তোমালোকে হজ্জ আৰু ওমৰাহ বাৰে বাৰে কৰিবা, কিয়নো ইয়াৰ ফলত দৰিদ্ৰতা দূৰ হয় আৰু গুনাহ মোচন হয়, যিদৰে জুইশালত লোহা, সোণ আৰু ৰূপ উত্তপ্ত কৰিলে মামৰ গুচি যায়। হজ্জে মাবৰূৰৰ (যি হজ্জত কোনো ধৰণৰ গুনাহ কৰা হোৱা নাই।) ছোৱাব হৈছে কেৱল জান্নাত।
Choose an available translation of this Hadeeth
Hadeeth text
আব্দুল্লাহ বিন মাছউদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকে হজ্জ আৰু ওমৰাহ বাৰে বাৰে কৰিবা, কিয়নো ইয়াৰ ফলত দৰিদ্ৰতা দূৰ হয় আৰু গুনাহ মোচন হয়, যিদৰে জুইশালত লোহা, সোণ আৰু ৰূপ উত্তপ্ত কৰিলে মামৰ গুচি যায়। হজ্জে মাবৰূৰৰ (যি হজ্জত কোনো ধৰণৰ গুনাহ কৰা হোৱা নাই।) ছোৱাব হৈছে কেৱল জান্নাত।"
Explanation
Benefits
হজ্জ ওমৰাহ বাৰে বাৰে কৰাটো হৈছে স্বচ্ছলতাৰ কাৰণ আৰু গুনাহ মোচন হোৱাৰ উপায়।
মুবাৰকপুৰীয়ে কৈছেঃ (ينفيان الفقر)ৰ অৰ্থ হৈছে, এই দুটা ইবাদতৰ দ্বাৰা দৰিদ্ৰতা দূৰ হয়। ইয়াৰ দ্বাৰা প্ৰকাশ্য অভাৱকো বুজাব পাৰে, যিটো সম্পদ লাভ হ'লে দূৰ হয়, অথবা ইয়াৰ দ্বাৰা আভ্যন্তৰীণ অভাৱো হ'ব পাৰে, যিটো আত্মিক সন্তুষ্টি লাভৰ ফলত দূৰ হয়।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

