HadeethEnc · 1.16.0
যিয়ে কোনো চুক্তিবদ্ধ ব্যক্তিক হত্যা কৰিব, সি জান্নাতৰ ঘ্রাণো নাপাব। অথচ ইয়াৰ ঘ্রাণ চল্লিশ বছৰ দূৰত্বৰ পৰা পোৱা যায়।
Available translations
Choose an available translation of this Hadeeth
01
Hadeeth text
আব্দুল্লাহ বিন আমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিয়ে কোনো চুক্তিবদ্ধ ব্যক্তিক হত্যা কৰিব, সি জান্নাতৰ ঘ্রাণো নাপাব। অথচ ইয়াৰ ঘ্রাণ চল্লিশ বছৰ দূৰত্বৰ পৰা পোৱা যায়।"
02
Explanation
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এটা কঠোৰ সতৰ্কবাণী দিছে যে, যিয়ে কোনো চুক্তিবদ্ধ ব্যক্তিক হত্যা কৰিব, সি জান্নাতৰ ঘ্ৰাণো নাপাব, অথচ জান্নাতৰ সুগন্ধি চল্লিশ বছৰ দূৰত্বৰ পৰাও পোৱা যায়। চুক্তিবদ্ধ ব্যক্তিৰ দ্বাৰা সেই অমুছলিম ব্যক্তিক বুজোৱা হৈছে, যিয়ে নিৰাপত্তাৰ চুক্তিৰ অধীনত মুছলিম দেশত বাস কৰে।
03
Benefits
নিৰাপত্তাধীন জিম্মী প্ৰতিশ্ৰুতিবদ্ধ অমুছলিম ব্যক্তিক হত্যা কৰা হাৰাম, তথা এইটো হৈছে কাবীৰাহ গুনাহ বা মহাপাপ।
চুক্তিবদ্ধঃ এনেকুৱা অমুছলিম ব্যক্তি যাক এই চৰ্তত মুছলিম দেশত বসবাস কৰাৰ অনুমতি প্ৰদান কৰা হৈছে যে, সি মুছলিমসকলৰ লগত যুদ্ধ নকৰিব আৰু মুছলিমসকলেও তাৰ লগত যুদ্ধ নকৰিব। আনহাতে জিম্মী হৈছে সেই ব্যক্তি যিয়ে কৰ প্ৰদান কৰি মুছলিম দেশৰ নাগৰিক হৈছে। আনহাতে মুস্তা'মান হৈছে সেই ব্যক্তি, যিয়ে এটা নিৰ্দিষ্ট সময়ৰ বাবে নিৰাপত্তাৰ প্ৰতিশ্ৰুতি গ্ৰহণ কৰি মুছলিম দেশত প্ৰৱেশ কৰিছে।
অমুছলিমৰ সৈতে প্ৰতিশ্ৰুতি ভংগৰ পৰা সতৰ্ক কৰা হৈছে।

Attribution
[(বুখাৰী)]
Categories
Share
Share hadeeth
Sharing options · 0 Total shares