افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#65046[ছহীহ]
HadeethEnc · 1.16.0

তোমালোকে আহলে কিতাবক সত্য বুলিও নক'বা আৰু মিছা বুলিও নক'বা, বৰং তোমালোকে কোৱা "আমি আল্লাহৰ প্ৰতি ঈমান আনিছোঁ আৰু সেই গ্ৰন্থৰ প্ৰতি ঈমান আনিছোঁ যিখন আমাৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছে"।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ আহলে কিতাব (ইয়াহুদী)সকলে হিব্ৰু ভাষাত তাওৰাত পাঠ কৰিছিল আৰু মুছলিমসকলৰ বাবে আৰবীত ব্যাখ্যা কৰিছিল। এই পৰিপ্ৰেক্ষিতত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে (মুছলিমসকলক) কৈছিলঃ তোমালোকে আহলে কিতাবক সত্য বুলিও নক'বা আৰু মিছা বুলিও নক'বা, বৰং তোমালোকে কোৱা "আমি আল্লাহৰ প্ৰতি ঈমান আনিছোঁ আৰু সেই গ্ৰন্থৰ প্ৰতি ঈমান আনিছোঁ যিখন আমাৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছে"। (ছুৰা আল-বাক্বাৰাহঃ ১৩৬)
02

Explanation

এই হাদীছটোৰ দ্বাৰা নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ উম্মতক আহলে কিতাবে যি বৰ্ণনা কৰে তাৰ দ্বাৰা প্ৰতাৰিত হোৱাৰ পৰা সতৰ্ক কৰিছে। কিয়নো নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ যুগত ইয়াহুদীসকলে ইব্ৰানী (হিব্ৰু) ভাষাত তাওৰাত পাঠ কৰিছিল, আৰু এইটো আছিল ইয়াহুদীসকলৰ মূল ভাষা, লগতে আৰবী ভাষাত সিহঁতে ব্যাখ্যা কৰিছিল। সেইকাৰণে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ তোমালোকে আহলে কিতাবক বিশ্বাসো নকৰিবা আৰু মিছা বুলিও নক'বা, বাস্তৱৰ সৈতে সামঞ্জস্যপূৰ্ণ হওক বা নহওক। মহান আল্লাহে আমাক নিৰ্দেশ দিছে যে, আমি যেন আমাৰ প্ৰতি অৱতীৰ্ণ হোৱা কোৰআনৰ ওপৰত ঈমান পোষণ কৰোঁ, আৰু সিহঁতৰ ওপৰত অৱতীৰ্ণ হোৱা কিতাবৰ প্ৰতিও ঈমান পোষণ কৰোঁ, কিন্তু সিহঁতে যি বৰ্ণনা কৰি আছে তাৰ সত্যতা প্ৰমাণ কৰিবলৈ আমাৰ ওচৰত কোনো উপায় নাই, যদিহে আমাৰ চৰীয়তত সেই সম্পৰ্কে সঁচা বা মিছা হোৱাৰ বিষয়টো উল্লেখ নহয়। সেয়ে আমি সিহঁতক বিশ্বাস কৰাৰ পৰা বিৰত থকা উচিত, কাৰণ সিহঁতে নিজৰ কিতাবখনত যি পৰিবৰ্তন পৰিবৰ্ধন কৰিছে তাত যাতে আমিও অংশীদাৰ নহওঁ। লগতে আমি সিহঁতক মিছলীয়া বুলিও নকওঁ, কাৰণ সিহঁতে যি বৰ্ণনা কৰি আছে সেয়া সঁচাও হ'ব পাৰে, তেনে অৱস্থাত মিছা বুলি কৈ আমি যেন সেই বিষয়টোক অস্বীকাৰ নকৰোঁ যিটোক বিশ্বাস কৰিবলৈ আমাক নিৰ্দেশ দিয়া হৈছে। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক নিৰ্দেশ দিছে আমি যেন এইদৰে কওঁঃ ‘আমি ঈমান আনিছোঁ আল্লাহৰ প্ৰতি আৰু আমাৰ প্ৰতি যি অৱতীৰ্ণ হৈছে (সেই কিতাবৰ প্ৰতি), লগতে তাৰ প্ৰতিও ঈমান আনিছোঁ যিবোৰ অৱতীৰ্ণ হৈছিল ইব্ৰাহীম, ইছমাঈল, ইছহাক্ব, ইয়াকূব আৰু তেওঁৰ বংশধৰসকলৰ প্ৰতি, আৰু মুছা, ঈছাৰ লগতে অন্যান্য নবীসকলক তেওঁলোকৰ প্ৰতিপালকৰ তৰফৰ পৰা যি প্ৰদান কৰা হৈছে (তাৰ প্ৰতিও আমি ঈমান আনিছোঁ)। আমি তেওঁলোকৰ মাজত কাকো পাৰ্থক্য নকৰোঁ; আৰু আমি তেওঁৰ ওচৰতেই আত্মসমৰ্পণকাৰী। (ছুৰা আল-বাক্বাৰাহঃ ১৩৬)
03

Benefits

আহলে কিতাবে বৰ্ণনা কৰা তথ্য হৈছে তিনি প্ৰকাৰঃ কিছুমান তথ্য এনেকুৱা আছে যিবোৰ কোৰআন আৰু হাদীছৰ সৈতে মিল আছে, তেনেকুৱা তথ্যক বিশ্বাস কৰিব লাগিব। আন এক প্ৰকাৰ তথ্য হৈছে যিবোৰ কোৰআন হাদীছ বিৰোধী, সেইবোৰ হৈছে বাতিল, সেইবোৰক অস্বীকাৰ কৰিব লাগিব। আন এক প্ৰকাৰ তথ্য হৈছে এনেকুৱা যিবোৰক কোৰআন আৰু হাদীছে সঁচা বুলিও কোৱা নাই আৰু মিছা বুলিও কোৱা নাই, সেইবোৰ বৰ্ণনা কৰিলে বিশ্বাসো কৰিব নালাগে আৰু মিছা বুলিও ক'ব নালাগে।

Attribution

[(বুখাৰী)]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...