বৰং তোমালোকে কোৱা যে, ‘আমি শুনিলোঁ আৰু মানি ল'লোঁ। হে আমাৰ প্ৰতিপালক! তোমাৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰোঁ আৰু তোমাৰ পিনেই আমাৰ প্ৰত্যাৱৰ্তনস্থল’।
Choose an available translation of this Hadeeth
Hadeeth text
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ যেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত এই আয়াত অৱতীৰ্ণ হ'লঃ অৰ্থ- "আকাশমণ্ডল আৰু পৃথিৱীত যি যি আছে সেই সকলোবোৰ হৈছে আল্লাহৰেই। তোমালোকৰ মনত যি আছে তোমালোকে সেয়া প্ৰকাশ কৰা বা গোপন কৰা, আল্লাহে তোমালোকৰ পৰা সেই সকলোবোৰৰ হিচাপ গ্ৰহণ কৰিব। তাৰ পিছত তেওঁ যাক ইচ্ছা কৰিব ক্ষমা কৰিব আৰু যাক ইচ্ছা কৰিব শাস্তি বিহিব; আৰু আল্লাহ সকলো বস্তুৰ ওপৰতে পূৰ্ণ ক্ষমতাৱান।" [আল-বাক্বাৰা, আয়াত: ২৮৪] বৰ্ণনাকাৰীয়ে কৈছেঃ তেতিয়া এই বিষয়টো চাহাবাসকলৰ বাবে বৰ কঠিন অনুভৱ হ'ল, আৰু তেওঁলোকে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত আহি আঁঠু পাৰি বহি ক'লেঃ হে আল্লাহৰ ৰাছুল! চালাত, চিয়াম, জিহাদ, চাদাক্বাহ আদি যিবোৰ আমল আমাৰ সামৰ্থ অনুযায়ী আছিল এতিয়ালৈকে আমাক সেইবোৰ আমলৰহে নিৰ্দেশ দিয়া হৈছিল, কিন্তু বৰ্তমান যিটো আয়াত অৱতীৰ্ণ হৈছে, এইটো দেখোন আমাৰ সাধ্যাতীত। এই কথা শুনি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ তোমালোকেও সেইদৰেই ক'ব বিচৰা নেকি যিদৰে তোমালোকৰ পূৰ্বে আহলে কিতাব (ইয়াহুদী আৰু খৃষ্টান)সকলে কৈছিল যে, আমি শুনিলোঁ কিন্তু পালন নকৰোঁ। বৰং তোমালোকে কোৱা যে, ‘আমি শুনিলোঁ আৰু মানি ল'লোঁ। হে আমাৰ প্ৰতিপালক! তোমাৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰোঁ আৰু তোমাৰ পিনেই আমাৰ প্ৰত্যাৱৰ্তনস্থল’।
তেতিয়া তেওঁলোকে ক'লেঃ ‘আমি শুনিলোঁ আৰু মানি ল'লোঁ। হে আমাৰ প্ৰতিপালক! তোমাৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰোঁ আৰু তোমাৰ পিনেই আমাৰ প্ৰত্যাৱৰ্তনস্থল’। এই বুলি কৈ চাহাবাসকলে আয়াতটো পাঠ কৰিলে আৰু মনে প্ৰাণে মানি ল'লে। ইয়াৰ পিছত মহান আল্লাহে এই আয়াত অৱতীৰ্ণ কৰিলেঃ "ৰাছুলে তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা যি তেওঁৰ প্ৰতি অৱতীৰ্ণ হৈছে তাৰ ওপৰত ঈমান আনিছে আৰু মুমিনসকলেও ঈমান পোষণ কৰিছে। প্ৰত্যেকেই ঈমান আনিছে আল্লাহৰ ওপৰত, তেওঁৰ ফিৰিস্তাসকলৰ ওপৰত, তেওঁৰ কিতাবসমূহ আৰু তেওঁৰ ৰাছুলসকলৰ ওপৰত। আমি তেওঁৰ ৰাছুলসকলৰ মাজত কোনো পাৰ্থক্য নকৰোঁ; আৰু এওঁলোকে কয়, ‘আমি শুনিছোঁ আৰু মানি লৈছোঁ। হে আমাৰ প্ৰতিপালক! তোমাৰ ক্ষমা প্ৰাৰ্থনা কৰোঁ আৰু তোমাৰ পিনেই প্ৰত্যাৱৰ্তনস্থল’।" [আল-বাক্বাৰা, আয়াত: ২৮৫]
যেতিয়া তেওঁলোকে সৰ্বতো প্ৰকাৰে আনুগত্য প্ৰকাশ কৰিলে, তেতিয়া উক্ত আয়াতৰ বিধান ৰহিত কৰি সৰ্বশক্তিমান আল্লাহে এই আয়াত অৱতীৰ্ণ কৰিলেঃ "আল্লাহে কাৰো ওপৰত তাৰ সাধ্যাতীত কোনো কামৰ দায়িত্ব নিদিয়ে, যিয়ে ভাল কাম কৰিছে তাৰ বাবে সুফল আছে আৰু যিয়ে বেয়া কাম কৰিছে তাৰ প্ৰতিফল সি নিজেই ভোগ কৰিব। হে আমাৰ প্ৰতিপালক! যদি আমি বিস্মৃত হওঁ অথবা ভুল কৰো তেন্তে তুমি আমাক সোধ-পোচ নকৰিবা।" [আল-বাক্বাৰা, আয়াত: ২৮৬] মহান আল্লাহে জনাই দিলেঃ ঠিক আছে। ইয়াৰ পিছত ক'লেঃ "হে আমাৰ প্ৰতিপালক! আমাৰ পূৰ্বৱৰ্তীসকলৰ ওপৰত যেনেকৈ তুমি বোজা অৰ্পণ কৰিছিলা আমাৰ ওপৰত তেনেকুৱা বোজা অৰ্পণ নকৰিবা।" মহান আল্লাহে জনাই দিলেঃ ঠিক আছে। ইয়াৰ পিছত ক'লেঃ "হে আমাৰ প্ৰতিপালক! তুমি আমাক এনেকুৱা বোজা বহন নকৰাবা যিটো বহন কৰাৰ আমাৰ সামৰ্থ নাই।" মহান আল্লাহে জনাই দিলেঃ ঠিক আছে। ইয়াৰ পিছত ক'লেঃ "আৰু তুমি আমাৰ পাপসমূহ মোচন কৰি দিয়া, আমাক ক্ষমা কৰি দিয়া, আমাৰ প্ৰতি দয়া কৰা, তুমিয়েই আমাৰ অভিভাৱক। এতেকে কাফিৰ সম্প্ৰদায়ৰ বিৰুদ্ধে আমাক সহায় কৰা।" মহান আল্লাহে জনাই দিলেঃ ঠিক আছে।
Explanation
Benefits
কোৰআনত বিধান ৰহিত হোৱাৰ প্ৰমাণ। যদিও উক্ত আয়াতটো কোৰআনৰ অংশ কিন্তু ইয়াৰ বিধান ৰহিত হৈছে, ইয়াৰ প্ৰতি আমল নহয়।
ইয়াৰ দ্বাৰা চাহাবাসকলৰ মৰ্যাদা প্ৰমাণিত হয় যে, তেওঁলোকে আল্লাহৰ আদেশত আত্মসমৰ্পণ কৰিবলৈ পলম কৰা নাছিল, আৰু তেওঁলোকে ৰাছুলৰ নিৰ্দেশক ছোৱাবৰ আশাৰে পালন কৰিছিল তথা বাস্তৱায়ন কৰিছিল।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সদায় আশংকা কৰিছিল যে, তেখেতৰ উম্মতে যাতে অন্যান্য উম্মতৰ দৰে আল্লাহৰ আদেশক নাকচ নকৰে, তথা ইয়াৰ বিৰোধিতা নকৰে।
আল্লাহৰ আদেশৰ সন্মুখত আত্মসমৰ্পণ কৰা অনিবাৰ্য্য। তেওঁৰ নিৰ্দেশনাক অগ্ৰাহ্য কৰাৰ পৰা সতৰ্ক থকাটো জৰুৰী। অন্যথা এইটো আহলে কিতাবৰ সাদৃশ্যতা হৈ পৰিব।
অন্যান্য উম্মতৰ ওপৰত এই উম্মতক প্ৰাধান্য দিয়া হৈছে। কাৰণ পূৰ্বৱৰ্তী উম্মতৰ লোকসকলে তেওঁলোকৰ নবীসকলক কৈছিলঃ আমি শুনিছোঁ কিন্তু নামানো। পক্ষান্তৰে এই উম্মতে কৈছেঃ আমি শুনিলোঁ আৰু মনে প্ৰাণে গ্ৰহণ কৰিলোঁ।
এই উম্মতৰ অন্যতম বৈশিষ্ট্য হৈছে এই যে, তেওঁলোকৰ পৰা কষ্ট দূৰ কৰা হৈছে আৰু তেওঁলোকক ভুল-ভ্ৰান্তিৰ বাবে শাস্তি দিয়া নহ'ব, লগতে তেওঁলোকৰ পৰা সেইসমূহ বোজা দূৰ কৰা হৈছে, যিবোৰ তেওঁলোকৰ পূৰ্বৱৰ্তীসকলৰ ওপৰত আছিল, আৰু তেওঁলোকক এনেকুৱা ভাৰ বহন কৰাৰ পৰাও ৰক্ষা কৰা হৈছে যিটো বহন কৰিব পৰা তেওঁলোকৰ সামৰ্থ নাই।
মহান আল্লাহে আমাৰ ওপৰত এনে কোনো বোজা আৰোপ নকৰে যিটো আমি বহন কৰিব নোৱাৰোঁ, আৰু তেওঁ আমাক আমাৰ সামৰ্থ্যৰ বাহিৰে কোনো কৰ্তব্যও দিয়া নাই। আমাৰ অন্তৰত যিবোৰ চিন্তা-ভাৱনা উদয় হয়, যদি আমি সেইবোৰলৈ আকৰ্ষিত নহওঁ, সেইবোৰৰ প্ৰতি সন্তুষ্ট নহওঁ আৰু সেইবোৰক গ্ৰহণ নকৰোঁ, তেন্তে সেইবোৰৰ ফলত আমাৰ কোনো ক্ষতি নহ'ব।
এই দুআটোৰ বিষয়ে মহান আল্লাহে জনাইছে যে, এইটো দুআ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু মুমিনসকলে কৰিছিল, আৰু তেওঁ ইয়াক তেওঁৰ কিতাবত স্থান দিছে; যাতে নবী চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু চাহাবা ৰাদ্বিয়াল্লাহু আনহুমৰ পিছত অহা লোকসকলেও এই দুআ পাঠ কৰে। গতিকে মুখস্থ কৰিবলগীয়া দুআসমূহৰ ভিতৰত এইটোকো তালিকাভুক্ত কৰা উচিত, আৰু বাৰে বাৰে এইটো দুআ কৰা উচিত।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

