বান্দাৰ ওপৰত আল্লাহৰ প্ৰাপ্য হৈছে, সিহঁতে যেন একমাত্ৰ তেওঁৰেই ইবাদত কৰে, তেওঁৰ সৈতে যেন আন কাকো অংশীদাৰ স্থাপন নকৰে। আনহাতে আল্লাহৰ ওচৰত বান্দাৰ প্ৰাপ্য হৈছে, তেওঁ যেন সেই ব্যক্তিক শাস্তি প্ৰদান নকৰে যিয়ে তেওঁৰ সৈতে আন কাকো অংশীদাৰ স্থাপন কৰা নাই।
Choose an available translation of this Hadeeth
Hadeeth text
মুআজ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই এদিনাখন নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পিছফালে গাধৰ পিঠিত বহি আছিলোঁ, যাৰ নাম আছিল উফাইৰ। তেনেতে তেখেতে ক'লেঃ "হে মুআজ! তুমি জানানে বান্দাৰ ওপৰত আল্লাহৰ প্ৰাপ্য কি, আৰু আল্লাহৰ ওচৰত বান্দাৰ প্ৰাপ্য কি?" মই ক'লোঁঃ আল্লাহ আৰু তেওঁৰ ৰাছুলেহে ভালদৰে জানে। তেতিয়া তেখেতে ক'লেঃ " বান্দাৰ ওপৰত আল্লাহৰ প্ৰাপ্য হৈছে, সিহঁতে যেন একমাত্ৰ তেওঁৰেই ইবাদত কৰে, তেওঁৰ সৈতে যেন আন কাকো অংশীদাৰ স্থাপন নকৰে। আনহাতে আল্লাহৰ ওচৰত বান্দাৰ প্ৰাপ্য হৈছে, তেওঁ যেন সেই ব্যক্তিক শাস্তি প্ৰদান নকৰে যিয়ে তেওঁৰ সৈতে আন কাকো অংশীদাৰ স্থাপন কৰা নাই।" এই শুনি মই ক'লোঁঃ হে আল্লাহৰ ৰাছুল! এই সুসংবাদটো মই মানুহক জনাই দিওঁ নেকি? তেখেতে ক'লেঃ "সিহঁতক এই সুসংবাদ নিদিবা, কাৰণ সিহঁতে ইয়াৰ ওপৰতে ভৰসা কৰি বহি থাকিব"।
Explanation
Benefits
হাদীছটোত আল্লাহৰ ওপৰত থকা বান্দাৰ হক সম্পৰ্কেও বৰ্ণনা কৰা হৈছে, যিটোক আল্লাহে তেওঁৰ নিয়ামত আৰু অনুগ্ৰহত নিজৰ ওপৰত অনিবাৰ্য কৰি লৈছে যে, তেওঁ সিহঁতক জান্নাতত প্ৰৱেশ কৰাব আৰু সিহঁতক শাস্তি প্ৰদান নকৰিব।
হাদীছটোত সেইসকল তাওহীদপন্থী লোকক ডাঙৰ সুসংবাদ দিয়া হৈছে, যিসকলে আল্লাহৰ সৈতে আন কাকো অংশীদাৰ স্থাপন নকৰে, তেওঁলোকৰ ঠিকনা হ'ব জান্নাত।
মুআজ ৰাদ্বিয়াল্লাহু আনহুৱে এই হাদীছটো তেওঁৰ মৃত্যুৰ আগমুহূৰ্তত বৰ্ণনা কৰিছে, এই আশংকা কৰি যে, ইল্ম গোপন কৰাৰ গুনাহত যাতে তেওঁ নপৰে।
হাদীছটোৰ দ্বাৰা এইটো সতৰ্ক কৰা হৈছে যে, কিছুমান হাদীছ সাধাৰণ লোকক বৰ্ণনা কৰা উচিত নহয়, এই আশংকাত যে হয়তো সিহঁতে ইয়াৰ সঠিক অৰ্থ আহৰণ কৰিব নোৱাৰিব। কাৰণ এনেকুৱা বিষয়ৰ অধীনত কোনো আমল নাই আৰু চৰীয়তৰ ফালৰ পৰাও কোনো সীমাৰেখা নিৰ্ধাৰণ কৰা হোৱা নাই।
তাওহীদপন্থী লোকসকলৰ মাজৰ যিসকলে গুনাহ কৰিছে সিহঁতৰ বিষয়টো আল্লাহৰ ইচ্ছাৰ অধীনস্থ, তেওঁ ইচ্ছা কৰিলে সিহঁতক শাস্তি বিহিব পাৰে আৰু ইচ্ছা কৰিলে ক্ষমাও কৰিব পাৰে। তাৰ পিছত সিহঁতৰ শেষ ঠিকনা হ'ব জান্নাত।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

