افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#8307[ছহীহ]
HadeethEnc · 1.16.0

মোৰ প্ৰতি তোমালোকৰ আস্থা নাই নেকি? অথচ আল্লাহে মোৰ প্ৰতি বিশ্বাস কৰিছে, যিজন আকাশত আছে। পুৱা গধূলি মোৰ ওচৰলৈ আকাশৰ পৰা সংবাদ আহে।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

আবু ছাঈদ খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ আলী বিন আবি তালিব ৰাদ্বিয়াল্লাহু আনহুৱে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ য়ামানৰ পৰা চামৰাৰ পাত্ৰত এটুকুৰা সোণ প্ৰেৰণ কৰিলে, যিটোৰ ওপৰত খনিৰ মাটি লাগিয়ে আছিল। বৰ্ণনাকাৰীয়ে কৈছেঃ তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে সেই সোণ টুকুৰা চাৰিজন লোকৰ মাজত ভগাই দিলে। সেই চাৰিজন আছিল, উৱাইনাহ বিন বদৰ, আক্বৰা বিন হাবিছ, ঝায়েদ আল-খাইল, চতুৰ্থজন হয়তো আলক্বামা আছিল, নহ'লে আমিৰ বিন তুফাইল আছিল। চাহাবাসকলৰ মাজৰ এজনে ক'লেঃ এওঁলোকতকৈ আমিহে ইয়াৰ বেছি উপযুক্ত আছিলোঁ। বৰ্ণনাকাৰীয়ে কৈছেঃ যেতিয়া এই কথা নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কাণত আহিল, তেতিয়া তেখেতে ক'লেঃ "মোৰ প্ৰতি তোমালোকৰ আস্থা নাই নেকি? অথচ আল্লাহে মোৰ প্ৰতি বিশ্বাস কৰিছে, যিজন আকাশত আছে। পুৱা গধূলি মোৰ ওচৰলৈ আকাশৰ পৰা সংবাদ আহে।" বৰ্ণনাকাৰীয়ে কৈছেঃ ইয়াৰ পিছত এজন ব্যক্তি থিয় হ'ল, যাৰ চকু যোৰ আছিল ভিতৰ ফালে বহি যোৱা, গালৰ হাড় আছিল ওপৰফালে উঠি অহা, ওখ কপাল বিশিষ্ট, দাঢ়িবোৰ আছিল ঘন, মূৰ মুণ্ডন কৰা, পিন্ধি থকা লুংগী ওপৰলৈ উত্থিত, ব্যক্তিজনে ক'লেঃ হে আল্লাহৰ ৰাছুল! আল্লাহক ভয় কৰক। তেতিয়া তেখেতে ক'লেঃ "তোমাৰ প্ৰতি আফচোচ! পৃথিৱীবাসীৰ মাজত আল্লাহক ভয় কৰাৰ ক্ষেত্ৰত মই অধিক উপযুক্ত নহয়নে?" বৰ্ণনাকাৰীয়ে কৈছেঃ ইয়াৰ পিছত ব্যক্তিজন উভতি গ'ল। তেতিয়া খালিদ বিন অলীদে ক'লেঃ হে আল্লাহৰ ৰাছুল, ইয়াৰ শিৰচ্ছেদ কৰি দিওঁনে? তেখেতে ক'লেঃ "নহয়। সম্ভৱতঃ সি নামাজ পঢ়ে।" তেতিয়া খালীদে ক'লেঃ বহুতো এনেকুৱা নামাজী আছে, যিসকলে মুখেৰে যি কয়, অন্তৰত তাৰ সৈতে কোনো মিল নাই। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "মোক মানুহৰ অন্তৰ ছিদ্ৰ কৰি আৰু পেট ফালি চাবলৈ নিৰ্দেশ দিয়া হোৱা নাই।" ইয়াৰ পিছত তেখেতে সেই ব্যক্তিজনৰ ফালে লক্ষ্য কৰিলে, ব্যক্তিজন উভতি গৈ আছিল। তেতিয়া তেখেতে ক'লেঃ "এই ব্যক্তিজনৰ বংশৰ পৰা এনেকুৱা এটা জাতিৰ উদ্ভৱ হ'ব, যিসকলে শ্ৰুতিমধুৰ কণ্ঠত আল্লাহৰ কিতাব তিলাৱত কৰিব। অথচ আল্লাহৰ বাণী সিহঁতৰ ডিঙিৰ তললৈ নামি নাহিব। সিহঁতে দ্বীনৰ পৰা এনেকৈ ওলাই যাব, যিদৰে তীৰ লক্ষ্যবস্তুক ভেদ কৰি ওলাই যায়। বৰ্ণনাকাৰীয়ে কৈছেঃ মোৰ মনত পৰে তেখেতে এই কথাও কৈছিল চাগে যে, যদি মই সিহঁতক পাওঁ, তেন্তে নিশ্চয় মই সিহঁতক ছামূদ জাতিৰ দৰে হত্যা কৰিম।"
02

Explanation

আলী বিন আবি তালিব ৰাদ্বিয়াল্লাহু আনহুৱে য়ামানৰ পৰা ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ এটুকুৰা সোণ পৰিষ্কাৰকৃত চামৰাৰে মেৰিয়াই প্ৰেৰণ কৰিলে। সেই সোণ টুকুৰাত খনিৰ মাটি এতিয়াও লাগি আছিল। বৰ্ণনাকাৰীয়ে কৈছেঃ সেই সোণৰ টুকুৰাটো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাৰিজন লোকক ভগাই দিলে। সেই চাৰিজন লোক আছিল ক্ৰমেঃ উৱাইনাহ বিন বদৰ আল-ফাঝাৰী, আক্বৰা বিন হাবিছ আল-হানজালী, ঝায়েদ আল-খালীল আন-নিভহানী, আৰু আলক্বামাহ বিন আলাছা আল-আমিৰী। তেতিয়া চাহাবাসকলৰ এজনে ক'লেঃ এওঁলোকতকৈ আমিহে পোৱাৰ বেছি উপযুক্ত। বৰ্ণনাকাৰীয়ে কৈছেঃ এই কথা যেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে শুনা পালে, তেতিয়া তেখেতে ক'লেঃ "মোৰ প্ৰতি তোমালোকৰ আস্থা নাই নেকি? অথচ আল্লাহে মোৰ প্ৰতি বিশ্বাস কৰিছে, যিজন আকাশত আছে। পুৱা গধূলি মোৰ ওচৰলৈ আকাশৰ পৰা সংবাদ আহে।" বৰ্ণনাকাৰীয়ে কৈছেঃ ইয়াৰ পিছত এজন ব্যক্তি থিয় হ'ল, যাৰ চকু যোৰ আছিল ভিতৰ ফালে বহি যোৱা, গালৰ হাড় আছিল ওপৰফালে উঠি অহা, ওখ কপাল বিশিষ্ট, দাঢ়িবোৰ আছিল ঘন কিন্তু দীঘল নাছিল, মূৰ মুণ্ডন কৰা, পিন্ধি থকা লুংগী ওপৰত উঠি থকা, ব্যক্তিজনে ক'লেঃ হে আল্লাহৰ ৰাছুল! আল্লাহক ভয় কৰক। তেতিয়া তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "তোমাৰ প্ৰতি আফচোচ! পৃথিৱীবাসীৰ মাজত আল্লাহক ভয় কৰাৰ ক্ষেত্ৰত মই অধিক উপযুক্ত নহয়নে?" বৰ্ণনাকাৰীয়ে কৈছেঃ ইয়াৰ পিছত ব্যক্তিজন উভতি গ'ল। তেতিয়া খালিদ বিন অলীদে ক'লেঃ হে আল্লাহৰ ৰাছুল, মই ইয়াৰ শিৰচ্ছেদ কৰি দিওঁনে? তেখেতে ক'লেঃ "নহয়। সম্ভৱতঃ সি নামাজ পঢ়ে।" তেতিয়া খালীদে ক'লেঃ বহুতো এনেকুৱা নামাজী আছে, যিসকলে মুখেৰে যি কয়, সেইবোৰ সিহঁতৰ অন্তৰত নাথাকে। এই কথা শুনি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ মোক মানুহৰ অন্তৰ ছিদ্ৰ কৰি আৰু পেট ফালি চাবলৈ নিৰ্দেশ দিয়া হোৱা নাই। মোক মানুহৰ প্ৰকাশ্য বিষয় গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। বৰ্ণনাকাৰীয়ে কৈছেঃ ইয়াৰ পিছত তেখেতে সেই ব্যক্তিজনৰ ফালে দৃষ্টিপাত কৰিলে, ব্যক্তিজন উভতি গৈ আছিল। তেতিয়া তেখেতে ক'লেঃ এই ব্যক্তিজনৰ বংশৰ পৰা অথবা ইয়াৰ লগৰ যিসকল আছে বা ইয়াৰ গোত্ৰৰ পৰা এনেকুৱা এটা জাতিৰ উদ্ভৱ হ'ব, যিসকলে শ্ৰুতিমধুৰ কণ্ঠত আল্লাহৰ কিতাব তিলাৱত কৰিব। অধিক কোৰআন তিলাৱতৰ কাৰণে সিহঁতৰ জিভা সদায় জিকি থাকিব। কিন্তু সিহঁতৰ সংশোধনৰ বাবে আল্লাহৰ বাণী সিহঁতৰ ডিঙিৰ তললৈ নামি নাহিব। সিহঁতৰ এই তিলাৱতৰ ফলত সিহঁতৰ মৰ্যাদাও বৃদ্ধি নহ'ব আৰু আল্লাহে কবূলো নকৰিব। সিহঁতে ইছলামৰ পৰা এনেকৈ ওলাই যাব, যিদৰে কাঁড় ধেনুৰ পৰা তীব্ৰ গতিত ওলাই যায়। বৰ্ণনাকাৰীয়ে কৈছেঃ মোৰ ধাৰণা তেখেতে চাগে এই কথাও কৈছিল যে, যদি মই সিহঁতক মুছলিমসকলৰ বিৰুদ্ধে তৰোৱাল লৈ বিদ্ৰোহ কৰা দেখা পাওঁ, তেন্তে নিশ্চয় মই সিহঁতক কঠোৰভাৱে ছামূদ জাতিৰ দৰে হত্যা কৰিম।
03

Benefits

নবী চাল্লাল্লাহু আলাইহি অছাল্লাম অত্যন্ত সহনশীল আছিল, আৰু তেখেতে দুখ-কষ্টত ধৈৰ্য্য ধাৰণ কৰিছিল।
হাদীছটো নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ নুবুওৱতৰ অন্যতম প্ৰমাণ, কাৰণ তেখেতৰ প্ৰতি আল্লাহৰ ফালৰ পৰা অহী প্ৰদান কৰা হৈছিল।
মানুহৰ সৈতে সিহঁতৰ বাহ্যিক ভিত্তিতহে ব্যৱহাৰ কৰিব লাগে। আন্তৰিক তথা উহ্য বিষয়বোৰৰ দায়িত্ব হৈছে আল্লাহৰ হাতত।
হাদীছটোত নামাজক অত্যন্ত গুৰুত্ব প্ৰদান কৰা হৈছে তথা সন্মান দিয়া হৈছে। লগতে যিবোৰ কাৰণত মৃত্যুদণ্ড অনিবাৰ্য্য তেনেকুৱা কাৰণ নোহোৱাকৈ কোনো নামাজীক হত্যা কৰা উচিত নহয়।
খাৱাৰিজসকলৰ ভয়াৱহতা। সিহঁতে যদি যুদ্ধ কৰে তেন্তে সিহঁতৰ অনিষ্ট দূৰ কৰিবলৈ যুদ্ধ কৰাটো চৰীয়তসন্মত।
ইমাম নাৱাৱীয়ে কৈছেঃ খাৱাৰিজসকলৰ সৈতে যুদ্ধ কৰিবলৈ উৎসাহিত কৰা হৈছে, আৰু আলী ৰাদ্বিয়াল্লাহু আনহুৰ মৰ্যাদা বৰ্ণিত হৈছে।
কোৰআন বুজি পঢ়া আৰু সেইমতে আমল কৰা আৰু মজবুতভাৱে ধাৰণ কৰাৰ গুৰুত্ব।

Attribution

[(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...