HadeethEnc · 1.16.0
আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম অত্যন্ত দানশীল আছিল। বিশেষকৈ ৰমাজান মাহত যেতিয়া তেখেতে জিব্ৰীলৰ সৈতে সাক্ষাৎ কৰিছিল তেতিয়া অত্যাধিক দান কৰিছিল।
Available translations
Choose an available translation of this Hadeeth
01
Hadeeth text
ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ "আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম অত্যন্ত দানশীল আছিল। বিশেষকৈ ৰমাজান মাহত যেতিয়া তেখেতে জিব্ৰীলৰ সৈতে সাক্ষাৎ কৰিছিল তেতিয়া অত্যাধিক দান কৰিছিল। জিব্ৰীল আলাইহিচ্ছালাম ৰমাজান মাহৰ প্ৰত্যেক ৰাতিতে তেখেতৰ সৈতে সাক্ষাৎ কৰিছিল আৰু তেখেতৰ সৈতে কোৰআন মাজীদ চৰ্চা কৰিছিল। সেই সময়ত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লাম উৎকৃষ্ট বতাহতকৈও অধিক দ্ৰুতগতিত দান-খয়ৰাত তথা কল্যাণৰ কামত ভাগ লৈছিল।"
02
Explanation
মহা নবী চাল্লাল্লাহু আলাইহি অছাল্লাম অত্যন্ত দানশীল আছিল। বিশেষকৈ ৰমাজান মাহত তেখেতে অধিক হাৰত দান কৰিছিল। অভাৱগ্ৰস্থ দুখীয়া দৰিদ্ৰ যাক যিটো লাগিছিল তেওঁ তাক সেইটোৱে দান কৰিছিল। দুটা কাৰণত তেখেতে এই মাহত অত্যাধিক দান কৰিছিলঃ
প্ৰথমঃ কাৰণ তেখেতৰ সৈতে জিব্ৰীল আলাইহিচ্ছালামে লগ কৰিছিল।
দ্বিতীয় কাৰণ, তেখেতে এই সময়ছোৱাত কোৰআন চৰ্চা কৰিছিল। অৰ্থাৎ মুখস্থ কোৰআন তিলাৱত কৰিছিল।
অৱতীৰ্ণ হোৱা কোৰআনখিনি তেখেতে জিব্ৰীল আলাইহিচ্ছালামক তিলাৱত কৰি শুনাইছিল। ইপিনে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম অত্যন্ত উদাৰ তথা দানশীল আছিল, আৰু কল্যাণকৰ কৰ্মত তৎপৰ আছিল। তেখেত সৃষ্টিৰ উপকাৰৰ ক্ষেত্ৰত সেই উৎকৃষ্ট বতাহতকৈও অধিক দ্ৰুতগামী আছিল যিটো বতাহক আল্লাহে বৰষুণ অৱতীৰ্ণ কৰাৰ পূৰ্বে প্ৰেৰণ কৰে।

03
Benefits
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অত্যন্ত দানশীলতাৰ বিষয়টো উল্লেখ হৈছে। বিশেষকৈ ৰমাজান মাহত তেখেতে অধিক দান কৰিছিল। কাৰণ এইটো হৈছে নেকী কৰাৰ মাহ, কল্যাণৰ ঋতু।
হাদীছটোৰ দ্বাৰা সদায় দান-খয়ৰাত কৰিবলৈ উৎসাহিত কৰা হৈছে। বিশেষকৈ ৰমাজান মাহত বেছি বেছি দান-খয়ৰাত কৰা মুস্তাহাব।
ৰমাজান মাহত বেছি বেছি কোৰআন তিলাৱত কৰিব লাগে, পৰোপকাৰ কৰিব লাগে, আৰু বেছি বেছি দান-খয়ৰাত কৰিব লাগে।
ইল্ম মুখস্থ ৰখাৰ অন্যতম এটা উপায় হৈছে তালিবে ইল্ম আৰু উলামাৰ সৈতে চৰ্চা কৰা।

Attribution
[(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]
Categories
Share
Share hadeeth
Sharing options · 0 Total shares