HadeethEnc · 1.16.0
মুমূৰ্ষ অৱস্থাত থকা ব্যক্তিক তোমালোকে লা ইলা-হা ইল্লাল্লাহৰ তালকীন কৰা।
Available translations
Choose an available translation of this Hadeeth
01
Hadeeth text
আবু ছাঈদ আল-খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "মুমূৰ্ষ অৱস্থাত থকা ব্যক্তিক তোমালোকে লা ইলা-হা ইল্লাল্লাহৰ তালকীন কৰা।"
02
Explanation
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উৎসাহিত কৰিছে যে, মুমূৰ্ষ ব্যক্তিৰ ওচৰত যাতে আমি বাৰে বাৰে কলিমা তাওহীদ "লা ইলাহা ইল্লাল্লাহ" পাঠ কৰোঁ, যাতে এই দেখি তেৱোঁ পাঠ কৰে আৰু এইটো যাতে তেওঁৰ শেষ কথা হয়।
03
Benefits
উপস্থিত ব্যক্তিসকলে মুমূৰ্ষ ব্যক্তিক তালক্বীন কৰা মুস্তাহাব।
মুমূৰ্ষ ব্যক্তিক লা ইলাহা ইল্লাল্লাহ পাঠ কৰিবলৈ অতিৰিক্ত জোৰজবৰদস্তি কৰা অপছন্দনীয়, বিশেষকৈ তেওঁ যেতিয়া এইটো বুজি পায়। কাৰণ এনেকুৱা কৰিলে সেই ব্যক্তি বিৰক্ত হৈ অবাঞ্ছিত কথা ক'ব পাৰে।
নাৱাৱীয়ে কৈছেঃ মুমূৰ্ষ ব্যক্তিয়ে যদি এবাৰ “লা ইলাহা ইল্লাল্লাহ” পাঠ কৰে, তেন্তে তাৰ ওচৰত এইটো বাৰে বাৰে পঢ়িবলৈ কোৱা উচিত নহয়। কিন্তু যদি ইয়াৰ পিছত বেলেগ কথা কয় তেন্তে পুনৰাবৃত্তি কৰা উচিত, যাতে এইটো তেওঁৰ শেষ কথা হয়।
মৃত্যুপ্ৰসন্ন ব্যক্তিৰ ওচৰত থকা লোকসকলৰ কৰ্তব্য হৈছে, তেওঁক সান্তনা দিয়া, “লা ইলাহা ইল্লাল্লাহ” পাঠ কৰিবলৈ উৎসাহিত কৰা, মৃত্যুৰ পিছত চকু বন্ধ কৰি দিয়া, আৰু তেওঁৰ অধিকাৰসমূহ পূৰণ কৰা।
মৃত্যুৰ পিছত বা দাফন কৰাৰ পিছত কবৰৰ ওচৰত তালক্বীন কৰা বৈধ নহয়। কাৰণ এইটো নবী চাল্লাল্লাহু আলাইহি অছাল্লামেও কৰা নাই আৰু কৰাৰ নিৰ্দেশো দিয়া নাই।

Attribution
[(মুছলিম)]
Categories
Share
Share hadeeth
Sharing options · 0 Total shares