HadeethEnc · 1.16.0
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কিছৰা (পাৰস্য সম্ৰাট) কাইছৰ (ৰোম সম্ৰাট) আৰু নাজ্জাশ্বীকে আদি কৰি বিভিন্ন প্ৰভাৱশালী শাসকসকলৰ ওচৰলৈ আল্লাহৰ ফালে আহ্বান কৰাৰ উদ্দেশ্যে পত্ৰ প্ৰেৰণ কৰিছিল।
Available translations
Choose an available translation of this Hadeeth
01
Hadeeth text
আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কিছৰা (পাৰস্য সম্ৰাট) কাইছৰ (ৰোম সম্ৰাট) আৰু নাজ্জাশ্বীকে আদি কৰি বিভিন্ন প্ৰভাৱশালী শাসকসকলৰ ওচৰলৈ আল্লাহৰ ফালে আহ্বান কৰাৰ উদ্দেশ্যে পত্ৰ প্ৰেৰণ কৰিছিল। ইয়াত উল্লিখিত নাজ্জাশ্বী সেই নাজ্জাশ্বী নহয়, যাৰ জানাযাৰ নামাজ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আদায় কৰিছিল।
02
Explanation
আনাছ ৰাদ্বিয়াল্লাহু আনহুৱে হাদীছটোত বৰ্ণনা কৰিছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ মৃত্যুৰ পূৰ্বে বিশ্বৰ বিভিন্ন দেশৰ ৰজা মহাৰজাসকলৰ ওচৰলৈ ইছলাম গ্ৰহণৰ প্ৰতি আহ্বান জনাই পত্ৰ প্ৰেৰণ কৰিছিল। তেখেতে কিছৰাৰ প্ৰতিও পত্ৰ প্ৰেৰণ কৰিছিল, কিছৰা হৈছে পাৰস্যৰ সকলো সম্ৰাটৰ উপাধী। কাইছৰৰ প্ৰতিও পত্ৰ প্ৰেৰণ কৰিছিল, এইটো আছিল ৰোম সম্ৰাটসকলৰ উপাধী। এইদৰে পত্ৰ প্ৰেৰণ কৰিছিল নাজ্জাশ্বীৰ প্ৰতিও, এইটো আছিল হাবশ্বাৰ সকলো ৰজাৰ উপাধী। লগতে তেখেতে প্ৰত্যেক শক্তিশালী আৰু নিষ্ঠুৰ শাসকসকলৰ প্ৰতিও পত্ৰ লিখিছিল, যিসকলে প্ৰজাসকলৰ ওপৰত নিষ্ঠুৰভাৱে শাসন কৰিছিল। আনাছ ৰাদ্বিয়াল্লাহু আনহুৱে হাদীছটোত স্পষ্ট কৰিছে যে, ইয়াত উল্লিখিত নাজ্জাশ্বী, সেইজন নাজ্জাশ্বী নহয় যিয়ে ইছলাম গ্ৰহণ কৰি মৃত্যুবৰণ কৰিছিল আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ গায়েবানা জানাযা পঢ়িছিল।
03
Benefits
অমুছলিমসকলক আৰু সিহঁতৰ ৰজা বাদশ্বাহসকলক ইছলামৰ প্ৰতি আহ্বান জনাব লাগে।
কিতাপ আৰু চিঠি পত্ৰৰ প্ৰতি আমল কৰা বৈধ।
কিতাপ আৰু চিঠি পত্ৰৰ প্ৰতি আমল কৰা বৈধ।
Attribution
[(মুছলিম)]
Categories
Share
Share hadeeth
Sharing options · 0 Total shares

