাৰা তেন্তে মোৰ সপোনৰ বিষয়ে অভিমত দিয়া’।
44 - Yusuf (Joseph) - 044
قَالُوٓاْ أَضۡغَٰثُ أَحۡلَٰمٖۖ وَمَا نَحۡنُ بِتَأۡوِيلِ ٱلۡأَحۡلَٰمِ بِعَٰلِمِينَ
সিহঁতে ক’লে, ‘এইটো অৰ্থহীন অলীক সপোন আৰু এনেকুৱা সপোনৰ ব্যাখ্যাত আমি অভিজ্ঞ নহয়’।
45 - Yusuf (Joseph) - 045
وَقَالَ ٱلَّذِي نَجَا مِنۡهُمَا وَٱدَّكَرَ بَعۡدَ أُمَّةٍ أَنَا۠ أُنَبِّئُكُم بِتَأۡوِيلِهِۦ فَأَرۡسِلُونِ
আৰু সেই দুজন কাৰাৰুদ্ধৰ মাজৰ যিজনে মুক্তি পাইছিল, দীৰ্ঘকাল পিছত তাৰ স্মৰণ হ’ল, সি ক’লে, ‘মই ইয়াৰ তাৎপৰ্য আপোনালোকক জনাব পাৰিম। সেয়ে মোক পঠাই দিয়ক’।
46 - Yusuf (Joseph) - 046
يُوسُفُ أَيُّهَا ٱلصِّدِّيقُ أَفۡتِنَا فِي سَبۡعِ بَقَرَٰتٖ سِمَانٖ يَأۡكُلُهُنَّ سَبۡعٌ عِجَافٞ وَسَبۡعِ سُنۢبُلَٰتٍ خُضۡرٖ وَأُخَرَ يَابِسَٰتٖ لَّعَلِّيٓ أَرۡجِعُ إِلَى ٱلنَّاسِ لَعَلَّهُمۡ يَعۡلَمُونَ
সি আহি ক’লে, ‘হে ইউছুফ! হে সত্যবাদী! সাতজনী হৃষ্ট-পুষ্ট গাই, সেইবোৰক ভক্ষণ কৰিছে সাতজনী দুৰ্বল গায়ে আৰু সাতটা সজীৱ শীহ লগতে আন সাতটা শুকান শীহ সম্বন্ধে আপুনি আমাক ব্যাখ্যা দিয়ক, যাতে মই মানুহৰ ওচৰলৈ উভতি যাব পাৰোঁ আৰু সিহঁতে অৱগত হ’ব পাৰে’।
47 - Yusuf (Joseph) - 047
قَالَ تَزۡرَعُونَ سَبۡعَ سِنِينَ دَأَبٗا فَمَا حَصَدتُّمۡ فَذَرُوهُ فِي سُنۢبُلِهِۦٓ إِلَّا قَلِيلٗا مِّمَّا تَأۡكُلُونَ
তেওঁ ক’লে, ‘তোমালোকে একেৰাহে সাত বছৰ পৰ্যন্ত খেতি-বাতি কৰিবা, তাৰ পিছত তোমালোকে যি শস্য কাটিবা তাৰে সামান্য পৰিমাণ খাই বাকীখিনি শীহসহ থৈ দিবা’;
48 - Yusuf (Joseph) - 048
ثُمَّ يَأۡتِي مِنۢ بَعۡدِ ذَٰلِكَ سَبۡعٞ شِدَادٞ يَأۡكُلۡنَ مَا قَدَّمۡتُمۡ لَهُنَّ إِلَّا قَلِيلٗا مِّمَّا تُحۡصِنُونَ
‘ইয়াৰ পিছত আহিব সাতোটা কঠিন (দুৰ্ভিক্ষৰ) বছৰ, এই সাত বছৰত আগতে যি সঞ্চয় কৰি ৰাখিবা, মানুহে সেয়া খাব; কেৱল সামান্য পৰিমাণৰ বাহিৰে, যিটো তোমালোকে সংৰক্ষণ কৰি ৰাখিবা’।
49 - Yusuf (Joseph) - 049
ثُمَّ يَأۡتِي مِنۢ بَعۡدِ ذَٰلِكَ عَامٞ فِيهِ يُغَاثُ ٱلنَّاسُ وَفِيهِ يَعۡصِرُونَ
‘তাৰ পিছত আহিব এনেকুৱা এটা বছৰ, সেই বছৰত মানুহৰ বাবে প্ৰচুৰ বৰষুণ হ’ব আৰু সেই বছৰত মানুহে ফলৰ ৰস চেপি উলিয়াব’।
50 - Yusuf (Joseph) - 050
وَقَالَ ٱلۡمَلِكُ ٱئۡتُونِي بِهِۦۖ فَلَمَّا جَآءَهُ ٱلرَّسُولُ قَالَ ٱرۡجِعۡ إِلَىٰ رَبِّكَ فَسۡـَٔلۡهُ مَا بَالُ ٱلنِّسۡوَةِ ٱلَّـٰتِي قَطَّعۡنَ أَيۡدِيَهُنَّۚ إِنَّ رَبِّي بِكَيۡدِهِنَّ عَلِيمٞ
আৰু ৰজাই ক’লে, ‘তোমালোকে ইউছুফক মোৰ ওচৰলৈ লৈ আহা’। তাৰ পিছত যেতিয়া (ৰজাৰ) দূত তেওঁৰ ওচৰত আহি উপস্থিত হ’ল তেতিয়া তেওঁ ক’লে, ‘তুমি তোমাৰ মনিবৰ ওচৰলৈ উভতি যোৱা আৰু তেওঁক সোধাগৈ, যি নাৰীসকলে নিজৰে হাত কাটি পেলাইছিল সিহঁতৰ অৱস্থা কি! নিশ্চয় মোৰ প্ৰতিপালক সিহঁতৰ ছলনা সম্পৰ্কে সম্যক অৱগত’।
51 - Yusuf (Joseph) - 051
قَالَ مَا خَطۡبُكُنَّ إِذۡ رَٰوَدتُّنَّ يُوسُفَ عَن نَّفۡسِهِۦۚ قُلۡنَ حَٰشَ لِلَّهِ مَا عَلِمۡنَا عَلَيۡهِ مِن سُوٓءٖۚ قَالَتِ ٱمۡرَأَتُ ٱلۡعَزِيزِ ٱلۡـَٰٔنَ حَصۡحَصَ ٱلۡحَقُّ أَنَا۠ رَٰوَدتُّهُۥ عَن نَّفۡسِهِۦ وَإِنَّهُۥ لَمِنَ ٱلصَّـٰدِقِينَ
ৰজাই নাৰীসকলক (মাতি আনি) ক’লে, ‘যেতিয়া তোমালোকে ইউছুফৰ পৰা অসৎকৰ্ম কামনা কৰিছিলা, তেতিয়া তোমালোকৰ কি হৈছিল’ (তেওঁ এই বিষয়ে সন্মত হৈছিলনে)? সিহঁতে ক’লে, ‘অদ্ভুত আল্লাহৰ মাহাত্ম্য! আমি তেওঁৰ মাজত কোনো দোষ দেখা পোৱা নাছিলোঁ’। আজীজৰ স্ত্ৰীয়ে ক’লে, ‘এতিয়াহে সত্য প্ৰকাশ পালে, মইহে তেওঁক প্ৰস্তাৱ দিছিলোঁ, আৰু তেওঁ নিশ্চয় সত্যবাদীসকলৰ অন্তৰ্ভুক্ত’।
52 - Yusuf (Joseph) - 052
ذَٰلِكَ لِيَعۡلَمَ أَنِّي لَمۡ أَخُنۡهُ بِٱلۡغَيۡبِ وَأَنَّ ٱللَّهَ لَا يَهۡدِي كَيۡدَ ٱلۡخَآئِنِينَ
‘এইটো এইকাৰণে (কৰিলোঁ) যে, যাতে তেওঁ জানিব পাৰে, তেওঁৰ অনুপস্থিতিত মই তেওঁৰ প্ৰতি বিশ্বাসঘাতকতা কৰা নাছিলোঁ আৰু নিশ্চয় আল্লাহে বিশ্বাসঘাতকসকলৰ ষড়যন্ত্ৰ সফল নকৰে’।
53 - Yusuf (Joseph) - 053
۞وَمَآ أُبَرِّئُ نَفۡسِيٓۚ إِنَّ ٱلنَّفۡسَ لَأَمَّارَةُۢ بِٱلسُّوٓءِ إِلَّا مَا رَحِمَ رَبِّيٓۚ إِنَّ رَبِّي غَفُورٞ رَّحِيمٞ
‘আৰু মই নিজকে নিৰ্দোষ বুলি ক'ব বিচৰা নাই, কিয়নো, নিশ্চয় মানুহৰ নফচে বেয়া কামৰ নিৰ্দেশ দিয়াটোৱে স্বাভাৱিক, কিন্তু সেই ব্যক্তিৰ বাহিৰে যাৰ প্ৰতি মোৰ প্ৰতিপালকে দয়া কৰে। নিশ্চয় মোৰ প্ৰতিপালক অতি ক্ষমাশীল, পৰম দয়ালু’।
54 - Yusuf (Joseph) - 054
وَقَالَ ٱلۡمَلِكُ ٱئۡتُونِي بِهِۦٓ أَسۡتَخۡلِصۡهُ لِنَفۡسِيۖ فَلَمَّا كَلَّمَهُۥ قَالَ إِنَّكَ ٱلۡيَوۡمَ لَدَيۡنَا مَكِينٌ أَمِينٞ
ৰজাই ক’লে, ‘ইউছুফক মোৰ ওচৰলৈ লৈ আহা; মই তেওঁক মোৰ নিজৰ বাবে আপোন কৰি লম’। তাৰ পিছত ৰজাই যেতিয়া তেওঁৰ লগত কথা পাতিলে, তেতিয়া ৰজাই ক’লে, ‘নিশ্চয় আজি আপুনি আমাৰ ওচৰত মৰ্যাদাশীল, পূৰ্ণ বিশ্বস্ত’।
55 - Yusuf (Joseph) - 055
قَالَ ٱجۡعَلۡنِي عَلَىٰ خَزَآئِنِ ٱلۡأَرۡضِۖ إِنِّي حَفِيظٌ عَلِيمٞ
তেওঁ ক’লে, ‘মোক দেশৰ কোষাগাৰৰ দায়িত্ব অৰ্পণ কৰক। নিশ্চয় মই উত্তম ৰক্ষক, সুবিজ্ঞ’।
56 - Yusuf (Joseph) - 056
وَكَذَٰلِكَ مَكَّنَّا لِيُوسُفَ فِي ٱلۡأَرۡضِ يَتَبَوَّأُ مِنۡهَا حَيۡثُ يَشَآءُۚ نُصِيبُ بِرَحۡمَتِنَا مَن نَّشَآءُۖ وَلَا نُضِيعُ أَجۡرَ ٱلۡمُحۡسِنِينَ
আৰু এইদৰেই আমি ইউছুফক সেই দেশত প্ৰতিষ্ঠিত কৰিলোঁ; সেই দেশত তেওঁৰ য’তে ইচ্ছা তাতেই অৱস্থান কৰাৰ অধিকাৰ আছিল। আমি যাক ইচ্ছা কৰোঁ তাকেই আমাৰ ৰহমত প্ৰদান কৰোঁ; আৰু আমি সৎকৰ্মশীলসকলৰ শ্ৰমফল বিনষ্ট নকৰোঁ।
57 - Yusuf (Joseph) - 057
وَلَأَجۡرُ ٱلۡأٓخِرَةِ خَيۡرٞ لِّلَّذِينَ ءَامَنُواْ وَكَانُواْ يَتَّقُونَ
নিশ্চয় যিসকলে ঈমান আনিছে আৰু তাক্বৱা অৱলম্বন কৰে তেওঁলোকৰ বাবে আখিৰাতৰ পুৰস্কাৰেই হৈছে উত্তম।
58 - Yusuf (Joseph) - 058
وَجَآءَ إِخۡوَةُ يُوسُفَ فَدَخَلُواْ عَلَيۡهِ فَعَرَفَهُمۡ وَهُمۡ لَهُۥ مُنكِرُونَ
ইউছুফৰ ভাতৃসকল আহিল আৰু তেওঁৰ ওচৰত প্ৰৱেশ কৰিলে। ফলত তেওঁ সিহঁতক চিনি পালে, কিন্তু সিহঁতে তেওঁক চিনি নাপালে।
59 - Yusuf (Joseph) - 059
وَلَمَّا جَهَّزَهُم بِجَهَازِهِمۡ قَالَ ٱئۡتُونِي بِأَخٖ لَّكُم مِّنۡ أَبِيكُمۡۚ أَلَا تَرَوۡنَ أَنِّيٓ أُوفِي ٱلۡكَيۡلَ وَأَنَا۠ خَيۡرُ ٱلۡمُنزِلِينَ
আৰু তেওঁ যেতিয়া সিহঁতক সিহঁতৰ খাদ্য-সামগ্ৰীৰ ব্যৱস্থা কৰি দিলে তেতিয়া তেওঁ ক’লে, ‘তোমালোকে মোৰ ওচৰলৈ তোমালোকৰ পিতৃ পক্ষৰ বৈমাত্ৰেয় ভায়েকক লৈ আহিবাচোন। তোমালোকে দেখা নাইনে, মই কেনেকৈ পূৰ্ণ মাত্ৰাত প্ৰদান কৰোঁ আৰু মই কিমান উত্তম অথিতিপৰায়ণ’।
60 - Yusuf (Joseph) - 060
فَإِن لَّمۡ تَأۡتُونِي بِهِۦ فَلَا كَيۡلَ لَكُمۡ عِندِي وَلَا تَقۡرَبُونِ
‘আৰু যদি তোমালোকে তাক লৈ নাহা তেন্তে তোমালোকৰ বাবে মোৰ ওচৰত কোনো খাদ্য-সামগ্ৰী নাই, আনকি তোমালোকে মোৰ ওচৰলৈকেও নাহিবা’।
61 - Yusuf (Joseph) - 061
قَالُواْ سَنُرَٰوِدُ عَنۡهُ أَبَاهُ وَإِنَّا لَفَٰعِلُونَ
সিহঁতে ক’লে, ‘তাৰ বিষয়ে আমি তাৰ পিতৃক সন্মত কৰিবলৈ চেষ্টা কৰিম আৰু আমি এইটো নিশ্চয় কৰিম’।
62 - Yusuf (Joseph) - 062
وَقَالَ لِفِتۡيَٰنِهِ ٱجۡعَلُواْ بِضَٰعَتَهُمۡ فِي رِحَالِهِمۡ لَعَلَّهُمۡ يَعۡرِفُونَهَآ إِذَا ٱنقَلَبُوٓاْ إِلَىٰٓ أَهۡلِهِمۡ لَعَلَّهُمۡ يَرۡجِعُونَ
আৰু ইউছুফে তেওঁৰ কৰ্মচাৰীসকলক ক’লে, ‘সিহঁতে যি পণ্যমূল্য দিছে সেয়া সিহঁতৰ খাদ্য-সামগ্ৰীৰ ভিতৰতে ৰাখি দিয়া, যাতে সিহঁতে পৰিয়ালৰ ওচৰলৈ উভতি যোৱাৰ পিছত সেয়া চিনি পায়। ফলত যাতে সিহঁতে আকৌ উভতি আহে’।
63 - Yusuf (Joseph) - 063
فَلَمَّا رَجَعُوٓاْ إِلَىٰٓ أَبِيهِمۡ قَالُواْ يَـٰٓأَبَانَا مُنِعَ مِنَّا ٱلۡكَيۡلُ فَأَرۡسِلۡ مَعَنَآ أَخَانَا نَكۡتَلۡ وَإِنَّا لَهُۥ لَحَٰفِظُونَ
এতেকে সিহঁতে যেতিয়া সিহঁতৰ পিতৃৰ ওচৰলৈ উভতি আহিল, তেতিয়া সিহঁতে ক’লে, ‘হে আমাৰ পিতৃ! আমাৰ বাবে পৰিমাপকৃত খাদ্য-সামগ্ৰী নিষিদ্ধ কৰা হৈছে। গতিকে আমাৰ ভায়েকক আমাৰ লগত পঠাই দিয়ক যাতে আমি পৰিমাপকৃত খাদ্য-সামগ্ৰী পাওঁ। অৱশ্যে আমি তাৰ হিফাজত কৰিম’।
64 - Yusuf (Joseph) - 064
قَالَ هَلۡ ءَامَنُكُمۡ عَلَيۡهِ إِلَّا كَمَآ أَمِنتُكُمۡ عَلَىٰٓ أَخِيهِ مِن قَبۡلُ فَٱللَّهُ خَيۡرٌ حَٰفِظٗاۖ وَهُوَ أَرۡحَمُ ٱلرَّـٰحِمِينَ
তেওঁ ক’লে, ‘মই তোমালোকক ইয়াৰ বিষয়ে তেনেকৈয়ে নিৰাপদ বুলি ভাবিম নেকি, যেনেকৈ ইয়াৰ আগত তোমালোকক নিৰাপদ বুলি ভাবিছিলোঁ ইয়াৰ ভায়েকৰ বিষয়ে? কিন্তু আল্লাহেই ৰক্ষণাবেক্ষণত শ্ৰেষ্ঠ আৰু তেৱেঁই সৰ্বশ্ৰেষ্ঠ দয়ালু’।
65 - Yusuf (Joseph) - 065
وَلَمَّا فَتَحُواْ مَتَٰعَهُمۡ وَجَدُواْ بِضَٰعَتَهُمۡ رُدَّتۡ إِلَيۡهِمۡۖ قَالُواْ يَـٰٓأَبَانَا مَا نَبۡغِيۖ هَٰذِهِۦ بِضَٰعَتُنَا رُدَّتۡ إِلَيۡنَاۖ وَنَمِيرُ أَهۡلَنَا وَنَحۡفَظُ أَخَانَا وَنَزۡدَادُ كَيۡلَ بَعِيرٖۖ ذَٰلِكَ كَيۡلٞ يَسِيرٞ
আৰু যেতিয়া সিহঁতে সিহঁতৰ খাদ্য-সামগ্ৰীৰ টোপোলা খুলিলে তেতিয়া সিহঁতে দেখিবলৈ পালে যে, সিহঁতৰ পণ্যমূল্য সিহঁতক ওভতাই দিয়া হৈছে। সিহঁতে ক’লে, ‘হে আমাৰ পিতৃ! আমি আৰু কি প্ৰত্যাশা কৰিব পাৰোঁ? চাওক এয়া আমি দিয়া পণ্যমূল্য, আমাক আকৌ ওভতাই দিয়া হৈছে। আমি আমাৰ পৰিয়ালবৰ্গক খাদ্য-সামগ্ৰী আনি দিম আৰু আমি আমাৰ ভাতৃৰ ৰক্ষণাবেক্ষণ কৰিম লগতে আমি অতিৰিক্ত আৰু এটা উটৰ (পিঠিত) পণ্য আনিম; এই পৰিমাণৰ শস্য লৈ অহাটো অতি সহজ’।
66 - Yusuf (Joseph) - 066
قَالَ لَنۡ أُرۡسِلَهُۥ مَعَكُمۡ حَتَّىٰ تُؤۡتُونِ مَوۡثِقٗا مِّنَ ٱللَّهِ لَتَأۡتُنَّنِي بِهِۦٓ إِلَّآ أَن يُحَاطَ بِكُمۡۖ فَلَمَّآ ءَاتَوۡهُ مَوۡثِقَهُمۡ قَالَ ٱللَّهُ عَلَىٰ مَا نَقُولُ وَكِيلٞ
পিতাকে ক’লে, ‘মই তাক কেতিয়াও তোমালোকৰ লগত নপঠাওঁ যেতিয়ালৈকে তোমালোকে আল্লাহৰ নামত এই অঙ্গীকাৰ নকৰিবা যে, তোমালোকে তাক মোৰ ওচৰলৈ ঘূৰাই আনিবা, অৱশ্যে যদি তোমালোকক আটক কৰা হয় (তেন্তে সেয়া ভিন্ন কথা)’। তাৰ পিছত সিহঁতে যেতিয়া তেওঁৰ ওচৰত প্ৰতিজ্ঞা কৰিলে তেতিয়া তেওঁ ক’লে, ‘আমি যি বিষয়ে কথা পাতি আছোঁ, আল্লাহেই ইয়াৰ বিধায়ক’।
67 - Yusuf (Joseph) - 067
وَقَالَ يَٰبَنِيَّ لَا تَدۡخُلُواْ مِنۢ بَابٖ وَٰحِدٖ وَٱدۡخُلُواْ مِنۡ أَبۡوَٰبٖ مُّتَفَرِّقَةٖۖ وَمَآ أُغۡنِي عَنكُم مِّنَ ٱللَّهِ مِن شَيۡءٍۖ إِنِ ٱلۡحُكۡمُ إِلَّا لِلَّهِۖ عَلَيۡهِ تَوَكَّلۡتُۖ وَعَلَيۡهِ فَلۡيَتَوَكَّلِ ٱلۡمُتَوَكِّلُونَ
আৰু তেওঁ ক’লে, ‘হে মোৰ পুত্ৰসকল! তোমালোকে এটা দুৱাৰেৰে প্ৰৱেশ নকৰিবা, বৰং ভিন ভিন দুৱাৰেৰে প্ৰৱেশ কৰিবা। আল্লাহৰ সিদ্ধান্তৰ বিপৰীতে মই তোমালোকৰ বাবে একো কৰিব নোৱাৰোঁ। আদেশ কেৱল মাত্ৰ আল্লাহৰেই। মই তেওঁৰ ওপৰতেই নিৰ্ভৰ কৰোঁ, আল্লাহৰ ওপৰতেই নিৰ্ভৰকাৰীসকলে নিৰ্ভৰ কৰা উচিত’।
68 - Yusuf (Joseph) - 068
وَلَمَّا دَخَلُواْ مِنۡ حَيۡثُ أَمَرَهُمۡ أَبُوهُم مَّا كَانَ يُغۡنِي عَنۡهُم مِّنَ ٱللَّهِ مِن شَيۡءٍ إِلَّا حَاجَةٗ فِي نَفۡسِ يَعۡقُوبَ قَضَىٰهَاۚ وَإِنَّهُۥ لَذُو عِلۡمٖ لِّمَا عَلَّمۡنَٰهُ وَلَٰكِنَّ أَكۡثَرَ ٱلنَّاسِ لَا يَعۡلَمُونَ
আৰু যেতিয়া সিহঁতে সিহঁতৰ পিতৃৰ আদেশ মতে প্ৰৱেশ কৰিলে, তেতিয়া আল্লাহৰ আদেশৰ বিপৰীতে সেয়া সিহঁতৰ কোনো কামত অহা নাছিল; ইয়াকূবে কেৱল তেওঁৰ মনৰ এটি অভিপ্ৰায় পূৰ্ণ কৰিছিল, আৰু অৱশ্যে তেওঁ আমি দিয়া শিক্ষাৰে জ্ঞানৱান আছিল। কিন্তু বেছি ভাগ মানুহেই অৱগত নহয়।
69 - Yusuf (Joseph) - 069
وَلَمَّا دَخَلُواْ عَلَىٰ يُوسُفَ ءَاوَىٰٓ إِلَيۡهِ أَخَاهُۖ قَالَ إِنِّيٓ أَنَا۠ أَخُوكَ فَلَا تَبۡتَئِسۡ بِمَا كَانُواْ يَعۡمَلُونَ
আৰু সিহঁতে যেতিয়া ইউছুফৰ ওচৰত প্ৰৱেশ কৰিলে, তেতিয়া ইউছুফে তেওঁৰ সহোদৰ ভায়েকক নিজৰ ওচৰতে ৰাখিলে আৰু ক’লে, ‘নিশ্চয় ময়েই তোমাৰ সহোদৰ ভায়েক, গতিকে সিহঁতে যি কৰিছিল তাৰ বাবে তুমি দুখ নকৰিবা’।
70 - Yusuf (Joseph) - 070
فَلَمَّا جَهَّزَهُم بِجَهَازِهِمۡ جَعَلَ ٱلسِّقَايَةَ فِي رَحۡلِ أَخِيهِ ثُمَّ أَذَّنَ مُؤَذِّنٌ أَيَّتُهَا ٱلۡعِيرُ إِنَّكُمۡ لَسَٰرِقُونَ
তাৰ পিছত তেওঁ যেতিয়া সিহঁতৰ সামগ্ৰীৰ ব্যৱস্থা কৰি দিলে, তেতিয়া তেওঁ নিজৰ সহোদৰ ভায়েকৰ টোপোলাৰ মাজত পানপাত্ৰ ৰাখি দিলে। তাৰ পিছত এজন আহ্বায়কে চিঞৰি ক’লে, ‘হে যাত্ৰীদল! নিশ্চয় তোমালোকে চুৰি কৰিছা’।
71 - Yusuf (Joseph) - 071
قَالُواْ وَأَقۡبَلُواْ عَلَيۡهِم مَّاذَا تَفۡقِدُونَ
সিহঁতে তেওঁলোকৰ ফালে চাই সুধিলে, ‘আপোনালোকৰ কি হেৰাইছে’?
72 - Yusuf (Joseph) - 072