আল্লাহে সেই ব্যক্তিক চিৰ উজ্জল কৰি ৰাখক, যিয়ে মোৰ পৰা কোনো বিষয় শুনে, আৰু সেইটো সেইদৰেই বেলেগক বৰ্ণনা কৰে যিদৰে তেওঁ শুনিছে। কিয়নো যিসকলক পৌঁচাই দিয়া হ'ব তেওঁলোকৰ মাজৰ কিছুমান লোক এনেকুৱা আছে, যিয়ে শ্ৰৱণকাৰীতকৈও অধিক ভালকৈ মুখস্থ ৰাখিব পাৰে।
Choose an available translation of this Hadeeth
Hadeeth text
আব্দুল্লাহ ইবনে মাছ‘ঊদ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, তেওঁ কৈছে, মই ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ পৰা শুনিছোঁ, তেখেতে কৈছে: "আল্লাহে সেই ব্যক্তিক চিৰ উজ্জল কৰি ৰাখক, যিয়ে মোৰ পৰা কোনো বিষয় শুনে, আৰু সেইটো সেইদৰেই বেলেগক বৰ্ণনা কৰে যিদৰে তেওঁ শুনিছে। কিয়নো যিসকলক পৌঁচাই দিয়া হ'ব তেওঁলোকৰ মাজৰ কিছুমান লোক এনেকুৱা আছে, যিয়ে শ্ৰৱণকাৰীতকৈও অধিক ভালকৈ মুখস্থ ৰাখিব পাৰে।"
Explanation
Benefits
আহলে হাদীছৰ ফজীলত আৰু হাদীছ অন্বেষণকাৰীৰ মৰ্যাদা বৰ্ণিত হৈছে।
উলামাসকলৰ ফজীলত বৰ্ণিত হৈছে, যিসকলে পুঙ্খানুপুঙ্খভাৱে বুজি হাদীছৰ পৰা মছলা-মাছাঈলৰ সমাধান উলিয়ায়।
চাহাবাসকলৰ ফজীলত বৰ্ণিত হৈছে, কাৰণ তেওঁলোকেই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা হাদীছ শুনি আমালৈ বৰ্ণনা কৰিছে।
মুনাৱী ৰাহিমাহুল্লাহে কৈছেঃ হাদীছ বৰ্ণনা কৰিবলৈ ফাকীহ হোৱাটো চৰ্ত নহয়। মুখস্থ ৰখাটোহে চৰ্ত। পক্ষান্তৰে ফাকীহ হ'বলৈ ভালকৈ বুজিব লাগিব আৰু চিন্তা গৱেষণা কৰিব পৰা হ'ব লাগিব।
যিয়েই হাদীছৰ জ্ঞান আহৰণ কৰে, তথা হাদীছ অনুসন্ধান কৰে তেওঁ এই হাদীছটোত কৰা দুআৰ অন্তৰ্ভুক্ত।
মুহাদ্দিছীনসকলৰ দৃষ্টিত হিফজ হৈছে দুই প্ৰকাৰঃ এটা হৈছে মুখস্থ কৰি ৰখা, আৰু আনটো হৈছে কিতাপ বা বহীত লিপিবদ্ধ কৰি ৰখা। উভয় প্ৰকাৰেই হাদীছটোত কৰা দুআৰ অন্তৰ্ভুক্ত।
মানুহৰ বোধ শক্তি ভিন ভিন। কেতিয়াবা বৰ্ণনাকাৰীতকৈ শ্ৰৱণকাৰীয়ে ভালকৈ সংৰক্ষণ কৰিব পাৰে। এইদৰে যিয়ে ইল্ম বহন কৰে কেতিয়াবা তেওঁ নিজেই ভালকৈ বুজি নাপায়।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

