HadeethEnc · 1.16.0
আনাছ ৰাদ্বিয়াল্লাহু আনহুক প্ৰশ্ন কৰা হ'ল যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কেনেকৈ কিৰাআত কৰিছিল? তেওঁ ক'লেঃ তেখেতে টানি টানি কিৰাআত কৰিছিল।
Available translations
Choose an available translation of this Hadeeth
01
Hadeeth text
ক্বাতাদাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ আনাছ ৰাদ্বিয়াল্লাহু আনহুক প্ৰশ্ন কৰা হ'ল যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কেনেকৈ কিৰাআত কৰিছিল? তেওঁ ক'লেঃ তেখেতে টানি টানি কিৰাআত কৰিছিল। ইয়াৰ পিছত তেওঁ কিৰাআত কৰি দেখুৱাই ক'লেঃ {بِسْمِ اللَّهِ الرَّحْمَنِ الرَّحِيمِ} (ছুৰা আল-ফাতিহাঃ ১) তেখেতে বিছমিল্লাহ টানিছিল, তাৰ পিছত ৰাহমান টানিছিল, ইয়াৰ পিছত ৰাহীম টানি পাঠ কৰিছিল।
02
Explanation
আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু আনহুক প্ৰশ্ন কৰা হ'ল যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কেনেকৈ কোৰআন তিলাৱত কৰিছিল। তেওঁ উত্তৰত ক'লে যে, তেখেতে ধীৰ স্থিৰে টানি টানি কোৰআন তিলাৱত কৰিছিল। তেখেতে বিছমিল্লাহৰ লাম টানিছিল, আৰু ৰাহমানত থকা মীম টানিছিল, এইদৰে ৰাহীমত থকা হা টানি পঢ়িছিল।
03
Benefits
মদ্দৰ দ্বাৰা হুৰুফে মদ্দক (টানি পঢ়িবলগীয়া আখৰক) বুজোৱা হৈছে। হুৰুফে মদ্দ হৈছে তিনিটা আলিফ, ৱাও, ইয়া। যদি এই আখৰবোৰ ছাকিন (হৰকতহীন) হয় আৰু তাৰ আগত যদি অনুকূল তথা উপযুক্ত হৰকত (জবৰ, জেৰ, পেচ) থাকে, তেন্তে টানি পঢ়িব লাগে।
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কোৰআন তিলাৱতৰ পদ্ধতি বৰ্ণনা কৰা হৈছে।
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কিদৰে কোৰআন তিলাৱত কৰিছিল সেইটো কাৰ্যকৰী হোৱাকৈ বাস্তৱৰূপে পাঠ কৰি দেখুৱা হৈছে।
ছিন্দী ৰাহিমাহুল্লাহে কৈছেঃ হাদীছৰ বাক্য “يَمُدُّ صَوْتَهُ مَدًّا” অৰ্থাৎ তেখেতে বৰ্ণসমূহ উপযুক্ত স্থানৰ পৰা উচ্চাৰণ কৰি টানি দীঘলীয়া কৰিছিল, যাতে গভীৰ চিন্তা-চৰ্চাত সহায় হয় আৰু শ্রোতাই উপদেশ গ্ৰহণ কৰিব পাৰে।
তাজৱীদৰ বিধান আৰু কোৰআনৰ জ্ঞান শিকাৰ গুৰুত্ব।
নুচুচ (কোৰআন আৰু হাদীছৰ প্ৰমাণসমূহ) বুজিবলৈ উলামাসকলৰ ফালে প্ৰত্যাৱৰ্তন কৰা উচিত, যেনেকৈ আনাছ ৰাদ্বিয়াল্লাহু আনহুক প্ৰশ্ন কৰাত তেওঁ প্ৰশ্নকাৰীক ইয়াৰ শুদ্ধ অৰ্থ স্পষ্টকৈ বুজাই দিছিল।

Attribution
[(বুখাৰী)]
Categories
Share
Share hadeeth
Sharing options · 0 Total shares