“হালাল স্পষ্ট আৰু হাৰামো স্পষ্ট
Choose an available translation of this Hadeeth
Hadeeth text
আবু আব্দিল্লাহ আন-নু‘মান ইবনে বাশ্বীৰ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ- মই ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ পৰা শুনিছোঁ, তেখেতে কৈছেঃ “হালাল স্পষ্ট আৰু হাৰামো স্পষ্ট, আৰু এই দুটাৰ মাজত আছে কিছুমান সন্দেহজনক বিষয়- যিবোৰ বহুতেই নাজানে। যি ব্যক্তিয়ে সেই সন্দেহজনক বিষয়সমূহৰ পৰা আঁতৰি থাকিব, সি তাৰ দ্বীন আৰু মর্যাদা ৰক্ষা কৰিব পাৰিব, আৰু যিয়ে সেই সন্দেহযুক্ত বিষয়সমূহত লিপ্ত হ’ব, সি হাৰামত লিপ্ত হ’ব। যেনে- ৰখীয়া এজনে যেতিয়া সংৰক্ষিত চাৰণভূমিৰ আশে-পাশে পশু চৰায়, তেতিয়া পশুবোৰ তাত সোমাই পৰাৰ আশংকা থাকে। জানি থোৱা, প্রত্যেক বাদশ্বাহৰেই একোটাকৈ সংৰক্ষিত এলেকা আছে, আৰু জানি থোৱা, আল্লাহৰ সংৰক্ষিত এলেকা হৈছে তেওঁৰ নিষিদ্ধ কৰ্মসমূহ। জানি থোৱা, শৰীৰত এটি মাংসৰ টুকুৰা আছে, সেইটো যেতিয়া ঠিক থাকে, গোটেই শৰীৰ ঠিক থাকে, আৰু সেইটো যেতিয়া বেয়া হৈ যায়, তেতিয়া গোটেই শৰীৰেই বেয়া হৈ যায়। সেই মাংসৰ টুকুৰাটো হৈছে ‘হৃদপিণ্ড বা অন্তৰ’।”
Explanation
গতিকে যিয়ে এইবোৰ সন্দেহযুক্ত বিষয়ৰ পৰা আঁতৰি থাকিব তেওঁ হাৰামত লিপ্ত হোৱাৰ পৰা সুৰক্ষিত থাকিব। আনকি মানুহৰ ককৰ্থনাৰ পৰাও সুৰক্ষিত থাকিব, কাৰণ এইবোৰত পতিত হ'লে বিভিন্নজনে বিভিন্ন কথাৰ জৰিয়তে তাক আঘাত কৰিব। আনহাতে যিয়ে এইবোৰ সন্দেহযুক্ত বিষয়ৰ পৰা আঁতৰি নাথাকিব, সি হয়তো হাৰামত লিপ্ত হ'ব নাইবা মানুহৰ ককৰ্থনাৰ সন্মুখীন হ'ব। এইদৰে ৰাছুলুল্লাল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে সন্দেহযুক্ত বিষয়ত লিপ্ত হোৱা ব্যক্তিৰ অৱস্থা সম্পৰ্কে এটা স্পষ্ট উদাহৰণ দিছে। যেনে- এজন গৰখীয়াই যদি কোনো সংৰক্ষিত এলেকাৰ ওচৰে পাঁজৰে নিজৰ পশুবোৰ চৰিবলৈ দিয়ে, তেন্তে তাৰ পশুবোৰ সেই সংৰক্ষিত এলেকাত সোমাই যোৱাৰ অধিক সম্ভাৱনা থাকে। ঠিক সেইদৰে যিয়ে সন্দেহযুক্ত কোনো বিষয়ত লিপ্ত থাকে সি হাৰামত লিপ্ত হোৱাৰ অধিক নিকটৱৰ্তী হয়। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, শৰীৰৰ ভিতৰত এটুকুৰা মাংসপিণ্ড আছে (অৰ্থাৎ হৃদপিণ্ড) যিটো ঠিক থাকিলে গোটেই শৰীৰেই ঠিক থাকে আৰু সেইটো বেয়া হ'লে গোটেই শৰীৰেই বেয়া হয়।
Benefits
সন্দেহযুক্ত বিষয়ৰ পৰা আঁতৰি থাকিবলৈ উৎসাহিত কৰা হৈছে, যাৰ বিধান স্পষ্ট নহয়।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

