হে আল্লাহৰ ৰাছুল! ধন-সম্পদ বিনষ্ট হৈ যাব ধৰিছে আৰু (প্ৰখৰ ৰ'দৰ কাৰণে) বাট-পথত ওলাব নোৱাৰা অৱস্থা হৈছে। আপুনি আল্লাহৰ ওচৰত দুআ কৰক তেওঁ যেন আমাক বৰষুণ দান কৰে।
আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, জুমুআৰ দিনা এজন ব্যক্তিয়ে দাৰুল কাজা (বিচাৰ মীমাংসা কৰা ঠাই)ৰ ফালে থকা দুৱাৰেৰে মছজিদত প্ৰৱেশ কৰিলে। সেই সময়ত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে থিয় হৈ খুতবা দি আছিল। সেই ব্যক্তিজনে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি…

