আজান আৰু ইক্বামতৰ মাজত কৰা দুআ প্ৰত্যাখ্যান কৰা নহয়।
Choose an available translation of this Hadeeth
Hadeeth text
আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "আজান আৰু ইক্বামতৰ মাজত কৰা দুআ প্ৰত্যাখ্যান কৰা নহয়।"
Explanation
Benefits
যদি দুআকাৰীয়ে দুআ কৰাৰ সকলো নিয়ম পালন কৰে, লগতে দুআ কৰাৰ ঠাই আৰু উত্তম সময়ত দুআ কৰে, এইদৰে আল্লাহৰ অবাধ্যতাৰ পৰা বিৰত থাকে, সন্দেহ-সংশয়ৰ পৰা নিজকে আঁতৰাই ৰাখে আৰু আল্লাহৰ প্ৰতি ভাল ধাৰণা পোষণ কৰে, তেন্তে আল্লাহে বিচাৰিলে নিশ্চয় তাৰ দুআ কবূল হ'ব।
দুআ কবূল হোৱাৰ বিষয়ে মুনাৱী ৰাহিমাহুল্লাহে কৈছেঃ দুআৰ চৰ্তসমূহ, আৰকান আৰু আদাবসমূহ পালনৰ পিছতো যদি দুআ কবূল নহয়, তেন্তে নিজকেই ভৰ্ৎসনা কৰা উচিত, (কাৰণ ক'ৰবাত নহয় ক'ৰবাত নিজৰ ফালৰ পৰাই ত্ৰুটি হৈছে)।
দুআ কবুলৰ অৱস্থাঃ দুআ কৰিলে দুআ হয়তো লগে লগে কবুল হয়, নাইবা সেই অনুপাতে কোনো বিপদ দূৰ কৰি দিয়া হয়। অথবা সেইটো আখিৰাতৰ বাবে সঞ্চয় কৰি ৰখা হয়। এই প্ৰক্ৰিয়াটো হয় আল্লাহৰ হিকমত আৰু ৰহমত অনুসৰি।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

