HadeethEnc · 1.16.0
মই নাৰীসকলৰ সৈতে মুচাফাহা নকৰোঁ, মোৰ কথা এশ জনী নাৰীৰ বাবে যেনেকুৱা, এজনীৰ বাবেও তেনেকুৱাই।
Available translations
Choose an available translation of this Hadeeth
01
Hadeeth text
উমাইমাহ বিন্তে ৰুক্বাইকা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই কেইজনীমান আনচাৰী মহিলাৰ সৈতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ বাইআতৰ উদ্দেশ্যে আহিলোঁ। আমি আহি ক'লোঁঃ হে আল্লাহৰ ৰাছুল! আমি আপোনাৰ ওচৰত বাইআত কৰোঁ যে, আমি কেতিয়াও আল্লাহৰ সৈতে শ্বিৰ্ক নকৰোঁ, চুৰি নকৰোঁ, ব্যভিচাৰ নকৰোঁ, আমি কেতিয়াও কাৰো বিৰুদ্ধে অপবাদ ৰটনা নকৰোঁ, কোনো সৎকৰ্মতে কেতিয়াও আপোনাৰ বিৰুদ্ধাচৰণ নকৰোঁ। তেতিয়া তেখেতে ক'লেঃ "এইবোৰ তোমালোকে নিজৰ শক্তি সামৰ্থ তথা সাধ্যানুযায়ী কৰিবা।" তেওঁ কৈছেঃ আমি ক'লোঁ, আল্লাহ আৰু তেওঁৰ ৰাছুল আমাৰ ওপৰত অত্যন্ত দয়ালু। এতেকে হে আল্লাহৰ ৰাছুল! আপোনাৰ হাত আগবঢ়াই দিয়ক, আমি আপোনাৰ সৈতে হাত মিলাই লওঁ। তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "মই নাৰীসকলৰ সৈতে মুচাফাহা নকৰোঁ, মোৰ কথা এশ জনী নাৰীৰ বাবে যেনেকুৱা, এজনীৰ বাবেও তেনেকুৱাই। অথবা এজনী নাৰীক কোৱা কথাৰ দৰেই।"
02
Explanation
হাদীছটোত উমাইমাহ বিন্তে ৰুক্বাইকা ৰাদ্বিয়াল্লাহু আনহাই জনাইছে যে, তেওঁ আনচাৰী কেইজনীমান নাৰীৰ সৈতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত এই বিষয়ে বাইআত কৰিবলৈ আহিছিল যে, তেওঁলোকে আল্লাহৰ সৈতে আন কাকো অংশীদাৰ স্থাপন নকৰিব, চুৰি কাৰ্য্যত লিপ্ত নহ'ব, জিনা নকৰিব, কাৰো প্ৰতি মিছা অপবাদ নিদিব, আৰু কোনো সৎকৰ্মত তেখেতৰ অবাধ্যতা নকৰিব। তেতিয়া তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছিলঃ তোমালোকে এইবোৰ নিজৰ সামৰ্থ আৰু সাধ্যানুযায়ী কৰিবা। তেতিয়া তেওঁলোকে কৈছিলঃ আল্লাহ আৰু তেওঁৰ ৰাছুল আমাৰ ওপৰত অত্যন্ত দয়াশীল। হে আল্লাহৰ ৰাছুল! আহক, আমি হাত মিলাওঁ অৰ্থাৎ মুচাফাহা কৰোঁ, যিদৰে পুৰুষসকলৰ সৈতে মুচাফাহা কৰা হয়। তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছিলঃ মই নাৰীৰ সৈতে মুচাফাহা নকৰোঁ। মোৰ কথা আৰু বাইআত এশজনী নাৰীৰ বাবে যেনেকুৱা, এজনী নাৰীৰ ক্ষেত্ৰতো তেনেকুৱাই।
03
Benefits
হাদীছটোত এই কথা বৰ্ণিত হৈছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কিদৰে নাৰীসকলৰ বাইআত লৈছিল।
গাইৰ মাহৰাম নাৰীৰ সৈতে মুচাফাহা কৰা হাৰাম।
চৰীয়তৰ বিধি-বিধানবোৰ সামৰ্থ তথা সাধ্যৰ সৈতে সম্পৰ্কিত।
গাইৰ মাহৰাম নাৰীৰ সৈতে মুচাফাহা কৰা হাৰাম।
চৰীয়তৰ বিধি-বিধানবোৰ সামৰ্থ তথা সাধ্যৰ সৈতে সম্পৰ্কিত।
Attribution
[رواه الترمذي والنسائي وابن ماجه]
Categories
Share
Share hadeeth
Sharing options · 0 Total shares

