HadeethEnc · 1.16.0
মোৰ প্ৰতি যেতিয়াই কোনোবাই ছালাম প্ৰেৰণ কৰে, তেতিয়াই আল্লাহে মোক মোৰ প্ৰাণ ওভোতাই দিয়ে, যাতে মই সেই ছালামৰ উত্তৰ দিব পাৰোঁ।
Available translations
Choose an available translation of this Hadeeth
01
Hadeeth text
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "মোৰ প্ৰতি যেতিয়াই কোনোবাই ছালাম প্ৰেৰণ কৰে, তেতিয়াই আল্লাহে মোক মোৰ প্ৰাণ ওভোতাই দিয়ে, যাতে মই সেই ছালামৰ উত্তৰ দিব পাৰোঁ।"
02
Explanation
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাই যে, যেতিয়া তেখেতক কোনোবাই ছালাম কৰে দূৰৰ পৰাই হওক বা ওচৰৰ পৰা তেতিয়া তেখেতৰ প্ৰাণ ওভোতাই দিয়া হয়। জানি থোৱা উচিত যে, বাৰঝাখী জীৱন আৰু কবৰৰ বিষয়টো হৈছে অদৃশ্য বিষয়। ইয়াৰ বাস্তৱতা আল্লাহৰ বাহিৰে আন কোনেও নাজানে। একমাত্ৰ তেৱেঁই সকলো ক্ষেত্ৰত ক্ষমতাৱান।
03
Benefits
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি বেছি বেছি দৰূদ আৰু ছালাম প্ৰেৰণ কৰিবলৈ উৎসাহিত কৰা হৈছে।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কবৰৰ জীৱন হৈছে বাৰঝাখৰ পূৰ্ণাংগ জীৱন। আল্লাহৰ বাহিৰে আন কোনেও এই জীৱনৰ বাস্তৱতা সম্পৰ্কে নাজানে।
হাদীছটো সেইসকল লোকৰ সপক্ষে কোনো প্ৰমাণ নহয়, যিসকলে কয় যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লাম আমাৰ জীৱনৰ দৰেই জীৱিত। যাতে শ্বিৰ্কত লিপ্ত ব্যক্তিসকলে ইয়াক প্ৰমাণ হিচাপে গ্ৰহণ কৰি ইস্তিগাছাৰ প্ৰমাণ দাঙি ধৰিব নোৱাৰে। বৰং এইটো হৈছে বাৰঝাখী জীৱন।

Attribution
[(আবু দাঊদ, আহমদ)]
Categories
Share
Share hadeeth
Sharing options · 0 Total shares