HadeethEnc · 1.16.0
তোমালোকে আল্লাহৰ শাস্তিৰে শাস্তি নিদিবা।
Available translations
Choose an available translation of this Hadeeth
01
Hadeeth text
ইকৰিমাৰ পৰা বৰ্ণিত যে, আলী ৰাদ্বিয়াল্লাহু আনহুৱে কিছুমান লোকক অগ্নিদগ্ধ কৰি শাস্তি বিহিছিল, এই সংবাদ যেতিয়া ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৱে পালে, তেতিয়া তেওঁ ক'লেঃ যদি সেই দায়িত্বত মই থাকিলোঁহেঁতেন তেন্তে মই কেতিয়াও সিহঁতক জুইত পুৰি শাস্তি নিবিহিলোঁহেঁতেন। কিয়নো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকে আল্লাহৰ শাস্তিৰে শাস্তি নিদিবা।" বৰং মই সিহঁতক (হত্যা কৰি) মৃত্যুদণ্ড বিহিলোঁহেঁতেন। কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিয়ে ধৰ্ম ত্যাগ কৰে, তাক হত্যা কৰা।"
02
Explanation
হাদীছটোত উল্লেখ হৈছে যে, আলী ৰাদ্বিয়াল্লাহু আনহুৱে ইছলাম ত্যাগ কৰা কেইজনমান নাস্তিকক জুইত নিক্ষেপ কৰি শাস্তি বিহিছিল। এই খবৰ আব্দুল্লাহ ইবনে আব্বাছে লাভ কৰাৰ পিছত তেওঁ সিহঁতৰ শাস্তিৰ বিষয়টোক সমৰ্থন কৰিছিল কিন্তু জুইত পুৰি শাস্তি বিহা কাৰ্য্যক সমৰ্থন কৰা নাছিল। তেওঁ কৈছিল, সেই পদৱীত যদি মই থাকিলোঁহেঁতেন তেন্তে কেতিয়াও মই সিহঁতক জুইত নিক্ষেপ কৰি শাস্তি নিদিলোঁহেঁতেন। কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে স্পষ্টভাৱে বৰ্ণনা কৰিছে যে, জুইৰ দ্বাৰা শাস্তি বিহা উচিত নহয়, কাৰণ জুইৰ শাস্তি কেৱল আল্লাহে বিহিব। ইয়াৰ বিপৰীতে সিহঁতক হত্যা কৰিলেই যথেষ্ট হ'লহেঁতেন, কিয়নো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ যিয়ে ইছলামৰ পৰা আঁতৰি যায় আৰু নিজৰ ধৰ্ম পৰিবৰ্তন কৰে তাক তোমালোকে হত্যা কৰা।
03
Benefits
এই ক্ষেত্ৰত উলামাসকল একমত যে, ইছলাম পৰিত্যাগকাৰী মুৰ্তাদ ব্যক্তিক হত্যা কৰা ওৱাজিব, কিন্তু চৰ্ত হৈছে এইটো সাধাৰণ লোকে বাস্তৱায়ন কৰিব নোৱাৰিব, প্ৰশাসনে তথা আদালতে এই শাস্তি কাৰ্য্যকৰী কৰিব।
"من بدَّل دينه، فاقتلوه" (যিয়ে ইছলাম পৰিত্যাগ কৰিব, তাক তোমালোকে হত্যা কৰা) ইয়াৰ দ্বাৰা প্ৰত্যেক সেই ব্যক্তিক বুজোৱা হৈছে, যিয়ে ইছলাম পৰিত্যাগ কৰিছে, পুৰুষ হওক বা নাৰী।
মুৰ্তাদ ব্যক্তিৰ ইছলাম ত্যাগ কৰা কাৰ্য্যক কেতিয়াও স্বীকাৰ কৰি লোৱা নহয়, বৰং তাক ইছলামৰ ফালে আহ্বান কৰা হ'ব, যদি সি স্বীকাৰ নকৰে তেন্তে হত্যা কৰা হ'ব।
এই হাদীছটোত জুইৰ দ্বাৰা শাস্তি বিহিবলৈ নিষেধ কৰা হৈছে। জুইৰ দ্বাৰা নিৰ্ধাৰিত শাস্তি পূৰণ নহয়।
হাদীছটোৰ দ্বাৰা ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৰ মৰ্যাদা প্ৰমাণিত হয়, লগতে তেওঁৰ ইল্মৰ গভীৰতা আৰু হাদীছে নবৱীৰ থকা তেওঁৰ সঠিক বোধশক্তি প্ৰমাণ হয়।
হাদীছটোৰ দ্বাৰা প্ৰতিপক্ষৰ কাৰ্য্যক নসাৎ কৰাৰ শিষ্টাচাৰ শিকোৱা হৈছে।

Attribution
[(বুখাৰী)]
Categories
Share
Share hadeeth
Sharing options · 0 Total shares