افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#66385[ছহীহ]
HadeethEnc · 1.16.0

সোণৰ বিনিময়ত সোণ, ৰূপৰ বিনিময়ত ৰূপ, ঘেঁহুৰ বিনিময়ত ঘেঁহু, যৱৰ বিনিময়ত যৱ, খেজুৰৰ বিনিময়ত খেজুৰ, নিমখৰ বিনিময়ত নিমখ, সমপৰিমাণে হ'ব লাগিব, হাতে হাতে (নগদ) আদান-প্ৰদান হ'ব লাগিব। যদি দ্ৰৱ্য বেলেগ বেলেগ হয়, আৰু নগদ ক্ৰয়-বিক্ৰয় হয় তেন্তে তোমালোকে যিদৰে ইচ্ছা সেইদৰেই ক্ৰয়-বিক্ৰয় কৰিব পাৰা।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

উবাদাহ বিন চামিত ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "সোণৰ বিনিময়ত সোণ, ৰূপৰ বিনিময়ত ৰূপ, ঘেঁহুৰ বিনিময়ত ঘেঁহু, যৱৰ বিনিময়ত যৱ, খেজুৰৰ বিনিময়ত খেজুৰ, নিমখৰ বিনিময়ত নিমখ, সমপৰিমাণে হ'ব লাগিব, হাতে হাতে (নগদ) আদান-প্ৰদান হ'ব লাগিব। যদি দ্ৰৱ্য বেলেগ বেলেগ হয়, আৰু নগদ ক্ৰয়-বিক্ৰয় হয় তেন্তে তোমালোকে যিদৰে ইচ্ছা সেইদৰেই ক্ৰয়-বিক্ৰয় কৰিব পাৰা।"
02

Explanation

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত সুদত জৰিত হ'ব পৰা ছয়টা দ্ৰৱ্যৰ সঠিক ক্ৰয়-বিক্ৰয়ৰ পদ্ধতি শিকাইছে। সেই ছয়টা দ্ৰৱ্য হৈছে, সোণ, ৰূপ, ঘেঁহু, যৱ, খেজুৰ আৰু নিমখ। এতেকে এইবোৰ দ্ৰৱ্য যদি একে জাতীয় দ্ৰৱ্যৰে ক্ৰয়-বিক্ৰয় কৰা হয়, যেনে- সোণৰ জৰিয়তে সোণ, ৰূপৰ জৰিয়তে ৰূপ, তেনে ক্ৰয়-বিক্ৰয়ত দুটা চৰ্ত আৱশ্যকঃ প্ৰথমঃ ওজনকৃত দ্ৰৱ্যৰ ওজন সমান হ'ব লাগিব, যেনে- সোণ, ৰূপ আদি। জোখি ল'বলগীয়া দ্ৰৱ্যৰ পৰিমাণো সমান হ'ব লাগিব, যেনে- ঘেঁহু, যৱ, খেজুৰ, নিমখ আদি। দ্বিতীয়ঃ ক্ৰয়-বিক্ৰয়ৰ বৈঠকতে দ্ৰৱ্য আৰু মূল্য আদান প্ৰদান হ'ব লাগিব। কিন্তু যদি একে জাতীয় দ্ৰৱ্যৰ দ্বাৰা ক্ৰয়-বিক্ৰয় কৰা নহয়, উদাহৰণস্বৰূপে যদি ৰূপৰ দ্বাৰা সোণ ক্ৰয় কৰা হয় বা ঘেঁহুৰ দ্বাৰা খেজুৰ ক্ৰয় কৰা হয় তেন্তে ইয়াৰ বাবে কেৱল এটা চৰ্তই যথেষ্ট, সেয়া হৈছেঃ ক্ৰয়-বিক্ৰয়ৰ বৈঠকতে ক্ৰেতাই দ্ৰৱ্য বুজি ল'ব আৰু বিক্ৰেতাই মূল্য গ্ৰহণ কৰিব লাগিব। অন্যথা সেই ক্ৰয়-বিক্ৰয় বাতিল বুলি গণ্য হ'ব। লগতে ক্ৰেতা আৰু বিক্ৰেতা উভয়ে সুদৰ সৈতে জৰিত হ'ব, যিটোক হাৰাম কৰা হৈছে।
03

Benefits

যিবোৰ দ্ৰৱ্য আদান প্ৰদানত সুদৰ সম্ভাৱনা আছে, সেইবোৰৰ ক্ৰয়-বিক্ৰয়ৰ পদ্ধতি হাদীছটোত বৰ্ণনা কৰা হৈছে।
সুদ সংক্ৰান্তীয় ব্যৱসায় নিষিদ্ধ কৰা হৈছে।
সুদৰ ক্ষেত্ৰত কাগজৰ কাৰেন্সীৰ বিধান হৈছে সোণ-ৰূপৰ বিধানৰ অন্তৰ্গত।
সুদ হ'ব পৰা ছয় প্ৰকাৰ দ্ৰৱ্যৰ ক্ৰয়-বিক্ৰয়ৰ কেইবাটাও অৱস্থা আছে। যেনে- ১) একে জাতীয় দ্ৰৱ্যৰে ক্ৰয়-বিক্ৰয় কৰা। যেনে- সোণৰ বিনিময়ত সোণ আৰু খেজুৰৰ বিনিময়ত খেজুৰ। এনেকুৱা ক্ৰয়-বিক্ৰয় সঠিক হোৱাৰ বাবে দুটা চৰ্তৰ আৱশ্যক। ওজন অথবা পৰিমাণ একে হ'ব লাগিব। দ্বিতীয় চৰ্ত হৈছে, ক্ৰয়-বিক্ৰয়ৰ সময়তে দ্ৰৱ্য আৰু মূল্য আদান-প্ৰদান হ'ব লাগিব। ২) যদি এইবোৰ দ্ৰৱ্যৰ যিকোনো এটাক আনটোৰ বিনিময়ত ক্ৰয়-বিক্ৰয় কৰা হয়, লগতে কাৰণ যদি একে হয়। যেনে- ৰূপৰ বিনিময়ত সোণ, আৰু যৱৰ বিনিময়ত ঘেঁহু, তেনে ক্ষেত্ৰত ওজন আৰু পৰিমাণৰ কোনো চৰ্ত আৱশ্যক নহয়, কেৱল ক্ৰয়-বিক্ৰয়ৰ সময়ত দ্ৰৱ্য আৰু মূল্য আদান-প্ৰদান হোৱাটো চৰ্ত। ৩) যদি কোনো ৰিবাৱী বস্তুক বেলেগ কোনো ৰিবাৱী বস্তুৰ বিনিময়ত ক্ৰয়-বিক্ৰয় কৰা হয় আৰু কাৰণো যদি বেলেগ হয়, তেনে ক্ষেত্ৰত ওজন আৰু পৰিমাণৰো কোনো চৰ্ত নাই আৰু একে বৈঠকত দ্ৰৱ্য আৰু মূল্য আদান-প্ৰদানৰো কোনো চৰ্ত নাই। উদাহৰণস্বৰূপে যদি খেজুৰৰ বিনিময়ত সোণ ক্ৰয় কৰা হয়।
যদি সুদ হ'ব পৰা দ্ৰৱ্য মূল্যৰ বাহিৰে বেলেগ কোনো বস্তুৰ ক্ৰয়-বিক্ৰয় কৰা হয়, অথবা এটা হৈছে সুদ হ'ব পৰা বস্তু আৰু আনটো হৈছে বেলেগ বস্তু, তেনে ক্ষেত্ৰত ওজন আৰু পৰিমাণৰো কোনো চৰ্ত নাই আৰু একে বৈঠকতে দ্ৰৱ্য আৰু মূল্য আদান-প্ৰদানৰো কোনো চৰ্ত নাই। উদাহৰণস্বৰূপে সোণৰ বিনিময়ত মাটি ক্ৰয় কৰা।

Attribution

[(মুছলিম)]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...