افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#8892[ছহীহ]
HadeethEnc · 1.16.0

“অগ্নিৰ প্ৰতিপালক (আল্লাহ)ৰ বাহিৰে, অগ্নিৰ দ্বাৰা শাস্তি দিয়াৰ অধিকাৰ কাৰো নাই।”

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

ইবনে মাছঊদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ আমি ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে এটা ভ্ৰমণত আছিলোঁ। তেখেতে প্ৰাকৃতিক প্ৰয়োজন পূৰণ কৰিবলৈ বেলেগ ঠাইলৈ গ’ল। সেই সময়তে আমি এটা ৰঙা চৰাই (হুম্মাৰা) আৰু তাৰ দুটা পোৱালি দেখিলোঁ। আমি তাইৰ পোৱালি দুটা ধৰি আনিলোঁ। চৰাইজনী পিছে পিছে আহি পাখি মেলি পোৱালিৰ বাবে অস্থিৰতা প্ৰকাশ কৰিবলৈ ধৰিলে। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আহি ক’লে: “কোনে ইয়াৰ পোৱালি আনি ইয়াক অস্থিৰতাত পেলাইছে? ইয়াৰ পোৱালিবোৰ ইয়াক ওভোতাই দিয়া!” ইয়াৰ পিছত তেখেতে এটা পৰুৱাৰ ঘৰ দেখা পালে যিটোক আমি জ্বলাই দিছিলোঁ। তেখেতে ক’লে: “এইটো কোনে জ্বলাইছে?” আমি উত্তৰত ক’লোঁ: “আমি।” তেতিয়া তেখেতে ক’লে: “অগ্নিৰ প্ৰতিপালক (আল্লাহ)ৰ বাহিৰে, অগ্নিৰ দ্বাৰা শাস্তি দিয়াৰ অধিকাৰ কাৰো নাই।”
02

Explanation

আব্দুল্লাহ ইবনে মাছঊদ ৰাদ্বিয়াল্লাহু আনহুৱে হাদীছটোত উল্লেখ কৰিছে যে, তেওঁলোক নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে এটা ভ্ৰমণত আছিল। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰাকৃতিক প্ৰয়োজন পূৰণৰ বাবে বেলেগ এটা ঠাইলৈ গৈছিল। চাহাবীসকলে এজনী ৰঙা চৰাই (হুম্মাৰা) দেখা পালে, যিটোৰ সৈতে তাইৰ দুটা পোৱালিও আছিল। তেওঁলোকে সেই পোৱালি দুটা ধৰি আনিলে। চৰাইজনীয়ে নিজৰ সন্তান হেৰুওৱাৰ বেদনাত দুখতে ডেউকা মেলি অস্থিৰতা প্ৰকাশ কৰিবলৈ ধৰিলে। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লাম আহি উপস্থিত হ’ল, তেখেতে ক'লে: "ইয়াৰ পোৱালি আনি ইয়াক কোনে ভীত-সন্ত্ৰস্ত কৰিছে আৰু দুশ্চিন্তাত পেলাইছে?" তাৰ পিছত তেখেতে সেই পোৱালি ওভোতাই দিবলৈ নিৰ্দেশ দিলে। ইয়াৰ পিছত তেখেতে পৰুৱাৰ এটা অঞ্চল দেখা পালে যিটোক পুৰি পেলোৱা হৈছিল। এই দেখি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ এইটো কোনে পুৰিছে? কেইজনমান চাহাবাই ক'লেঃ আমি পুৰিছোঁ। তেতিয়া তেখেতে তেওঁলোকক ক'লেঃ জীৱিত কোনো বস্তুকেই জুইত পুৰি শাস্তি বিহাটো অগ্নিৰ সৃষ্টিকৰ্তাৰ বাহিৰে আন কাৰো বাবেই বৈধ নহয়।
03

Benefits

শৌচ-প্ৰস্ৰাৱৰ সময়ত পৰ্দা কৰিব লাগে।
জীৱ-জন্তুৰ পোৱালি কাঢ়ি লৈ সিহঁতক শাস্তি দিয়া নিষেধ।
পৰুৱাৰ বাহ আৰু অন্যান্য পোক-পৰুৱাক জুইৰে পুৰি পেলোৱা নিষেধ।
জীৱ-জন্তুৰ প্ৰতি দয়া আৰু কৰুণা কৰিবলৈ উৎসাহিত কৰা হৈছে। এই পদক্ষেপ ইছলামেই প্ৰথমে লৈছে।
নবী চাল্লাল্লাহু আলাইহি অছাল্লাম জীৱ-জন্তুৰ প্ৰতিও অত্যন্ত দয়ালু আছিল।
অগ্নিৰ দ্বাৰা শাস্তি বিহাৰ একমাত্ৰ অধিকাৰ হৈছে আমাৰ সৃষ্টিকৰ্তা আল্লাহৰ।

Attribution

[(আবু দাঊদ)]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...