افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#65099[ছহীহ]
HadeethEnc · 1.16.0

মহান আল্লাহে কৈছেঃ মই মোৰ আৰু মোৰ বান্দাৰ মাজত নামাজক দুই ভাগত ভাগ কৰি দিছোঁ। মোৰ বান্দাক সেইটোৱে প্ৰদান কৰিছোঁ যিটো সি বিচাৰে।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ "মহান আল্লাহে কৈছেঃ মই মোৰ আৰু মোৰ বান্দাৰ মাজত নামাজক দুই ভাগত ভাগ কৰি দিছোঁ। মোৰ বান্দাক সেইটোৱে প্ৰদান কৰিছোঁ যিটো সি বিচাৰে। বান্দাই যেতিয়া কয়ঃ (الْحَمْدُ لِلهِ رَبِّ الْعَالَمِينَ) তেতিয়া মহান আল্লাহে কয়ঃ মোৰ বান্দাই মোৰ প্ৰশংসা কৰিছে। এইদৰে যেতিয়া বান্দাই কয়ঃ (الرَّحْمَنِ الرَّحِيمِ) তেতিয়া মহান আল্লাহে কয়ঃ বান্দাই মোৰ গুণগান কৰি আছে। ইয়াৰ পিছত বান্দাই যেতিয়া কয়ঃ (مَالِكِ يَوْمِ الدِّينِ) তেতিয়া তেওঁ কয়ঃ বান্দাই মোক সন্মানেৰে ভূষিত কৰিছে। আৰু এবাৰ কয়ঃ বান্দাই মোৰ ওচৰত নিজকে সমৰ্পন কৰিছে। আৰু যেতিয়া বান্দাই কয়ঃ (إِيَّاكَ نَعْبُدُ وَإِيَّاكَ نَسْتَعِينُ) তেতিয়া তেওঁ কয়ঃ এইটো মোৰ আৰু মোৰ বান্দাৰ মাজতে সীমাবদ্ধ, বান্দাই যি বিচাৰে সেইটোৱে মই দিছোঁ। এইদৰে বান্দাই যেতিয়া কয়ঃ (اهْدِنَا الصِّرَاطَ الْمُسْتَقِيمَ، صِرَاطَ الَّذِينَ أَنْعَمْتَ عَلَيْهِمْ غَيْرِ الْمَغْضُوبِ عَلَيْهِمْ وَلا الضَّالِّينَ) তেতিয়া তেওঁ কয়ঃ এইটো কেৱল মোৰ বান্দাৰ বাবে, মোৰ বান্দাৰ বাবে সেইটোৱে আছে যিটো সি বিচাৰে।"
02

Explanation

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, মহান আল্লাহে হাদীছে কুদছীত কৈছেঃ নামাজত পঢ়িবলগীয়া ছুৰা ফাতিহাক মোৰ আৰু মোৰ বান্দাৰ মাজত মই দুভাগত বিভক্ত কৰি দিছোঁ। আধা হৈছে মোৰ বাবে আৰু আধা হৈছে মোৰ বান্দাৰ বাবে।

প্ৰথম অৰ্দ্ধেকত মহান আল্লাহৰ হাম্দ অ ছানা প্ৰশংসা গুণগান আৰু তেওঁৰ মৰ্যাদা আছে, আৰু এই কথা উল্লেখ আছে যে, তেওঁ ইয়াৰ উত্তম প্ৰতিদান দিব।

দ্বিতীয় অৰ্দ্ধেকত আছে, অনুনয় বিনয় আৰু দুআ, যিটো তেওঁ কবূল কৰে আৰু বান্দাই যি বিচাৰে সেইটোৱে মই প্ৰদান কৰোঁ।

এতেকে যেতিয়া মুচল্লীয়ে কয়ঃ (الحمد لله رب العالمين), তেতিয়া মহান আল্লাহে কয়ঃ মোৰ বান্দাই মোৰ প্ৰশংসা কৰিছে। এইদৰে যেতিয়া বান্দাই কয়ঃ (الرحمن الرحيم) তেতিয়া মহান আল্লাহে কয়ঃ মোৰ বান্দাই মোৰ গুণগান কৰিছে, তথা সৃষ্টিজগতৰ ওপৰত থকা মোৰ অনুগ্ৰহক স্বীকাৰ কৰিছে। ইয়াৰ পিছত বান্দাই যেতিয়া কয়ঃ (مالك يوم الدين) তেতিয়া মহান আল্লাহে কয়ঃ মোৰ বান্দাই মোক বিশাল সন্মানেৰে ভূষিত কৰিছে।

ইয়াৰ পিছত যেতিয়া কয়ঃ (إياك نعبد وإياك نستعين) তেতিয়া মহান আল্লাহে কয়ঃ এইটো মোৰ আৰু মোৰ বান্দাৰ মাজত বণ্টিত।

প্ৰথম অৰ্দ্ধেক এই আয়াত পৰ্যন্তঃ (إياك نعبد) ইয়াত এই কথা স্বীকাৰ কৰা হৈছে যে, একমাত্ৰ আল্লাহেই ইবাদতৰ যোগ্য আৰু তেৱেঁই ইবাদত কবূল কৰে। এই আয়াতৰ দ্বাৰাই প্ৰথম অৰ্দ্ধেক সমাপ্ত যিটো আল্লাহৰ বাবে নিৰ্দিষ্ট।

দ্বিতীয় অৰ্দ্ধেক যিটো বান্দাৰ বাবে নিৰ্দিষ্ট সেইটো ইয়াৰ পৰা আৰম্ভ হয়ঃ (وإياك نستعين) ইয়াৰ দ্বাৰা আল্লাহৰ ওচৰত সহায় প্ৰাৰ্থনা কৰা হয়, আৰু তেওঁ সহায়-সহযোগিতা কৰাৰ প্ৰতিশ্ৰুতিও দিছে।

আৰু যেতিয়া বান্দাই কয়ঃ (اهدنا الصراط المستقيم * صراط الذين أنعمت عليهم غير المغضوب عليهم ولا الضالين) তেতিয়া মহান আল্লাহে কয়ঃ এইটো হৈছে মোৰ বান্দাৰ অনুনয় বিনয় আৰু দুআ, বান্দাই যি বিচাৰে সেইটোৱে মই দিম, মই তাৰ এই দুআ কবূল কৰিছোঁ।
03

Benefits

ছুৰা আল-ফাতিহাৰ মহত্ত্ব, কাৰণ মহান আল্লাহে ইয়াক আচ্-ছালাহ নামেৰে নামকৰণ কৰিছে।
মহান আল্লাহে বান্দাসকলৰ প্ৰতি দিয়া গুৰুত্বৰ বৰ্ণনা। য'ত বান্দাই তেওঁৰ প্ৰশংসা গুনগাণ এইকাৰণে কৰে কাৰণ তেৱেঁই প্ৰশংসা আৰু গুণগানৰ যোগ্য, কিন্তু তথাপিও তেওঁ ইয়াৰ বিনিময়ত বান্দাক প্ৰত্যেক সেই বস্তু দিয়াৰ প্ৰতিশ্ৰুতি দিছে যিটো বান্দাই বিচাৰে।
এই ছুৰাটোত আল্লাহৰ প্ৰশংসা, কিয়ামতৰ স্মৰণ, আল্লাহৰ ওচৰত দুআ, নিৰ্ভেজাল ইবাদত, পোন পথৰ হিদায়ত বিচৰা আৰু বাতিল পন্থাৰ পৰা সতৰ্ক থকা আদি সকলো বিষয়কে সামৰি লোৱা হৈছে।
মুচল্লীয়ে নামাজত ছুৰা ফাতিহা তিলাৱত কৰাৰ সময়ত এই হাদীছটো মনত পেলোৱা উচিত, ইয়াৰ ফলত নামাজত খুশ্বু খুজু বৃদ্ধি হ'ব।

Attribution

[(মুছলিম)]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...