HadeethEnc · 1.16.0
আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত সৰ্বপ্ৰথম যি অহী আহিছিল, সেয়া আছিল নিদ্ৰাৱস্থাত নেক সপোনৰ মাধ্যমত।
Available translations
Choose an available translation of this Hadeeth
01
Hadeeth text
উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত সৰ্বপ্ৰথম যি অহী আহিছিল, সেয়া আছিল নিদ্ৰাৱস্থাত নেক সপোনৰ মাধ্যমত। যি সপোন তেখেতে দেখা পাইছিল সেয়া একেবাৰে প্ৰভাতৰ কিৰণৰ নিচিনা প্ৰকাশিত (বাস্তৱ প্ৰমাণিত) হৈছিল। তাৰ পিছত তেখেতে নিৰ্জনতা পছন্দ কৰিবলৈ ধৰিলে আৰু তেওঁ ‘হিৰা’ৰ গুহাত নিৰ্জনে অৱস্থান কৰি ইবাদত কৰিবলৈ ধৰিলে। তেখেতে নিজ পৰিয়ালৰ ওচৰত উভতি আহি কিছুমান খাদ্যসামগ্ৰী লগত লৈ আকৌ উভতি গৈছিল- এনেকৈ তাত তেখেতে কেই ৰাতিমান ‘ইবাদতত মগ্ন আছিল, তাৰ পিছত খাদীজাহ ৰাদ্বিয়াল্লাহু আনহাৰ ওচৰত উভতি আহি আকৌ সেই একেই সময়ৰ বাবে খাদ্যদ্ৰব্য লৈ গুচি গৈছিল। এনেকৈ ‘হিৰা’ গুহাত অৱস্থানকালত তেখেতৰ ওচৰলৈ সত্য (সহকাৰে ফিৰিস্তা) আগমন কৰে। তেখেতৰ ওচৰত এজন মালাক (ফিৰিস্তা) আহি ক’লে, ‘পঢ়া’। আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লেঃ ‘‘মই পঢ়িব নোৱাৰোঁ”। তেখেত (চাল্লাল্লাহু আলাইহি অছাল্লাম) এ কৈছেঃ ‘তাৰ পিছত তেওঁ মোক সাৱটি ধৰি এনেকৈ চাপ দিলে যে, মই ক্লান্ত হৈ পৰিলোঁ। তাৰ পিছত তেওঁ মোক এৰি দিলে, আকৌ ক’লে ‘পঢ়া’। মই ক’লোঁঃ ‘মই পঢ়িব নোৱাৰোঁ।’ তেওঁ দ্বিতীয়বাৰ মোক সাৱটি ধৰি এনেকৈ চাপ দিলে যে, মই ভাগৰি পৰিলোঁ। তাৰ পিছত তেওঁ মোক এৰি দিলে, আৰু ক’লে ‘পঢ়া’। মই উত্তৰত ক’লোঁ, ‘মই পঢ়িব নোৱাৰোঁ।’ তাৰ পিছত তেওঁ মোক পুনৰ হেঁচা মাৰি ধৰিলে যে, মই আকৌ ক্লান্ত হৈ পৰিলোঁ। তাৰ পিছত তেওঁ মোক এৰি দিলে, আৰু ক’লেঃ ‘‘পঢ়া তোমাৰ প্ৰতিপালকৰ নামত, যিয়ে সৃষ্টি কৰিছে। তেওঁ মানুহক আলাক্বৰ (ৰক্তপিণ্ডৰ) পৰা সৃষ্টি কৰিছে। পঢ়া, কাৰণ তোমাৰ প্ৰতিপালক মহামহিম।’’- (ছুৰা ‘আল-আলাক্ব ৯৬/১-৩)।
তাৰ পিছত এই আয়াতসমূহ লৈ আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে- প্ৰত্যাৱৰ্তন কৰিলে। তেখেতৰ হৃদয় কঁপি আছিল। তেওঁ খাদীজাহ বিন্তে খুৱাইলিদ ৰাদ্বিয়াল্লাহু আনহাৰ ওচৰলৈ আহি ক’লে, ‘মোক চাদৰেৰে আবৃত কৰা’, ‘মোক চাদৰেৰে আবৃত কৰা।’ তেতিয়া তেওঁ তেখেতক চাদৰেৰে আবৃত কৰিলে। যেতিয়া শংকা দূৰ হ’ল। তেতিয়া তেখেতে খাদীজাহ ৰাদ্বিয়াল্লাহু আনহাৰ ওচৰত ঘটনা বৃত্তান্ত জনাই দিলে আৰু ক’লে, মই মোৰ জীৱনক লৈ ভয় কৰি আছোঁ। খাদীজাহ ৰাদ্বিয়াল্লাহু আনহাই ক’লে, ‘আল্লাহৰ শপত, কেতিয়াও নহয়। আল্লাহে আপোনাক কেতিয়াও লাঞ্ছিত নকৰিব। আপুনি দেখোন আত্মীয়-স্বজনৰ লগত সদাচৰণ কৰে, অসহায়-দৰিদ্ৰসকলৰ দায়িত্ব বহন কৰে, নিঃসহায়ক সহযোগিতা কৰে, অতিথিক সমাদৰ কৰে আৰু সত্য পথৰ দুৰ্দশাগ্ৰস্তক সহায় কৰে’। তাৰ পিছত তেখেতক লৈ খাদীজাহ ৰাদ্বিয়াল্লাহু আনহাই তেখেতৰ খুৰাৰ ল’ৰা অৰাক্বাহ ইবনে নাওফাল ইবনে ‘আব্দিল আছাদ ইবনে ‘আব্দিল ‘উযযাহ’ৰ ওচৰলৈ গ’ল, যিয়ে অজ্ঞতা যুগত ‘ঈছায়ী ধৰ্ম গ্ৰহণ কৰিছিল। তেখেতে ইব্ৰানী ভাষা লিখিব পাৰিছিল আৰু আল্লাহৰ তাওফীক অনুযায়ী ইব্ৰানী ভাষাত ইঞ্জীলৰ অনুবাদ কৰিছিল। তেওঁ অতি বৃদ্ধ আছিল আৰু অন্ধ হৈ পৰিছিল। খাদীজাহ ৰাদ্বিয়াল্লাহু আনহাই তেখেতক ক’লে, ‘হে (মোৰ) খুড়াৰ ল’ৰা! আপোনাৰ ভতিজাৰ কথা শুনক।’ অৰাক্বাহে তেখেতক সুধিলে, ‘ভতিজা! তুমি কি দেখিছা?’ আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে যি দেখিছিল, সকলো ভাঙি-পাতি ক’লে। তেতিয়া অৰাক্বাহে তেখেতক ক’লে, এইজন সেই বাৰ্তা বাহক যাক আল্লাহে মূছা আলাইহিচ্ছালামৰ ওচৰলৈ প্ৰেৰণ কৰিছিল। হায়! মই যদি সেইদিনা থাকিলোঁহেঁতেন। হায়! মই যদি সেইদিনা জীৱিত থাকিলোঁহেঁতেন, যিদিনা তোমাৰ সম্প্ৰদায়ৰ লোকে তোমাক বহিষ্কাৰ কৰিব।’ আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে, ‘সিহঁতে মোক বহিষ্কাৰ কৰিব নেকি?’ তেখেতে ক’লে, ‘হয়, তুমি যি লৈ আহিছা এনেকুৱা (অহী) যিয়েই লৈ আহিছে তাৰেই লগত বৈৰিতা পূৰ্ণ আচৰণ কৰা হৈছে। সেই সময়ত যদি মই থাকোঁ, তেন্তে মই তোমাক পূৰ্ণ-সাহায্য কৰিম।’ ইয়াৰ কিছুদিন পিছতে অৰাক্বাহে ইন্তিকাল কৰিলে, আৰু অহীৰো বিৰতি ঘটিল।
02
Explanation
উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই জনাইছে যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত পোন প্ৰথমে সত্য সপোনৰ জৰিয়তে অহীৰ আৰম্ভণি হৈছিল। তেখেতে সপোনত যি যি দেখা পাইছিল, সেইবোৰ বাস্তৱত দিনৰ পোহৰৰ দৰে প্ৰকাশ পাইছিল। ইয়াৰ পিছত তেখেতে নিৰ্জনতা পছন্দ কৰিবলৈ ধৰিলে। তেখেতে হিৰা গুহাত নিৰ্জনতাত কেইবা ৰাতি পৰ্যন্ত একেলেঠাৰীয়ে ইবাদত কৰিছিল, খোৱা বোৱাৰ বাবে কিছু সম্বল লগত লৈ গৈছিল। সেইখিনি শেষ হোৱাৰ পিছত পুনৰ ঘৰলৈ উভতি আহি উম্মুল মুমিনীন খাদীজা ৰাদ্বিয়াল্লাহু আনহাক লগ কৰিছিল, ইয়াৰ পিছত পুনৰ কেইবাদিনৰ খাদ্য সামগ্ৰী লৈ উভতি গৈছিল। অৱশেষত তেখেত হিৰা গুহাত থকা অৱস্থাতে তেখেতৰ ওচৰলৈ সত্য আহি পৰিল। তেখেতৰ ওচৰলৈ এজন ফিৰিস্তা আহিল, যাৰ নাম হৈছে জিব্ৰীল আলাইহিচ্ছালাম। তেওঁ তেখেতক ক'লেঃ পঢ়ক, তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ মইতো ভালকৈ পঢ়িব নোৱাৰোঁ। তেখেতে কৈছেঃ সেই ফিৰিস্তাজনে মোক সাৱটি ধৰিলে আৰু অত্যন্ত জোৰে হেঁচা মাৰি ধৰিলে। আনকি মই অত্যন্ত কষ্ট অনুভৱ কৰিলোঁ। ইয়াৰ পিছত তেওঁ মোক এৰি দিলে, আৰু ক'লেঃ পঢ়ক। মই ক'লোঁঃ মই পঢ়িব নোৱাৰোঁ। তেওঁ মোক পুনৰ আগৰ দৰে হেঁচা মাৰি ধৰিলে, আৰু মই ক্লান্ত হৈ পৰিলোঁ। ইয়াৰ পিছত তেওঁ মোক এৰি দিলে আৰু ক'লেঃ পঢ়ক। মই ক'লোঁঃ মই পঢ়িব নোৱাৰোঁ। ইয়াৰ পিছত তেওঁ মোক তৃতীয় বাৰ হেঁচা মাৰি ধৰিলে, আৰু এৰি দিয়াৰ পিছত মোক ক'লেঃ "পঢ়া তোমাৰ প্ৰতিপালকৰ নামত, যিজনে সৃষ্টি কৰিছে, তেওঁ মানুহক আলাক্বৰ (ৰক্তপিণ্ডৰ) পৰা সৃষ্টি কৰিছে। পঢ়া, কাৰণ তোমাৰ প্ৰতিপালক মহামহিম।" (ছুৰা আল-আলাক্বঃ ৩-১) তেখেত চাল্লাল্লহু আলাইহি অছাল্লামে এই আয়াত কেইটা লৈ ভীত-সন্ত্ৰস্ত অৱস্থাত উভতি আহিল, তেখেতৰ অন্তৰ মৃত্যুৰ ভয়ত কঁপি আছিল। তেখেত উম্মুল মুমিনীন খাদীজাহ বিন্তে খুৱাইলিদ ৰাদ্বিয়াল্লাহু আনহাৰ ওচৰলৈ আহি ক'লেঃ মোক কাপোৰেৰে ঢাকি দিয়া। মোক কাপোৰেৰে ঢাকি দিয়া। ইয়াৰ পিছত তেখেতক কাপোৰেৰে ঢাকি দিয়া হ'ল, অৱশেষত যেতিয়া তেখেতৰ ভয় দূৰ হ'ল। তেতিয়া তেখেতে খাদীজা ৰাদ্বিয়াল্লাহু আনহাক সকলো কথা বিৱৰি ক'লে। লগতে তেখেতে ক'লেঃ মোৰ ভয় লাগি আছে, মই মৰি যাওঁ নেকি। তেতিয়া খাদীজা ৰাদ্বিয়াল্লাহু আনহাই ক'লেঃ নহয়, কেতিয়াও নহয়। আল্লাহে কেতিয়াও আপোনাক লাঞ্ছিত নকৰিব। কাৰণ আপুনি আত্মীয় স্বজনৰ সৈতে সদ্ব্যৱহাৰ কৰে, দুখীয়া দৰিদ্ৰ অভাৱী লোকক সহায়-সহযোগিতা কৰে। বৰং মানুহে আপোনাৰ পৰা যি পায়, সেইটো আনৰ ওচৰত নাপায়। আপুনি অতিথিক যথাযোগ্য আপ্যায়ন কৰে, লগতে সত্যৰ পথত দুৰ্দশাগ্ৰস্ত লোকক সহায় কৰে। ইয়াৰ পিছত খাদীজা ৰাদ্বিয়াল্লাহু আনহাই তেখেতক লৈ অৰাক্বাহ বিন নাওফল বিন আছাদ বিন আব্দুল উঝ্ঝাৰ ওচৰলৈ আহিল। তেওঁ আছিল খাদীজাৰ খুৰাৰ পুত্ৰ। তেওঁ আছিল এজন গুণী জ্ঞানী ব্যক্তি, অজ্ঞতা যুগতে তেওঁ খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছিল। তেওঁ ইব্ৰানী ভাষা লিখিব পাৰিছিল আৰু আল্লাহৰ তাওফীক অনুযায়ী ইব্ৰানী ভাষাত ইঞ্জীলৰ অনুবাদ কৰিছিল। তেওঁ অতি বৃদ্ধ আছিল আৰু অন্ধ হৈ পৰিছিল। খাদীজাহ ৰাদ্বিয়াল্লাহু আনহাই তেওঁক ক’লেঃ ‘হে (মোৰ) খুড়াৰ ল’ৰা! আপোনাৰ ভতিজাৰ কথা শুনকচোন।’ অৰাক্বাহে তেখেতক সুধিলে, ‘ভতিজা! তুমি কি দেখিছা?’ আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে যি দেখিছিল, সকলো ভাঙি-পাতি ক’লে। তেতিয়া অৰাক্বাই তেখেতক ক’লে, এইজন সেই বাৰ্তা বাহক, যাক আল্লাহে মূছা আলাইহিচ্ছালামৰ ওচৰলৈ প্ৰেৰণ কৰিছিল। হায়! মই যদি সেই সময়ত শক্তিশালী যুৱক হৈ থাকিলোঁহেঁতেন। হায়! মই যদি সেই সময়ত জীৱিত থাকিলোঁহেঁতেন, যেতিয়া তোমাৰ সম্প্ৰদায়ৰ লোকসকলে তোমাক বহিষ্কাৰ কৰিব।’ তেতিয়া ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে, ‘সিহঁতে মোক বহিষ্কাৰ কৰিব নেকি?’ তেওঁ ক’লে, ‘হয়। তুমি যি লৈ আহিছা এনেকুৱা (অহী) যিয়েই লৈ আহিছে তাৰেই লগত বৈৰিতা পূৰ্ণ আচৰণ কৰা হৈছে। সেই সময়ত যদি মই থাকোঁ, তেন্তে মই তোমাক পূৰ্ণ-সাহায্য কৰিম।’ ইয়াৰ কিছুদিন পিছতে অৰাক্বাহ বিন নাওফলৰ ইন্তিকাল হৈছিল। ইপিনে অহীৰো বিৰতি ঘটিল।
03
Benefits
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি অৱতীৰ্ণ হোৱা অহীৰ আৰম্ভণিৰ ইতিবৃত্ত বিৱৰণ দিয়া হৈছে।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সপোনো আছিল এক শ্ৰেণীৰ অহী।
উপাৰ্জন কৰা তথা জীয়াই থাকিবলৈ সম্বল গ্ৰহণ কৰাটো ভৰসাৰ পৰিপন্থী নহয়। কিয়নো ভৰসাকাৰীসকলৰ ইমাম নবী চাল্লাল্লাহু আলাইহি অছাল্লামেও সম্বল গ্ৰহণ কৰিছিল।
মহান আল্লাহ বান্দাসকলৰ প্ৰতি অত্যন্ত দয়ালু, পৰম কৰুণাশীল, কাৰণ তেওঁ বান্দাসকলক সেই শিক্ষা দিছে যিটো সিহঁতে জনা নাছিল। লগতে তেওঁ বান্দাসকলক অজ্ঞতাৰ অন্ধকাৰৰ পৰা উলিয়াই ইল্মৰ জ্যোতিৰ পিনে লৈ আহিছে।
হাদীছটোত লেখাৰ গুৰুত্ব বৰ্ণিত হৈছে। কাৰণ ইয়াত আছে বহুতো উপকাৰিতা। ইয়াৰ দ্বাৰা জ্ঞান লিপিবদ্ধ কৰি ৰখা হয়, অমিয় বাণী তথা হিকমতৰ কথা লিপিবদ্ধ কৰি ৰখা হয়। এইদৰে পূৰ্বৱৰ্তীসকলৰ ইতিহাস সংৰক্ষণ কৰা হয়। লগতে আল্লাহে অৱতীৰ্ণ কৰা কিতাব সংৰক্ষণ কৰা হয়। যাৰ ফলত দ্বীন আৰু দুনিয়াৰ সকলো বিষয় সুচাৰুৰূপে পৰিচালিত হয়।
কোৰআনৰ সৰ্বপ্ৰথম অৱতীৰ্ণ হোৱা আয়াত হৈছেঃ {اقْرَأْ بِاسْمِ رَبِّكَ الَّذِي خَلَقَ} [العلق: 1]. অৰ্থঃ পঢ়া তোমাৰ প্ৰতিপালকৰ নামত, যিজনে সৃষ্টি কৰিছে।
উত্তম চৰিত্ৰ তথা ভাল গুণ হৈছে বিভিন্ন ধৰণৰ অনিষ্ট আৰু বেয়া পৰিৱেশৰ পৰা নিৰাপত্তাৰ অন্যতম এটা উপায়। যিয়ে যিমান ভাল গুণ অৱলম্বন কৰিব, তাৰ পৰিণাম সিমানেই উত্তম হ'ব। লগতে তাৰ দ্বীন আৰু দুনিয়াৰ ফিতনাৰ পৰা সুৰক্ষিত থাকিব।
কাৰণবশতঃ মানুহৰ সন্মুখত প্ৰশংসা কৰা বৈধ।
যদি কোনোবাই ভয়-ভীত অৱস্থাত থাকে, তাক সান্ত্বনা দিব লাগে, সুসংবাদ দিব লাগে। লগতে তেওঁৰ নিৰাপত্তাৰ কাৰণসমূহ উল্লেখ কৰিব লাগে।
খাদীজাহ ৰাদ্বিয়াল্লাহু আনহাৰ পূৰ্ণাংগ গুণাৱলী, পৰিপক্ক চিন্তাধাৰা, আত্মবল আৰু গভীৰ ফিকহৰ সৰ্বশ্ৰেষ্ঠ আৰু প্ৰভাৱশালী প্ৰমাণ হৈছে এই যে, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ বাবে যিটো বৰ্ণনা দাঙি ধৰিছে, তাত তেওঁ সকলো প্ৰকাৰ ভাল গুণ আৰু উৎকৃষ্টতাৰ সকলো মূল সিদ্ধান্ত আৰু ইয়াৰ শাখাবোৰক সংক্ষিপ্তভাৱে উপস্থাপন কৰিছে। কিয়নো পৰোপকাৰ আত্মীয়ৰ সৈতেও কৰা হয়, আৰু অন্যান্য লোকৰ সৈতেও কৰা হয়। সেয়া কেতিয়াবা ধন-সম্পদৰ দ্বাৰা কৰা হয় আৰু কেতিয়াবা শাৰীৰিকভাৱে কৰা হয়। সহায়-সহযোগিতা অভাৱী দুখীয়া দৰিদ্ৰৰ প্ৰতিও কৰা হয় আৰু যিসকল সক্ষম তেওঁলোকৰ প্ৰতিও কৰা হয়। তেওঁ এই সকলো গুণ এটা ঠাইতে একত্ৰিত কৰি দিছে।
কোনো গুৰুত্বপূৰ্ণ আৰু মহৎ কৰ্মৰ সন্মুখীন হ'লে, সেই ব্যক্তিৰ পৰামৰ্শ লোৱা মুস্তাহাব, যিজন বিশ্বস্ত আৰু যিয়ে সঠিক মতামত দিবলৈ সক্ষম।

Attribution
[(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]
Categories
Share
Share hadeeth
Sharing options
4Views0Cards0Shares