افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#65045[ছহীহ লি গাইৰিহ]
HadeethEnc · 1.16.0

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এটা বিষয় বৰ্ণনা কৰিলে আৰু তাৰ পিছত ক'লেঃ এইটো ইল্ম উঠাই লোৱাৰ সময়ত সংঘটিত হ'ব।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

ঝিয়াদ ইবনে লাবীদ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এটা বিষয় বৰ্ণনা কৰিলে আৰু তাৰ পিছত ক'লেঃ এইটো ইল্ম উঠাই লোৱাৰ সময়ত সংঘটিত হ'ব। তেতিয়া মই ক'লোঁঃ হে আল্লাহৰ ৰাছুল! ইল্ম কেনেকৈ উঠাই লোৱা হ'ব? অথচ আমি কোৰআন পঢ়ি আছোঁ আৰু আমাৰ সন্তানসকলকো কোৰআন পঢ়াই আছোঁ, এইদৰে আমাৰ সন্তানসকলে তেওঁলোকৰ সন্তানসকলক শিকাব, আৰু এই ধাৰাবাহিকতা ক্বিয়ামত পৰ্যন্ত থাকিব, (তেনেস্থলত ইল্ম কেনেকৈ উঠাই লোৱা হ'ব?) তেখেতে ক'লেঃ হে ঝিয়াদ! তোমাৰ মাকে তোমাক হেৰুৱাওক (এইটো আৰবী ভাষাৰ এটা প্ৰবাদ)। মই তোমাক মদীনাৰ এজন বিজ্ঞ তথা জ্ঞানী ব্যক্তি বুলি ভাবিছিলোঁ। কোৱাচোন, এই ইয়াহুদী আৰু খৃষ্টানসকলে সিহঁতৰ ধৰ্ম গ্ৰন্থ অধ্যয়ন নকৰেনে? কিন্তু তথাপিও সিহঁতে তাত থকা বিধান সম্পৰ্কে একো নাজানে।
02

Explanation

নবী চাল্লাল্লাহু আলাইহি অছাল্লাম চাহাবাসকলৰ মাজত বহি আছিল, তেতিয়াই তেখেতে কথা প্ৰসংগত ক'লেঃ এইটো সংঘটিত হ'ব সেই সময়ত যেতিয়া মানুহৰ পৰা ইল্ম উঠাই লোৱা হ'ব। এই কথা শুনি ঝিয়াদ বিন লাবীদ আল-আনচাৰী ৰাদ্বিয়াল্লাহু আনহুৱে আশ্চৰ্য প্ৰকাশ কৰিলে আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সুধিলে, ইল্ম কেনেকৈ উঠাই লোৱা হ'ব আৰু কেনেকৈ ইল্ম আমাৰ পৰা নাইকিয়া হ'ব? অথচ আমি কোৰআন পাঠ কৰোঁ আৰু মুখস্থও কৰোঁ, আনকি আমি নিজে পঢ়োঁ, আমাৰ স্ত্ৰী আৰু সন্তানসকলক পঢ়োঁৱাওঁ, আৰু তেওঁলোকেও তেওঁলোকৰ সতি-সন্তানসকলক পঢ়াব। এই প্ৰশ্ন শুনি নবী চাল্লাল্লাহু আালইহি অছাল্লামেও আশ্চৰ্য প্ৰকাশ কৰিলে, আৰু আৰবী প্ৰবাদ বাক্যত ক'লে হে ঝিয়াদ তোমাৰ মাকে তোমাক হেৰাই পাওক। মইতো তোমাক মদীনাৰ এজন বিজ্ঞ আলিম বুলি ভাবিছিলোঁ। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ব্যাখ্যা কৰি ক'লেঃ ইল্ম নাইকিয়া হোৱাৰ অৰ্থ এইটো নহয় যে, কোৰআন নাইকিয়া হ'ব। ইল্ম নাইকিয়া হোৱাৰ অৰ্থ হৈছে আমল নাইকিয়া হ'ব। এয়া চোৱা, ইয়াহুদী আৰু খৃষ্টানসকলৰ ওচৰত তাওৰাত আৰু ইঞ্জীল আছে, কিন্তু তথাপিও সিহঁতক কোনো উপকাৰ কৰিব পৰা নাই, আৰু সিহঁতেও ইয়াৰ মূল উদ্দেশ্যৰ পৰা উপকৃত হ'ব পৰা নাই। অৰ্থাৎ সিহঁতে সেই ইল্ম মুতাবিক আমল কৰা নাই।
03

Benefits

কোৰআন কিতাবপত্ৰ মানুহৰ ওচৰত যিমানেই নাথাকক কিয়, আমল নকৰিলে কোনো উপকাৰ নহ'ব।
কেইবাটাও মাধ্যমেৰে ইল্ম উঠাই লোৱা হ'ব, যেনে- নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ মৃত্যুৰ মাধ্যমত। আলিমসকলৰ মৃত্যুৰ মাধ্যমত। ইল্মৰ ওপৰত আমল পৰিত্যাগ কৰাৰ মাধ্যমত।
ইল্ম উঠাই লোৱা আৰু ইল্ম মুতাবিক আমল পৰিত্যাগ কৰাটো হৈছে ক্বিয়ামতৰ এটা অন্যতম আলামত (সংকেত)।
হাদীছটোৰ দ্বাৰা ইল্ম অনুযায়ী আমল কৰিবলৈ উৎসাহিত কৰা হৈছে, আৰু এইটোৱেই হৈছে মূল উদ্দেশ্য।

Attribution

[(ইবনে মাজাহ)]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...