যিয়ে আমানতৰ শপত খায় সি আমাৰ (উম্মতৰ) অন্তৰ্ভুক্ত নহয়।
Choose an available translation of this Hadeeth
Hadeeth text
বুৰাইদাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিয়ে আমানতৰ শপত খায় সি আমাৰ (উম্মতৰ) অন্তৰ্ভুক্ত নহয়।"
Explanation
Benefits
আমানত বোলোঁতে ইয়াৰ ভিতৰত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক সামৰি লোৱা হয়, যেনে- আনুগত্য তথা আদেশ পালন, ইবাদত, আমানত তথা জামানত, ধনৰ লেনদেন আৰু নিৰাপত্তা আদি।
আল্লাহৰ শপত খালেহে শপত সাব্যস্ত হয়, অথবা তেওঁৰ কোনো নামৰ শপত, নাইবা কোনো গুণাৱলীৰ শপত খালেহে সেইটো শপত হিচাপে গ্ৰহণযোগ্য হয়।
খত্তাবীয়ে কৈছে: ইয়াত এইটো বুজা যায় যে, ইয়াক (আমানতৰ শপত খোৱাক) এই কাৰণে নিষেধ কৰা হৈছে, যিহেতু মানুহক আল্লাহৰ আৰু তেওঁৰ গুণসমূহৰ শপত খোৱাৰহে আদেশ দিয়া হৈছে। লগতে আমানত আল্লাহৰ কোনো গুণবাচক নাম নহয়, বৰং এইটো হৈছে আল্লাহৰ আদেশ আৰু তেওঁৰ ফৰজসমূহৰ অন্যতম এটা। সেইকাৰণে ইয়াক আল্লাহৰ নাম আৰু তেওঁৰ গুণাৱলীৰ সমপৰ্যায় কৰিবলৈ নিষেধ কৰা হৈছে।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

