افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#6035[ছহীহ]
HadeethEnc · 1.16.0

তেতিয়াহ'লে মোক সাক্ষী নকৰিবা। কাৰণ অন্যায়ৰ ক্ষেত্ৰত মই সাক্ষী নহওঁ।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

নুমান বিন বাশ্বীৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত যে, তেওঁৰ মা আমৰা বিন্তু ৰাৱাহা তেওঁৰ পিতৃৰ ওচৰত নিজৰ পুত্ৰৰ বাবে কিছু পৰিমাণ সম্পদ হিবা কৰিবলৈ অনুৰোধ কৰিলে। কিন্তু তেওঁ এবছৰলৈকে বিষয়টোক আওকাণ কৰিলে। ইয়াৰ পিছত তেওঁ দিবলৈ মনস্থ কৰিলে। তেতিয়া তেওঁৰ মাকে ক'লেঃ আপুনি মোৰ পুত্ৰক যিখিনি সম্পদ হিবা কৰিব, এই ক্ষেত্ৰত আপুনি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক সাক্ষী নৰখালৈকে মই সন্তুষ্ট নহওঁ। তেতিয়া মোৰ পিতৃয়ে মোৰ হাতত ধৰি মোক ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ লৈ আহিল, সেই সময়ত মই শিশু আছিলোঁ। তেওঁ উপস্থিত হৈ ক'লেঃ হে আল্লাহৰ ৰাছুল! ইয়াৰ মাকৰ ইচ্ছা যে, মই ইয়াক যি হিবা কৰিছোঁ সেই ক্ষেত্ৰত যাতে মই আপোনাক সাক্ষী কৰি লওঁ। তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "হে বাশ্বীৰ! ইয়াৰ বাহিৰেও তোমাৰ কোনো পুত্ৰ আছে নেকি?" তেওঁ ক'লেঃ হয়। তেতিয়া তেখেতে ক'লেঃ "তুমি সকলোকে এইদৰে হিবা কৰিছানে?" তেওঁ ক'লেঃ নহয়। তেখেতে ক'লেঃ "তেতিয়াহ'লে মোক সাক্ষী নকৰিবা। কাৰণ অন্যায়ৰ ক্ষেত্ৰত মই সাক্ষী নহওঁ।" মুছলিমৰ আন এটা বৰ্ণনাত আছে যে, "মোৰ বাহিৰে বেলেগ কাৰোবাক সাক্ষী কৰি লোৱাগৈ।"
02

Explanation

নুমান বিন বাশ্বীৰ ৰাদ্বিয়াল্লাহু আনহুৱে জনাইছে যে, তেওঁৰ মা আমৰাহ বিন্তে ৰাৱাহা ৰাদ্বিয়াল্লাহু আনহাই তেওঁৰ বাবে কিছু সম্পদ হিবা কৰিবলৈ তেওঁৰ পিতাৰ ওচৰত অনুৰোধ কৰিলে। বিষয়টোক বাশ্বীৰে গধুৰ বোজা অনুভৱ কৰি এবছৰলৈকে টালিবাজি কৰি পাৰ কৰিলে। অৱশেষত তেওঁ মান্তি হ'ল আৰু নুমানক সম্পদৰ কিছু অংশ হিবা কৰিবলৈ সন্মতি দিলে। তেতিয়া তেওঁৰ মাকে ক'লেঃ আপুনি মোৰ পুত্ৰক যি হিবা কৰিছে, এই ক্ষেত্ৰত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক সাক্ষী নৰখালৈকে মই সন্তুষ্ট নহওঁ। এই কথা শুনি মোৰ পিতৃয়ে মোক হাতত ধৰি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ লৈ গ'ল, সেই সময়ত মই শিশু আছিলোঁ। তেওঁ ক'লেঃ হে আল্লাহৰ ৰাছুল! ইয়াৰ মা বিন্তু ৰাৱাহাৰ ইচ্ছা যে, মই তেওঁৰ পুত্ৰক যি হিবা কৰিছোঁ সেই ক্ষেত্ৰত যেন মই আপোনাক সাক্ষী কৰি থওঁ। তেতিয়া তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ হে বাশ্বীৰ! ইয়াৰ বাহিৰেও তোমাৰ আৰু কোনো সন্তান আছেনে? তেওঁ ক'লেঃ হয়। তেখেতে ক'লেঃ তুমি সকলোকে এনেকৈ সম্পদ অৰ্পণ কৰিছানে? তেওঁ ক'লেঃ নহয়। তেখেতে ক'লেঃ তেন্তে মোক এই ক্ষেত্ৰত সাক্ষী নাৰাখিবা। কাৰণ মই অন্যায়-অত্যাচাৰৰ সপক্ষে সাক্ষী নহওঁ। মুছলিমৰ এটা বৰ্ণনাত আছে যে, তেখেতে ভৰ্ৎসনা কৰি তেওঁক কৈছেঃ এই অন্যায়ৰ ক্ষেত্ৰত তুমি মোৰ বাহিৰে বেলেগক সাক্ষী কৰাগৈ।
03

Benefits

সন্তান-সন্ততিৰ মাজত সা-সম্পত্তি আৰু উপহাৰ আদি প্ৰদানৰ ক্ষেত্ৰত ন্যায়-নীতি অৱলম্বন কৰা অনিবাৰ্য্য। আনহাতে ভৰণ-পোষণৰ ক্ষেত্ৰত সাধ্যানুযায়ী ব্যয় কৰিব লাগে।
কিছুমান সন্তানক আন কিছুমানৰ ওপৰত প্ৰাধান্য দিয়াটো হৈছে অন্যায়। এই ক্ষেত্ৰত সাক্ষ্য বহন কৰাও বৈধ নহয় আৰু সাক্ষ্য দিয়াও বৈধ নহয়।
ইমাম নাৱাৱীয়ে কৈছেঃ সন্তানসকলৰ মাজত হিবাৰ ক্ষেত্ৰত সমতা স্থাপন কৰিব লাগে। সকলোকে একে সমান প্ৰদান কৰিব লাগে, কাকো কাৰো ওপৰত প্ৰাধান্য দিব নালাগে। এইদৰে ল'ৰা আৰু ছোৱালীৰ মাজতো সমান দৃষ্টিৰে চাব লাগে। কিছুমানে কৈছে যে, ল'ৰাক দুজনী ছোৱালীৰ সমান প্ৰদান কৰিব লাগে। কিন্তু হাদীছৰ প্ৰকাশ্য অৰ্থই প্ৰমাণ কৰে যে, উভয়কে সমান দৃষ্টিৰে চাব লাগে।
চৰীয়ত বিৰোধী সকলো সিদ্ধান্তই অমান্য, সেইবোৰ বলৱৎ কৰা বৈধ নহয়।
যদি বিতংভাৱে কিবা সোধাৰ প্ৰয়োজন হয়, তেন্তে বিচাৰকে তথা মুফতীয়ে বিতংভাৱে সোধা উচিত। যিদৰে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে বাশ্বীৰক কৈছিলঃ "তুমি তোমাৰ সকলো সন্তানকে এইদৰে প্ৰদান কৰিছানে"?
নাৱাৱীয়ে কৈছে যে, ইয়াৰ দ্বাৰা প্ৰমাণিত হয় যে, সন্তান সন্ততিক কৰা হিবা পিতৃয়ে ঘূৰাই ল'ব পাৰে, এইটো বৈধ।
এনেকুৱা কৰ্ম কৰাৰ নিৰ্দেশ দিয়া হৈছে, যাৰ দ্বাৰা ভাতৃবৃন্দৰ মাজত ভাতৃত্ববোধ বৃদ্ধি হয়। লগতে সেইবোৰ কৰ্ম পৰিত্যাগ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে, যাৰ ফলত হিংসা বিদ্বেষ সৃষ্টি হয় অথবা পিতৃ-মাতৃৰ অবাধ্যতা হয়।

Attribution

[متفق عليه، وله ألفاظ عديدة]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...