HadeethEnc · 1.16.0
যিয়ে অৱহেলা কৰি তিনিটা জুমুআহ পৰিত্যাগ কৰে, আল্লাহে তাৰ অন্তৰত মোহৰ মাৰি দিয়ে।
Available translations
Choose an available translation of this Hadeeth
01
Hadeeth text
আবুল জা'দ আজ-জামৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ এজন চাহাবী আছিল, তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিয়ে অৱহেলা কৰি তিনিটা জুমুআহ পৰিত্যাগ কৰে, আল্লাহে তাৰ অন্তৰত মোহৰ মাৰি দিয়ে।"
02
Explanation
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জুমুআৰ নামাজ পৰিত্যাগ কৰাৰ পৰা সতৰ্ক কৰিছে। তেখেতে কৈছে, যিয়ে অৱহেলা কৰি কোনো উপযুক্ত কাৰণ নোহোৱাকৈ তিনিটা জুমুআ পৰিত্যাগ কৰিব, আল্লাহে তাৰ অন্তৰত মোহৰ মাৰি দিব তথা পৰ্দাৰ আৱৰণ সৃষ্টি কৰি দিব, ফলত কল্যাণ তাৰ অন্তৰত ঢুকি নাপাব।
03
Benefits
ইবনুল মুনজিৰে ইজমা বৰ্ণনা কৰিছে যে, জুমুআৰ নামাজ হৈছে ফৰজে আঈন।
হাদীছটোত সেই ব্যক্তিৰ প্ৰতি কঠোৰ সতৰ্কবাণী দিয়া হৈছে, যিয়ে অৱহেলা কৰি জুমুআ ত্যাগ কৰে। আল্লাহে তাৰ অন্তৰত মোহৰ মাৰি দিব।
আনহাতে যিয়ে উপযুক্ত কাৰণত জুমুআ আদায় কৰিব নোৱাৰে, তেওঁ এই সতৰ্কবাণীৰ অন্তৰ্ভুক্ত নহয়।
শ্বাওকানীয়ে কৈছেঃ হাদীছটোত তিনিটা জুমুআৰ কথা কোৱা হৈছে, ইয়াত যিকোনো তিনিটাক বুজোৱা হৈছে নে একেলেঠাৰিয়ে তিনিটা জুমুআক বুজোৱা হৈছে ইয়াত সন্দেহ আছে। আনকি বছৰত এটা জুমুআ পৰিত্যাগ কৰিলেও তিনিটা জুমুআ হোৱাৰ পিছত আল্লাহে তাৰ অন্তৰত মোহৰ মাৰি দিব, হাদীছটোৰ প্ৰকাশ্য অৰ্থই এইটোৱে প্ৰমাণ কৰে। পক্ষান্তৰে এইটোও হ'ব পাৰে যে, সেই তিনিটা জুমুআ একেলেঠাৰীয়ে হ'ব লাগিব।

Attribution
[رواه أبو داود والترمذي والنسائي وابن ماجه وأحمد]
Categories
Share
Share hadeeth
Sharing options · 0 Total shares