সেই সত্তাৰ শপত! যাৰ হাতত মোৰ প্ৰাণ আছে। এই ছুৰাটো হৈছে সমগ্ৰ কোৰআনৰ এক তৃতীয়াংশৰ সমান।
Choose an available translation of this Hadeeth
Hadeeth text
আবু ছাঈদ খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, এজন ব্যক্তিয়ে আন এজন ব্যক্তিক (ক্বুল হুৱাল্লাহু আহাদ) বাৰে বাৰে পাঠ কৰা শুনিলে। পিছদিনা পুৱাৰ ভাগত তেওঁ বিষয়টো ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক জনালে। ব্যক্তিজনে বিষয়টোক নগণ্য জ্ঞান কৰিছিল। তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "সেই সত্তাৰ শপত! যাৰ হাতত মোৰ প্ৰাণ আছে। এই ছুৰাটো হৈছে সমগ্ৰ কোৰআনৰ এক তৃতীয়াংশৰ সমান।"
Explanation
Benefits
তাহাজ্জুদত তিলাৱত কৰাৰ বৈধতা, যদিও কম আয়াতে নহওক কিয়, সেইবোৰ বাৰে বাৰে পঢ়িলেও কোনো অসুবিধা নাই, তথা ইয়াক নগণ্য বুলি ভাবাও ঠিক নহয়।
মাঝিৰিয়ে কৈছেঃ কোৱা হৈছে যে, ইয়াৰ দ্বাৰা বুজা যায় যে, কোৰআনক সাধাৰণতে তিনিটা ভাগত ভাগ কৰিব পাৰি। পূৰ্বৱৰ্তী উম্মতৰ বৰ্ণনা, বিধি-বিধান আৰু আল্লাহৰ চিফাত বা গুণাৱলী। এতেকে {قُلْ هُوَ اللَّهُ أَحَدٌ}ত যিহেতু আল্লাহৰ চিফাত উল্লেখ হৈছে, সেয়ে এইটো কোৰআনৰ এক তৃতীয়াংশ। আন কিছুমানে কৈছেঃ ইয়াৰ অৰ্থ হৈছে, এই ছুৰা তিলাৱত কৰিলে এক তৃতীয়াংশ কোৰআন তিলাৱত কৰাৰ সমান ছোৱাব বৃদ্ধি কৰি দিয়া হয়।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

