افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#8345[ছহীহ]
HadeethEnc · 1.16.0

কিয়ামতৰ দিনা আগৰ পিছৰ সকলো মানুহ এনেকুৱা এটা ময়দানত একত্ৰিত হ'ব, য'ত এজন আহ্বানকাৰীৰ আহ্বান সকলোৱে শুনা পাব। লগতে সকলোৱে একেলগে দৃষ্টিগোচৰ কৰিব। সূৰ্য্য একেবাৰে নিকটৱৰ্তী হ'ব। মানুহ এনেকুৱা কষ্ট-ক্লেশ তথা যন্ত্ৰণাৰ সন্মুখীন হ'ব যিটো অসহনীয় তথা অসহ্যকৰ।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, এবাৰ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সন্মুখত মাংস অনা হ'ল, আৰু তেখেতক আগ ঠেঙৰ বাহু পৰিৱেশন কৰা হ'ল। তেখেতে এই মাংসটো বহুত ভাল পাইছিল। তেখেতে সেই মাংস লাগি থকা হাড়ডাল হাতত লৈ কামুৰি দিলে। ইয়াৰ পিছত ক'লেঃ মই কিয়ামতৰ দিনা মানৱজাতিৰ নেতা হ'ম। তোমালোকে জানানে ইয়াৰ কাৰণ কি? কিয়ামতৰ দিনা আগৰ পিছৰ সকলো মানুহ এনেকুৱা এটা ময়দানত একত্ৰিত হ'ব, য'ত এজন আহ্বানকাৰীৰ আহ্বান সকলোৱে শুনা পাব। লগতে সকলোৱে একেলগে দৃষ্টিগোচৰ কৰিব। সূৰ্য্য একেবাৰে নিকটৱৰ্তী হ'ব। মানুহ এনেকুৱা কষ্ট-ক্লেশ তথা যন্ত্ৰণাৰ সন্মুখীন হ'ব যিটো অসহনীয় তথা অসহ্যকৰ। তেতিয়া লোকসকলে কোৱাকুই কৰিবঃ তোমালোকে দেখা পোৱা নাইনে, তোমালোকৰ কি অৱস্থা হৈছে? তোমালোকে এনেকুৱা কোনো ব্যক্তিক অনুসন্ধান কৰি নুলিয়াবানে, যিয়ে তোমালোকৰ হৈ তোমালোকৰ প্ৰতিপালকৰ ওচৰত ছুপাৰিছ কৰিব? তেতিয়া সিহঁতে ইজনে সিজনক ক'বঃ তেন্তে বলা, আদমৰ ওচৰলৈ যাওঁ। তেতিয়া সিহঁত আদম আলাইহিচ্ছালামৰ ওচৰলৈ আহিব। সিহঁতে তেখেতক ক'বঃ আপুনি হৈছে মানৱজাতিৰ পিতা। আল্লাহে আপোনাক নিজ হাতেৰে সৃষ্টি কৰিছে, আৰু আপোনাৰ ভিতৰত তেওঁৰ ৰূহ সঞ্চাৰ কৰিছে, আৰু ফিৰিস্তাসকলৰ দ্বাৰা আপোনাক ছাজদাহ কৰোৱাইছে। গতিকে আমাৰ বাবে আপুনি আপোনাৰ প্ৰতিপালকৰ ওচৰত ছুপাৰিছ কৰক। আপুনি লক্ষ্য কৰা নাইনে আমি কি অৱস্থাত আছোঁ? আৰু আপুনি দেখা নাইনে আমাৰ অৱস্থা কি হ'বলৈ গৈ আছে? তেতিয়া আদম আলাইহিচ্ছালামে ক'বঃ নিশ্চয় মোৰ প্ৰতিপালক আজি যি পৰিমাণ ক্ৰোধান্বিত হৈ আছে, এনেকুৱা খং তেওঁ ইতিপূৰ্বে কেতিয়াও কৰা নাছিল আৰু ভৱিষ্যতেও কেতিয়াও নকৰিব। তেওঁ মোক এটা গছৰ ফল খাবলৈ নিষেধ কৰিছিল, কিন্তু মই অমান্য কৰি পেলাইছিলোঁ। নফছী, নফছী, নফছী, (মোৰ অৱস্থা কি হ'ব, মোৰ অৱস্থা কি হ'ব, মোৰ অৱস্থা কি হ'ব)। তোমালোকে বেলেগ কাৰোবাৰ ওচৰলৈ যোৱা। তোমালোকে নূহৰ ওচৰলৈ যোৱা। সিহঁতে নূহৰ ওচৰলৈ আহি ক'বঃ হে নূহ! আপুনি হৈছে পৃথিৱীৰ প্ৰথম ৰাছুল। মহান আল্লাহে আপোনাক কৃতজ্ঞ বান্দা বুলি আখ্যায়িত কৰিছে। গতিকে আপুনি আমাৰ বাবে আপোনাৰ প্ৰতিপালকৰ ওচৰত ছুপাৰিছ কৰক। আপুনি দেখা নাইনে আমাৰ অৱস্থা কি হৈছে? তেতিয়া তেওঁ ক'বঃ নিশ্চয় মোৰ প্ৰতিপালক আজি যি পৰিমাণ ক্ৰোধান্বিত হৈ আছে, এনেকুৱা খং তেওঁ ইতিপূৰ্বে কেতিয়াও কৰা নাছিল আৰু ভৱিষ্যতেও কেতিয়াও নকৰিব। মোৰ পক্ষত গ্ৰহণযোগ্য এটা দুআ আছিল, যিটো মই মোৰ উম্মতৰ বিৰুদ্ধে কৰি পেলাইছোঁ। নফছী, নফছী, নফছী, (মোৰ অৱস্থা কি হ'ব, মোৰ অৱস্থা কি হ'ব, মোৰ অৱস্থা কি হ'ব)। তোমালোকে বেলেগ কাৰোবাৰ ওচৰলৈ যোৱা। বৰং তোমালোকে ইব্ৰাহীমৰ ওচৰলৈ যোৱা। সিহঁতে ইব্ৰাহীমৰ ওচৰলৈ আহিব আৰু ক'বঃ হে ইব্ৰাহীম! আপুনি পৃথিৱীত আল্লাহৰ নবী আৰু খলীল আছিল। গতিকে আপুনি আমাৰ বাবে আপোনাৰ প্ৰতিপালকৰ ওচৰত ছুপাৰিছ কৰক। আপুনি দেখা নাইনে আমাৰ কি অৱস্থা হৈছে? তেতিয়া তেওঁ ক'বঃ নিশ্চয় মোৰ প্ৰতিপালক আজি যি পৰিমাণ ক্ৰোধান্বিত হৈ আছে, এনেকুৱা খং তেওঁ ইতিপূৰ্বে কেতিয়াও কৰা নাছিল আৰু ভৱিষ্যতেও কেতিয়াও নকৰিব। মই মোৰ জীৱনত তিনিটা মিছা কথা কৈছিলোঁ। নফছী, নফছী, নফছী, (মোৰ অৱস্থা কি হ'ব, মোৰ অৱস্থা কি হ'ব, মোৰ অৱস্থা কি হ'ব)। তোমালোকে বেলেগ কাৰোবাৰ ওচৰলৈ যোৱা। বৰং তোমালোকে মুছাৰ ওচৰলৈ যোৱা। তেতিয়া সিহঁতে মুছা আলাইহিচ্ছালামৰ ওচৰলৈ আহি ক'বঃ হে মুছা! আপুনি হৈছে আল্লাহৰ এজন ৰাছুল। আল্লাহে আপোনাক ৰিছালত প্ৰদান কৰি আৰু আপোনাৰ সৈতে কথা পাতি আপোনাক মানুহৰ ওপৰত প্ৰাধান্য দিছিল। গতিকে আপুনি আমাৰ বাবে আপোনাৰ প্ৰতিপালকৰ ওচৰত ছুপাৰিছ কৰক। আপুনি চোৱা নাইনে, আমাৰ অৱস্থা কি হৈছে? তেতিয়া তেওঁ ক'বঃ নিশ্চয় মোৰ প্ৰতিপালক আজি যি পৰিমাণ ক্ৰোধান্বিত হৈ আছে, এনেকুৱা খং তেওঁ ইতিপূৰ্বে কেতিয়াও কৰা নাছিল আৰু ভৱিষ্যতেও কেতিয়াও নকৰিব। মই এনেকুৱা এজন লোকক হত্যা কৰিছিলোঁ, যাক হত্যা কৰিবলৈ মোক নিৰ্দেশ দিয়া হোৱা নাছিল। নফছী, নফছী, নফছী, (মোৰ অৱস্থা কি হ'ব, মোৰ অৱস্থা কি হ'ব, মোৰ অৱস্থা কি হ'ব)। তোমালোকে বেলেগ কাৰোবাৰ ওচৰলৈ যোৱা। বৰং তোমালোকে মাৰয়ামৰ পুত্ৰ ঈছাৰ ওচৰলৈ যোৱা। সিহঁতে ঈছাৰ ওচৰলৈ আহিব আৰু ক'বঃ হে ঈছা! আপুনি হৈছে আল্লাহৰ ৰাছুল আৰু তেওঁৰ কলিমা, যিটো তেওঁ মাৰয়ামৰ ওপৰত নিক্ষেপ কৰিছিল, লগতে আপুনি হৈছে তেওঁৰ ৰূহ। আপুনি দোলনাত থকা নৱজাতক অৱস্থাতে মানুহৰ সৈতে কথা ক'ব পাৰিছিল। গতিকে আপুনি আমাৰ বাবে ছুপাৰিছ কৰক। আপুনি আমাৰ অৱস্থা চোৱা নাইনে, আমি কি পৰিস্থিতিত আছোঁ? তেওঁ ক'বঃ নিশ্চয় মোৰ প্ৰতিপালক আজি যি পৰিমাণ ক্ৰোধান্বিত হৈ আছে, এনেকুৱা খং তেওঁ ইতিপূৰ্বে কেতিয়াও কৰা নাছিল আৰু ভৱিষ্যতেও কেতিয়াও নকৰিব। কিন্তু তেওঁ কোনো গুনাহৰ কথা উল্লেখ নকৰিব, আৰু ক'বঃ নফছী, নফছী, নফছী, (মোৰ অৱস্থা কি হ'ব, মোৰ অৱস্থা কি হ'ব, মোৰ অৱস্থা কি হ'ব)। তোমালোকে বেলেগ কাৰোবাৰ ওচৰলৈ যোৱা। বৰং তোমালোকে মুহাম্মদৰ ওচৰলৈ যোৱা। সিহঁতে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি ক'বঃ হে মুহাম্মদ! আপুনি হৈছে আল্লাহৰ ৰাছুল আৰু সৰ্বশেষ নবী। মহান আল্লাহে আপোনাৰ আগৰ পিছৰ সকলো গুনাহ ক্ষমা কৰিছে। গতিকে আপুনি আমাৰ বাবে আপোনাৰ প্ৰতিপালকৰ ওচৰত ছুপাৰিছ কৰক। আপুনি দেখিছেনে, আমাৰ কি অৱস্থা হৈছে? তেতিয়া মই মোৰ প্ৰতিপালকৰ আৰচৰ তলত আহি ছাজদাৱনত হ'ম। তেতিয়া মহান আল্লাহে তেওঁৰ প্ৰশংসা আৰু গুণগান কৰিবলৈ এনেকুৱা উত্তম নিয়ম দেখুৱাই দিব, যিটো ইতিপূৰ্বে কাৰো বাবেই উন্মুক্ত কৰা হোৱা নাছিল। ইয়াৰ পিছত কোৱা হ'বঃ হে মুহাম্মদ! মূৰ উঠোৱা, তুমি যি বিচাৰিবা সেইটোৱে তোমাক দিয়া হ'ব। তুমি ছুপাৰিছ কৰা, তোমাৰ ছুপাৰিছ গ্ৰহণ কৰা হ'ব। ইয়াৰ পিছত মই মোৰ মূৰ দাঙি ক'মঃ হে মোৰ প্ৰতিপালক! মোৰ উম্মত, হে মোৰ প্ৰতিপালক! মোৰ উম্মত, হে মোৰ প্ৰতিপালক! মোৰ উম্মত। ইয়াৰ পিছত কোৱা হ'বঃ হে মুহাম্মদ! তোমাৰ উম্মতৰ মাজৰ যিসকলৰ কোনো হিচাপ-নিকাচ নহ'ব, সিহঁতক জান্নাতৰ সোঁফালৰ দুৱাৰেৰে প্ৰৱেশ কৰোৱাই দিয়া। এই দুৱাৰৰ বাহিৰেও বেলেগ দুৱাৰেৰেও সিহঁত প্ৰৱেশ কৰিব পাৰিব। এই হাদীছ বৰ্ণনা কৰি তেখেতে কৈছেঃ শপত সেই সত্ত্বাৰ, যাৰ হাতত মোৰ প্ৰাণ আছে, জান্নাতৰ প্ৰতিটো দুৱাৰৰ প্ৰশস্ততা হৈছে মক্কা আৰু হিময়াৰৰ মাজৰ দূৰত্বৰ সমান। অথবা মক্কা আৰু বাচৰাৰ মাজৰ দূৰত্বৰ সমান।
02

Explanation

নবী চাল্লাল্লাহু আলাইহি অছাল্লাম চাহাবাসকলৰ সৈতে এটা ভোজনৰ বৈঠকত আছিল। তাত তেখেতক ছাগলীৰ আগঠেঙৰ বাহু খাবলৈ দিয়া হৈছিল, তেখেতে এইটো মাংস খাই বহুত ভাল পাইছিল। তেখেতে সেইটোত এটা কামোৰ মাৰিলে। ইয়াৰ পিছত তেখেতে হাদীছ বৰ্ণনা কৰি ক'লেঃ কিয়ামতৰ দিনা মই হ'ম আদম সন্তানৰ নেতা তথা চৰ্দাৰ। নিঃসন্দেহে তেখেত আদম সন্তানৰ নেতা, কিন্তু তেখেতে আল্লাহৰ নিয়ামতৰ কথা উল্লেখ কৰি এইটো বৰ্ণনা কৰিছে। ইয়াৰ পিছত তেখেতে কৈছেঃ তোমালোকে জানানে এইটো কেনেকৈ হ'ব? তেখেতে কৈছেঃ কিয়ামতৰ দিনা সমগ্ৰ মানৱজাতিক এটা প্ৰশস্ত সমতল ভূমিত একত্ৰিত কৰা হ'ব। তাত থকা সকলোৱে একেলগে ঘোষণাকাৰীৰ ঘোষণা শুনিবলৈ পাব, প্ৰত্যক্ষকাৰীয়ে সকলোকে প্ৰত্যক্ষ কৰিব, তেওঁৰ পৰা কোনেও গোপন নাথাকিব। কোনেও নিজকে গোপন কৰিবও নোৱাৰিব। প্ৰত্যেককে দেখা পোৱা যাব আৰু প্ৰত্যেকৰে কথা শুনা যাব। যদি কোনোবাই কথা কয়, শেষৰ ব্যক্তিজনেও শুনা পাব, আৰু দৃষ্টিয়ে সিহঁতক দেখা পাব। সূৰ্য্য মানুহৰ পৰা এক মাইল দূৰত্বত থাকিব। সিহঁতক অসহনীয় কষ্ট আৰু অসহ্যকৰ ক্লান্তি ছানি ধৰিব। সিহঁতে ছুপাৰিছৰ মাধ্যমত ইয়াৰ পৰা ৰক্ষা পোৱাৰ উপায় সন্ধান কৰিব। তেতিয়া সৰ্বশক্তিমান মহান আল্লাহে মুমিনসকলৰ অন্তৰত ইলহাম কৰিব যে, তেওঁলোকে যেন আদি পিতা আদমৰ ওচৰলৈ যায়। তেওঁলোকে তেতিয়া আদম আলাইহিচ্ছালামৰ ওচৰলৈ আহি তেওঁৰ ফজীলত উল্লেখ কৰিব, যাতে তেওঁ তেওঁলোকৰ বাবে আল্লাহৰ ওচৰত ছুপাৰিছ কৰে। তেওঁলোকে তেওঁক ক'বঃ আপুনি হৈছে মানৱজাতিৰ আদি পিতা। আল্লাহে আপোনাক নিজ হাতেৰে সৃষ্টি কৰিছে। ফিৰিস্তাসকলৰ দ্বাৰা আপোনাক ছাজদাহ কৰোৱাইছে। আপোনাক প্ৰতিটো বস্তুৰ নাম শিকাইছে। তেৱেঁই আপোনাৰ ভিতৰত তেওঁৰ ৰূহ সঞ্চাৰ কৰিছে। এইবোৰ শুনাৰ পিছতো তেওঁ অপাৰগতা স্বীকাৰ কৰি ক'বঃ মোৰ প্ৰতিপালক আজি যিমান খং কৰিছে, এনেকুৱা খং তেওঁ পূৰ্বে কেতিয়াও কৰা নাছিল আৰু ভৱিষ্যতেও কেতিয়াও নকৰিব। ইয়াৰ তেওঁ নিজৰ এটা ভুলৰ কথা উল্লেখ কৰিব যে, আল্লাহে মোক এজোপা গছৰ পৰা নিষেধ কৰিছিল, কিন্তু মই সেই গছজোপাৰ ফল ভক্ষণ কৰিছিলোঁ। গতিকে আজি স্বয়ং মোৰ নিজৰেই শ্বাফাআতৰ প্ৰয়োজন হৈছে। এতেকে তোমালোকে বেলেগ কাৰোবাৰ ওচৰলৈ যোৱা। বৰং তোমালোকে নূহৰ ওচৰলৈ যোৱা। তেতিয়া তেওঁলোক নূহ আলাইহিচ্ছালামৰ ওচৰলৈ আহি ক'বঃ মহান আল্লাহে আপোনাক পৃথিৱীৰ বুকুত সৰ্বপ্ৰথম ৰাছুল হিচাপে প্ৰেৰণ কৰিছিল। লগতে মহান আল্লাহে আপোনাক কৃতজ্ঞ বান্দা হিচাপে আখ্যায়িত কৰিছিল। ইয়াৰ পিছতো তেওঁ অপাৰগতা স্বীকাৰ কৰি ক'বঃ সৰ্বশক্তিমান আল্লাহ আজি অত্যন্ত ক্ৰোধান্বিত হৈছে, এনেকুৱা ক্ৰোধ তেওঁ ইতিপূৰ্বে কেতিয়াও কৰা নাছিল আৰু ভৱিষ্যতেও এনেকুৱা ক্ৰোধান্বিত নহ'ব। মোক এটা গ্ৰহণযোগ্য দুআৰ সুযোগ দিয়া হৈছিল, যিটো মই মোৰ উম্মতৰ বিৰুদ্ধে কৰি পেলাইছোঁ। গতিকে ইয়াৰ কাৰণে মোৰ নিজৰে শ্বাফাআতৰ প্ৰয়োজন হৈছে। তোমালোকে বেলেগ কাৰোবাৰ ওচৰলৈ যোৱা, বৰং তোমালোকে ইব্ৰাহীমৰ ওচৰলৈ যোৱা। তেতিয়া তেওঁলোক ইব্ৰাহীমৰ ওচৰলৈ আহি ক'বঃ আপুনি পৃথিৱীত আল্লাহৰ খলীল আছিল। গতিকে আপুনিয়ে আমাৰ বাবে ছুপাৰিছ কৰক। আপুনি দেখিছেনে আমাৰ কি অৱস্থা হৈ আছে? তেতিয়া তেওঁ তেওঁলোকক ক'বঃ মোৰ প্ৰতিপালক আজি অত্যন্ত খঙত আছে, ইমান খং তেওঁ কেতিয়াও কৰা নাছিল, আৰু ভৱিষ্যতেও কেতিয়াও নকৰিব। মই মোৰ জীৱনকালত তিনিটা মিছা কথা কৈছিলোঁ। এবাৰ মই কৈছিলোঁ যে, মই অসুস্থ। আন এবাৰ কৈছিলোঁ যে, এই ডাঙৰ মূৰ্ত্তিটোৱে এইবোৰক ভাঙিছিল, আৰু মোৰ তৃতীয়টো মিছা কথা আছিল এই যে, মই মোৰ স্ত্ৰী ছাৰাক কৈছিলোঁ যে, তুমি মোক ভাই বুলি পৰিচয় দিবা তেতিয়াহে এই নিষ্ঠুৰ বাদ্বশ্বাহৰ অনিষ্টৰ পৰা ৰক্ষা পাবা। প্ৰকৃততে এই তিনিওটা তেওঁ কথা প্ৰসংগত কৈছিল, যদিও মিছা কথা নাছিল, কিন্তু দেখাত মিছা কথা যেন লাগিছিল। সেয়ে তেওঁ নিজকে সৰু বুলি ভাবি ছুপাৰিছ কৰাৰ পৰা নিজকে আঁতৰাই ৰাখিব। কিয়নো যিয়ে আল্লাহক যিমান বেছি জানে আৰু যিমান নৈকট্য অৱলম্বনকাৰী হয়, তেওঁ আল্লাহক সিমান বেছি ভয় কৰে। লগতে তেওঁ ক'বঃ মোৰ নিজৰে ছুপাৰিছৰ প্ৰয়োজন হৈছে। গতিকে তোমালোকে বেলেগ কাৰোবাৰ ওচৰলৈ যোৱা, বৰং তোমালোকে মুছাৰ ওচৰলৈ যোৱা। তেতিয়া তেওঁলোক মুছা আলাইহিচ্ছালামৰ ওচৰলৈ আহি ক'বঃ হে মুছা! আপুনি হৈছে আল্লাহৰ ৰাছুল। আল্লাহে আপোনাক ৰিছালত প্ৰদান কৰি আৰু আপোনাৰ সৈতে কথা পাতি আপোনাক মানুহৰ ওপৰত প্ৰাধান্য দিছিল। গতিকে আপুনি আমাৰ বাবে শ্বাফাআত কৰক। আপুনি দেখা নাইনে আমাৰ কি অৱস্থা হৈছে? তেতিয়া তেওঁ ক'বঃ আজি মোৰ প্ৰতিপালক অত্যন্ত ক্ৰোধান্বিত হৈ আছে, ইমান খং তেওঁ কেতিয়াও কৰা নাছিল আৰু ভৱিষ্যতেও নকৰিব। মই এজন লোকক হত্যা কৰিছিলোঁ, যাক হত্যা কৰাটো মোৰ বাবে সমীচীন নাছিল। মোৰ নিজৰে এতিয়া শ্বাফাআতৰ প্ৰয়োজন হৈছে। গতিকে বেলেগ কাৰোবাৰ ওচৰলৈ যোৱা, বৰং তোমালোকে ঈছাৰ ওচৰলৈ যোৱা। তেতিয়া তেওঁলোক ঈছা আলাইহিচ্ছালামৰ ওচৰলৈ আহি ক'বঃ হে ঈছা! আপুনি হৈছে আল্লাহৰ ৰাছুল আৰু তেওঁৰ কলিমা তথা ৰূহ, যিটো কলিমা আল্লাহে মাৰয়ামৰ প্ৰতি ঢালি দিছিল। আপুনি দোলনাত থকা অৱস্থাত মানুহৰ সৈতে কথা ক'ব পাৰিছিল। গতিকে আপুনি আমাৰ বাবে ছুপাৰিছ কৰক। আপুনি দেখিছেনে আমাৰ কি অৱস্থা হৈছে? তেতিয়া তেওঁ ক'বঃ মোৰ প্ৰতিপালক আজি অত্যন্ত খঙত আছে, ইমান খং তেওঁ কেতিয়াও কৰা নাছিল, আৰু ভৱিষ্যতেও কেতিয়াও নকৰিব। তেওঁ কোনো গুনাহৰ কথা উল্লেখ নকৰিব। (তাৰ পিছত ক'ব) আজি মোৰ নিজৰে শ্বাফাআতৰ প্ৰয়োজন হৈছে। তোমালোকে বেলেগ কাৰোবাৰ ওচৰলৈ যোৱা, বৰং তোমালোকে মুহাম্মদৰ ওচৰলৈ যোৱা। অৱশেষত তেওঁলোক মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি ক'বঃ হে মুহাম্মদ! আপুনি আল্লাহৰ ৰাছুল আৰু তেওঁৰ সৰ্বশেষ নবী। আল্লাহে আপোনাৰ আগৰ পিছৰ সকলো গুনাহ মাফ কৰি দিছে। গতিকে আপুনি আমাৰ বাবে শ্বাফাআত কৰক। আপুনি দেখা নাইনে আমি কেনেকুৱা অৱস্থাত আছোঁ? তেতিয়া মই আৰচৰ তলত আহি মোৰ সৰ্বশক্তিমান প্ৰতিপালকৰ ছাজদাত পৰিম। তেতিয়া আল্লাহে মোৰ বাবে তেওঁৰ প্ৰশংসা কৰাৰ কাৰণে হাম্দ অ ছানাৰ দুৱাৰ মুকলি কৰি দিব, মোৰ বাহিৰে ইতিপূৰ্বে এই দুৱাৰ কাৰো বাবে খোলা নাছিল। ইয়াৰ পিছত কোৱা হ'বঃ হে মুহাম্মদ! মূৰ তোলা, তুমি যি মাগিবা সেইটোৱে পাবা। তুমি শ্বাফাআত কৰা, তোমাৰ শ্বাফাআত কবূল কৰা হ'ব। তেতিয়া মই ক'মঃ হে মোৰ প্ৰতিপালক! মোৰ উম্মত। হে মোৰ প্ৰতিপালক! মোৰ উম্মত। হে মোৰ প্ৰতিপালক! মোৰ উম্মত। তেতিয়া মোৰ শ্বাফাআত কবূল কৰা হ'ব। ইয়াৰ পিছত কোৱা হ'বঃ হে মুহাম্মদ! তোমাৰ উম্মতৰ যিসকলৰ হিচাপ-নিকাচ নহ'ব, সিহঁতক জান্নাতৰ সোঁফালৰ দুৱাৰেৰে প্ৰৱেশ কৰোৱা। সিহঁত এই দুৱাৰৰ বাহিৰে বেলেগ দুৱাৰেৰেও প্ৰৱেশ কৰিব পাৰিব। হাদীছটো বৰ্ণনা কৰাৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ শপত সেই সত্ত্বাৰ, যাৰ হাতত মোৰ প্ৰাণ আছে, নিশ্চয় জান্নাতৰ দুৱাৰৰ প্ৰশস্ততা হৈছে মক্কাৰ পৰা য়ামানৰ চানাআৰ মাজৰ দূৰত্বৰ সমান। অথবা মক্কাৰ পৰা বুচৰাৰ মাজৰ দূৰত্বৰ সমান। এইটো হৈছে ছিৰিয়াত অৱস্থিত হাওৰান চহৰ।
03

Benefits

নবী চাল্লাল্লাহু আলাইহি অছাল্লাম অত্যন্ত বিনম্ৰ, অমায়িক তথা বিনয়ী আছিল। তেখেতে নিমন্ত্ৰণ কবূল কৰিছিল আৰু সাধাৰণ লোকৰ সৈতেও খোৱা বোৱা কৰিছিল।
সমগ্ৰ মানৱজাতিৰ ওপৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰাধান্য দিয়া হৈছে।
ক্বাজী আয়াজে কৈছেঃ নেতা বা চৰ্দাৰ কোৱা হয় সেই ব্যক্তিক, যিজন জাতিৰ প্ৰতিনিধিত্ব কৰে, বিপদৰ সময়ত যাৰ সহায় লোৱা হয়। এতেকে নবী চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে পৃথিৱী আৰু আখিৰাতত গোটেই মানৱজাতিৰ চৰ্দাৰ। কিন্তু তেখেতে কিয়ামতৰ দিৱসৰ কথাকহে বিশেষভাৱে উল্লেখ কৰিছে, কাৰণ সেই দিৱসৰ নেতৃত্ব হ'ব আটাইতকৈ সুউচ্চ, সকলোৱে সেইদিনা তেখেতৰ নেতৃত্ব মানি ল'ব। সেইদিনা আদম আলাইহিচ্ছালামকে আদি কৰি সকলোৱে তেখেতৰ পতাকাৰ তলত অৱস্থান কৰিব।
আল্লাহে প্ৰথমে আদম আলাইহিচ্ছালামৰ ওচৰলৈ যোৱাৰ বাবে ইলহাম কৰিব, ইয়াৰ পিছত অন্যান্য নবী ৰাছুলসকলৰ ওচৰলৈ, প্ৰথমেই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ যোৱাৰ ইলহাম কৰা নাই। ইয়াৰ অন্যতম এটা হিকমত হৈছে, তেখেতৰ ফজীলত প্ৰকাশ কৰা। তেখেতৰ ওচৰলৈ শেষত আহিছে, কাৰণ তেখেতৰ মৰ্যাদা সৰ্বোচ্চ। পূৰ্ণাংগ নৈকট্যৰ অধিকাৰী।
কাৰোবাৰ কিবা প্ৰয়োজন হ'লে, যাৰ ওচৰত বিচৰা হয়, তেওঁৰ ভাল গুণবোৰ উল্লেখ কৰি নিজৰ আবেদন উপস্থাপন কৰিব লাগে, যাতে বিচৰা বস্তুটো সোনকালে পোৱা যায়।
যদি কোনোবাই এনেকুৱা বস্তু দাবী কৰে যিটোৰ সক্ষমতা তাৰ নাই, তেনে ক্ষেত্ৰত অপাৰগতা স্বীকাৰ কৰাটো বৈধ। লগতে যিয়ে এই ক্ষেত্ৰত সক্ষম তেওঁৰ পিনে যাবলৈ পৰামৰ্শ দিয়াটো পছন্দনীয়।
হাদীছটোত কিয়ামত দিৱসৰ ভয়াৱহতা আৰু কঠিন পৰিস্থিতিৰ কথা উল্লেখ হৈছে।
নবীসকল অত্যন্ত বিনয়ী আছিল, সেইকাৰণেই তেওঁলোকে অতীত হোৱা গুনাহবোৰৰ কথা মনত পেলাই শংকাত থাকিব। যাতে তেওঁলোকে এইটো অনুভৱ কৰিব পাৰে যে, তেওঁলোক ইয়াৰ বাবে উপযুক্ত নহয়।
কিয়ামতৰ দিনা হ'বলগীয়া মহা শ্বাফাআতৰ প্ৰমাণ। এই শ্বাফাআত হ'ব সৃষ্টিসকলৰ মাজত ফয়চালা কৰাৰ বাবে।
অছীলা আৰু মাক্বামে মাহমূদ একমাত্ৰ নিৰ্ধাৰিত কেৱল ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ বাবে।
আল্লাহৰ প্ৰশংসাৰ কোনো শেষ নাই। এইকাৰণেই মহান আল্লাহে তেওঁৰ ৰাছুলৰ বাবে প্ৰশংসা কৰাৰ এনেকুৱা দুৱাৰ মুকলি কৰি দিব, যিটো তেওঁ ইয়াৰ আগত কাৰো বাবে খোলা নাছিল।
হাদীছটোত এইটোও বৰ্ণিত হৈছে যে, মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ উম্মত হৈছে সৰ্বোৎকৃষ্ট উম্মত। জান্নাতত প্ৰৱেশৰ ক্ষেত্ৰতো তেওঁলোকৰ সুকীয়া মৰ্যাদা আছে। কাৰণ তেওঁলোকৰ মাজৰ যিসকলৰ হিচাপ নিকাচ নহ'ব তেওঁলোকক প্ৰৱেশ কৰিবলৈ এটা নিৰ্দিষ্ট দুৱাৰ দিয়া হ'ব, যদিও তেওঁলোকৰ বাবে অন্যান্য দুৱাৰেৰেও প্ৰৱেশ কৰাৰ অনুমতি থাকিব।

Attribution

[(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...