HadeethEnc · 1.16.0
কোনো মুছলিমৰ ওচৰত অছিয়তযোগ্য কিবা থাকিলে, সেই অছিয়ত লিখিত ৰূপে সংৰক্ষণ নকৰাকৈ তিনি ৰাতি অতিবাহিত কৰাটো তাৰ বাবে সমীচীন নহয়।
Available translations
Choose an available translation of this Hadeeth
01
Hadeeth text
ইবনে ‘ওমৰ ৰাদ্বিয়াল্লাহু ‘আনহুমাৰ পৰা বৰ্ণিত, তেওঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছে, তেখেতে কৈছেঃ "কোনো মুছলিমৰ ওচৰত অছিয়তযোগ্য কিবা থাকিলে, সেই অছিয়ত লিখিত ৰূপে সংৰক্ষণ নকৰাকৈ তিনি ৰাতি অতিবাহিত কৰাটো তাৰ বাবে সমীচীন নহয়।" আব্দুল্লাহ বিন ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাই কৈছেঃ "ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা এই কথাষাৰ শুনাৰ পিছৰ পৰা এনেকুৱা এটাও ৰাতি মই অতিবাহিত কৰা নাই যে, যিদিনা মোৰ ওচৰত মোৰ অছিয়ত লিখিত ৰূপে সংৰক্ষণ নাছিল।"
02
Explanation
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, যদি কোনো মুছলিমৰ ওচৰত অছিয়তযোগ্য কিবা থাকে, প্ৰাপ্য অধিকাৰ হওক বা সা-সম্পত্তি, পৰিমাণ যিমানেই কম নহওক কিয়, সেই অছিয়ত লিখিত ৰূপে সংৰক্ষণ নকৰাকৈ তিনি ৰাতি পাৰ কৰাও উচিত নহয়। আব্দুল্লাহ বিন ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাই কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা এই হাদীছটো শুনাৰ পিছৰ পৰা অছিয়ত লিখি সংৰক্ষণ নকৰাকৈ মই এটা ৰাতিও পাৰ কৰা নাছিলোঁ।
03
Benefits
অছিয়ত কৰাটো হৈছে চৰীয়ত সন্মত আৰু এই ক্ষেত্ৰত আগভাগ লোৱা উচিত, যাতে বিষয়টো স্পষ্ট থাকে। চৰীয়তৰ বিধি-বিধান পালন কৰাৰ উদ্দেশ্যে আৰু মৃত্যুৰ বাবে প্ৰস্তুত থকাৰ উদ্দেশ্যে। বেলেগ কোনো ব্যস্ততা বাধা হৈ থিয় নোহোৱাৰ আগতেই এই ক্ষেত্ৰত হ'বলগীয়া সমস্যাৰ সমাধান কৰি থোৱা উচিত।
অছিয়তৰ অৰ্থ হৈছে, বচনবদ্ধ হোৱা তথা কথা দিয়া। অৰ্থাৎ এই বচন দিয়া যে, তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ সম্পত্তিত অমুক ব্যক্তিৰ অধিকাৰ থাকিব। অথবা তেওঁৰ শিশু ল'ৰা ছোৱালীক চোৱাচিতা কৰিবলৈ কাৰোবাক দায়িত্ব অৰ্পণ কৰা। অথবা তেওঁৰ মৃত্যুৰ পিছত কোনো ব্যক্তিক তেওঁৰ কৰ্মৰ দায়িত্বভাৰ অৰ্পণ কৰি কথা দিয়া।
অছিয়ত হৈছে তিনি প্ৰকাৰঃ ১) মুস্তাহাব অছিয়তঃ এইটো হৈছে আল্লাহৰ পথত বা পৰোপকাৰ কৰাৰ উদ্দেশ্যে সা-সম্পত্তিৰ কিছু অংশ দান কৰিবলৈ কৰা অছিয়ত, যাতে মৃত্যুৰ পিছতো ছোৱাব লাভ হয়। ২) ওৱাজিব অছিয়তঃ এনেকুৱা অছিয়ত যিটোৰ ভিতৰত নিজৰ ওপৰত থকা ঋণ অথবা অধিকাৰৰ কথা উল্লেখ কৰা হয়। সেয়া আল্লাহৰ প্ৰাপ্য অধিকাৰো হ'ব পাৰে, জাকাতৰ সম্পদ যিটো অনাদায় হৈ আছে, অথবা কোনো কাফ্ফাৰা, অথবা চৰীয়তৰ বেলেগ কোনো দায়িত্ব যিটো ওৱাজিব। অথবা এই অধিকাৰ বান্দা সম্পৰ্কীয়ও হ'ব পাৰে, যেনে- ঋণ, বেলেগৰ আমানত আদি। ৩) হাৰাম অছিয়তঃ নিজৰ সম্পত্তিৰ এক তৃতীয়াংশতকৈ বেছি সম্পত্তি দান কৰিবলৈ অছিয়ত কৰা, অথবা কোনো উত্তৰাধিকাৰীৰ নামত অধিক সম্পত্তি অৰ্পণ কৰিবলৈ অছিয়ত কৰা।
হাদীছটোত ইবনে ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ ফজীলত বৰ্ণিত হৈছে। তেওঁ কল্যাণকৰ কৰ্মৰ প্ৰতি অত্যন্ত আগ্ৰহী আছিল আৰু চৰীয়তৰ অনুসৰণত অগ্ৰণী আছিল।
ইবনু দাক্বীকুল ঈদে কৈছেঃ দুই ৰাতি বা তিনি ৰাতি অৱকাশ দিয়াৰ কাৰণ হৈছে যাতে এই ক্ষেত্ৰত জটিলতা আঁতৰ কৰিব পৰা যায়।
গুৰুত্বপূৰ্ণ বিষয়বোৰ ভালকৈ লিখি ৰখা উচিত। কাৰণ এইটো হৈছে অধিকাৰ সংৰক্ষণ কৰাৰ মজবুত উপায়।

Attribution
[(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]
Categories
Share
Share hadeeth
Sharing options · 0 Total shares