افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#65065[জঈফ (দুৰ্বল)]
HadeethEnc · 1.16.0

সিহঁতে যে তোমাৰ সৈতে বিশ্বাসঘাতকতা কৰে, তোমাৰ অবাধ্যতা কৰে আৰু তোমাৰ লগত মিছা কথা কয়, আৰু ইয়াৰ ফলত তুমি সিহঁতক যি শাস্তি বিহা, এই সকলোবোৰৰ হিচাপ-নিকাচ হ'ব

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

আয়িশ্বাহ ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিতঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সন্মুখত বহি থকা এজন ব্যক্তিয়ে সুধিলে, হে আল্লাহৰ ৰাছুল! মোৰ কেইজনমান দাস আছে, সিহঁতে মোৰ ওচৰত মিছা কথা কয়, মোৰ সৈতে বিশ্বাসঘাতকতা কৰে, আৰু মোৰ অবাধ্যতাত লিপ্ত থাকে। ইয়াৰ কাৰণে মই সিহঁতক গালিও পাৰোঁ আৰু কেতিয়াবা মাৰপিটো কৰোঁ। সিহঁতৰ সৈতে এই ব্যৱহাৰ কৰাৰ কাৰণে
(ক্বিয়ামতৰ দিনা) মোৰ অৱস্থা কি হ'ব? তেখেতে ক'লেঃ সিহঁতে যে তোমাৰ সৈতে বিশ্বাসঘাতকতা কৰে, তোমাৰ অবাধ্যতা কৰে আৰু তোমাৰ লগত মিছা কথা কয়, আৰু ইয়াৰ ফলত তুমি সিহঁতক যি শাস্তি বিহা, এই সকলোবোৰৰ হিচাপ-নিকাচ হ'ব। তুমি সিহঁতক যি শাস্তি দিছা, সেয়া যদি সিহঁতে কৰা অপৰাধৰ সমান হয় তেন্তে ঠিকেই আছে। তোমাৰো কোনো অসুবিধা নহ'ব আৰু সিহঁতৰো কোনো অসুবিধা নহ'ব। আনহাতে যদি তুমি দিয়া শাস্তি সিহঁতৰ অপৰাধৰ তুলনাত কম হয় তেন্তে তোমাৰ বাবে আছে অতিৰিক্ত ছোৱাব। পক্ষান্তৰে যদি সিহঁতৰ অপৰাধৰ তুলনাত তোমাৰ শাস্তি বেছি হয় তেন্তে তোমাৰ ছোৱাব হ্ৰাস কৰা হ'ব। বৰ্ণনাকাৰীয়ে কৈছেঃ এই কথা শুনাৰ লগে লগে ব্যক্তিজন চিঞৰি কান্দিবলৈ ধৰিলে আৰু অকণমান আঁতৰি গ'ল। ইয়াৰ পিছত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ তুমি কোৰআনৰ এই আয়াত পঢ়া নাইনে, {وَنَضَعُ الْمَوَازِينَ الْقِسْطَ لِيَوْمِ الْقِيَامَةِ فَلا تُظْلَمُ نَفْسٌ شَيْئًا} অৰ্থঃ ক্বিয়ামতৰ দিনা আমি ন্যায়বিচাৰৰ মীজান স্থাপন কৰিম, ফলত কাৰো প্ৰতি অকণো অন্যায় কৰা নহ'ব। (ছুৰা আম্বিয়াঃ ৪৭) ব্যক্তিজনে ক'লেঃ হে আল্লাহৰ ৰাছুল! মই আল্লাহৰ শপত খাই কৈছোঁ, মোৰ আৰু সিহঁতৰ মাজত পৃথক হোৱাতকৈ ভাল উপায় মই আৰু বিচাৰি পোৱা নাই। গতিকে মই আপোনাক সাক্ষী থৈ কৈছোঁ, আজিৰ পৰা সিহঁত স্বাধীন, মই সিহঁতক মুক্ত কৰিলোঁ।
02

Explanation

এজন ব্যক্তি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি তেওঁৰ দাসসকলৰ আচৰণ সম্পৰ্কে অভিযোগ কৰিলে যে, সিহঁতে মিছা কথা কয়, বিশ্বাসঘাতকতা কৰে, ঠগবাজি কৰে, লগতে আদেশ অমান্য কৰে। ফলত তেওঁ সিহঁতক গালি-গালাজ কৰে আৰু এনে কাম যাতে পুনৰ কৰাৰ সাহস নাপায় তাৰ বাবে কেতিয়াবা মাৰপিটো কৰে। ইয়াৰ ফলত ক্বিয়ামতৰ দিনা ব্যক্তিজনৰ কি অৱস্থা হ'ব সেই সম্পৰ্কে তেখেতক সুধিলে। উত্তৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ তোমাৰ সৈতে কৰা বিশ্বাসঘাতকতা, অবাধ্যতা, মিছা কথা আদি সকলো বিষয়ৰে হিচাপ-নিকাচ হ'ব। লগতে তুমি যে সিহঁতক শাস্তি বিহিছা তাৰো হিচাপ হ'ব। যদি সিহঁতৰ অপৰাধ অনুপাতে শাস্তি বিহা হৈছে তেন্তে ঠিকেই আছে, তোমাৰো কোনো অসুবিধা নহ'ব আৰু সিহঁতৰো কোনো অসুবিধা নহ'ব। আনহাতে সিহঁতৰ অপৰাধতকৈ তোমাৰ শাস্তিৰ পৰিমাণ যদি কম হয় তেন্তে ইয়াৰ ফলত তোমাৰ ছোৱাব আৰু মৰ্যাদা বৃদ্ধি কৰা হ'ব। এইদৰে যদি সিহঁতৰ অপৰাধৰ তুলনাত তোমাৰ শাস্তিৰ পৰিমাণ বেছি হয় তেন্তে তোমাক শাস্তি বিহা হ'ব, অৰ্থাৎ সেই পৰিমাণ ছোৱাব তোমাৰ পৰা কাঢ়ি নি সিহঁতক দিয়া হ'ব। এই কথা শুনি ব্যক্তিজনে চিঞৰি কান্দিবলৈ ধৰিলে আৰু অকণমান আঁতৰি গ'ল। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তাক ক'লে, তুমি আল্লাহৰ কিতাবত এই আয়াত পঢ়া নাইনে, {ونضع الموازين القسط ليوم القيامة فلا تُظلم نفسٌ شيئًا، وإن كان مثقال حبة من خردل أتينا بها وكفى بنا حاسبين} [الأنبياء: 47] অৰ্থাৎ "আৰু কিয়ামতৰ দিনা আমি ন্যায়বিচাৰৰ তুলাচনী স্থাপন কৰিম, সেয়ে কাৰো প্ৰতি কোনো ধৰণৰ অন্যায় কৰা নহ’ব আৰু আমল যদি সৰিয়হ দানা পৰিমাণ ওজনৰো হয় তথাপিও আমি সেয়া উপস্থিত কৰিম; আৰু হিচাপ গ্ৰহণকাৰীৰূপে আমিয়েই যথেষ্ট"। (ছুৰা আল-আম্বিয়াঃ ৪৭) গতিকে ক্বিয়ামতৰ দিনা কাৰো প্ৰতি কোনো অন্যায় কৰা নহ'ব। মানুহৰ মাজত ন্যায়ৰ তৰ্জু স্থাপন কৰা হ'ব। ইয়াৰ পিছত ব্যক্তিজনে ক'লেঃ হে আল্লাহৰ ৰাছুল! আল্লাহৰ শপত, মই সিহঁতক স্বাধীন কৰি দিয়াৰ বাহিৰে বেলেগ কোনো উত্তম উপায় বিচাৰি নাপালোঁ। সেয়ে মই আপোনাক সাক্ষী থৈ আল্লাহৰ সন্তুষ্টি অৰ্জনৰ আশাত আৰু তেওঁৰ হিচাপ আৰু শাস্তিক ভয় কৰি সিহঁত সকলোকে মুক্ত ঘোষণা কৰিলোঁ।
03

Benefits

এই ঘটনাই চাহাবীজনৰ সততাৰ পৰিচয় বহন কৰে যে, আল্লাহৰ শাস্তিক ভয় কৰি তেওঁ দাসসকলকেই আজাদ কৰি দিছিল।
অপৰাধ অনুপাতে প্ৰতিশোধ অথবা তাতকৈ কম পৰিমাণে প্ৰতিশোধ গ্ৰহণ কৰা বৈধ। আনহাতে অপৰাধতৰ তুলনাত অধিক পৰিমাণে প্ৰতিশোধ গ্ৰহণ কৰা হাৰাম।
হাদীছটোৰ দ্বাৰা সেৱক আৰু দুৰ্বল লোকৰ সৈতে সদাচৰণ কৰিবলৈ উৎসাহিত কৰা হৈছে।

Attribution

[(তিৰমিজী)]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...