HadeethEnc · 1.16.0
এজনে অজু কৰিলে আৰু ভৰিত নখৰ সমান ঠাই নোধোৱাকৈ এৰিলে। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সেয়া দেখি ক'লেঃ "উভতি যোৱা আৰু ভালকৈ অজু কৰি আহা।" তাৰ পিছত সেই ব্যক্তিজন উভতি গ'ল আৰু (ভালকৈ অজু কৰি) আহি নামাজ পঢ়িলে।
Available translations
Choose an available translation of this Hadeeth
01
Hadeeth text
জাবিৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মোক ওমৰ ইবনুল খাত্তাবে জনাইছে যে, এজনে অজু কৰিলে আৰু ভৰিত নখৰ সমান ঠাই নোধোৱাকৈ এৰিলে। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সেয়া দেখি ক'লেঃ "উভতি যোৱা আৰু ভালকৈ অজু কৰি আহা।" তাৰ পিছত সেই ব্যক্তিজন উভতি গ'ল আৰু (ভালকৈ অজু কৰি) আহি নামাজ পঢ়িলে।
02
Explanation
হাদীছটোত ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে জনাইছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এজন ব্যক্তিক অজু কৰা দেখিলে যে, সি ভৰি ধোৱাৰ সময়ত নখৰ সমান ঠাই এৰিছে, তাত পানীৰে জিকা নাছিল। সেয়া দেখি তেখেতে সেই নোধোৱা অংশখিনিৰ প্ৰতি ইংগিত কৰি ক'লেঃ যোৱা ভালকৈ অজু কৰি আহা, প্ৰতিটো অংগ পানীৰে ভালকৈ ধুই লবা। ইয়াৰ পিছত সেই ব্যক্তিজন উভতি গ'ল, আৰু পৰিপূৰ্ণৰূপে অজু কৰি আহি নামাজ পঢ়িলে।
03
Benefits
সৎকৰ্ম কৰিবলৈ ততাতৈয়া কৰা অনিবাৰ্য। নজনা ব্যক্তিক আৰু অমনোযোগী ব্যক্তিক সঠিক পথ দেখুৱা উচিত। বিশেষকৈ এনেকুৱা কোনো ভুলৰ ক্ষেত্ৰত, যাৰ ফলত ইবাদত বিনষ্ট হোৱাৰ আশংকা থাকে।
অজুৰ অংগবোৰ পৰিপূৰ্ণৰূপে ধোৱা ওৱাজিব। যিয়ে অজুৰ অংগৰ কোনো অংশ এৰিব -যদিও অকণমানে নহওক কিয়- তাৰ অজু সঠিক নহ'ব। যদি ব্যৱধান বেছি হয় তেন্তে পুনৰ অজু কৰা জৰুৰী।
উত্তমভাৱে অজু কৰাৰ নিৰ্দেশ দিয়া হৈছে। অৰ্থাৎ চৰীয়তে দিয়া নিৰ্দেশনা অনুসৰি পৰিপূৰ্ণৰূপে সুন্দৰকৈ অজু কৰিব লাগে।
দুয়ো ভৰি হৈছে অজুৰ অংগসমূহৰ অন্তৰ্ভুক্ত। গতিকে ইয়াৰ ওপৰত মছেহ কৰিলে নহ'ব, বৰং ধোৱা অনিবাৰ্য।
একাধিক্ৰমে অজুৰ অংগবোৰ ধুব লাগে। পূৰ্বৱৰ্তী অংগ শুকোৱাৰ আগতেই পৰৱৰ্তী অংগ ধুব লাগে।
অজ্ঞতা আৰু ভুলৰ ফলত ওৱাজিব সাৰি নাযায়। বৰং গুনাহহে সাৰি যায়। সেয়ে এই ব্যক্তিজন যিয়ে ভালকৈ অজু কৰা নাছিল, তাক নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এইটো কোৱা নাছিল যে, যি হৈছে হৈছে, দুনাই এনেকৈ নকৰিবা। বৰং তেখেতে তাক পুনৰ অজু কৰি আহিবলৈ নিৰ্দেশ দিছিল।

Attribution
[(মুছলিম)]
Categories
Share
Share hadeeth
Sharing options · 0 Total shares