নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰত্যেক ফৰজ নামাজৰ পিছতে এই দুআ পঢ়িছিলঃ
Choose an available translation of this Hadeeth
Hadeeth text
মুগীৰাহ বিন শ্বুবাৰ লেখক অৰ্ৰাদৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মুগীৰাহ বিন শ্বুবাই মোৰ দ্বাৰা মুআৱিয়ালৈ এখন পত্ৰ লিখোৱালে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰত্যেক ফৰজ নামাজৰ পিছতে এই দুআ পঢ়িছিলঃ "লা ইলা-হা ইল্লাল্লাহ, অহদাহু লা শ্বাৰীকা লাহ, লাহুল মুলকু অলাহুল হাম্দ, অহুৱা আলা কুল্লি শ্বাইয়িন ক্বাদীৰ। আল্লাহুম্মা লা মা-নিআ লিমা আ'ত্বাইতা, অলা মু'ত্বিয়া লিমা মানা'তা, অলা য়ানফাউ যাল জাদ্দি মিনকাল জাদ্দ।"
Explanation
অৰ্থাৎ মই কলিমা তাওহীদ স্বীকাৰ কৰি এই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, ইবাদতৰ যোগ্য একমাত্ৰ আল্লাহ তাআলা। সেয়ে মই তেওঁৰ বাহিৰে সকলোকে ইবাদতৰ উপযুক্ত হোৱাৰ পৰা অস্বীকাৰ কৰোঁ। গতিকে তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। লগতে এই কথা স্বীকাৰ কৰোঁ যে, প্ৰকৃত তথা পূৰ্ণাংগ ৰাজত্বৰ অধিকাৰী একমাত্ৰ আল্লাহ তাআলা। আকাশমণ্ডল আৰু পৃথিৱীবাসীৰ সকলো প্ৰকাৰ প্ৰশংসাৰ অধিকাৰী একমাত্ৰ মহান আল্লাহ। তেওঁ সকলো বস্তুৰ ওপৰতে ক্ষমতাৱান। আল্লাহে প্ৰদান কৰা আৰু বঞ্চিত কৰা আদি ক্ষেত্ৰত তেওঁক বাধা দিব পৰা কোনো নাই। তেওঁৰ ওচৰত কোনো ধনী ব্যক্তিৰ ধন সম্পদে একো উপকাৰ নকৰে। বৰং তেওঁৰ ওচৰত উপকাৰ সাধন কৰে কেৱলমাত্ৰ নেক আমলে।
Benefits
ছুন্নতসমূহ পালন কৰা আৰু প্ৰচাৰ কৰাৰ ক্ষেত্ৰত আগভাগ লোৱা উচিত।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

